মেডিকেল ব্যৱসায়, আমি অসহায় ৰোগীসকল আৰু কিছু মানবৰূপী দানৱ –আফতাৰ চৌধুৰী৷

আপোন কোনোবা হঠাৎ অসুস্থ হৈ পৰিছে নেকি? চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া পৰিস্থিতি হৈছে নে? বেমাৰ গুৰুতৰ হলে আমি দেৰি নকৰি লগে লগে চিকিৎসালয়ত ভৰ্তি কৰো আমাৰ প্ৰিয়জনক৷ চৰকাৰী চিকিৎসালয়ৰ ওপৰত আমাৰ ভৰসা নথকাৰ কাৰণে প্ৰায়েই আমি ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰো আৰু ইয়াতে আৰম্ভ হয় আমাৰ অসহায়তা আৰু কিছুমান মানৱৰূপী দানৱৰ শোষণ৷ এই দানৱবিলাকৰ লিপ্সাৰ পৰা সাৰি নাযায় কোনো৷ বেমাৰ যদি খুব বেছি হয় তেন্তে ৰোগীক ICU ত ভৰ্তি কৰা হয় আৰু লগে লগে দুহাত দীঘল এখন তালিকা৷ আৰু কব সোনকালে আনি দিয়ক৷ ইফালে ICU ৰ বাহিৰত লিখা আছে “ Medicine from outside is Strictly Prohibited“ “বাহিৰৰ পৰা কিনা ঔষধৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বাবে আমাৰ চিকিৎসালয় দায়ী নহয়“ “ Purchase quality medicine from only our Pharmacy“ আপোনাৰ হাতত তেতিয়া সময় নাথাকে একো চিন্তা কৰাৰ৷ নাথাকে দৰদাম কৰাৰসময়৷ দৌৰি গৈ চিকিৎসালয়ৰ ফাৰ্মাচীৰ পৰা সকলোখিনি ঔষধ কিনি আনি দিব৷ দানৱবিলাকে আমাক শোষণ কৰে দুটা দিশৰ পৰা৷ এটা হ’ল যিমানখিনি ঔষধ কিনি দিয়া যায়, গোটেইখিনি ব্যৱহাৰ নকৰিআকৌ পিছদুৱাৰেদি ফাৰ্মাচীলৈ পঠিয়ায়৷ সময়ে সময়ে বিভিন্ন চিকিৎসালয়ৰ ওপৰত এই অভিযোগ উত্থাপিত হৈ আহিছে৷ হাতেলোটে ধৰা পৰিছে বহুতবাৰ৷ এজন মানুহে তেওঁৰ লৰাক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ লগে লগে ৰোগীক ICU ত লৈ যোৱা হ’ল৷ 27 হাজাৰ টকাৰ ঔষধ কিনি আনি দিয়াৰ 5 মিনিট পিছতে ডাক্তৰে কলে ৰোগীক বেলেগ চিকিৎসালয়ত লৈ যাবলৈ৷ 10 মিনিটত ৰোগী উলিয়াই দিয়া হ’ল৷ বাকী থকা ঔষধ ফাৰ্মাচিত দিয়াত 1700 টকা পালে৷ এনেকুৱা অজস্ৰ শোষণৰ বলি হবলগীয়া হয় ৰোগীসকল৷ সকলোতকৈ ভয়াৱহ শোষণ চলে আনফালেদি৷ আমি কিমানে জানো এটা IV চেট (চেলাইন পাইপ)ৰ পাইকাৰী মূল্য কিমান? কিমানে জানো Examine হাতমোজাৰ পাইকাৰী মূল্য কিমান? কিমানে জানো বহুল ব্যৱহৃত Syringes ৰ পাইকাৰী মূল্য কিমান? কিমানে জানো Bath