মোৰ কলম্বিয়াৰ ভ্ৰমণৰ ডুখৰীয়া ছবি (কনচেং বৰগোহাঁই)

(ক)

চাহ খোৱাৰ পাচত আমাৰ যাত্ৰা আৰম্ভ হ’ল -পোন বাট, সমতল। মসৃণ ৰাস্তা গাড়ীৰ গতিবেগ বাঢ়িল। অলপ দূৰ আহিয়ে কেইটামান ৰিগ দেখিলো, দুই এটা খাদত গেছ  জ্বলি আছে। সাধাৰণতে খাদটো খান্দি শেষ হোৱাৰ পাচত বিভিন্ন সম্ভাব্য শিলাস্তৰত ছিদ্র কৰি টেষ্টিং কৰোঁতে গেছ  ওলালে তাক জ্বলাই দিয়াৰ বাহিৰে গত্যন্তৰ নাথাকে। খাদটোৰ, তেল বা গেছ ৰ প্রতিদিনৰ উৎপাদনৰ হাৰ জনাৰ পাচতহে সুবিধা অনুযায়ী ষ্ট’ৰেজবোৰত (Gas Gathering/Collecting Station বা চমুকৈ GGS/GCS) পাইপেৰে সংযোগ কৰা হয় আৰু তাৰপৰা ৰেফাইনেৰীলৈ পঠিওৱা হয় অসমত সঘনে কোৱা শুনা যায়- গেছ বোৰ এনেয়ে জ্বলাই থাকে। সচাঁ কথা, ষ্টৰেজবোৰত গেছ  জ্বলাই দিয়া হয় তাৰ কাৰণ নোহোৱা নহয়। প্রথম কাৰণটো হল, গেছ ৰ উৎপাদন সদায় সমান নহয় কিন্তু চাহিদা সদায় একে থাকে। সেয়ে উৎপাদনতকৈ যোগানৰ মাত্ৰা কম ৰখা হয় যাতে গেছ ৰ নাটনিৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি চলা কাৰখানা কেইটা বন্ধ হ’বলগীয়া নহয়। যি নিয়মীয়া উৎপাদন হয় তাৰে বিভিন্ন এল পি জি, ঘৰুৱা পাইপ গেছ , চাহ বাগান, সাৰ কাৰখানা বা থার্মেল প্রজেক্টৰ বাবে যোগান ধৰা হয়। দ্বিতীয়তে, যিমান উৎপাদন হয় সেই অনুপাতে থলুৱা চাহিদা নাই বা বাহিৰৰ পৰা কোনেও অসমত গেছ  কিনিবলৈ নাযায়। তৃতীয়তে, উৎপাদিত গেছ  সাঁচি থ’ব পৰাৰ কোনো ব্যৱস্থা অসমত নালাগে গোটেই ভাৰততে হোৱা নাই (পৃথিবীৰ দুই এঠাইত অৱশ্যে, উৎপাদিত গেছ  পুনৰ ভূগৰ্ভলৈ ভৰোৱা ব্যৱস্থা কৰা হৈছে, তাৰ বাবেও অন্য এক খৰচৰ হিচাপ কিতাপৰ কথা আছে)। সেয়ে, গেছ বোৰ জ্বলোৱাৰ বাহিৰে গত্যন্তৰ নাথাকে।

“এইয়া চোৱা, ইয়াৰ পৰাই আৰম্ভ হৈছে লানুচ বেচিনৰ বিভিন্ন তৈল ক্ষেত্ৰবোৰ”-এইবুলি গ্লেনে ৰিগ এটালৈ আঙুলিয়াই দেখুৱালে। লানুচ বেছিনত সৰু বৰ বহুকেইখন তৈলক্ষেত্ৰ আছে। ইয়াত গেছ  আৰু তেল দুয়োটাই উৎপাদন হয়। গ্লেনক মোৰ সুধিবলগীয়া বহু প্রশ্ন আছিল কিন্তু তেতিয়াও দুই এজনে তেতিয়াও চকু মুদি থকা বাবে সোধা নহ’ল। আমি পাৰ হৈ অহা পাহাৰটোৰ নামনিৰ পৰাই আৰম্ভ হৈছে কলম্বিয়াৰ বিস্তীৰ্ণ চাভানা অঞ্চল, লানুচ। ই পৃথিবীৰ বৃহৎ চাভানা অঞ্চলবোৰৰ এক। বিষুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণে ০-৩০ ডিগ্ৰী দ্রাঘিমাংশৰ ভিতৰত এই চাভানা অঞ্চলবোৰ গোটেই পৃথিবীতে বিস্তৃত হৈ আছে। দক্ষিণ আমেৰিকাৰ কলম্বিয়াৰ পূব অংশ, প্রায় সমগ্র ব্ৰাজিল, পেৰুৰ আমাজন অৱবাহিকা; চাহাৰা মৰুভূমিৰ দক্ষিণত আফ্রিকাৰ প্রায় সমগ্র অঞ্চল; উত্তৰ অষ্টেলিয়াৰ কিছু অংশ, আৰু মধ্য ভাৰত ইত্যাদি ঠাই চাভানা অঞ্চলৰ অন্তৰ্গত। আমাৰ ৰাস্তাৰ দুয়োফালে মাথো মুকলি গৰু চৰণীয়া পথাৰ আৰু কিছুমান