মোৰ মনটো খেল-প্ৰিয় এটি সৰু শিশুৰ দৰে (অৰহান পামুকৰ সাক্ষাৎকাৰ) অসমীয়া অনুবাদ : হেমচন্দ্ৰ দত্ত

সাক্ষাৎ গ্ৰহণ : এঞ্জেল গুৰিয়া কুইন্টানা
(সৌজন্য : দ্য পেৰিছ ৰিভিউ)


১৯৫২ চনত ইন্টানবুলত অৰহান পামুকৰ জন্ম হয় আৰু সেই চহৰতে তেওঁ বাস কৰি আহিছে। তুৰ্ক গণতন্ত্ৰৰ আৰম্ভণিৰ দিনবোৰত ৰেল-পথ নিৰ্মাণৰ কাম কৰি তেওঁৰ পিতৃৰ পৰিয়ালে প্ৰচুৰ অৰ্থ উৰ্পাজন কৰিবলৈ সক্ষম হৈছিল। পামুকে ৰৰ্বাট কলেজত নাম ভৰ্তি কৰে, য’ত চহৰৰ অৱস্থাপন্ন ভদ্ৰ ঘৰৰ সন্তানে ধৰ্ম নিৰপেক্ষ, পশ্চিমীয়া আৰ্হিৰ শিক্ষা গ্ৰহণ কৰিছিল। জীৱনৰ আগচোৱাত চাক্ষুস কলা(visual arts)ৰ প্ৰতি তেওঁৰ ধাউতি বাঢ়ে। পিছে কলেজত স্থাপত্য বিদ্যা পঢ়িবলৈ নাম ভৰ্তি কৰাৰ পিছতে তেওঁ সিদ্ধান্ত লয় যে তেওঁ লেখকহে হ’ব গৈ। অৰহান পামুক বৰ্তমান সময়ৰ তুৰস্কৰ এজন বহু-পঠিত লেখক।

তেওঁৰ প্ৰথমখন উপন্যাস Cevdet Bey and His Sons প্ৰকাশ হয় ১৯৮২ চনত। তাৰ পিছতে ক্ৰমে প্ৰকাশ পায় The silent house (১৯৮৩), The white castle (১৯৮৫), The black book(১৯৯০), আৰু The new life (১৯৯৪) নামৰ উপন্যাস কেইখন। ২০০৩ চনত My name is red নামৰ উপন্যাসখনৰ বাবে পামুকে লাভ কৰে IMPAC Dublin Literary Award। বহু-তৰপীয়া কন্ঠত বৰ্নিত এই উপন্যাসৰ পটভূমি হ’ল ১৬ শ শতিকাৰ ইন্টানবুলৰ এক হত্যাৰ ৰহস্য (mystery)। এই উপন্যাসত তেওঁৰ উপন্যাসৰ কেন্দ্ৰীয় উপজীব্যক সন্ধান কৰা হৈছে – সেয়া হ’ল পূব আৰু পশ্চিমে সামৰা এখন দেশত পৰিচয়ৰ জটিলতা, সন্তান-সন্ততিৰ মাজত বৈৰী-ভাৱ, দ্বিত্বৰ অস্তিত্ব, সৌন্দৰ্য আৰু মূলানুগতাৰ মূল্য আৰু সাংস্কৃতিক প্ৰভাৱৰ উদ্বিগ্নতা। ধৰ্মীয় আৰু ৰাজনৈতিক ক্ৰান্তিবাদক (radicalism)পোহৰলৈ অনা Snow ( ২০০৩)ত সাংস্কৃতিক তুৰস্কই মুখামুখী হোৱা ৰাজনৈতিক উগ্ৰবাদিতাৰ (extremism ) বৰ্ণনা আছে আৰু এই উপন্যাসে বিদেশত তেওঁৰ স্থিতি সৱল কৰিলেও তুৰস্কত মত-বিৰোধৰ সৃষ্টি হয়। নিজৰে দুতৰপীয়া উপস্থাপন পামুকৰ শেহতীয়া গ্ৰন্থখনৰ নাম Instanbul : Memories and the city (২০০৩), য’ত তেওঁৰ শৈশৱ আৰু যৌৱন আৰু তেওঁ কেনে ঠাইৰ পৰা ওলাই আহিছে এইবোৰৰ বৰ্ণনা আছে।

অৰহান পামুকৰ এই সাক্ষাতকাৰটো দুটা নিৰৱছিন্ন ধাৰাত লণ্ডনত আৰু ডাক যোগে সম্পন্ন কৰা হৈছিল। ২০০৪ চনৰ মে’ত স্ন’ৰ ব্ৰিত্ৰিশ সংস্কৰণটোৰ প্ৰকাশৰ সময়ত প্ৰথমটো কথোপকথন সম্পন্ন কৰা হৈছিল। হোটেলৰ নিম্ন মহলাৰ আলোক-উজ্বল, হটগোল-পূৰ্ণ, বাৰ্তানুকুল কৰ্প’ৰেট পৰিৱেশৰ এটা বিশেষ কোঠা এই সাক্ষাতৰ বাবে বুক কৰি থোৱা হৈছিল। পাতল নীলা শ্বাৰ্ট আৰু ক’লা শ্লেক্ছৰ ওপৰত ক’লা সিৰোৱা কাপোৰৰ জেকেট পৰিহিত পামুক আহি উপস্থিত হ’ল আৰু ক’লে, ‘আমি ইয়াত ইচ্ছা কৰিলে মৰিব পাৰো। তেতিয়া আৰু আমাক কোনেও বিচাৰি নেপাব।’ আমি হোটেলৰ লবীৰ এক বিলাসী, নীৰৱ অংশলৈ গতি কৰিলো, য’ত তিনি ঘন্টা ধৰি আমি কথা পাতিলো। কেৱল কফি আৰু এটা চিকেন চেণ্ডুইচ খাওতেহে আমি থমকি ৰ’লো।

