মোৰো এটা সপোন আছিল – বেঞ্জামিন কামান

ফেৰিৱালাৰ বাঁহীৰ মাতত
উটি যায় মোৰ সমগ্ৰ সত্তা
ভঙা বেৰৰ জলঙাৰে বাট চাই ৰওঁ….

ফেৰিৱালাৰ ভাগৰুৱা কান্ধত উঠি আহে
মোৰ সপোনৰ সতোৰঙী জগত
দৌৰ মাৰি থিয় দিওঁ জপনাৰ কাষত
নিস্পলক নেত্ৰে চাওঁ বিস্ময়কৰ জগতৰ ছন্দময় গতি…..

ফেৰিৱালা আগুৱায়
বিষাই উঠে বুকুখন
হেৰুৱাৰ বেদনাত
নিঃস্ব দুহাত তুলি কাকুতি কৰোঁ –

মোৰো এটা সপোন আছিল।
*******

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!