শস্যৰ পথাৰ, কোনো কোনো অংশ ওখ গছ গছনিৰে ভৰা। শ শ একৰ ঠাই তাঁৰেৰে বেৰি গৰুবোৰ মুকলিকৈ ৰাখিছে। ইয়াকে দেখি আমাৰ কাতিমহীয়া ৰাস্তাৰ কাষত এৰাল দিয়া চেৰেলা গৰুকেইটালৈ মনত পৰি বেয়া লাগিল। আমি গৰু পুহো কিন্তু যত্ন নলওঁ। জাৰ্চি গাইকেইজনী হলে গোহালিত আঁঠুৱা তৰি ৰাখোঁ, দানা পানীৰতো কথাই নাই যিহেতু ইহঁতে টকা উপাৰ্জন কৰে। কোনো কোনো ফাৰ্মত হাজাৰো অধিক গৰু ৰাখিছে। গৰুবোৰ আমাৰ তাৰবোৰতকৈ ওজনত দুগুণৰো বেছি হব। ওজন বুলি এইকাৰণে কৈছোঁ ইহঁতবোৰক মাংস হিচাপেহে বেছিকৈ ব্যৱহাৰ হয়, হালত নলগায়। ইংলিচ চিনেমাত দেখাৰ দৰে দুই এক কাউ বয় ঘোঁৰাৰ পিঠিত লগতে সিহঁতৰ গৰু খেদা কুকুৰৰ সৈতে দেখা পালো। সিঁহতৰ পিঠিত কিন্তু টুপীবোৰ ওলমি থকা নেদেখিলোঁ। কানাডাত দেখিছিলোঁ এনে বিস্তীৰ্ণ তৃণভূমি –কেলগেৰীৰ পৰা লুইচ লেকলৈ যাওঁতে। আজিও মনত পৰে লুইচ হ্রদৰ পানীৰ ওপৰৰ চটাচট বৰফৰ চামনিটো। তাৰ ওপৰেদি যেন খোজ কাঢ়ি পাৰ হৈ যাম কাষতে থকা পাহাৰটোলৈ। পাহাৰৰ বৰফবোৰে অলপ ৰ’দ দেখিলেই হ্ৰদৰ পানীত নামি থাকেহি। এই হ্ৰদটো চাবলৈ যাওঁতে ৰাস্তাৰ দুয়োকাষে এনে গৰুৰ চৰণীয়া পথাৰ দেখিছিলোঁ। আমাক লৈ যোৱা ড্রাইভাৰজনে কৈছিল মাথো এই অঞ্চলটোতে মিলিয়নৰ ওপৰত গৰু আছে। ২০১০ চনৰ এটা পাৰিসাংখ্যিক হিচাপত পাইছিলোঁ কানাডাত মুঠতে ১.৫৯ মিলিয়ন গৰু আছে যিটো ভাৰততকৈ বহু কম। কানাডাত শীতকালত গৰুৰ এই চৰণভূমি বৰফেৰে ঢাক খাই পৰে আৰু ঘাঁহ নাইকিয়া হয়। সেয়ে তেওঁলোকৰ কিছুৱে ঘাঁহৰ খেতি কৰে। ঘাঁহবোৰ কাটি শুকুৱাই ৰ’লাৰৰ সহায়েৰে চেপেটা কৰি নুৰিয়াই ডাঙৰ পানী থোৱা চিন্টেক্সৰ সমান আকাৰৰ কৰি সাঁচি থয় আৰু সময়ত ঘাঁহবোৰ বিক্ৰী কৰে। চৰণীয়া পথাৰৰ মাজত সজা গোহালি একোটাত শীতকাল হোৱাৰ পূবেই এই ঘাঁহবোৰ গোটাই থয় যাতে বৰফৰ দিনত গৰুবোৰে খাব পাৰে। এই গৰুবোৰে আমাৰ গৰুৰ দৰে কোনোকালেই গিৰিহঁতৰ ঘৰ দেখি নাপায়। ইয়াত চহৰৰ মাজততো দূৰৰে কথা ভিতৰুৱা গাঁওবোৰতো মুকলিকৈ থকা গৰু নেদেখিছিলোঁ। এটা কল্পনা কৰকচোন-গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে যাওঁতে যদি ৰাস্তাৰ দুয়োকাষে কেৱল চৰণীয়া পথাৰ মাজে মাজে তাঁৰৰ বেৰা অ’ত ত’ত থূপ পাতি থকা কিছুমান গৰুৰজাক আৰু মাজে মাজে দুই এটা ঘৰ দেখিলে আপোনাৰ কেনে লাগিব ! মই সঠিককৈ বুজাব নোৱাৰিম..।

আমাৰ গাড়ীখনে এটা শিলগুটি দিয়া ৰাস্তাত আগুৱাবলৈ ধৰিলে লগে লগে গতি বেগ কমি আহিল। চে’লফোনতে দুই এটা ফটো ল’বলৈ চেষ্টা কৰিছিলোঁ যদিও ভালদৰে ল’ব পৰা নহ’ল। ফটো ল’ব নাজানো বুলি মোক এটা বদনামে ঘেৰি থাকে, সেয়ে কেমেৰা নিয়া নাছিলোঁ। সৰু হলেও গাড়ীখনৰ জোকাৰণি এটাই অনবৰতে আমনি কৰি থাকিল। গাড়ী ৰখাই ফটো ল’বলৈ ভাবিব লগীয়া কথা-কিয়নো তাহানি গাঁৱৰ ৰাস্তাত গাড়ী আহিলে সৰু লৰাবোৰ পিচে পিচে দৌৰাৰ দৰে ধূলিৰ পাহাৰ এটাই গাড়ীখনক একেৰাহে খেদি আহিছে।

