মোৰ বাপুজী অন্বেষণৰ কাহিনী – উৎপল বাদল বৰুৱা

 

ভাৰতবৰ্ষৰ প্ৰায় ডেৰশ কোটি সন্তানৰ ভিতৰত এনে সন্তান নিশ্চয় নোলাবই যাক বাপুৰ জীৱনে আকৃষ্ট আৰু স্তম্ভিত কৰিব পৰা নাই ৷ লগতে এইটোও সত্য যে এই আকৃষ্ট আৰু স্তম্ভিত সকলৰ ভিতৰত শতকৰা হাৰত হয়তো এক শতাংশও নাই যি বাপুৰ জীৱন আদৰ্শক নিজৰ জীৱনত গ্ৰহণ কৰি মনে প্ৰাণে অনুসৰণ কৰিব পাৰিছে ৷ যি সময়ত সমাজ ভোগবাদ, বস্তুবাদ আৰু ক্ষমতালিপ্সাৰ দুৰ্বাদল প্ৰতিদণ্ডিতাত বিভোৰ, সেই সময়ত সেই মুলুকত গান্ধীজীৰ ত্যাগৰ কাহিনী নিতান্তই অপ্ৰাসংগিক যেন লাগে৷ দৈনিক সংঘটিত হৈ থকা সন্ত্ৰাস, বিভীষিকা, মানুহে মানুহক অপকাৰ কৰিবলৈ কৰি থকা নিখুঁত ষড়যন্ত্ৰ আৰু নিৰীহলোকৰ কাতৰ আৰ্তনাদ এতিয়া আমাৰ দৈনন্দিন জীৱন পৰিক্ৰমা ৷ আকাশে বতাহে অহিংসাৰ বিষাক্ত বায়ু ৷

পৃথিৱীৰ বিভিন্ন প্ৰান্তত যেতিয়া গান্ধীবাদৰ ওপৰত পৰীক্ষা-নিৰীক্ষা, সত্যাগ্ৰহৰ দৰে অহিংস প্ৰক্ৰিয়াৰ শক্তিৰ ওপৰত চিন্তা-চৰ্চা চলিব ধৰিছে, সেই সময়তেই নিজৰ ঘৰতে বাপু চূড়ান্তভাবে উপেক্ষিত ৷ নিৰপেক্ষভাবে দেশৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণ কৰিলে এইখনযে গান্ধীজীৰ দেশ এই কথাটোৱেই বিশ্বাস কৰিবৰ মন নাযায় ৷ এই নিৰীক্ষণ মাদকদ্ৰৱ্য প্ৰচলনৰ ক্ষেত্ৰতেই হওক, দুৰ্ণীতিৰ বিস্তাৰৰ ক্ষেত্ৰতেই হওক বা হিংসাৰ উত্থানৰ ক্ষেত্ৰতেই হওক ৷ ভোগলিপ্সা বা বিলাসিতা ত্যাগৰ কথাটোতো বৰ্তমান সময়ত চাৰিঢাপৰ বাহিৰৰ বিষয় ৷ আইনষ্টাইনে ঠিকেই কৈছিল – “ আগন্তুক প্ৰজন্মই এদিন এই কথা বিশ্বাস কৰিবলৈকে টান পাব যে এদিন পৃথিৱীত এনেকুৱা এজন মানুহৰো জন্ম হৈছিল !”

গান্ধীজীয়ে যি ধৰণৰ স্বাধীনতা আশা কৰিছিল বাস্তৱতে সেইয়া হৈ উঠিল নে নুঠিল, সেয়া বিতৰ্কৰ বিষয় ৷ ধাৰ্মিক বৈষম্য আৰু ভোগবাদৰ ওচৰত গান্ধীবাদৰ আচলতে পৰাজয় ঘটিল যেনেই লাগে ৷ স্বাধীনতা প্ৰাপ্তিৰ সন্ধিক্ষণত আৰু নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ প্ৰাকমূহুৰ্তত বাপু নিৰৱে নিজৰ মতত অটল হৈ থাকি আতঁৰি যাবলৈ বাধ্য হৈছিল ৷ তাৰ ফল এতিয়া দেশৰ এশ কোটি সন্তানে তিলে তিলে ভুগিব লাগিছে ৷

স্বাধীনতাৰ পূৰ্বেই ১৯৩৫ চনত হোৱা আইনৰ আধাৰত ভাৰতবৰ্ষত ছখন ৰাজ্যত যেতিয়া কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল (১৯৩৭ চন) আৰু এই চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত যেতিয়া দুৰ্নীতিৰ প্ৰৱণতা প্ৰকট হৈ উঠা পৰিলক্ষিত হৈছিল, তেতিয়াই মহাত্মা গান্ধীয়ে শাসনাধিস্থ দল কংগ্ৰেছক কবৰ দিবলৈ ওলাইছিল ৷ ১৯৩৯ চনতে বাপুৱে কৈছিল – “ যিদৰে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে গা কৰিব লাগিছে, যদি সিয়েই সত্য হয়, মই কংগ্ৰেছৰ মৰ্যদাপূৰ্ণ সমাধি ” হৈ যোৱাই কামনা কৰিম ৷ – I would go to the length of giving the whole congress a decent burial, rather than put up with the corruption that is rampant ” আৰু স্বাধীনতাৰ চাৰিকুৰি বছৰ নৌ হওঁতেই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আমাৰ সমাজত এনে এটা অৱস্থা পালেগৈ য’ত ৰক্ষক আৰু ৰাক্ষসৰ মাজত পাৰ্থক্যই চিনিব নোৱাৰা হৈ আহিল ৷ সাধাৰণ মানহে দুৰ্নীতিক সামাজিক জীৱনত অপৰিহাৰ্য বুলি গ্ৰহণ কৰিবলৈ বাধ্য হ’ল ৷

