মোৰ আই(-শ্ৰীমতী ৰুমা হাজৰিকা)

মোৰ আই
***********
-শ্ৰীমতী ৰুমা হাজৰিকা
নৱী মুম্বাই৷bihu

ছয় ঋতুৰে লালিতা পালিতা মই
সেয়েহে তোমাক অনুভৱ কৰো হেমন্ত
প্ৰথম শীতৰ পুৱাৰ এই শুষ্ক শীতল জাৰ
মোৰ ভাল লাগে যেন এক এৰাবাটৰ সুৰ
দলিয়াই পেলাওঁ আবেগ হিন উমাল নিহালি
মোক উৰি যাব দিয়া ঋতুৰ অন্তত
নামনি হিমালয়ৰ কাষে কাষে
সেউজ বোৰ য’ত সোণালী হৈ হালেজালে
শুকান পাতৰ ধাৰত
য’ত কাঞ্চনীৰ তেজৰ বুলৰ কাহিনী
মোৰ আই তুমি আহা হৈ চিলনী
মই হ’ব বিচাৰো চম্পাৱতী
নালাগে মোক ওখ ঘৰৰ সৌভাগ্য
মিছা এই সৌষ্ঠৱ
জনমে জনমে আই তোমাৰ পঁজাৰ
লখিমী নহলেও হৈ ৰ’ম তেজা
মই নাগাওঁ কেতিয়াও গীত বেজাৰ!
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!