২০০৫ চনৰ এপ্ৰিলত Istanbul ৰ প্ৰকাশৰ কামত পামুক পুনৰ আহিল আৰু আমি আকৌ হোটেলখনৰ লবীৰ সেই চুকটোতে বহি দুঘন্টা ধৰি কথা পাতিলো। প্ৰথমে তেওঁক সম্পূৰ্ণ ভাগৰুৱা যেন লাগিছিল। অৱশ্যে তাৰ কাৰণো আছে। মাত্ৰ দুমাহৰ আগতে চুইডেনৰ বাতৰি কাকত Der Tages-Anzeiger ত দিয়া এক সাক্ষাৎকাৰত তেওঁ তুৰস্কৰ কথা কৈছিল এনেদৰে, ‘ এই ঠাইখণ্ডত ত্ৰিশ হেজাৰ কুৰ্দ আৰু এক নিযুত আৰ্মেনীয়লোক নিহত হয় আৰু এই বিষয়ে মোৰ বাদে আন কোনেও মুখ খুলিবলৈ সাহস নকৰে।’ এই মন্তব্যৰ পৰিণতিত তেওঁৰ বিৰুদ্ধে তুৰস্কৰ জাতীয় কাকতত এক নিৰৱিছিন্ন অভিযান আৰম্ভ হয়। মুঠৰ ওপৰত তুৰস্কৰ চৰকাৰে সেই দেশত ১৯১৫ চনত আৰ্মেনীয়লোকৰ গণহত্যাৰ প্ৰসংগটো অস্বীকাৰ কৰি থাকিল আৰু কুৰ্দ সংকটৰ বিষয়ে হ’ব পৰা আলোচনাক চৰমভাৱে নিষিদ্ধ কৰি আইন প্ৰনয়ণ কৰিলে। বিষয়টো সোনকালে শাম কাটিব বুলি আশা কৰি পামুকে এই বিষয়ে আলোচনা নকৰাৰ কথা ভাৱিলে। অৱশ্যে আগষ্টত চুইডেনৰ কাকতত দিয়া মন্তব্যৰ বাবে পামুকক তুৰস্কৰ দণ্ড-বিধি আইনৰ ৩০১/১ ধাৰা অনুসৰি সেই দেশৰ পৰিচয়ক ‘ৰাজহুৱা অৱমাননা’ৰ অভিযোগত অভিযুক্ত কৰা হয়। ই এনে এক অপৰাধ, যাৰ শাস্তি হ’বগৈ পাৰে তিনিবছৰলৈকে সষ্টম কাৰদণ্ডৰ। তেওঁৰ এই ঘটনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাকতৰ প্ৰতিবাদ, তুৰস্কৰ চৰকাৰৰ ওচৰত ইউৰোপীয় সংসদ আৰু আন্তঃৰাষ্ট্ৰীয় PEN ৰ প্ৰতিবাদ স্বত্বেও এই আলোচনীখন নৱেম্বৰৰ মাজ ভাগত ছপাশাললৈ যাবৰ সময়ত পামুকে আদালতৰ মুখামুখী হ’বলগীয়া আছিল ২০০৫ চনৰ ১৬ ডিচেম্বৰত।

প্ৰঃ সাক্ষাৎকাৰ দিবলৈ পালে আপোনাৰ কেনে অনুভৱ হয়?

পামুক : কেতিয়াবা মই nervous হওঁ, কিয়ণো কেতবোৰ গুৰুত্বহীন প্ৰশ্নৰ মই stupid উত্তৰ দিওঁ। তুৰ্কী আৰু ইংৰাজী এই দুয়ো ভাষাতে এনে হয়। মই কেঁচা তুৰ্কী কওঁ আৰু মোৰ মুখেৰে নিৰৰ্থক বাক্য বাহিৰ হয়। মোৰ গ্ৰন্থবোৰতকৈ মোৰ সাক্ষাৎকাৰবোৰৰ বাবে তুৰস্কত মোক বেছিকৈ আক্ৰমণ কৰা হৈছে। ৰাজনৈতিক বিৰ্তকবাদী (polemicist) আৰু স্তম্ভলেখকসকলে তুৰস্কত উপন্যাস নপঢ়ে।

প্ৰ : ইউৰোপ আৰু যুক্তৰাষ্ট্ৰত আপুনি আপোনাৰ গ্ৰন্থৰ এক ইতিবাচক সঁহাৰি সাধাৰণতে লাভ কৰিছে। তুৰস্কত আপোনাৰ সমালোচনাত্মক গ্ৰহনীয়তা কেনে ধৰণৰ?
পামুক : ভাল বছৰবোৰ এতিয়া উকলিল। মই যেতিয়া মোৰ প্ৰথম গ্ৰন্থবোৰ প্ৰকাশ কৰিছিলো তেতিয়া আগৰ প্ৰজন্মৰ লেখকসকল স্তিমিত হৈ আতঁৰি গৈছিল। মোক স্বাগতম জনোৱা হ’ল কিয়ণো মই আছিলো এজন নতুন লেখক।

প্ৰ : আগৰ প্ৰজন্মৰ বুলি কওঁতে আপোনাৰ মনলৈ বাৰু কাৰ নাম আহিছে?

পামুক : সেই লেখকসকল যি এক সামাজিক দায়িত্ব অনুভৱ কৰিছিল যিসকলে ভাৱিছিল যে সাহিত্যই নৈতিকতা আৰু ৰাজনীতিৰ উদেশ্য সাধন কৰে। তেওঁলোক আছিল নিৰস বাস্তৱবাদী; পৰীক্ষাবাদী নাছিল। বহু দুখীয়া দেশত ঘটাৰ দৰে নিজৰ দেশৰ সেৱা কৰিবলৈ যত্ন কৰি তেওঁলোকে নিজৰ প্ৰতিভা নষ্ট কৰিছিল। মই তেওঁলোকৰ দৰে হ’ব খোজা নাছিলো, কিয়ণো ডেকা বয়সতে মই ফকনাৰ, ভাৰ্জিনিয়া উল্ফ, প্ৰাউষ্ট উপভোগ কৰিছিলো। ষ্টেইনবেক আৰু গৰ্কীৰ সামাজিক-বাস্তৱবাদী আৰ্হিৰ প্ৰতি মোৰ অনুৰাগ বঢ়া নাছিল। ষাঠী আৰু সত্তৰৰ দশকত লিখা সাহিত্য আওগঢ়ী হ’বলৈ আৰম্ভ কৰিছিল। সেয়ে নৱ-প্ৰজন্মৰ লেখক হিচাবে মোক স্বাগত কৰা হ’ল।
নব্বৈ দশকৰ মাজ ভাগৰ পিছত তুৰস্কত কোনো লেখকেই কল্পনা কৰিব নোৱাৰাকৈ যেতিয়া মোৰ গ্ৰন্থবোৰ বিক্ৰী হ’বলৈ ধৰিলে, তুৰস্কৰ বাতৰি কাকত আৰু বুদ্ধিজীৱিসকলৰ সৈতে থকা মোৰ মধুচন্দিকাৰ বছৰবোৰৰ অৱসান ঘটিল। তাৰ পিছৰ পৰাই মোৰ গ্ৰন্থৰ বিষয়-বস্তুতকৈ প্ৰচাৰ আৰু বিক্ৰীৰ প্ৰতিক্ৰিয়াৰ সৈতেহে সমালোচনাত্মক গ্ৰহনীয়তা বহুলাংশে জড়িত হৈ পৰিল। এতিয়া দুভাগ্যক্ৰমে মই মোৰ ৰাজনৈতিক মন্তব্যবোৰৰ বাবেহে কুখ্যাত যাৰ গৰিষ্ঠ অংশ মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাক্ষাৎকাৰৰ পৰা তুলি অনা আৰু যিখিনিক তুৰস্কৰ কিছুমান জাতীয়তাবাদী সাংবাদিকে মই আচলতে যি তাতকৈ মোক অধিক ক্ৰান্তিবাদী ( radical ) আৰু ৰাজনৈতিকভাৱে মুৰ্খ সজাবলৈ ব্যৱহাৰ কৰিছে।

প্ৰ : তাৰ মানে আপোনাৰ জনপ্ৰিয়তাক লৈ এক আক্ৰমণাত্মক প্ৰতিক্ৰিয়া হৈছে?