লানুচ অঞ্চলটোত জনবসতি অতি সেৰেঙা প্রায় প্রতি বর্গ কিলোমিটাৰত দুঘৰ। মাজে মাজে দুই এটা আহল বহল টিনৰ ফাৰ্ম হাউচ জাতীয় ঘৰ আৰু তাৰে দুই এটাত দেখিলো একোখনকৈ সৰু বিমান। বিমানৰ লগতে লাগি থকা ৰাণৱেটো হলে শিলগুটি দিয়া, তাতনো এই বিমানে টেক্ অফ্ কৰে কেনেকৈ সেইটোহে দেখা নাপালোঁ। এই বিমানবোৰ তেওঁলোকে কীটনাশক বা তেনে কোনো দ্রব্য পথাৰত চটিয়াবৰ বাবে ব্যৱহাৰ কৰে (আমাৰ তাত ভাবিব নোৱাৰা কথা এটা)। শীতকালত কলম্বিয়াৰ উত্তৰৰ ঠাণ্ডা ঠাইৰ পৰা ইয়ালৈ ছুটিৰ দিন কটাবলৈ কিছু মানুহ আহে – পাচত সৰু বিমানবোৰৰ ব্যৱহাৰৰ কথা সোধোঁতে আমাৰ এজন ইঞ্জিনিয়াৰে কথাষাৰ কৈছিল। চাৰি পাঁচ কিলোমিটাৰমানৰ মূৰে মূৰে একোখনকৈ দোকান দেখা পালো-বাহিৰত প্লাষ্টিক চকী আৰু কল্ড ড্রিংকচৰ বটল কিছুমানৰ থাকে। মানুহৰ ঘৰ বা গাওঁ বুলিবলৈ তেনেকৈ নেদেখিলোঁ। এঠাইত এখন চাইনবর্ডত Asam আৰু অকণ দূৰতে Asamea বুলি লিখা দেখি ৰয়দাই মোক কৈছিল- “হেৰা বৰগোঁহাই তুমি দেখুন ঘৰেই পালাহি”। সঁচা কথা শব্দ দুটা দেখি মোৰ মনটো কেনেবা লাগি গৈছিল। স্পেনিছ শব্দ দুটাৰ গুগুলত কিন্তু কোনো অৰ্থ বিচাৰি নাপালোঁ। ই এটা নামহে। তেওঁ আকৌ কলে- ইয়াৰ কিছু মানুহৰ চেহেৰা তোমালোকৰ দৰে, মন কৰিছানে ? পাচত মোৰ লগত কাম কৰা স্পেনিছ ভূতত্ববিদগৰাকীয়ে মোক কৈছিল – তেওঁ নিউর্য়কত থকা সময়ত তেওঁক হেনো ভাৰতীয় বুলি ভুল কৰিছিল। আনকি ককায়েকৰ এখন ফটো দেখুৱাই কৈছিল – “See, your nose & my brother’s nose is same…!!”। চৰণীয়া পথাৰৰ মাজে মাজে ভূতাত্বিক জৰীপৰ কাম কৰি থকা দেখিলো। এইবোৰ কামৰ বাবে এইটোৱেই উৎকৃষ্ট সময়। মাৰ্চ মাহৰ শেষৰ ফালে বৰষুণ আৰম্ভ হৈ যায়। বাৰিষা কালটো জুন জুলাই মাহৰলৈকে থাকে। ‌আকৌ অক্টোবৰৰ শেষৰ ফালৰ পৰা ডিচেম্বৰ মাজভাগলৈ বছৰৰ আনটো বাৰিষাই ধোৱাই যায়। পথাৰৰ মাজত কেবল (Cable) টানি টানি কাম কৰা কিজনে হয়তো নাজানে তেওঁলোকৰ এই কামৰ বাবেই হয়তো এদিন ইয়াত তেলৰ ভাণ্ডাৰ বিচাৰি পাব আৰু ইয়েই তেওঁলোকৰ দেশলৈ অৰ্থনীতিত বহুত পৰিবৰ্তন আনিব পাৰে। সঁচাকৈয়ে তেলৰ সন্ধান কৰা কাৰ্য্যটো বৰ কষ্টকৰ। জৰীপ কৰাৰ পৰা খনন কৰালৈকে বহু মানুহৰ দেহৰ ঘাম একত্ৰে শুকায়। তেলৰ কথা কওঁতে বিমানৰ কথা মনত পৰিল। এই বিমানখনে বাৰু কিমান তেল পুৰে দিল্লীৰ পৰা নিউর্য়কলৈ আহোঁতে ? পাচত নেটত বিচাৰি পোৱা উত্তৰটো এনেধৰণৰ -আন্তৰাষ্ট্ৰীয় বিমানবোৰ সাধাৰণতে ডাঙৰ (বয়িং ৭৪৭ জাতীয়, যাৰ চিটৰ ক্ষমতা ৫৫০ জনৰো অধিক) তেনে একোখন ডাঙৰ এয়াৰ বাচত ৩ লাখ লিটাৰতকৈ অধিক তেল একেবাৰতে ভৰাব পৰা সুবিধা থাকে (বিমানবোৰ উন্নত বিধৰ মিশ্ৰিত কেৰাচিন তেলেৰে চালিত হয় আৰু দাম প্রায় পেট্ৰলৰ সমানেই অলপহে কম)। আৰু এনেবোৰ বিমানে ঘন্টাত প্রায় ১৫,০০০ লিটাৰ তেল পুৰে। দিল্লীৰ পৰা নিউর্য়কলৈ আহোঁতে প্রায় ১৬ ঘন্টা লাগিল অৰ্থাত তেল পুৰিলে প্রায় ২,৪০,০০০ লিটাৰ। গোটেই পৃথিবীক এদিনৰ বাবে কিমান তেলৰ প্ৰয়োজন হয়, ই এটা ডাঙৰ অংক..।

