মোৰ শোৱা কোঠা, এভ্ৰিল-নাছিকেতা, হাফপেণ্ট ইত্যাদি (প্ৰদ্যুৎ জ্যোতি শইকীয়া)

মোৰ এটা চৰকাৰে দিয়া বাসভৱন আছে ৷ মানে মোৰ থকা ঠাই ৷ ভালেই ৷ সকলো সুবিধা আছে ৷ কিন্তু পয়মালটো আৰম্ভ হ্য় মোৰ শোৱা কোঠাটোৰ পৰা ৷ মোৰশোৱা কোঠালৈ সোমাই অহা দুৱাৰখনৰ পাছফালে ইংলিছ গায়িকা “এভ্ৰিল”ৰ এখন ছবিআছে ৷ যদিও মইা ইমান ইংলিছ গান নুশুনো ৷ কিন্তু কেইজনমান ভাল লগা গায়কগায়িকা আছে ৷ দুজনমানৰ ফটো লগাই ৰাখিছো দৰ্জাৰ পাছফালে ৷ লগতে আৰু কেইগৰাকীমান বিশ্ব বিশ্ৰুত গায়ক অৰু সঙ্গীতকাৰ ৷ মাইকেল জেকছনো আছে, লগতে ভূপেন হাজৰিকাও ৷ কিন্তু পয়মালটো হয় মোৰ ডিউটি নথকাৰ দিনা , অৰ্থাৎ মইলৰুমত থকাৰ দিনা ৷ কিবা কাৰণত কোনো “মে’চাব( মচজিদত থকা মুছলমান সম্প্ৰদায়ৰমানুহ)” মোৰ কোঠাত সোমালে দৰ্জা জপোৱাৰ সময়ত ছবিকেইখন চায়েই উভতি গুছি যায় ৷ হাফ পেণ্ট আৰু গীটাৰ লৈ থকা গায়িকা গৰাকীক চোৱাটো হেনো তেওঁলোকৰ মহাপাপ ৷ মানে “নাপাক অথবা হাৰাম” হৈ য়াব তেওঁলোক ৷ বহুত কেইজনে তেনে কৰিলে ৷ আহিয়েই গুছি যায় ৷ নাছিকেতাৰ ফ’টখনো নাচায় ৷ মইা হাফপেন্ট পিন্ধি থাকিলেটো দৰ্জাৰ আগৰে পৰাই ঘূৰি যায় ৷ নিজৰে কিবা অপৰাধবোধ হ’ল ৷ আঁতৰাই পেলালো সকলো প’ষ্টাৰ ৷ তাৰ পাছত আৰু ঝামেলা নাই ৷

দিন বাগৰিল ৷ ছমাহ পাৰ হ’ল প’ষ্টাৰ ফালি পেলোৱাৰ ৷ এদিন পিছবেলা ইমাৰ্জেঞ্চী ডিউটিত থাকোঁতে “মেচাব” এজন জ্ঞানশূণ্য অৱস্থাত আহিল চিকিত্সাৰ বাবে ৷ পথ দুৰ্ঘটনা ৷ অৱস্থা বুজি প্ৰয়োজনীয় চিকিত্সাচৰ বাবে পঠালো শিলচৰ মেডিকেল কলেজলৈ ৷ তেখেতক দেখিয়েই চিনি পালো ৷ মোৰ ৰুমত এভ্ৰিলৰপ’ষ্টাৰ চাই ওলাই যোৱা বিধৰে এজন তেখেত ৷ স্থানীয় মানুহে তেখেতক শিলচৰলৈ নিলে ঠিকেই ৷ কিন্তু তেখেতৰ ম’বাইলটো মোৰ পকেটত থাকি গ’ল ৷ চাওঁ নেচাওঁকৈম’বাইলটো খুলি চাওঁতেই অৰ্ধনগ্ন বৃটিছ মডেলৰ ফট’,ভিতৰত “বেলে” ডাঞ্চাৰৰ ভিডিঅ’ দেখা পালো ৷ হায় হায় !খঙতে মেমৰী কাৰ্ডটো ৰাখি দিলো ৷ ঘূৰাই দিয়াৰ সময়ত “মেচাবে” একো নক’লে ৷ এমাহ পাছত এভ্ৰিল আৰু অন্য কেইজনমান গায়কৰ ফ’ট আৰু ভিডিঅ’ৰ সৈতে মেমৰী কাৰ্ডটো ঘূৰাই দিলো ৷ মেচাবজন এতিয়াও মোৰ চিনাজনা ৷ মাজে মাজে আহে ৷ পিছে কেতিয়াও দৰ্জাৰ ফালে চোৱা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!