পামুক : মোৰ শক্তিশালী ধাৰণাটো হ’ল মোৰ গ্ৰন্থৰ বিক্ৰীৰ পৰিসৰ আৰু ৰাজনৈতিক মন্তব্যবোৰৰ বাবে সেয়া এক প্ৰকাৰৰ শাস্তি। মই এই কথা কৈ থাকিব নোখোজো, কিয়ণো মই প্ৰতিৰোধ গঢ়া যেন লাগিব। মোক সামগ্ৰিক ছবিখনতে বেয়াকৈ প্ৰতিনিধিত্ব কৰোৱা হৈছে।

প্ৰ : আপুনি লিখে?

পামুক : মই সদায় ভাৱোঁ যে আপোনৰ লিখাৰ ঠাইডোখৰ আপুনি য’ত শোৱে অথবা আপোনৰ জীৱন-সংগীৰ সৈতে ভাগ-বাটৰোৱা কৰে, তাৰ পৰা পৃথক হোৱা উচিত। ঘৰুৱা ক্ৰিয়া-কৰ্ম আৰু ভিতৰুৱা কথাই কিবা প্ৰকাৰে কল্পনাক হত্যা কৰে। মোৰ মাজত থকা দানৱটোকো মাৰি পেলায়। ঘৰুৱা, পোহনীয়া প্ৰাত্যহিক কৰ্মসূচীয়ে অন্য এখন পৃথিৱীলৈ থাকিবলগীয়া ধাউতি কমাই পেলায়, য’ত ক্ৰিয়া কৰিব লাগে কল্পনাই। সেয়ে বিগত বছৰবোৰত কাম কৰিবলৈ মোৰ ঘৰৰ বাহিৰত এটা কাৰ্যালয় অথবা সৰু জেগাৰ ব্যৱস্থা কৰি লৈছো। মোৰ সদায় সুকীয়া ফ্লেট আছিল। অৱশ্যে মোৰ প্ৰাক্তন প্ৰত্নীয়ে কলম্বিয়া বিশ্ব-বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱাৰ সময়ত এবাৰ এটা চেমিষ্টাৰৰ আধা সময় মই তেওঁৰ সৈতে কটাইছিলো। আমি বিবাহিত ছাত্ৰৰ বাবে নিৰ্ধাৰিত এটা এৰ্পাটমেন্টত বাস কৰিছিলো। আমাৰ জেগা নাছিল। গতিকে একে ঠাইতে মই শোৱা আৰু লিখিবলগীয়াত পৰিছিলো। পাৰিবাৰিক জীৱনৰ স্মাৰকবোৰ চাৰিওফালে আছিল। এইবোৰে মোক বিচলিত কৰিছিল। পুৱাবোৰত কামলৈ ওলাই যোৱা কোনো মানুহৰ দৰে মই মোৰ প্ৰত্নীক শুভ-বিদায় জনাইছিলো। মই ঘৰৰ পৰা ওলাই গৈ কেইটামান ব্লক ফুৰি চাকি ঘুৰি আহিছিলো, যেন এজন ব্যক্তি আহি তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈছে।
দহ বছৰৰ আগতে Bosphorus ৰ মুখামুখীকৈ পুৰণি চহৰখনক দেখা পোৱা এটা ফ্লেট পালো। সম্ভৱত ইষ্টানবুলৰ আটাইতকৈ ভাল দৃশ্যপটবোৰৰ ভিতৰৰে এইটোও এটা। মই থকা ঠাইখনৰ পৰা তালৈ খোজেৰে গ’লে কুৰি মিনিট লাগে। কিতাপেৰে ফ্লেটটো ভৰি আছে আৰু মোৰ ডেক্সৰ পৰা দৃশ্যপটতো দেখি। গড় হিচাপে দৈনিক ১০ ঘন্টা মই তাত কটাওঁ।

প্ৰ : দিনে ১০ ঘন্টা?

পামুক : হয়, মই কঠোৰ শ্ৰম কৰা মানুহ। শ্ৰম কৰি মই ভাল পাওঁ। মানুহে কয় মই হেনো উচ্চাকাংক্ষী আৰু ইয়াত হয়তো সত্যতা আছে। মই যি কামকে কৰো, তাৰে প্ৰেমত পৰো। এটি শিশুৱে তাৰ পুতলাবোৰৰ সৈতে খেলাৰ দৰে মই মোৰ টেবুলৰ কাষত বহি আনন্দ পাওঁ। সাৰগতভাৱে এয়া হ’ল কাম। হ’লেও এয়া কৌতুক (fun) আৰু খেলাও।

প্ৰ : Snow বৰ্ননাকাৰীজনে নিজকে এজন কেৰেণী হিচাপে বৰ্ণনা দিয়ে, যি সদায় একে সময়তে কাম কৰিবলৈ বহে। লিখাৰ ক্ষেত্ৰটো আপোনাৰ তেনে নিয়মশৃংখলা আছে নেকি?

পামুক : তুৰস্কত অসীমভাৱে সন্মানীয় পৰম্পৰা থকা কবিৰ বিপৰীতে ঔপন্যাসিকৰ কেৰেণীসদৃশ প্ৰকৃতিক মই স্থানাংকিত কৰিছিলো। কবি হোৱা মানে এক জনপ্ৰিয় আৰু সন্মানীয় কথা। ওটোমান চুলতান আৰু পাৰিষদসকলৰ গৰিষ্ঠ সংখ্যকেই কবি আছিল। কিন্তু আজি আমি কবিসকলক যেনেদৰে বুজো,তেওঁলোক তেনেকুৱা নাছিল। শ শ বছৰ ধৰি নিজকে বুদ্ধিবীৱি হিচাবে প্ৰতিষ্ঠিত কৰাৰ এয়া আছিল এক প্ৰন্থা। দিভান বুলি কোৱা পাণ্ডুলিপিত এই মানুহবোৰে কবিতাবোৰ সংগ্ৰহ কৰিছিল। ওটোমান সাম্ৰাজ্যৰ পাৰিষদসকলৰ আধা সংখ্যকে দিভান সৃষ্টি কৰিছিল। ভালেমান নীতি আৰু ক্ৰিয়া-কৰ্ম জড়িত সেয়া আছিল লিখিবৰ বাবে উন্নত আৰু শিক্ষিত প্ৰন্থা। পশ্চিমীয়া ধাৰণা তুৰস্কলৈ অহাৰ পিছত সত্যৰ খাতিৰত দহন হোৱা ব্যক্তি হিচাবে এজন কবিৰ ৰোমান্টিক আৰু আধুনিক ধাৰণাৰ সৈতে এই পৰম্পৰাক যুক্ত কৰোৱা হ’ল। কবিৰ মৰ্যাদাত ই এক অতিৰিক্ত ওজন সংযোজিত কৰিলে। আনহাতেদি এই পৰম্পৰাৰ দৰেই এজন ঔপন্যাসিক হ’ল সাৰগতভাৱে এনে এজন ব্যক্তি, যি নিজৰ ধৈৰ্যৰ সহায়ত দূৰত্বক সামৰি লয় লাহে লাহে। দানৱীয় অথবা ৰোমান্টিক দৃষ্টিৰে নহয়, ধৈৰ্যৰ সহায়তহে এজন ঔপন্যাসিকে আমাক মোহাৱিষ্ট কৰে।

প্ৰ : আপুনি কবিতা লিখিছেনে?

