মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা (অগ্নিভ দত্ত)

দক্ষিণ আফ্ৰিকালৈ অহাৰ পাছৰে পৰা ইয়াৰ বিভিন্ন প্ৰবাসী ভাৰতীয়ৰ অনুষ্ঠানৰ লগত বিভিন্ন ধৰণেৰে জডিত হোৱাৰ সুবিধা পাইছো ৷ অসম এছোছিয়েচন দক্ষিণ আফ্ৰিকাৰ যোগেদি যদি অসমৰ সংস্কৃতিৰ শিপা দাল আনি আমাৰ নতুন প্ৰজন্মক চিনাকী কৰাই দিবলৈ যত্ন কৰিছো ঠিক তেনেদৰেই কেতিয়াবা প্ৰবাসী বঙালী বা প্ৰবাসী গুজৰাটীসকলে অনুষ্ঠিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছো ৷আনকি প্ৰবাসী বাংলাদেশী হিন্দু-মুছলমান বা অন্য ধৰ্মৰ মানুহে একেলগে মিলি অনুষ্ঠিত কৰা বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদেশতো আপোন মানুহ গোটোৱাৰ সৌভাগ্য হৈছে ৷ আনকি ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকান সকলৰ কিছু সংখ্যকৰ যোগেদি তেখেতসকলৰ বিভিন্নতা অনুষ্ঠানত জডিত হৈ তেখেতসকলৰ সংস্কৃতি বিচাৰ ব্যৱহাৰ আদিৰ লগতো পৰিচয় হৈছে ৷ এইবিলাকৰ লগত বিভিন্ন প্ৰকাৰে জডিত হৈ বিভিন্ন ধৰণৰ অভিজ্ঞতা গোট খাইছে আৰু সেইবোৰেই ভৱিষ্যত জীৱনৰ কাৰণে নিশ্চয়কৈ হৈ পৰিব অনুপ্ৰেৰণাৰ উৎস ৷ এইবোৰৰ মাজতে এদিন খবৰ আহিল ভাৰতৰ প্ৰধান মন্ত্ৰী দক্ষিণ আফ্ৰিকালৈ আহিব ৷ তাৰ লগতে খবৰ আহিল ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকানসকলে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ দিহা কৰিছে ৷ উল্লেখযোগ্য যে প্ৰায় দেৰশ বছৰৰ আগতেই ভাৰতীয় মূলৰ মানুহৰ এইখন দেশলৈ প্ৰবজন আৰম্ভ হৈছিল ৷ বৰ্তমান দক্ষিণ আফ্ৰিকাৰ জনসংখ্যাৰ প্ৰায় 5% মান ভাৰতীয় মূলৰ ৷ দক্ষিণ আফ্ৰিকাৰ নাগৰিক হিচাবে গৌৰাম্বিত এইসকল ভাৰতীয় মূলৰ মানুহে অৱশ্যে ভাৰতীয় সংস্কৃতিকো বিভিন্ন ধৰণেৰে ধৰি ৰখাৰো প্ৰয়াস কৰি আহিছে ৷ এইসকল ভাৰতীয় মূলৰ মানুহৰ কাৰণেই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল ৷ ভাৰতীয় মূলৰ মানুহখিনিৰ দক্ষিণ আফ্ৰিকাত চলা বৰ্ণ বৈষম্য বিৰোধি আন্দোলনত ডাঙৰ ভুমিকা আছিল ৷ আজিও ভাৰতীয় মূলৰ মানুহখিনিৰ যথেষ্ট অৱদান আছে নতুন গণতান্ত্ৰিক দক্ষিণ আফ্ৰিকাক ন ৰূপত সজোৱাত ৷ এইসকলৰ ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকাৰ নাগৰিকেই আয়োজন কৰিছিল এক সম্বৰ্ধনা সভাৰ ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়াৰ কাৰণে ৷ 8 (আঠ)জুলাইৰ দিনা আবেলি এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল জোহান্সবাৰ্গ চহৰত থকা টিকেটপ্ৰু ড’ম নামত ৷ যথা সময়ত সেই অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণী পত্ৰ পালো ৷ মোৰ থকা ঠাইৰ পৰা প্ৰায় এশ কিলোমিটাৰমান দূৰত গতিকে সময় অকণমান হাতত লৈয়ে ৰীমা মানে মোৰ পত্নী আৰু ল’ৰা অৰ্কুপলক লৈ ঘৰৰ পৰা ওলালো ৷ নিজৰ দেশৰ বাহিৰত আন দেশৰ মানুহে আমাৰ দেশখনক আমাৰ প্ৰধানমন্ত্ৰী জনৰ প্ৰতিনো কেনেকুৱা ব্যৱহাৰ কৰে ভাবি মনটোত কিছু উত্তেজনাও অনুভৱ কৰিছো ৷ সেই উত্তেজনাৰ মাজতেই গাড়ী চলাই আহি টিকেটপ্ৰু ড’ম পালেহি ৷ ৰাস্তাতে চিকিউৰিতি এজনে গাডীৰ পাৰ্কিংৰ স্থান দেখুৱাই দিলে আৰু সেইমতেই গৈ পাৰ্কিংৰ ঠাইত গাডীখন পাৰ্ক কৰিলো ৷ গাড়ীখন পাৰ্কিংত ৰখাই গাড়ীৰ পৰা নামিছো আমি তিনিওটা ঠিক সেইসময়তে আমাৰ গাড়ীৰ কাষতে ৰখোৱা আন এখন গাড়ীৰ পৰা দুজন চাউথ আফ্ৰিকানো নামিল ৷ ইয়াত সাধাৰণতেই ৰাজহুৱা স্থানেই হওঁক বা যিকোনো স্থানতেই নহওঁক সন্মুখা সন্মুখিকৈ কাৰোবাক লগ পালে চিনাকী অচিনাকী বুলি কথা নাই ইজনে সিজনক হাঁহি এটা মাৰি সম্ভাষণ জনায় ৷ মানুহ দুজেনেও আমাক হাঁহি মাৰি সম্ভাষণ জনালে আমিও প্ৰতিসম্ভাষণ জনাই পাৰ্কিংৰ পৰা প্ৰেক্ষাগৃহ অভিমুখে প্ৰায় একেলগেই খোজ দিব ধৰিলো ৷ খোজ কাঢ়ি গৈ থাকোতেই তাৰে এজনে কলে – কি সাংঘাটিক মানুহ এইজন !!! কি সুন্দৰ ভাষণ দিয়ে !! মই তেখেতৰ প্ৰায়বোৰ ভাষণেই টিভিত চাইছো ৷ চাউথ আফ্ৰিকা আহিব বুলি শুনাৰ দিন ধৰি ইমান ইক্সাইটেদ হৈ আছিলো ৷ মানুহজনে আন কাৰো কথা কোৱা নাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ে মোক কৈছে ৷ মই মনে মনে ভাবিলো – আপুনি ইমান ভাল পাবলৈ কি আছে মোডীৰ ভাষণ শুনি ? আমাৰ তাত মানে ভাৰতত বহু বিৰোধিয়েই হওক বা বুদ্ধিজীৱিয়েই হওক বহুতে দেখোন মোডী ডাঙৰীয়াৰ ভাষণ আদিক পাত্তাই নিদিয়ে বা ভালেই নাপায় আনকি তাক লৈ বিতৰ্কৰো অন্ত নপৰে ৷ আনকি বিশ্বৰ সৰ্বত্ৰে ব্যৱহাৰ হোৱা টেলিপ্ৰমতাৰ ব্যৱহাৰ কৰি ভাষণ দিয়া বুলিও একাংশ খবৰ কাগজে পত্ৰইও অনাৱশ্যক আলোচনা বা বিতৰ্ক দেখা গ’ল ৷ তেখেতৰ কথা শুনি মই ক’লো -তেখেত আমাৰ প্ৰধান মন্ত্ৰী ( ইয়াত প্ৰায়ে আমাক ডাৰবানৰ ভাৰতীয় বুলিয়েই ভাবে কাৰণে তেনেকৈ কলো )৷ মোৰ কথা শুনি মানুহজনে কলে তঁহত বিৰাট ভাগ্যৱান এনেকুৱা এজন নেতা পাইছ !!! সভাগৃহত সোমোৱাৰ আগতেই বুকুখন কিবা গৌৰৱৰে ভৰি পৰিল ৷ সভাগৃহত সোমোৱাৰ পাছত নিমন্ত্ৰণি পত্ৰত দিয়া মতেই নিজৰ আসন গ্ৰহণ কৰিলোঁ ৷ বিশ হাজাৰ মান মানুহে গিজগিজাই আছে প্ৰকাণ্ড সভাগৃহ ৷ আমি সভাগৃহত আসন গ্ৰহণ কৰাৰ অলপ সময়ৰ পাছতেই আৰম্ভ হল সাংস্কৃতিক সন্ধিয়া ৷ অতি উচ্চমানৰ সাংস্কৃতিক সন্ধিয়াত দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ ওপৰিও দক্ষিণ আফ্ৰিকাৰ আন আন জনগোষ্ঠীৰ মানুহেও বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ৷ আনকি দক্ষিণ আফ্ৰিকাৰ কেইজনমান কৃষ্ণাংগ আৰু শেতাংগই বিভিন্ন ধৰণৰ ভাৰতীয় নাচ গান পৰিবেশন কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হয় ৷ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল গ্ৰেমী বিজেতা ভাৰটাৰ কেলাৰমেনৰ একক আৰু তেখেতৰ বেণ্ডৰ পৰিবেশন ৷ মন্ত্ৰ মুগ্ধহৈ পৰিছিল গোটেই মানুহখিনি ৷ বিশেষকৈ ভাৰটাৰৰ মহাত্মা শীৰ্ষক পৰিবেশনটোৱে দৰ্শকৰ চকুলৈ একাজলি অশ্ৰু বোৱাই দিবলৈ সক্ষম হৈছিল ৷

প্ৰায় ত্ৰিশটা বিভিন্ন অনুষ্ঠান পৰিবেশনৰ পাছতেই সকলোৱে অতি আগ্ৰহেৰে ৰৈ থকা মূহূৰ্তটো উপস্থিত হৈছিল ৷ ঘোষিকাই ঘোষণা কৰিলে মোডী ডাঙৰীয়া আহি সভাগৃগত উপস্থিত হৈছেহি ৷ বিশ হাজাৰতকৈও বেছি মানুহে সমস্বৰে মোডী মোডী বুলি ধ্বনি দিয়াত লাগিল ৷ প্ৰায় পাঁচ ছয় মিনিটমান ধৰি চলিল মোডী ধ্বনি৷ সেই মোডী ধ্বনিৰ মাজতেই “মাডিবা ” চাৰ্ট পৰিহিত মোডী ডাঙৰীয়া আহি ভাষণ স্থলীত উপস্থিত হল ৷ পৰম্পৰাগত ভাৱে আদৰণি জনোৱাৰ পাছতেই মোডী ডাঙৰীয়াই সকলোকে উদেশ্য কৰি ভাষণ আৰম্ভ কৰিলে ৷ কেইবাটাও ভাষাত প্ৰাৰম্ভিক সম্ভাষন জনাই উপস্থিত সকলোকে উদেশ্য কৰি ৷ দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় মানুহখিনিৰ দক্ষিণ আফ্ৰিকালৈ থকা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে ৷ তাৰ লগতে আহমেদ কাথাৰা, মেক মহাৰাজ আদিৰ দৰে স্বনামধন্য স্বাধীনতা সংগ্ৰামীক পুৱাবেলা লগ ধৰি তেখেতসকললৈ শ্ৰদ্ধা জ্ঞাপনৰ কথাও উল্লেখ কৰে ৷ উল্লেখযোগ্য যে এইজন স্বাধীনতা সংগ্ৰামী মেক মহাৰাজেই কৌশলেৰে নেলচন মেণ্ডেলাৰ জীৱন বুৰঞ্জী “লং ৱাক টু ফ্ৰীডম ” কাৰাবন্দী অৱস্থাৰ পৰা উলিয়াই আনি বিশ্বৰ আগত উজ্বলাই তুলিছিল ৷ মোডী ডাঙৰীয়াই মোহনদাস কৰমচাদ গান্ধীক এইখন দক্ষিণ আফ্ৰিকাই মহাত্মা হিচাবে ভাৰতলৈ উভতাই পঠোৱাকো শ্ৰদ্ধাৰে সোঁৱৰে ৷ মহাত্মা গান্ধীয়ে বিলাতৰ পৰা বেৰিষ্টাৰ পাছ  কৰি এজন গুজৰাটী