অলপ দূৰ যোৱাৰ পাচত এখন নদী পাৰ হলো। শুকাই ক্ষীণ হৈ আছে। পানী নথকা অংশত সৰু ডাঙৰ শিলবোৰ বহলকৈ নৈৰ দুয়োকাষলৈ বিয়পি আছে। পানীৰ মাজত শিল একোটাত বগলীৰ দৰে চৰাইকেইজনীমানে জোপ লৈ আছে। পানীখিনিৰ দৰে চঞ্চল মাছবোৰ মোৰ চকুত নপৰিলেও চৰাই কেইটাৰ চকুৰ পৰা যে সাৰি যাব নোৱাৰিব সেইয়া খাটাং। পাতল নীলা পানীৰ এই নদীখনৰ নামটো- ৰিঅ’ মেটা। মেটা হল প্রদেশখনৰ নাম। বাৰিষা এই নদীয়ে কাষৰীয়া অঞ্চলবোৰ প্লাৱিত কৰে। কেতিয়াবা হঠাৎ ঢল আহে শিল দল ভাঙি যায় হেনো। তাৰ প্ৰমাণ হ’ল ধেনুভিৰীয়া কৈ বহু ওখকৈ সজোৱা দলংখন আৰু দলঙৰ মূৰ দুটা অলপকৈ ভাঙি থকাৰ চিন আছে। পাহাৰীয়া ঠাইত বা পাহাৰৰ গাতে লাগি থকা নদীবোৰ এনেকুৱাই, মন গলেই হল শিল দ’ল ভাঙি ঢাপলি মেলে কোনোবা দিহিঙত প্রেমিকক বিচাৰি।

(খ)

প্রায় চাৰে এঘাৰমান বজাত আমি গন্তব্যস্থল পালোঁহি। গাড়ীৰ পৰা নমাৰ লগে লগে আমাৰ ভাৰতীয় আটাইকেইজন আগবাঢ়ি আহিল। মি. বিনোদ শৰ্মা (Country Manager), মি. সুধাকৰ শুক্লা (Drilling Manager), মি. হৰিশ ডাবৰাল (Drilling Engineer), মি. নিখিল ৰয় (HSE Officer) আৰু মি. ৰাকেশ কুমাৰ (Geologist)। আমাক দেখি তেওঁলোকে সঁচা আনন্দ পোৱা যেন অনুভূত হল। আজিৰে পৰা ইয়াত এটা তেলৰ খাদ খন্দাৰ কাম আৰম্ভ হব। বহুত মানুহ গোট খাইছে, দুই এজন গাঁৱৰ মানুহো আহিছে মানে নিমন্ত্ৰণ কৰা হৈছে, চৰকাৰী পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ পৰা দুজন আৰু কলম্বিয়াৰ মিনিষ্ট্রি অব মাইনচৰ পৰাও এজন লোক আহিছে। দুয়োটা বিভাগৰ পৰা প্রমাণপত্র পালেহে আমাৰ খননৰ কাম আৰম্ভ কৰিব পৰা যাব। এই সকলো ফৰমেলিটিজ সম্পূর্ণ হোৱাৰ পাচত পূজা পাঠ কৰি, নাৰিকল ভাঙি খননৰ কাম শুভাৰম্ভ কৰা হ’ল। নাৰিকল কেইটা দিল্লীৰ পৰা অনা হৈছিল। যিজনে আনিছিল (নিজ ইচ্ছাৰে) তেওঁ মোক কৈছিল-আমি বিদেশত তেল খাদ খান্দোঁ বা যিয়েই নকৰো লাগে ভাৰতীয় নাৰিকলহে পূজাত লগাম। মই হলে কথাটোত একো যুক্তি বিচাৰি নাপালোঁ যিহেতু নাৰিকল ইয়াতো পায়। মোক অৱশ্যে মতিচূড় লাডু (এক প্রকাৰ বুন্দিয়া লাডু, কিনাৰ আগলৈকে মই ইয়াৰ নামেই শুনা নাছিলোঁ) ৫ কেজি আনিবলৈ বগ’টা অফিচৰ পৰা কোৱা হৈছিল। তাৰে পূজাৰ প্রসাদ বুলি শেষত বিলোৱা হ’ল। পাচত খাদটোৰ ভবিষ্যত সফল হোৱাৰ কামনাৰে এখন মিটিং কৰি সকলোকে দুপৰীয়া আহাৰ খুওৱা হল। আমাক বেলেগে ভাৰতীয় আহাৰ পৰিবেশন কৰিলে। কলম্বিয়াত এই ভাৰতীয় ভাত সাজ খাই ভাবিলোঁ পৃথিবীখন ইমানেই সৰু নে…..