পামুক : এই প্ৰশ্নটো মোক প্ৰায়ে কৰা হয়। ১৮ বছৰ বয়সত মই কবিতা লিখিছিলো আৰু কিছুমান কবিতা তুৰ্কী ভাষাত প্ৰকাশো হৈছিল। তাৰ পিছত লিখিবলৈ এৰিলো। তাৰ কাৰণটো হ’ল মই উপলব্ধি কৰিলো যে এজন কবি এনে এজন ব্যক্তি, যাৰ মাধ্যমেদি ঈশ্বৰে কথা কয়। আপোনাক কবিতাৰ ভূতে লম্ভিৱ লাগিব। মই কবিতাত হাত দি চাইছিলো আৰু কম বয়সতে উপলব্ধি কৰিলো যে ঈশ্বৰে মোক একো কোৱা নাই। আৰু তাৰ পিছতে মই কল্পনা কৰিবলৈ আৰম্ভ কৰিলো যদি ঈশ্বৰে মোৰ যোগেদি কিবা কয়েই, সেয়া কি হ’ব ? এই কথাকে ফঁহিয়াই মই খুব গভীৰভাৱে লিখিবলৈ আৰম্ভ কৰিলো। সেয়া হ’ল গদ্য ৰচনা, উপন্যাস ৰচনা। সেয়ে এজন কেৰেণীৰ দৰে মই কাম কৰিলো। আন কেতবোৰ লেখকে এই প্ৰকাশ ভংগীক সামান্য ইতিকিং বুলি বিবেচনা কৰিব পাৰে। কিন্তু এনে ইতিকিঙক মই স্বীকাৰ কৰো। মই কেৰেণীৰ লেখীয়াকৈ কাম কৰো।

প্ৰ : আপুনি খোজে নেকি যে সময়ৰ লগে লগে গদ্যৰচনা কৰা কামটো আপোনাৰ বাবে সহজ হৈ পৰিছে?

পামুক : দুভাগ্যক্ৰমে নহয়। কেতিয়াবা মোৰ অনুভৱ হয় মোৰ এটা চৰিত্ৰক এটা কোঠাত প্ৰৱেশ কৰোৱাব লাগে, কিন্তু মই নাজানো সেয়া মই কেনেকৈ কৰিম। মোৰ আত্ম-বিশ্বাস অধিক থাকিব পাৰে, যি কেতিয়াবা কামত নাহে কিয়ণো তাৰ পিছত আপুনি পৰীক্ষা নকৰে কলমৰ আগলৈ যি আহে তাকে আপুনি লিখি যায়। যোৱা ত্ৰিশ বছৰ ধৰি মই উপন্যাস লিখি আহিছো। গতিকে মই ভাৱো মই কিছু উন্নতি কৰিছো। তথাপি মই কেতিয়াবা এক অন্তিম প্ৰান্তৰত আহি পাওঁ, য’ত মই ভাৱো তেনে হ’ব নালাগে। এটা চৰিত্ৰই এটা কোঠাত প্ৰৱেশ কৰিব নোৱাৰে আৰু ময়ো নাজানো কি কৰিব লাগে। ত্ৰিশ বছৰৰ পিছতো মোৰ এনে অৱস্থা।
এখন গ্ৰন্থক অধ্যায়ত ভাগ কৰি লেখাটো মোৰ চিন্তন শৈলীৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। এখন উপন্যাস লিখোতে যদি মই কাহিনীটো আগতীয়াকৈ জানো, তেতিয়া কাহিনীটো অধ্যায়ত বিভক্ত কৰো আৰু তাৰ পিছত প্ৰতিটো অধ্যায়তে কি হ’ব বিতংকৈ ভাৱো। মই প্ৰথম অধ্যায়ৰ পৰা প্ৰয়োজনগতভাৱে আৰম্ভ নকৰো আৰু বাকীবোৰ ক্ৰমত লিখি নাযাওঁ। যেতিয়া মোৰ লাগি ধৰে, যিটো মোৰ বাবে গম্ভীৰ কথা নহয় – মই কল্পনালৈ যিহকে আহে, তাৰে কৰি যাওঁ। মই প্ৰথমৰ পৰা পঞ্চম অধ্যায়লৈ লিখিব পাৰো। তাৰ পিছত যদি মোৰ ভাল নালাগে, তেনেহলে ১৫ নম্বৰ অধ্যায়লৈ জপিয়াই যাওঁ আৰু তাৰ পৰা আৰম্ভ কৰোঁ।

প্ৰ : আপুনি খোজে নেকি যে আগতীয়াকৈ আপুনি গোটেই গ্ৰন্থখনৰে মানচিত্ৰ আঁকি লয়?

পামুক : সকলো আকি লওঁ। উদাহৰণ স্বৰূপে My Name is Red ত ভালেমান চৰিত্ৰ আছে আৰু প্ৰতিটোতে মই নিদিষ্ট সংখ্যক অধ্যায় সংযোজন কৰিছোঁ। লিখি থাকোতে মই মাজে মাজে একোটাহঁত চৰিত্ৰৰ সৈতে একাত্ম হ’ব খুজিছিলো। যেতিয়া মই Shekure ৰ অধ্যায়বোৰৰ এটা লিখি শেষ কৰিলো সেয়া সম্ভৱ সপ্তম অধ্যায় আছিল মই এঘাৰ নম্বৰ অধ্যায়লৈ জপিয়ালো, যিটো আকৌ তাইৰে অধ্যায় আছিল। মই Shekure ৰ নিচিনা হৈ ভাল পাইছিলো। এটা চৰিত্ৰ পৰা আন এটা চৰিত্ৰলৈ জপিয়াই ফুৰাটো হতাশজনক কথা।
কিন্তু অন্তিম অধ্যায়টো মই সদায় শেষত লিখোঁ। সেয়া নিশ্চিত কথা। মই নিজকে জোকাই ভাল পাওঁ, সুধো অন্তিমটো কেনেকুৱা হোৱা উচিত। মই এবাৰ মাত্ৰ অন্তিমক ৰূপায়ণ কৰিব পাৰো। সামৰণিৰ ফালে শেষ কৰাৰ আগতে মই ৰওঁ আৰু প্ৰায়বোৰ আগৰ অধ্যায় আকৌ লিখোঁ।

প্ৰ : কাম কৰি থকাৰ সময়ত আপোনাৰ কাষত এজন পাঠক থাকেনে?

পামুক : মই যাৰ সৈতে জীৱনটো ভাগ-বাটোৱাৰা কৰোঁ, তেওঁকে সদায় মই মোৰ সৃষ্টিক পঢ়ি শুনাও। মই কৃতজ্ঞ হওঁ যদি সেই ব্যক্তিয়ে কয়, আৰু দেখুৱাচোন, দেখুৱাচোন আজি তুমি কি কৰিলা। এই কথাই সামান্য হ’লেও হেঁচা প্ৰয়োগেই নকৰে, সেয়া যেন এগৰাকী মাতৃ অথবা এজন পিতৃয়ে পিঠিত মৰমেৰে থপৰিয়াই ভাল কাম কৰা কৰা বুলি কোৱাৰ দৰে একে। মাজে সময়ে ব্যক্তিজনে ক’ব, ক্ষমা কৰিব এই নিকিনো। এয়া ভাল কথা। মই এই ক্ৰিয়া-কৰ্মক ভাল পাওঁ।
মোৰ এজন ৰোল মডেল টমাচ মানলৈ মোক সদায় মনত পেলাই দিয়ে। তেওঁ তেওঁৰ ছয় সন্তান আৰু পত্নীৰ সৈতে গোটেই পৰিয়ালটোক গোটাই লৈছিল। গোট খোৱা সকলোকে তেওঁৰ লেখা পঢ়ি শুনাইছিল। সেয়া মোৰ ভাল লাগে। দেউতাকে গল্প কোৱা কথাটো ভাল লাগে।

প্ৰ : ডেকা হৈ থাকোতে আপুনি চিত্ৰকৰ খুজিছিল। আপোনৰ ছবিৰ প্ৰেম গল্পৰ প্ৰেমলৈ কেতিয়া সলনি ?

পামুক : ২২ বছৰ বয়সত। ৭ বছৰ বয়সৰে পৰা মই চিত্ৰকৰ হ’ব খুজিছিলো। আৰু আমাৰ পৰিয়ালে সেয়া মানিও লৈছিল। সকলোৱে ভাৱিছিল মই এজন বিখ্যাত চিত্ৰকৰ হ’ম। তাৰ পিছতে মোৰ মগজুত কিবা এটা হ’ল। মই উপলব্ধি কৰিলো যে মোৰ এটা স্ক্ৰুউ ঢিলা আছিল। আৰু লগে লগে ছবি অঁকা বাদ দি মই মোৰ প্ৰথমখন উপন্যাস লিখিবলৈ আৰম্ভ কৰিলো।

প্ৰ : এটা স্ক্ৰুউ ঢিলা আছিল মানে?

পামুক : সেয়া কিয় কৰিলো, তাৰ কোনো যুক্তি মই ক’ব নোৱাৰো। অলপতে মই Istanbul নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিলো। ইয়াৰ আধা অংশ সেই মুহূৰ্তলৈকে মোৰ আত্ম-জীৱনি আৰু বাকী আধাৰ অধিক সংক্ষেপে ক’বলৈ গ’লে ইষ্টানবুল বিষয়ক এখন ৰচনা এটি শিশুৰ দৃষ্টিত ইষ্টানবুল। চিত্ৰকলা, দৃশ্য-শোভা আৰু এখন চহৰৰ ৰসায়নৰ ই এক যৌথ চিন্তন। এটি শিশুৰ সংবেদনত এখন চহৰ আৰু সেই শিশুৰ আত্ম-জীৱনি। গ্ৰন্থখনৰ শেষৰ কথাবোৰ এনেকুৱা ‘ মই চিত্ৰকৰ হ’ব নোখোজো।’ মই ক’লো। ‘মই লেখক হ’ম।’ কিন্তু সেয়া ব্যাখ্যা কৰা হোৱা নাই। যদিও গোটেই গ্ৰন্থখন পঢ়িলে ব্যাখ্যা ওলাবও পাৰে।

প্ৰ : এই সিদ্ধান্তক লৈ আপোনাৰ পৰিয়াল সুখী আছিল নে?

পামুক : মোৰ মা বিচলিত হৈছিল। মোৰ দেউতা কিছু বুজাৰ মানুহ আছিল কিয়ণো যৌৱনত তেখেতো কবি হ’ব খুজিছিল আৰু ভালেৰিক তুৰ্কীলৈ অনুবাদ কৰিছিল। কিন্তু তেখেতৰ উচ্চ শ্ৰেণীৰ মহলটোৱে তাচ্ছিল্য কৰাত বাদ দিলে।

প্ৰ : আপোনাৰ পৰিয়ালে আপুনি চিত্ৰকৰ হোৱাটো মানি লৈছিল। ঔপন্যাসিক হোৱাটো মানি লোৱা নাছিল, নহয় জানো?

পামুক : হয়, মই পূৰ্ণকালীন চিত্ৰকৰ হ’ম বুলি তেওঁলোকে ভৱা নাছিল। পৰিয়ালৰ পৰম্পৰাটো আছিল চিভিল ইঞ্জিনিয়াৰিঙৰ। মোৰ ককা আছিল এজন চিভিল ইঞ্জিনিয়াৰ, যি ৰেলৰ চিৰি বনাই যথেষ্ঠ ধন কৰিছিল। মোৰ খুৰাহঁতে আৰু দেউতাই সেই ধন হেৰুৱালে, কিন্তু তেওঁলোকো একে ইঞ্জিনিয়াৰিঙৰ বিদ্যালয় Instanbul Technical University ত পঢ়িবলৈ গৈছিল। আশা কৰা হৈছিল ময়ো তালৈ যাম আৰু ময়ো ক’লো হ’ব, যাম তালৈ। যিহেতু পৰিয়ালত ময়েই চিত্ৰকৰ আছিলো, গতিকে ধাৰণাটো আছিল মই স্থপতিবিদ হ’ম। সকলোৰে বাবে এইটো যেন এটা সন্তোষজনক সমাধান আছিল। মই সেই বিশ্ববিদ্যালয়লৈ গ’লো, কিন্তু স্থাপত্যবিদ্যালয়ৰ আধাতে চিত্ৰ এৰি মই উপন্যাস লিখিবলৈ ল’লো।

প্ৰ : চিত্ৰ বাদ দিয়াৰ সময়ত আপোনাৰ মনত ইতিমধ্যে উপন্যাসে ভুমুকি মাৰিছিল নেকি ? সেয়ে আপুনি লিখাৰ কথা ভাৱিলে নেকি?

পামুক : যিমান দূৰ মনত পৰে, কি লিখিম জনাৰ আগতে মই ঔপন্যাসিক হ’ব খুজিলো। প্ৰকৃততে লিখিবলৈ লৈ মই দুই -তিনিবাৰ বেয়াকৈ আৰম্ভ কৰিলো। মোৰ হাতত এতিয়াও সেই নোটবুকবোৰ আছে। কিন্তু ৬ মাহৰ পিছত মই এটা নতুন ডাঙৰ কাম আৰম্ভ কৰিলো, যি অৱশেষত Cevdet Bey and his sons নামেৰে প্ৰকাশ হ’ল।

প্ৰ : সেইখন ইংৰাজীলৈ অনুবাদ হোৱা নাই?

পামুক : সাৰগতভাৱে এইখন এখন পাৰিবাৰিক গাঁথা _Forsyte Saga অথবা টমাচ মানৰ Buddenbrooks ৰ লেখীয়া। লিখি শেষ কৰাৰ ঠিক পিছতে এখন পুৰণি কলীয়া, ১৯ শ শতিকাৰ উপন্যাস লিখাৰ বাবে মোৰ মনলৈ ক্ষেদ ভাৱ আহিল, কিয়ণো ২৫ অথবা ২৬ বছৰ বয়সত মই মোৰ নিজৰ ওপৰত এই ধাৰণা পোষণ কৰিলো যে মই এজন আধুনিক লেখক হোৱা উচিত। উপন্যাসখন যেতিয়া প্ৰকাশ হ’ল, তেতিয়া মোৰ বয়স ৩০।মোৰ লেখা আৰু অধিক পৰীক্ষামূলক হৈ পৰিল।

প্ৰ : আপুনি যেতিয়া কয় আপুনি আধুনিক, পৰীক্ষামূলক খুজিছিল আপোনাৰ মনত তাৰ কিবা এটা আৰ্হি আছিল নেকি?