ব্যৱসায়ীৰ অনুৰোধত এটা কেছৰ সংক্ৰান্তত আহি দক্ষিণ আফ্ৰিকা পাইছিলহি ৷ তেনেকৈ আহিয়েই এদিন আফ্ৰিকাৰ বৰ্ণ বৈষম্যৰ লগত পৰিচয় হয়হি ৷ এদিন ট্ৰেইনত গৈ থাকোতে ডাৰবানৰ ওচৰৰ পিটামাৰিচবাৰ্গ ষ্টেচনত কেৱল গাৰ বৰণ বগা নোহোৱাৰ কাৰণে ট্ৰেইনৰ পৰা গটিয়াই নমাই দিছিল গান্ধীজীক ৷ সেইয়াই আৰম্ভনি ৷ সেই বৰ্ণবৈষম্যৰ প্ৰতিবাদত আৰম্ভ কৰিছিল সত্যাগ্ৰহ আন্দোলন আৰু তাৰ পাছৰখিনি আজি ইতিহাসৰ পাতত সোনালী আখৰেৰে জিলিকি আছে ৷ দক্ষিণ আফ্ৰিকা আফ্ৰিকা মহাদেশৰ অন্যতম বৃহৎ অৰ্থনীতি ৷ তাতোকৈও ডাঙৰ কথা হৈছে যুদ্ধ,অশান্তিৰে জৰ্জৰিত আফ্ৰিকা মহাদেশৰ ভিতৰতে সুস্থিৰ,গণতান্ত্ৰিক আৰু সকলোফালৰ পৰা আগবঢা এইখন দেশ ৷ আনহাতে দেশখনৰ সাগৰৰ বন্দৰকো আন আন আফ্ৰিকান দেশসমুহৰ কাৰণে ব্যৱহাৰ কৰাৰ সুবিধা আছে ৷ খনিজ সম্পদেৰে ভৰপুৰ দেশখন ৷ ভৌগোলিক অৱস্থানৰ বাবে আফ্ৰিকাৰ কাৰণে গুৰুত্বপূৰ্ণ দেশ দক্ষিণ আফ্ৰিকা ৷ আনহাতে দক্ষিণ আফ্ৰিকাৰ গাতে লাগি থকা মোজাম্বিকখনো ভাৰতৰ কাৰণে গুৰত্বপূৰ্ণ ৷ প্ৰাকৃতিক গেছেৰে ভৰপুৰ মোজাম্বিক তাৰ লগতে মোডী ডাঙৰীয়াৰ আফ্ৰিকা ভ্ৰমনত মোজাম্বিক দেশ ভ্ৰমনত বৰ্তমান ভাৰতত সাংঘাটিক ভাৱে নাটনিৰ সন্মুখিন হোৱা দাইলৰ আমদানিৰ চুক্তি এখনো কৰে মোজাম্বিকৰ লগত ৷ গতিকে এই সকলোবোৰ দিশ সামৰি মোডী ডাঙৰীয়াই ভাষনত দক্ষিন আফ্ৰিকাক যথেষ্ট গুৰুত্ব প্ৰদান কৰে ৷ দক্ষিণ আফ্ৰিকাৰ উদ্যোগীসকলকো ভাৰতত বিনিয়োগৰ কাৰণে আহ্বান জনায় ৷ বৰ্তমান চীন দেশৰ খাৰুৱা তেল,প্ৰাকৃতিক গেছকে আদি কৰি বিভিন্ন খনিজ সম্পদেৰে চহকী আফ্ৰিকা মহাদেশৰ প্ৰায় সকলো দেশতে অৰ্থনৈতিক বিনিয়োগে ভাৰতকো আফ্ৰিকা মহাদেশৰ ওপৰত বিশেষ ভাবে চকু দিবলৈ বাধ্য কৰাইছে ৷ গতিকে মোডী ডাঙৰীয়াৰ আফ্ৰিকা মহাদেশৰ দক্ষিণ আফ্ৰিকা মোজাম্বিককে ধৰি চাৰিখন ৰাষ্ট্ৰৰ ভ্ৰমণে বিশেষ তাতপৰ্য্য বহন কৰিছিল ৷ মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট টীমলৈকে সকলোকে সনিবিষ্ট কৰি ভাষণেৰে সকলোকে প্ৰায় একঘণ্টা সময় মন্ত্ৰ মুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় মোডী ডাঙৰীয়াই ৷ ভাষণৰ মাজে মাজে মানুহৰ মোডী ধ্বনি আৰু লগতে ভাৰত মাতা কী জয়ে আমাৰদৰে প্ৰবাসী ভাৰতীয়ৰ মন গৌৰৱেৰে ভৰাই পেলাইছিল বিদেশৰ মাটিত ৷ 8 জুলাই দিনটো জীৱনৰ এক অন্যতম স্মৰণীয় দিন হৈ ৰব আমাৰ বাবে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!