towel / Bath wipeৰ পাইকাৰী মূল্য কিমান? কিমানে জানো Nebulization mask ৰ পাইকাৰী মূল্য কিমান? বহুমুত্ৰ ৰোগ পৰীক্ষা কৰাৰ Strip ৰ দাম কিমান? মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো-কেইবালাখ টকা মোৰ মাৰ চিকিৎসাৰ নামত ব্যক্তিগত চিকিৎসালয়ক দিয়াৰ পিছত হঠাৎ মনত আহিল যদি কিছু সামগ্ৰী পাইকাৰী বিক্ৰেতাৰ পৰা কিনো৷ মোৰ কাৰণে অপাৰ বিস্ময়ে অপেক্ষা কৰি আছিল যেতিয়া হস্পিটালৰ ফাৰ্মাচিৰ পৰা কিনা 125 টকাৰ IV set মাত্ৰ 24 টকাত পালো এজন সহৃদয় পাইকাৰী বিক্ৰেতাৰ পৰা৷ 900 টকাৰ Examine হাতমোজা 420 টকাত পালো৷ Syringe প্ৰায় 50% মূল্যত পালো৷ 350 টকাৰ Nebulization mask মাত্ৰ 200 টকাত পালোঁ৷ আৰু অলপ আগুৱাই গৈ Online ত বিচাৰিলোঁ৷ Feeding bag/Gravity bag যিবিলাক আমি 450 টকা দি কিনিছিলোসেয়া পালো মাত্ৰ 85 টকাত৷ Examine হাতমোজা পালোঁ 245 টকাত৷ 350 টকাৰ (মাত্ৰ 10খন wipe) পালো 85 টকাত৷ 550 টকাৰ Under pads মাত্ৰ 224 টকাত পালোঁ৷ একে ব্ৰাণ্ড, কৰ্ত্যবৰত থকা নাৰ্ছক সুধিলো গুণাগুণৰ বিষয়ে, ঠিক আছে বুলি কলে৷ বহুমুত্ৰ ৰোগ পৰীক্ষা কৰাৰ Strip 50% দামত পালোঁ৷ ঔষধৰ খুচুৰা দাম আৰু পাইকাৰী দামৰ তাৰতম্য পৰীক্ষা কৰাৰ সুযোগ নাপালোঁ, যিহেতু ডাক্তৰে লিখা ঔষধ কেৱল সেইখন চিকিৎসালয়তহে পোৱা যায়৷ চিকিৎসালয়ত থকা ফাৰ্মাচিয়ে বস্তু বিক্ৰী কৰে MRP ৰ ওপৰত৷ কোনোখন ফাৰ্মাচিয়ে 5% ৰেহাই দিয়ে, কোনোবাই আকৌ MRP ৰ ওপৰত GST লগায়৷ মানৱতাৰ বধ্যভূমি ব্যক্তিগত চিকিৎসালয়বোৰে দিনে দিনে সম্পত্তিৰ পাহাৰ গঢ়ি আছে৷ ঔষধৰ বাহিৰেওঁ নানান ধৰণৰ পৰীক্ষা নিৰীক্ষাত সীমাহীন লাভ হয়৷ এই প্ৰক্ৰিয়াত আমাৰ চৰকাৰৰ দাম নিৰ্ধাৰণ কৰা বিভাগ নিশ্চয়কৈ দায়ী৷ নহলে 24 টকাত বিক্ৰী কৰিব পৰা (পাইকাৰী বিক্ৰতাই নিশ্চয় লাভ ধৰি মোৰ ওচৰত বিক্ৰি কৰিছিল, চিকিৎসালয়ে আৰু কম দামত পাব নিশ্চয় ) IV set ৰ MRP কিয় 125 টকা হয়? জনকল্যাণকামী চৰকাৰে এই বিষয়ত অতি সোনকালে হস্থক্ষেপ কৰিব লাগে আৰু ঔষধৰ পৰা আৰম্ভ কৰি চিকিৎসাত ব্যৱহৃত বস্তুবিলাকৰ ন্যায্য দাম নিৰ্ধাৰণ কৰিব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!