মোজা নিপিন্ধা হিৰ’ (শশাংক মেধি)

কাপ-প্লেট ওৰফে অভি-নন্দন অফিচটোৰ বহু পুৰণি কৰ্মী| অভি-নন্দন নামটো এটা যেন লাগিলেও দুজন ব্যক্তিৰ দুটা নাম মিলাই সংগঠিত কৰা হৈছে অভি-নন্দন| অভিক বৰুৱা আৰু নন্দন বৰুৱা- দুয়োকে সকলোৱে অভি-নন্দন বুলি জানে | অফিচটোৰ আটাইতকৈ ৰসাল আৰু ‘হেল্পফুল’ ব্যক্তি বুলি ক’লে অভি-নন্দনৰ নামেই মুখলৈ আহে |

অফিচটোত মই নতুনকৈ জইন কৰিছোঁ| এদিন বাৰে-বিংকৰা কাগজেৰে ভৰ্তি ফাইল এটা লৈ অভি-নন্দনৰ কেবিনলৈ গৈছিলোঁ | নতুন চাকৰিয়াল বুলি চা-চিনাকি হৈ প্ৰায় দুঘন্টা কথাৰ ৰসাল মহলা মাৰিলে | সিদিনা লাঞ্চ টাইমত কেন্টিনত আকৌ কথাৰ মহলা চলিল |

‘ঐ অভি, মোজা নিপিন্ধা বলিউদৰ স্টাৰ এজনৰ নাম ক’চোন?’- নন্দনদাৰ চিৰিয়াছ প্ৰশ্ন|

গৰমৰ দিনত জোতা পিন্ধাতো অসহ্যকৰ কাম | তথাপিও ফৰ্মেল কাপোৰযোৰৰ লগত ক’লা জোতাযোৰ নিপিন্ধিলে আধৰুৱা হৈ ৰয় অফিচাৰ এজনৰ পৰিচয় | গৰমৰ দিনত জোতা পিন্ধিলেও মোজা প্ৰায়েই নিপিন্ধোঁ | মোজাৰ পৰা ওলাব পৰা সাম্ভাৱ্য উৎকত দূৰ্গন্ধৰ বাবেই এই ব্যৱস্থা| মই মোৰ দুভৰিলৈ লক্ষ্য কৰিলোঁ | আজি মই মোজা পিন্ধি আহিছোঁ | ৰক্ষা ! কিন্ত মোক উপলুঙা কৰাৰ উদ্দেশ্যৰে কোৱা নাইতো?

“নাজানো ৰে | ৰ’হ গুগল কৰোঁ |’’- অভিদাই তেওঁৰ লেটেস্ট মডেলৰ মোবাইলটো উলিয়াবলৈ উদ্যত হ’ল |
“ৰহ | নিজৰ মূৰটো ইউজ কৰ | তই অমিতাভ বচ্চনৰ লগত কে. বি. চি.ত আছ’ বুলি ধৰি ল’|”
“আৰে! সেইটো হ’লে মই লাইফ লাইন ল’ম | ”
“ঠিক আছে | তোক ‘কল এ ফ্ৰেইন্ড অপচন’ দিয়া হ’ল |”SASHANKA MEDHI
“দিগন্তদা, বলিউদৰ কোনজন হিৰ’ই মোজা নিপিন্ধে?”- অভিদাই সহকৰ্মী দিগন্তক সুধিলে|
“নাই ৰে | আইডিয়া নাই |”- চিনেমা পাগল দিগন্তৰ উত্তৰ|
“আপুনি হেনো এখনো চিনেমা মিছ নকৰে ! তেনেহ’লে ?”- এইবাৰ নন্দনদাই সুধিলে|
“আৰে ভাইহঁত! মই চিনেমাত সিহঁতৰ এক্টিং হে চাওঁ| কোনে মোজা পিন্ধিছে, কোনে নাই পিন্ধা এইবোৰ নাচাওঁ নহয় |”
“চা অভি, তোক এটা ক্লু দিব পাৰো| তাৰপিছতো নোৱাৰিলে আজি কেন্টিনত মোৰ আৰু শশাংকৰ বিল তই দিবি |”- নন্দনদাই সুযোগ বুজি আন এটা চিকেন ৰোলৰ অৰ্ডাৰ দিলে |
“আৰু কিমান খাৱ’? দে ক্লু দে |”
“কেইদিনমান আগত ফ্লিপকাৰ্টে কি ডে’ চেলিব্ৰেট কৰিছিল?”

এইবাৰ মোৰ কাণ-মূৰ ৰঙা পৰিল | সম্ভাব্য ইনচাল্টৰ পৰা বাছিবলৈ উপায় ভাবিবলৈ ল’লো | কাৰণ ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে’ত দুটকা দৰত পাঁচজোৰ মোজা কিনিছিলোঁ | সেই কথাটো আজি ইয়াত ওলালে মোৰ “ধজ্জিয়া” উৰি যাব | কি কৰোঁ?

“হেই! তুমি কি ভাবিছা? অভিয়ে নোৱাৰিলে তুমিও ক’ব পাৰা |”
“ব্লেক-ফ্ৰাইডে’’- অভিদাই উত্তৰ দিলে |
“শশাংক, তোমাৰ উত্তৰ কি? ”- নন্দনদাৰ প্ৰশ্নই মোৰ হাৰ্ট বিট বঢ়ালে যদিও সাহস গোটাই ন’ আইডিয়া অপচনটোকে বাছিলোঁ|
“আৰে! চিৰিয়াছ হ’বলে কি আছে ? ধেমালিৰ বাবেহে সুধিছোঁ | যি কি নহওঁক অভি বিল দিবলৈ পইচা আছে নহয়?”
“পইচা নিদি বাকীকৈ খালেও হৰেশ্বৰ কাইয়ে একো নকয় | তই মাত্ৰ তোৰ প্ৰশ্নৰ উত্তৰ ক’ !”
“তহঁতবোৰ কি মূৰ্খ ৰে ? কে বি চি, অমিতাভ বচ্চন, বিগ বিলিয়ন ডে’ এইবোৰ ক্লু দিলোৱেই তথাপিও নোৱাৰিলি? অমিতাভ বচ্চনেই মোজা নিপিন্ধে| হাঃ হাঃ হাঃ”

অমিতাভ বচ্চনে মোজা পিন্ধে নে নিপিন্ধে নাজানোঁ | সিদিনাৰ পৰা মই কিন্ত মোজা পিন্ধাটো কম্পালচ’ৰি কৰি দিলো | মোজা নিপিন্ধা হিৰ’ হোৱাৰ ইচ্ছা মোৰ নাই !

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!