মোৰ ডায়েৰীৰ এখিলা পাত (ৰ’দালি সপোন বৰগোহাঁই)
মোৰ ডায়েৰীৰ এখিলা পাত
ණ ৰ’দালি সপোন বৰগোহাঁই
ঝকঝক কৰি গৈ থকা ট্রেইন যাত্রাও কেতিয়াবা ভাল লাগে। কিবা যেন লয়, তালত তাল মিলাই গৈ থাকে ট্রেইনখন। বাহিৰৰ অলপ কুঁৱলী সনা হালধীয়া পথাৰবোৰ আৰু চাহবাগিছাবোৰ যেতিয়া খিৰিকীৰে দেখোঁ কিবা যেন সপোন সপোন লাগে। সেই সময়ত মনলৈ এনে ভাৱ আহে সদায় যেন এনেকৈ গৈ থাকিম। এইখিনি সময়ত একো ক’বলৈ, শুনিবলৈ মন নাযায় আৰু কিবা যেন ভাল লাগে খিৰিকীৰে বৈ অহা বতাহজাক ।
কেতিয়াবা মন গ’লেই নিজৰ গাড়ীৰ সলনি ট্রেইনত যাওঁ। সেইদিনা কিন্তু মা যাবই লগত লাগিলে কলৈকো নাযাব। কটন কলেজত পঢ়া লগৰ দুটামানক প্রায়ে পাওঁ। সচাঁকৈ কিছু মাদকতা আছে এই যাত্রাবোৰৰ। বিভিন্ন প্রকাৰৰ ভিন ভিন অঞ্চলৰ বহু যাত্রী কোনোবা ছাত্র, কোনোবা শিক্ষক, কোনোবা বেপাৰী…..বহুতো ব্যক্তি পাব। কোনোবাই চাহ খাব, কোনোবাই তামোল, কোনোবাই বাতৰি কাকাতেই পঢ়িব নহ’লে গান বজাই বজাই নিজেও শুনিব আনকো শুনাব আৰু কেতিয়াবা গোটেই বাটটো দাৰি কমা নোহোৱা কথা কৈ যোৱা মানুহো পাব। তথাপিও ভাল লাগে ট্রেইন যাত্রা। অৱশ্যে মা, মোৰ কিছুমান বিষয় নিমিলে। মা চৰকাৰী উকীল আৰু দেউতা বহুত বিপৰীত জগতৰ ব্যক্তি প্রথমে প্রফেচাৰ তাৰপিছত এমপ্লয়িমেন্ট অফিচাৰ তাৰপিচত ব্যৱসায় আৰু লগতে পলিটিচিয়ান আৰু মই নিজে বেলেগ জগতৰ। গতিকে কিবা কথা পাতিলে আমাৰ কথা আৰু যুক্তি নিমিলে অৱশ্যে আমাৰ বৈঠকত বহুত কথাই ওলায়, উপভোগ কৰোঁ সময়খিনি…জীৱনটো বহুত সুন্দৰ কিন্তু চুটি ।