মোৰ ডায়েৰীৰ এখিলা পাত (ৰ’দালি সপোন বৰগোহাঁই)

মোৰ ডায়েৰীৰ এখিলা পাত


ৰ’দালি সপোন বৰগোহাঁই

সময়বোৰে কেতিয়া ক’ত কেনেকৈ মানুহৰ পৰীক্ষা লয় কোনেও নাজানে । আচৰিত লাগে কেতিয়াবা । জীৱনৰ বাটত কত কি ধৰণৰ মানুহ পোৱা যায় আৰু অভিজ্ঞতাই মনত সাঁচ বহুৱায় । কেতিয়াবা এনে লাগে নহয় এইবোৰ সচাঁ,মন আৰু মগজুৰ যুদ্ধ আৰম্ভ হয় । কিন্তু মনৰ বিশ্বাসেই সকলো, বিশ্বাসেই জীৱনৰ আধাৰ,এটা সম্পৰ্কৰ,ভালপোৱাৰ,বন্ধুত্বৰ,…..। শীতৰ আগমন……অলপ অলপ কুৱঁলি….কোমল ৰ’দজাক ভাল লাগিব ধৰে অজানিতে । এনাইদেওলৈ মনত পৰিবলৈ ধৰে- এনেকুৱা দিনত জুই ধৰিলে হয় আৰু মাতিলে হয় “আইজনী পোৰা আলু খাবা আহা”। । সন্ধিয়া ভাল লাগে নিজৰ মতে অকলে বাহিৰৰ চকীখনত বহি, দুটামান প্রিয় গান আৰু দেউতাৰ ৰুমৰ কিতাপবোৰৰ মাজৰ এখনমান পঢ়ি,অপেক্ষা কৰোঁ দেউতালৈ…কেতিয়া আহি পাবহি ? ঘৰৰ কাম কৰা জেঠাইজনীয়ে কয় কেতিয়াবা তেওঁলোকৰ ভাষাত “জ্বৰ হ’ব ডাঙৰ মাইনা” । অলপ হাহিঁ উঠে সুৰটোত,কিন্তু ভাল লাগে মৰম কৰে বহুত । ঘৰৰ বাহিৰৰ কামবোৰ কৰা ছাইফুল আৰু ৰাজেন কাইৰ মাজত তৰ্ক লাগে কেতিয়াবা কোনে কি কি ভাল কৰিলে বুলি,কিন্তু অন্য ঘৰলৈ হাজাৰ পইছা দিলেও নাযায় আৰু উত্তৰ দিয়ে ‘বৰগোহাঁই দাদাক এৰি থৈ নাযাওঁ পইছা নালাগে”। এওঁলোকে কামত ফাঁকিও নিদিয়ে । ধন- পইচা,সম্পত্তি,গাড়ী বহুত থাকিব পাৰে মানুহৰ বা নাথাকিবও পাৰে । কিন্তু অন্তৰৰ পৰা ওলাই অহা সচাঁ মৰমবোৰ,ইয়াৰ যে ক’তো মূল্য দিব নোৱাৰি । কোনো সম্পৰ্ক নাই এওঁলোকৰ লগত কিন্তু অন্তৰৰ সচাঁ মৰমবোৰ বহুত আপুৰুগীয়া । হোষ্টেলৰ পৰা কেতিয়া আহিম নহ’লে ঘৰ
খালী খালী নিচিনা লাগে হেনো এওঁলোকৰ আৰু ঘৰৰ প্রতিটো কাম নিজৰ কৰি লোৱা আৰু ক’ত কি আছে সামৰি ভালকৈ থোৱা, দেউতা নহালৈকে ৰৈ থকা এই সাধাৰণ যেন লগা মানুহবোৰৰ মৰমবোৰৰ মূল্য
জানো দিব পাৰি ।

******************************************************

আজি কিবা এটা ভাল লাগিছে….গাড়ী চলাই যেন গুছি যাম পাহাৰীয়া ৰাস্তাত য’ত দুয়োপিনে সেউজীয়া গছবোৰ আৰু আবেলিৰ কোমল বেলিৰ ছাঁ পোহৰৰ ফৰকাল বতৰৰ মাদকতাত নিজক বিচাৰি পাওঁ.. আৰু এটা প্রিয় গান…’ পাহাৰৰে একা-বেঁকা গাড়ী চলাই অহা-যোৱা কৰোঁতে” ..কোমল কোমল বতাহজাক…গুলপীয়া গালৰ সৰু সৰু এপাক কোলাত ল’বলৈ মন যোৱা মাকৰ পিঠিত অবাক অবাক ভাৱে চোৱা মৰম লগা সৰু সৰু চকুৰ দেৱশিশুবোৰ…সেউজীয়া ঘাঁহনি আৰু জুৰিৰ পানীৰ খিল্ খিলনি্ বোৰ আৰু ভাইটি-ভন্টিক পানীৰ টোপালবোৰ ছটিয়াই দৌৰা আৰু পাহাৰত ঠেকা খাই অহা হাঁহিবোৰ আৰু পাহাৰীয়া ৰাস্তাত ৰৈ চিঞৰা “ঐ কুউউউক….ইউউউউহুহুহু…”।আস্ ভাল লগা এইবোৰ…….আঁতৰি যেন নাযায় এইবোৰ ।কিবা ভাল দেখিলেই ভাইটিৰ চিঞৰ “বা সেইটো সেইটো কেমেৰা উলিওৱা “(তাৰ নিজৰ কেমেৰাটো পিছতহে উলিয়াই) আৰু গাড়ীৰ আইনাত পৰা বৰষুণৰ টোপালবোৰ আৰু খিৰিকী খুলি হাতৰ তলুৱাত টোপালবোৰ লৈ চোৱা আৰু মাৰ চিঞৰ “হিয়া জ্বৰ হ’ব… কি যে নহয়?”লগতে দেউতাৰ গুৰু-গম্ভীৰ মাত “কৰিব দিয়া ভালপোৱাবোৰ” আৰু কাণত পৰে দেউতা-মাৰ বন্ধু-বান্ধৱীবোৰৰ মাজৰ কথাবোৰ “হেপ্পী ফেমেলী আপোনালোকৰ “ । হাঁহি উঠে কি যে কথাবোৰ পাতে বাৰু মানুহবোৰে…..।
বাটত ফুলৰ দোকানবোৰ দেখিলেই দেউতাৰ ওচৰলৈ যোৱা আৰু মা-দেউতাই গম পাই যায় একো নোকোৱাকৈ আৰু মনে মনে ভাল লগাটোৱে আনি দিয়ে …আচৰিত হৈ যাওঁ ।আৰু আচৰিত হওঁ দোকানত দেখা ল’বলৈ মন গ’লেও একো নোকোৱাকৈ গাড়ীত উঠাৰ পিছত সৰু মৰম লগা পুতলাটো আনি দিয়া এইয়াই যে মোৰ দেউতা ।বেছিকৈ ভাল লাগে ভাইটিৰ লগত আমেৰিকান লেইজ বিচাৰি বিচাৰি সেইটোহে লাগিব বুলি চিঞৰা(,দুয়োটাৰে প্রিয়) আৰু লগত যোৱা দেউতাৰ বন্ধুকেইজনৰ পিলিকা-পিলিকি কেইটাই চিঞৰা ‘দোকানী আংকল লেইজ উলিয়াবানে নাই তুমি” । হাঁহি উঠে আৰু বেছিকৈ যেতিয়া টুপীবোৰ ইউনিফৰ্ম হয় বগা আৰু গুলপীয়া আৰু বেলেগে কিবা ক’লেই চিঞৰা ‘বডিগাৰ্ড আমি’…হাঁহি উঠে । এনে লাগে যেন জীৱনৰ ভাল লগাবোৰ যেন শেষ নহওঁক আৰু এই সময়খিনি ৰৈ যাওঁক…

One thought on “মোৰ ডায়েৰীৰ এখিলা পাত (ৰ’দালি সপোন বৰগোহাঁই)

  • December 15, 2012 at 5:39 pm
    Permalink

    hundor….keep it up , frnd.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!