পামুক : সেই সময়ত মোৰ বাবে মহান লেখকসকল টলষ্টয়,ডষ্টেয়ভস্কি, ষ্টেইনডেল অথবা টমাচ মান নাছিল। মোৰ নায়কসকল আছিল ভাৰ্জিনিয়া উল্ফ আৰু ফকনাৰ। এতিয়া এই তালিকাত প্ৰাউষ্ট আৰু নাবোকোভৰ নাম মই যোগ দিওঁ।

প্ৰ : The New Life আৰম্ভণিৰ শাৰীটো আছিলমই এদিন এখন কিতাপ পঢ়িলো আৰু মোৰ গোটেই জীৱনটোৱে সলনি হৈ ল।আন কিতাপেও আপোনাৰ মনত তেনে প্ৰভাৱ পেলাইছে নে?

পামুক : মোৰ বয়স ২১ কি ২২ হৈ থাকোতে The sound and fury খন মোৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিল। মই পেংগুইন সংস্কৰণৰ এটা প্ৰতিলিপি কিনি আনিলো। মোৰ ইংৰাজী বেয়া কাৰণে সেইখন বুজি পোৱাটো কঠিন হৈ পৰিল। কিন্তু তুৰ্কীত তাৰ এটা অনবদ্য অনুবাদ আছিল। মই ইংৰাজী আৰু তুৰ্কী দুয়োটা টেবুলত মেলি ল’লো আৰু এখনৰ এটা পেৰেগ্ৰাফৰ আধা পঢ়ি ইখনলৈ যাবলৈ আৰম্ভ কৰিলো। এই গ্ৰন্থখনে মোৰ মনত এটা চাপ বহুৱালে। পৰিণতিত মই এটা কন্ঠক বিকশিত কৰিলো। খুব সোনকালে মই প্ৰথম পুৰুষ এক বচনত লিখিবলৈ আৰম্ভ কৰিলো। তৃতীয় পুৰুষত লিখাতকৈ কাৰোবাক নৈব্যক্তিকৰণ কৰি বেছি ভাগ সময় মই ভাল পোৱা হ’লো।
প্ৰ : আপুনি কৈছে যে আপোনৰ প্ৰথমখন উপন্যাস প্ৰকাশ হওঁতে বছৰ দিয়েক লাগিল ?
পামুক : মই কুৰিৰ ঘৰত থাকোতে কাৰোৰে লগত মোৰ সাহিত্যিক সৰ্ম্পক হোৱা নাছিল। ইষ্টানবুলৰ কোনো সাহিত্যিক গোটৰ মই ভিতৰুৱা নাছিলো। তুৰ্কীত আয়োজিত অপ্ৰকাশিত পাণ্ডুলিপিৰ এক প্ৰতিযোগিতাত জমা দিয়াই আছিল মোৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশৰ প্ৰচেষ্টা। মই পুৰষ্কাৰটো পালো। এজন ডাঙৰ, ভাল প্ৰকাশকে গ্ৰন্থখন প্ৰকাশৰ কথা হ’ল। সেই সময়ত তুৰস্কৰ অৰ্থনীতি বৰ বেয়া আছিল। তেওঁলোকে এটা চুক্তি কৰাৰ কথা ক’লে, কিন্তু উপন্যাসখন প্ৰকাশ কৰোতে পলম কৰিলে।

প্ৰ : আপোনাৰ দ্বিতীয়খন উপন্যাস খুব সহজে, খৰখেদাকৈ প্ৰকাশ নেকি?

পামুক : দ্বিতীয়খন গ্ৰন্থ আছিল ৰাজনৈতিক। প্ৰচাৰ নাছিল। প্ৰথমখন গ্ৰন্থই প্ৰকাশৰ অপেক্ষাত থাকোতেই মই এইখন লিখি আছিলো। সেই গ্ৰন্থত মই দুবছৰ ৬ মাহ সময় দিলো। হঠাতে এদিন military coup হ’ল। এয়া ১৯৮০ চনৰ কথা। পিছদিনাখন মোৰ প্ৰথমখন গ্ৰন্থৰ প্ৰকাশকে ক’লে যে চুক্তি কৰিলেও তেওঁ গ্ৰন্থখন প্ৰকাশ কৰিব নোৱাৰে। মই অনুভৱ কৰিলো যে মোৰ দ্বিতীয়খন গ্ৰন্থ যিখন ৰাজনৈতিক আছিল সমাপ্ত কৰিলেও সেনাই অনুমতি প্ৰদান নকৰিলে ৫/ ৬ বছৰলৈ প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মোৰ ভাৱনাবোৰ এনেধৰণৰ হৈ পৰিল : ২২ বছৰ বয়সত মই ঔপন্যাসিক হ’ম বুলি ভাৱিলো আৰু ৭ বছৰ ধৰি তুৰ্কীত প্ৰকাশ কৰিম বুলি আশা পালি থাকিলো। একো নহ’ল। এতিয়া মোৰ বয়স প্ৰায় ত্ৰিশ, কিন্তু কোনো গ্ৰন্থ প্ৰকাশ হোৱাৰ সম্ভাৱনা নাই। সামৰিক অভ্যুত্থানৰ পিছতে যিহেতু মই বিষন্ন হোৱা নাছিলো মই আপুনি কোৱা The Silent নামৰ তৃতীয়খন গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিলো। ১৯৮২ চনত মোৰ প্ৰথমখন গ্ৰন্থ অৱশেষত প্ৰকাশ হোৱাৰ সময়ত মই সেই কাম কৰিছিলো। Cevdet খন সু-সমাদৃত হ’ল, যিটো কথাৰ অৰ্থ আছিল মই সেই সময়ত লিখি থকা গ্ৰন্থখন প্ৰকাশ কৰিব পাৰিম। গতিকে মই লিখা তৃতীয়খন গ্ৰন্থ দ্বিতীয়তে প্ৰকাশ পালে।

প্ৰ : সামৰিক শাসনৰ সময়ত কি কথাৰ কাৰণে আপোনাৰ উপন্যাস প্ৰকাশৰ অযোগ্য হৈ পৰিল?

পামুক : চৰিত্ৰবোৰ ডেকা উচ্চ-শ্ৰেণীৰ মাৰ্ক্সবাদী আছিল। তেওঁলোকৰ মাক -দেউতাক চামাৰ ৰিৰ্জটলৈ গৈছিল, তেওঁলোকৰ ডাঙৰ বিলাসী ঘৰ আছিল আৰু মাৰ্ক্সবাদী হৈ থাকি আনন্দ পাইছিল। তেওঁলোকে যুদ্ধ কৰিছিল, এজনে আনজনক ঈৰ্ষা কৰিছিল আৰু প্ৰধানমন্ত্ৰীক ওফৰাবলৈ ষড়যন্ত্ৰ কৰিছিল।

প্ৰ : সোণপানী চৰোৱা প্ৰতিক্ৰিয়াশীল চক্ৰ (gilded revolutionary circle) আছিল চাগৈ?