২০০৮ চনত অ’নজিচি বিদেশ লিমিটেডে (ই অ’নজিচিৰে এটা অংশ যদিও ই প্রায় স্বতন্ত্ৰ ভাবে আৰু কেৱল বিদেশত তেলৰ সন্ধান আৰু নিষ্কাশনৰ কাম কাজ কৰে) কলম্বিয়াত তেলৰ সন্ধান কৰিবৰ বাবে মুঠতে পাঁচটা খণ্ড বা ব্লক ল’বলৈ সক্ষম হয়, তাৰে তিনিটা সাগৰীয় আৰু দুটা ভূখণ্ডত অৱস্থিত। এই ব্লকটোৰ নাম হল CPO-5। এই ব্লকটো প্রথমে অ’এনজিচি বিদেশ লিমিটেডৰ ফালৰ পৰা অকলে লোৱা হৈছিল যদিও ২০১০ চনত Petodorado নামৰ দেশীয় কোম্পানী এটাৰ লগত ভাগ বতৰা কৰা হয়। সেই হিচাপে নতুন কোম্পানীটোৱে তেল নিষ্কাশনৰ সময়ত হোৱা সকলো খৰচৰ ৩০ শতাংশ বহন কৰিব আৰু উৎপাদন হলে লাভ পাব ৩০ শতাংশ। মালিকী স্বত্বটো থাকিল আমাৰ হাতত। ইতিমধ্যে এইটো খণ্ডতে এটা খাদ এইবছৰ জানুৱাৰী মাহত সম্পূর্ণ কৰা হল আৰু তাত আমি তেলৰ ভাণ্ডাৰ বিচৰাত সাফল্য লাভ কৰিছোঁ। এইটো খাদ দ্বিতীয় টাৰগেট। খাদ খান্দিবৰ বাবে সকলো দায়িত্ব (কনট্রেক) দিয়া হৈছে Schlumberger নামৰ কোম্পানীটোক। তেওঁলোকে আকৌ ড্রিলিং কৰিবৰ বাবে Petrex-22 নামৰ ৰিগটো ভাড়াত লৈছে অৰ্থাত ৰিগটোৰ লগে লগে ৰিগটোত কাম কৰা মানুহখিনিও থাকিব। তেনেদৰে বিভিন্ন কামৰ বাবে কেইবাটাও কোম্পানীক ভাৰাত লৈছে যেনে- খাদটো খণ্ডাৰ সময়ত দৰকাৰ হোৱা খননৰ বোকামাটি (Drilling Mud/Fluid) নিয়ন্ত্ৰণ কৰিবৰ Mi Swaco; ভূতাত্বিক কামৰ বাবে Geoservices Ltd আৰু Log ৰের্কড কৰিবৰ বাবে (শিলাস্তৰৰ প্রকৃতি আৰু তাত থকা পদার্থৰ সম্ভেদ লোৱাৰ এক প্রক্ৰিয়া) Schlumberger ৰৰে আন এটা গ্রুপ ইত্যাদি। মানে ৰিগটোত এতিয়া বহু কোম্পানীৰ এক সমাহাৰ। ৰিগত কাম কৰিবৰ বাবে অহা মানুহবোৰৰ প্রায় ৩০ শতাংশই মহিলা। যিটো আমাৰ তাত দেখা নাছিলোঁ। অৱশ্যে এটা আমেৰিকান সাগৰীয় ৰিগত (ৰিগটোৰ নাম আছিল Seven Seas) এবাৰ এগৰাকী জাৰ্মান মহিলাক লগ পাইছিলোঁ। খাদটোৰ পৰিসৰৰ ভিতৰত আটাইকেউটা কোম্পানীৰ অফিচাৰসকলৰ থকা খোৱাৰ সুন্দৰ ব্যৱস্থা আছে বাকী সকলক আগৰ খাদটোত (প্রায় ৪কিমি দূৰত্ব)থকা মেলা ব্যৱস্থা কৰা হৈছে। কাম কৰা সময় ১২ ঘন্টা, পুৱা আৰু সন্ধ্যা ৬বজাত সালসলনি হয়। এই খাদটোৰ নাম ৰখা হৈছে LOTO # 1. ঠাইখনৰ নাম কাভুয়াৰ’ (Cavuyaro)। প্রায় ৩৫০০ মিটাৰতকৈ অধিক দলৈকে এই খাদ খন্দা হব আৰু তাৰ বাবে দিন ৫৫ দিন ধাৰ্য্য কৰা হৈছে। ইয়াত কামবোৰ নিৰীক্ষণৰ বাবে আমিবোৰ থকাটো অতীব প্রয়োজন।