শেহতীয়াভাবে অনেক চৰকাৰী প্ৰতিষ্ঠান বিভিন্ন সংকটৰ সন্মূখীন হোৱাত বেচৰকাৰী সংগঠনলৈ হস্তান্তৰ কৰাৰ খবৰ সঘনে ওলাই থকা হৈছে ৷ এই সংকটৰ মূল কাৰণ ব্যাপক দুৰ্নীতি আৰু কৰ্মীসকলৰ অদূৰদৰ্শী মনোভাব ৷ বাপুৱে শিকোৱাৰ দৰে আমি সৎ, নিকা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব নোৱাৰিলোঁ৷ অনেক চৰকাৰী প্ৰতিষ্ঠানতে বৰ বৰ হৰফেৰে বাপুৰ বাণী জিলিকি থাকে – “ কোনো প্ৰতিষ্ঠানেই ৰাইজৰ পৰা পৃথক নহয় ৷ আপোনাৰ প্ৰতিষ্ঠানলৈ অহা আগন্তুক (Customer) আপোনাৰ বাবে ঈশ্বৰ! আপোনাৰ প্ৰতিষ্ঠানে তেখেতৰ নহয় বৰং তেখেতেহে আপোনাৰ প্ৰতিষ্ঠানলৈ আহি আপোনাৰ উপকাৰ সাধিছোঁ । ” পাৰিলোঁনে আমি আগন্তুকক ঈশ্বৰ বুলি ভবা সংস্কৃতি গ্ৰহণ কৰিব ? বাস্তৱতে কিমান চৰকাৰী প্ৰতিষ্ঠানলৈ গৈ কিমানে ঈশ্বৰৰ দৰে ব্যৱহাৰ পায় ? চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানৰ বাস্তৱ অভিজ্ঞতাই বাপুৰ এই বাণীক অহৰহ ব্যঙ্গ কৰি নাথাকেনে ? আমোদজনক কথা, এতিয়া আধুনিক “ বিজনেছ মেনেজমেন্ট ”-ত আটাইতকৈ বেছি গুৰুত্ব দিয়া “ কাষ্টমাৰ কেয়াৰ ”-ৰ দৰে মূলমন্ত্ৰও বাপুৱে তেতিয়াই শিকাই যোৱা নাছিলনে ? এতিয়া অনেক বিদেশী মেনেজমেন্ট গুৰুসকলেও ব্যৱসায়িক সফলতাৰ বাবে প্ৰদান কৰা প্ৰশিক্ষণত সততে গান্ধীজীৰ উক্তিকেই ব্যৱহাৰ কৰা দেখা যায় ৷

গান্ধীজীৰ আদৰ্শৰ মূলমন্ত্ৰ আছিল স্ব-নিয়ন্ত্ৰণ ৷ তামসিক প্ৰবৃতিক বশ কৰি মনটোক সংযত হ’বলৈ দিয়া শিক্ষা ৷ আৰু এই শিক্ষাই মানৱ ইতিহাসত সৰ্বকালৰ শ্ৰেষ্ঠতম শিক্ষা হিচাপে যুগে যুগে স্বীকৃত হৈ আহিছে ৷ বাপুৱে কৈছিল –সকলো মানুহৰে মৌলিক প্ৰয়োজন (need) পূৰণ কৰাৰ ক্ষমতা এই প্ৰকৃতিৰ আছে, কিন্তু লোভ আৰু আক্ৰোশ (greed) পূৰণৰ ক্ষমতা এই পৃথিৱীত কাৰো নাই ! আমাৰ দেশত সাম্প্ৰতিক পৰিস্থিতিত আটাইতকৈ প্ৰয়োজনীয় দৰ্শনেই হ’ল গান্ধীবাদ ৷ শাসক আৰু শাসিত দুয়োকে এতিয়া অতীব প্ৰয়োজন গান্ধীবাদৰ ৷ ইয়াৰ চৰ্চা আৰু অনুসৰণে প্ৰতিজন নাগৰিককে আলোকিত কৰিব নিয়ন্ত্ৰণৰ মন্ত্ৰেৰে ৷ মানৱ শক্তি বিকাশৰ বাবে ইয়াতকৈ আৰু উচিত শিক্ষা পৃথিৱীত একোৱেই নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!