পামুক : সিহঁত আছিল অতি-ক্ৰান্তিকাৰীৰ(ultra radical) ভাওঁ জোৰা ধনী মানুহৰ অভ্যাস থকা ওপৰ শ্ৰেণীৰ ডেকা ল’ৰা। কিন্তু এই বিষয়ে মই এক নৈতিক সিদ্ধান্ত দিব খোজা নাই। বৰঞ্চ মই মোৰ যৌৱনক এক ধৰণেৰে আবেগ-সিক্তহে কৰিছিলো। প্ৰধান মন্ত্ৰীলৈ এটা বোমা নিক্ষেপৰ ধাৰণাটোৱে গ্ৰন্থখন নিষিদ্ধ কৰিবলৈ যথেষ্ঠ আছিল।
সেয়ে গ্ৰন্থখন মই শেষ নকৰিলো। গ্ৰন্থ লিখাৰ লগে লগে মানুহজন সলনি হয়। একেটা চৰিত্ৰকে আপুনি পুনৰ ধাৰণ কৰিব নোৱাৰে। আগৰ দৰে আপুনি গৈয়ো থাকিব নোৱাৰে। এজন লেখকে লিখা প্ৰতিখন গ্ৰন্থই তেওঁৰ প্ৰগতিৰ এটা অৱস্থাক প্ৰতিনিধিত্ব কৰে। এজন লেখকৰ উপন্যাসবোৰক তেওঁৰ কৰ্ম-স্পৃহাৰ বিকাশৰ মাইলৰ খুটি বুলিব পাৰি। গতিকে আপুনি পিছ হুঁহকি যাব নোৱাৰে। উপন্যাসৰ স্থিতিস্থাপকতা এবাৰ মৃত হৈ পৰিলে আপুনি তাক আকৌ ঘুৰাব নোৱাৰিব।

প্ৰ : ধাৰণাক লৈ পৰীক্ষা-নিৰীক্ষা কৰি থাকোতে আপুনি আপোনাৰ উপন্যাসৰ ফৰ্মবোৰ কেনেকৈ বাছি লয়? আপুনি এটা চিত্ৰকল্পৰে প্ৰথমটো বাক্য আৰম্ভ কৰে নেকি?
পামুক : কোনো স্থিৰ ফৰ্মূলা নাই। কিন্তু দুখন উপন্যাস একেটা ৰূপত (mode) নিলিখিবলৈ মই ঠিক কৰি লওঁ। মই সকলো কথাকে সলনি কৰিবলৈ চেষ্টা কৰো। সেয়ে মোৰ পাঠকে মোক কয় আপোনাৰ এইখন উপন্যাস মোৰ ভাল লাগিল, আপুনি বাকীবোৰ উপন্যাস এনেদৰে নিলিখাটো লাজৰ কথা অথবা সেইখন উপন্যাস নিলিখালৈকে মই আপোনাৰ বাকী উপন্যাসবোৰ পঢ়ি ভাল পোৱা নাছিলো। বিশেষকৈ The Black Book ৰ বিষয়ে মই এনে কথা শুনিছোঁ। প্ৰকৃততে এনে কথা শুনিবলৈ মই ঘিণ কৰোঁ। আৰ্হি শৈলী, ভাষা, ৰূপ, আৰু চৰিত্ৰৰ সৈতে পৰীক্ষা নীৰিক্ষা কৰা আৰু প্ৰতিখন গ্ৰন্থকে সুকীয়াকৈ কৰাটো আনন্দ আৰু প্ৰত্যাহ্বানো।
এখন গ্ৰন্থৰ বিষয়-বস্তু বেলেগ বেলেগ উৎসৰ পৰা মোৰ হাতলৈ আহিব পাৰে। My name is red ৰে মই চিত্ৰকৰ হ’ব খোজা হাবিয়াসৰ বিষয়ে লিখিব খুজিছিলো। মই বেয়াকৈ আৰম্ভ কৰিলো। এজন চিত্ৰকৰৰ ওপৰত মনোনিৱেশ কৰি মই এখন একধৰ্মী গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিলো। তাৰ পিছত এটা এটেলিয়াৰত একেলগে কাম কৰা বহুত চিত্ৰকৰলৈ এই চিত্ৰকৰজনক সলালো। দৃষ্টি ভংগী সলনি হ’ল কিয়ণো এতিয়া অন্য চিত্ৰকৰেও কথা পাতিবলৈ আৰম্ভ কৰি দিলে। প্ৰথমে মই সমসাময়িক এজন চিত্ৰকৰৰ বিষয়ে লিখাৰ কথা ভাৱিছিলো। কিন্তু তাৰ পিছতে মই ভাৱিলো এই তুৰ্কী চিত্ৰকৰজন খুবেই derivative, খুবেই পশ্চিমৰ প্ৰভাৱাধীন যেন লাগিব পাৰে সেয়ে ক্ষুদ্ৰ চিত্ৰকৰসকলৰ (miniaturist) বিষয়ে লিখিবলৈ মই সময়ৰ পিছলৈ ঘুৰি আহিলো। এনেদৰে মই মোৰ বিষয়টো বিচাৰি পালো।
কিছুমান বিষয়ে নিদিষ্ট কেতবোৰ নিয়ম মাফিক উদ্ভাৱন অথবা গল্পৰ কথন-ৰীতিৰ প্ৰয়োজনীয়তা আনি দিয়ে। উদাহৰণস্বৰূপে কেতিয়াবা আপুনি কিবা এটা দেখিলে অথবা পঢ়িলে, অথবা ছবি এখন চাবলৈ গ’ল, অথবা বাতৰি কাকতত নিৱন্ধ এটা পঢ়িলে আৰু তাৰ পিছতে ভাৱিলে যে মই এটা আলুক অথবা এজোপা গছক কথা কোৱাম। এবাৰ ধাৰণাক পোৱাৰ পিছত আপুনি উপন্যাসৰ সামঞ্জৎস আৰু তাৰ ধাৰাবাহিকতাৰ বিষয়ে ভাৱিবলৈ আৰম্ভ কৰিব। আৰু আপুনি ভাৱিব চমজদাৰ কথা এই কাম আগতে কোনেও কৰা নাই।
অৱশেষত বছৰ বছৰ ধৰি মই বস্তুৰ কথা ভাৱোঁ। মোৰ ধাৰণা থাকিব পাৰে আৰু ঘনিষ্ঠ বন্ধুৰ আগত সেয়া মই বেকত কৰিবও পাৰো। মই লিখিব পৰা উপন্যাসবোৰৰ বিষয়ে মই যথেষ্ঠ সংখ্যক টোকা বহী ৰাখো। কেতিয়াবা সেইবোৰ মই নিলিখো। কিন্তু মই যদি এখন টোকা বহী মেলো আৰু তাত লিখিবলৈ লওঁ সম্ভৱ সেই উপন্যাসখন মই লিখি পেলাম। সেয়ে এখন উপন্যাস শেষ হোৱাৰ লগে লগে মোৰ হৃদয়খন এই প্ৰকল্পবোৰত নিৱদ্ধ হয়। আৰু এখন লিখাৰ দুমাহৰ পিছত আন এখন উপন্যাস লিখিবলৈ মই আৰম্ভ কৰো।

প্ৰ : বহু ঔপন্যাসিকে কৰি থকা কামটোৰ কথা কেতিয়াও আলোচনা নকৰিব? আপুনিও সেই কথা গোপনে ৰাখে নেকি?