খাদটোৰ ভূতাত্বিক দিশৰ কাম কাজবোৰ চাবৰ বাবে মই আৰু ৰাকেশ কুমাৰ। তেওঁ ইয়াত মোতকৈ দুদিন আগতেই আহি পাইছে। মি. কুমাৰৰ লগত উজনি অসম আৰু কৃষ্ণা গোদাবৰী প্ৰজেক্টত একেলগে কাম কৰিছোঁ, গতিকে ভালদৰে চিনাজনা আছে। বেছ ভদ্র। যিহেতু খাদটোৰ কাম দিনে ৰাতিয়ে হব, সেয়ে ৰাতিৰ কাম মোৰ ভাগত ল’লো। ইয়াত মোৰ কেইবাটাও লাভ হব –তাৰে প্রথমটো হ’ল ইয়াত ৰাতি মানে ভাৰতত দিন অৰ্থাত মই দিনৰ ভাগত কাম কৰাৰ দৰে লাগিব আৰু দিনতে ৰাতি শোৱাৰ সময় দৰে (সময় প্রায় ১৩:৩০ ঘন্টাৰ ব্যৱধান) হব, দ্বিতীয়টো হল দিনৰ ভাগত তাপ যথেষ্ট বেছি আৰু ৰাতি তাপমান ২০-২২ ডিগ্রীমান হয়। লগতে আড্ডা দিয়া মানুহৰ সংখ্যা কম হয় যিটো মই ভাল পাওঁ আৰু তৃতীয়তো হ’ল দিনত অফিচ আৰু ঘৰৰ লগত যোগাযোগ ৰখাৰ সুবিধা। অৱশ্যে আৰু এটা কাৰক নথকা নহয় সেইটো মোৰ একান্তই নিজস্ব-মানে ৰাতি নিৰ্জনতাত পঢ়ি বা লিখি মই উপভোগ কৰো, কামৰ মাজত সুৰুঙা পোৱাৰ যথেষ্ট স্থল আছে।

সন্ধিয়া ৬ বজাত আমাৰ অফিচ ৰুমটোত সোমালোঁ। ই এটা বাংক হাউচ, বেচ আহল বহল এটাচ বাথৰুম আৰু লগতে এটা শোৱা ৰুম, ইয়াত আটাইবোৰেই বাংক হাউচ। A/C লগোৱা আছে কিয়নো দিনৰ ভাগত তাপমান প্রায় ৩৫ ডিগ্রীলৈকে হয়। ২টা কম্পিউটাৰ সকলো সময়তে ৰিগৰ কাম কাজ চাই থাকিব পৰাকৈ online display ৰ বাবে আৰু এটা লেপটপ নেটৰ লগতে অফিচৰ কাম কাজ কৰিবৰ বাবে, ২টা ফোন, এটা ৰিগৰ সকলো অফিচৰ লগত কানেকটেড আৰু আনটো ইন্টাৰনেচনেল। তাৰোপৰি এটা ফ্রীজ, ইলেকট্রিক চাহৰ কেটলি, পানীৰ বাবে ডিচপেনচাৰ। মানে অফিচ এটাত থাকিব লগা সকলোখিনি সুবিধা অফিচটোত কৰা হৈছে। তেনেকৈ ড্রিলিংৰ এটা অফিচ, এটা কেমেস্ট্রী অফিচ, কেইটামান Schlumberger ৰ অফিচ। তাৰোপৰি আমাৰ এটাচ বাথৰুমৰ সৈতে শোৱা ৰুমবোৰ বেলেগ। তলৰ কর্মচাৰীৰ বাবে ২জন বা ৪জনকৈ থাকিব পৰা একোটাহঁত বাংক হাউচ। অফিচ ৰুমটোৰ সকলোখিনি চাই, জিয়’সার্ভিচেচৰ লেবৰেটৰীটো নো কেনেকুৱা চাবলৈ বুলি ওলাই গলো। ৪০ মিটাৰমান দূৰত অফিচটো। তেওঁলোক দুজন এজন ভূতত্ববিদ আৰু আনজন ইঞ্জিনিয়াৰ। মোৰ পৰিচয় দি কৰমৰ্দন কৰিলো। ভূতত্ববিদগৰাকী মহিলা নাম মেইলিন্ তেওঁ ভেনিজুৱেলাৰ। ইঞ্জিনিয়াৰজনৰ দীঘল নাম এটা মই চুটিকৈ এৰিক বুলি মাতিবলৈ ললো, তেওঁ ব’গ’টাৰ। মেইলিন তুমি ক’ৰ বুলি সোধাতহে গম পালো যে – তেওঁ ইংৰাজী নাজানে কেৱল স্পেনিচ ক’ব পাৰে। আমাৰ প্রাথমিক কামখিনি মেইলিনে কৰিব লাগিব তাৰ বাবে মই দিহা পৰামৰ্শ মেইলিনক দিব লাগিব-তেনেস্থলত..। এৰিকে অন্তত: ইংৰাজী বুজি পায় আৰু ভঙা ভঙাকৈ হলেও ক’ব পাৰে। মই এৰিকৰ সহায়ত তেওঁলোক দুয়োৰে কিছু কথা জানি ল’লো। প্রথম দিন তেওঁলোকৰ বহুত কাম। এই জিয়’চাভিচেচৰ ইউনিটটোত এটা বিশেষ তাৎপৰ্য্য আছে। ৰিগৰ সকলো কাম কাজৰ খবৰ বিভিন্ন চেনচৰৰ দ্বাৰা ৰেকৰ্ড কৰি ইলেকট্রনিক মাধ্যমেৰে সংগ্রহ কৰা হয় আৰু পাচত ডিজিটাইজাৰ সহায়েৰে ডিজিটাইজ কৰি গ্রাফিক ৰূপলৈ সলনি কৰি InterAct ৰ সহায়েৰে সকলোলৈকে প্রেৰণ কৰে। এই গ্রাফ সময়ৰ সৈতে ২৪x৭ অকণো নোৰোৱাকৈ Real Time ত ৰেকৰ্ড হৈ থাকে। তাকে চাই আমি ৰিগটোত ক’ত কি হৈ আছে গম পাওঁ। তাৰ বাবে ইউনিটটোক কেৱল (তাঁৰ)ৰ যোগেদি – ড্র-ৱর্কচ (ড্রিলিঙৰ মূল মেচিন), মাদ পাম্প (ড্রিলিঙৰ সময়ত ব্যৱহাৰ কৰা মাদ বা বোকা ড্রীল পাইপৰ মাজেৰে খাদটোৰ ভিতৰলৈ পঠিয়াবৰ বাবে ব্যৱহাৰ কৰা শক্তিশালী পাম্প, এই মাদ ড্রীল পাইপৰ কাষেৰে ওলাই আহি আকৌ টেংকলৈ যায়), মাদ টেংক (ড্রিলিং কৰোতে বহু পৰিমাণৰ মাদৰ প্রয়োজন হয় সেইবোৰ ৰাখিবৰ বাবে ব্যৱহাৰ কৰা টেংকী), ছেলচেকাৰ (বোকাবোৰ খাদৰ পৰা ওলাই আহোঁতে খননত কটা শিলবোৰ বোকাৰ লগত মিশ্রিত হৈ আহে তাক পৃথক কৰিবৰ বাবে ব্যৱহাৰ কৰা এবিধ চালনী)চেনচৰৰ সৈতে সংযোগ কৰা হৈছে। এই চালনীত পৃথক হোৱা মাদ পুনৰ মাদ টেংকীলৈ যায় আৰু পাম্পৰ সহায়েৰে পুনৰ খাদটোলৈ পাম্প কৰা হয় ই এটা চাইক্লিক চিষ্টেম। গেছ  চেনচৰ, ই এটা চাকচন পাম্প- এই পাম্প ছেলচেকাৰৰ ওপৰত এনেকৈ ৰখা হয় যাতে ড্রিলিঙৰ সময়ত ভূভাগৰ শিলাস্তৰৰ পৰা মাদৰ লগত মিহলি হৈ ওলোৱা গেছ বোৰ পাম্পটোয়ে পাম্প কৰে, সেই গেছ  ইউনিটত ক্ৰমেট’গ্রাফৰ যোগেদি প্রতি তিনি বা চাৰি চেকেণ্ডৰ মূৰে মূৰে গেছ ৰ পৰিমাণ আৰু তাত থকা পদাৰ্থবোৰ নিৰুপন কৰি অনবৰতে তাৰ ৰিজাল্ট এটা গ্রাফিক ৰূপত দেখুৱায়। এৰিকে সকলোবোৰ চেনচৰ যথাস্থানত লগোৱা কাম ইতিমধ্যে সম্পূর্ণ কৰি উঠিছে। এতিয়া মাথো চেনচৰবোৰে ঠিকমতে কাম কৰিছেনে নাই এটা এটাকৈ টেষ্ট কৰি আছে। মণিটৰত এই গ্রাফবোৰ চাই মই তেওঁক ক’ব লাগিব কোনবোৰ খবৰ পোৱা নাই বা ভুল খবৰ পাইছোঁ  নেকি। ৰিগৰ সকলো অফিচৰ উপৰিও একেখন স্ক্ৰীণকে অনলাইনত InterAct ৰ যোগেদি আমাৰ দিল্লী আৰু ব’গ’টা অফিচ, পেট্রড’ৰাডোৰ ব’গ’টা অফিচ, স্লামবার্জাৰ অফিচ সকলোতে চোৱাৰ সুবিধা আছে। দিনৰ ভাগত মি. কুমাৰে ইউনিট চেকিঙৰ কাম বহুখিনি আগবঢ়াই থৈছে আৰু সেইদৰে লিপিবদ্ধও কৰি ৰাখিছে সেয়ে মোৰ কাম ভালেখিনি সহজ হৈছে।

সন্ধ্যা ৮ বজাত আমি সকলোৱে ৰাতিৰ আহাৰ খাবলৈ গলো। ভাৰতীয়খিনিৰ বাবে ডাইনিং হল বেলেগ যিহেতু খোৱা আহাৰো বেলেগ। এগৰাকী আদহীয়া মহিলাই খোৱা বস্তুৰ যোগান ধৰিছে। তাইৰ নাম ওলগা। তাই দেখাত পাহাৰীয়া মানুহৰ দৰে, মৰমিয়াল সকলোকে নাম কাঢ়ি মাতে নিজৰ লৰাৰ দৰে। মোক কিন্তু এদিনো নাম কাঢ়ি নামাতিছিল হয়তো নামটো উচ্চাৰণ কৰিবলৈ টান পাইছিল, মৰম হলে অলপ বেছিকৈয়ে কৰিছিল। পেকেট ৰুটীবোৰ অ’ভেনত গৰম কৰাৰ পাচত ডাঠ পাপৰৰ দৰে হৈ পৰে। ই বহুদিনলৈ সাঁচি থ’ব পৰা গুজৰাটী খাকৰা ৰুটীৰ দৰে। ভাত, চিকেন, চবজি (মেচমেলোনৰ বা জাতিলাউৰ কোনোবা এবিধৰ লগত আলুৰ টুকুৰা), টিয়হ, বিলাহী, গাজৰ আৰু পিয়াজৰ সৈতে এক চালাড, ফলৰ ৰস, খীৰ ইত্যাদি। মানে একেবাৰ ভাৰতীয় খোৱা। আলু সকলোতে বিৰাজমান। আলু প্রকৃততে লেটিন আমেৰিকান উৎপাদিত শস্য বুলি ভবা হয়। পৃথিবীত প্রায় ৫ হাজাৰমান বিভিন্ন ভেৰাইটিৰ আলু পোৱা যায় তাৰে ৩ হাজাৰমান ভেৰাইটি এই লেটিন আমেৰিকাৰ-কলম্বিয়া, পেৰু, বলিভিয়া, ছিলি আদিৰ দেশত উৎপন্ন হয়। ইংৰাজী Potato শব্দটো স্পেনিছ Patata শব্দটোৰ পৰাই জন্ম। ইয়াৰ মানুহে কিন্তু পাপা নহ’লে বাটাটা বুলিহে কয়। কলম্বিয়াত প্রায় সকলোবোৰ শাক-পাচলি আৰু ফল-মূল প্ৰচুৰ পৰিমাণে হয়। মাথো ইয়াত দাইলৰ, নুনি, জলফাই ইত্যাদি শস্য/ফল উৎপন্ন কৰা নহয়। যদিও আমাক চানা দাইল জাতীয় এবিধ দাইলৰ যোগান ধৰা হৈছিল। খাদ্যত নিমখৰ পৰিমাণ আৰু মচলা জাতীয় পদাৰ্থৰ (কমকৈ ব্যৱহাৰ হয়) বাবে দুই একৰ আপত্তি নথকা নহয়। মই কিন্তু তৃপ্তিৰে খালো। খোৱাৰ টেবুলতে পিচদিনাৰ বাবে মেনুৰ সিদ্ধান্ত কৰা হয়। এই মুহূৰ্ত খিনি চাবলগীয়া হৈছিল। টেবুলত থকা খোৱা বস্তুৰ উপৰিও আন আহাৰৰ বাবে ওলগাক বুজাবলৈ টান হৈছিল। যেনে খীৰ বুজাবৰ বাবে গাখীৰ আৰু ভাত শব্দ দুটাৰ স্পেনিছ জানিলেও বুজাবলৈ অসুবিধা হৈছিল। এদিন এজনে আলুৰ তৰকাৰী এখনৰ অৰ্ডাৰ দিছিল সেইদিনা সন্ধ্যা টেবুলত দেখিলো গোটা আলুৰ চুপ সজোৱা আছে। মাজে মাজে ৰেচিপি বুকৰ ছবি দেখুৱাই কলা মানুহক কোৱাৰ দৰে ক’ব লগা হৈছিল। কেতিয়াবা অৰ্ডাৰ কৰা খাদ্য কোনেও মুখত দিব নোৱাৰিছিল। অৱশ্যে সততে ব্যৱহাৰ হোৱা চিকেন ফ্রাই, অমলেট, কণী বইল ইত্যাদি বুজাবলৈ অসুবিধা হোৱা নাছিল। পাচলৈ এখন বৰ্ড ব্যৱহাৰ কৰিছিলোঁ আৰু বৰ্ডত মানুহগৰাকীয়ে খাদ্য সম্ভাৰৰ স্পেনিছ শব্দ কেইটা লিখি ৰাখে আমি ইংৰাজীৰ অনুবাদ শব্দকেইটা লিখি দিওঁ। ক্ৰমান্বয়ে সিহঁতেও ইংৰাজী বা আমিও তাহাঁতৰ স্পেনিছ শব্দবোৰ বুজি পোৱা হৈছিলোঁ। এতিয়াহে বুজিছোঁ কেচঁৱাবোৰৰ কিমান অসুবিধা যদি সি বিচৰা বস্তুটোৰ নাম বা শব্দটো নাজানে সেই সময়ত কান্দোনটোৱেই একমাত্ৰ উপায় হয়গৈ। তেতিয়া মাকগৰাকীয়ে তাৰ ভাল লগা সকলো বস্তু দি কান্দোন বন্ধ কৰিবলৈ চেষ্টা কৰে, হয়তো কোনোবা পাকত সি বিচৰা বস্তুটো বা বিচৰাতকৈ ভাল কিবা এটা পাই যায় নতুবা সি বাকীবোৰ বস্তু পাই প্রকৃত বিচৰা বস্তুটোৰ কথা পাহৰি পেলায় আৰু কান্দোন বন্ধ হৈ যায়। তেনেকৈয়ে সিহঁতে অজানিতে ভাষা এটা আয়ত্ব কৰি লয় লাগিলে সি যিমান টান ভাষা নহওঁক কিয়, কাৰণ তাৰ কণমানি মগজুটোৰে শব্দবোৰ শিকাৰ গুৰুত্বটো পাহৰি নাযায়। আমি এই বয়সত ভাষাৰ গুৰুত্বটো বুজি পাওঁ কিন্তু মগজুটোৱে কথাবোৰ পাত্তা নিদিয়ে …..।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!