পামুক : মই কাহিনীটোৰ বিষয়ে কেতিয়াও আলোচনা নকৰো। আনুষ্ঠানিক পৰিৱেশত যেতিয়া মানুহে মোক কি লিখি আছো সোধে, মই এটা বাক্যত উত্তৰ দিওঁ সাম্প্ৰতিক তুৰস্কৰ বিষয়ে এখন উপন্যাস। মই খুব কম মানুহৰ ওচৰতহে মুখ খোলো। তাকো তেতিয়াহে, যেতিয়া গম পাওঁ যে তেওঁ মোক আহত নকৰিব। মই যি কৰো, সেয়া হ’ল কিটিপৰ ( gimmick) বিষয়ে কোৱা উদাহৰণ স্বৰূপে ডাৱৰৰ মুখেৰে কথা কোৱাও। মানুহে সিহঁতলৈ কেনে প্ৰতিক্ৰিয়া জনাই মই চাব খোজো। এয়া লৰামতীয়া কথাই। Instanbul খন লিখোতে এই কামটো মই খুবেই কৰিছো। মোৰ মনটো খেল-প্ৰিয় এটি সৰু শিশুৰ দৰে, যি দেউতাকক সি কিমান টেঙৰ দেখুৱাবলৈ যত্ন কৰে।

প্ৰ : কিটিপ(gimmick) শব্দটোৰ এটা নেতিবাচক সাংকেতিক অৰ্থ (connotation) আছে।

উত্তৰ : আপুনি এটা কিটিপেৰে (gimmick)আৰম্ভ কৰক। কিন্তু আপুনি যদি তাৰ সাহিত্যিক আৰু নৈতিক গভীৰতাক বিশ্বাস কৰে শেষত ই চিৰিয়াচ সাহিত্যিক আৱিষ্কাৰলৈ সলনি হয়। ই হৈ পৰে এক সাহিত্যিক ব্যক্তব্য।

প্ৰ : সমালোচকসকলে আপোনাৰ উপন্যাসক মাজে সময়ে উত্তৰ আধুনিক বুলি চৰিত্ৰ নিৰ্ণয় কৰে। অৱশ্যে মোৰ এনে লাগে আপুনি আপোনাৰ কাহিনীৰ কিটিপবোৰ প্ৰাথমিকভাৱে পৰম্পৰাগত উৎসৰ পৰা লয়। উদাহৰণ স্বৰূপে, আপুনি The thousand and one nights আৰু অন্যান্য প্ৰাচ্যৰ পৰম্পৰাৰ ধ্ৰুপদী পাঠবোৰৰ পৰা উদ্ধৃতি দিয়ে।

পামুক : সেয়া The black book ৰে আৰম্ভ হৈছে যদিও আগতে মই Borges আৰু Calvino পঢ়িছো। ১৯৮৫ চনত পত্নীৰ সৈতে মই যুক্তৰাষ্ট্ৰলৈ গৈছিলো আৰু তাতে মাৰ্কিন সংস্কৃতিৰ প্ৰাধান্যতা আৰু অসীম প্ৰাচুৰ্যৰ সৈতে মুখামুখী হ’লো। মধ্য-প্ৰাচ্যৰ পৰা আহি নিজকে লেখক হিচাপে প্ৰতিস্থাপিত কৰিবলৈ চেষ্টা কৰোতে মোৰ ভয় লাগিছিল। সেয়ে মই প্ৰশ্চাৎগমন কৰিলো, মোৰ শিপালৈ উভতি গ’লো। মই উপলব্ধি কৰিলো যে মোৰ প্ৰজন্মই এক আধুনিক ৰাষ্ট্ৰীয় সাহিত্যৰ সৃষ্টি কৰিব লাগিব।
Borges আৰু calvino এ মোক মুক্তি দিলে। পৰম্পৰাগত ইছলামিক সাহিত্যৰ সাংকেতিক অৰ্থ (connotation) ইমানেই প্ৰতিক্ৰিয়াশীল, ৰাজনৈতিক আছিল আৰু ৰক্ষনশীলসকলে ইমান পুৰণিকলীয়া foolish ৰূপত ব্যৱহাৰ কৰিছিল যে মই ভাৱি নেপালো তাৰে মই কিবা কৰিব পাৰিম। কিন্তু যুক্তৰাষ্ট্ৰত আহি পোৱাৰ পিছত মই উপলব্ধি কৰিলো যে কেলভিনীয়(calvinoesque) অথবা বৰজেচীয়( borgesian) মানস-ৰূপ এটাৰে মই সেই সৃষ্টি-উপাদানলৈ ঘুৰি আহিব পাৰো। ইছলামিক সাহিত্যৰ ধৰ্মীয় আৰু আধ্যাত্মিক সাংকেতিক অৰ্থৰ মাজত এক শক্তিশালী পাথক্যৰ সৃষ্টি কৰি মই আৰম্ভ কৰিবলগীয়াত পৰিলো, যাতে সহজে ইয়াৰ খেলৰ সম্পদ, কিটিপ (gimmick) আৰু হিতোপদেশবোৰ (parable) মই ব্যৱহাৰ কৰিব পাৰো। এক উচ্চ পৰিশীলিত আলংকাৰিক সাহিত্যৰ এক বৰ্ণাঢ্য পৰম্পৰা তুৰস্কলৈ আহিল। কিন্তু সেই সময়ত সামাজিকভাৱে দায়বদ্ধ লেখকসকলে আমাৰ সাহিত্যৰ সৃষ্টিমূলক বিষয়-বস্তুক খালী কৰি পেলাইছিল।
চীন, ভাৰত আৰু পাৰস্যৰ কাহিনী কথনৰ পৰম্পৰাত নিজকে পুনৰাবৃত্তি কৰা ভালেমান ৰূপক আছে। মই সেইবোৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু সাম্প্ৰতিক ইষ্টানবুলত প্ৰক্ষেপ কৰিলো। দাদাবাদীসকলৰ ক’লাজৰ দৰে এয়া সকলো উপাদান একেলগে সুমোৱাই কৰা এক পৰীক্ষা। The black book ত এই গুনাগুন আছে। কেতিয়াবা এই সকলোবোৰ উৎসক একেলগে সংযুক্ত কৰা হয় আৰু নতুন কিবা এটা ওলাই পৰে। সেয়ে এই সকলো লিখিত কাহিনীক মই ইষ্টানবুলত প্ৰক্ষেপ কৰিলো, এটা অনুসন্ধানমূলক কাহিনী যোগ দিলো আৰু The black book খন বাহিৰ ওলাই আহিল। কিন্তু ইয়াৰ উৎস আছিল মাৰ্ক

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!