মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): একাদশ খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-
ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।”  আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই  হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা  কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ;  কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই  উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ  বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী   www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে। এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ  বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে  অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত  প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে।   ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয়  ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে  ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব। এইয়া  অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ।ধাৰাবাহিক আত্মজীৱনীখন  প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ  ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ”  কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছে – অনুপমা বৰগোহাঁই (নতুন দিল্লী), স্যামন্ত কুমাৰ গোস্বামী (দক্ষিণ কোৰিয়া), মঞ্জিল কোঁৱৰ (গুৱাহাটী), মনোজ মন কলিতা (টাইৱান) , ধ্ৰুৱজ্যোতি শৰ্ম্মা (গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা), সুৰজিত নেওগ (গুৱাহাটী)  আৰু আফটাৰ  হুছেইন চৌধুৰী (চৌদি-আৰৱ)। প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে  তেওঁলোকৰ  বহুমূলীয়া মন্তব্যও  যেন  অসমীয়া  বা ইংৰাজী ভাষাত ইয়াতে  আগবঢ়ায়  ।
বিনীত,সাহিত্য.অৰ্গ
 
১৯৪২ চনত আই এ পৰীক্ষা দি ৰিজাল্ট ওলোৱালৈ বাট চাই পিছত চফ্ৰাইৰ পৰা টালি-টোপোলা বান্ধি কাকজান পালোগৈ। তালৈ কিয় গলো আৰু কি কৰিলো সেইবোৰ কথা আগতে কৈছোঁ। মাইনৰ শাখা আৰু হাইস্কুল শাখা দুয়োটা লগলগোৱাৰ পিছত চৰকাৰী সাহায্য আহিল আৰু স্কুলৰ অৱস্থা আগতকৈ কিছু ভাল হ’ল। আমাৰো দুই পইচা বাঢ়িল। মোৰ অৰ্হতা নাছিল। দা-দৰ্মহা বঢ়াবলৈ হ’লে অৰ্হতাৰ প্ৰয়োজন। ঘৰুৱা জঞ্জালৰ মাজত সকলো কাম কৰিব নোৱাৰি। স্কুলৰ পৰা পথাৰৰ ধানলৈকে সকলোবোৰ চম্ভালি পঢ়া-শুনা কৰা টান। দেউতা বাগানৰ পৰা অহাৰ পাছত (১৯৪৪) অন্য বাগিছাত  কাম কৰিছিল যদিও বেছি দিন থকা নহ’ল। ইতিমধ্যে মোৰ বিয়াও হৈ গ’ল। সংসাৰী হোৱাৰ পাছত চিন্তা আৰু বাঢ়িল। বীৰেনে পৰীক্ষা দিয়াৰ কথা কৈ আছিল। সি অৰ্হতাৰ  সংক্ৰান্ততে কৈ আছিল। শেষত ময়ো পৰীক্ষাবোৰ দিলোঁ। ১৯৫৪চনত বি.এ আৰু ১৯৫৯চনত এম.এ পৰীক্ষাটোও দি দিলোঁ। কাকজানত শিক্ষকতা কৰি থাকোঁতেই পৰীক্ষা দি শেষত শ্বিলংৰ চেণ্ট-এন্থনী কলেজ পালোগৈ। এন্থনী কলেজৰ  কথা পাছত ক’ম।
কাকজান হাইস্কুলত শিক্ষকতা কৰি মোৰ বেয়া লগা নাছিল। শিক্ষকসকলতো হেডমাষ্টৰকে  ধৰি কেবাজনো মোৰ শিক্ষা-গুৰুৱেই আছিল। তদুপৰি প্ৰায়বিলাক শিক্ষকৰ লগতে মোৰ অন্তৰংগতা আছিল। মোৰ ঘাই বিষয় আছিল অসমীয়া। ওপৰ শ্ৰেণীকেইটাত মই অসমীয়া সাহিত্য পঢ়ুৱাইছিলোঁ। মাইনৰ শাখাত দুই-এটা শ্ৰেণীত ইংৰাজী ব্যাকৰণ লৈছিলো। মোৰ বেছি ৰাপ আছিল অসমীয়া সাহিত্যত। ল’ৰাবিলাকেও মোৰ শিকোৱা পদ্ধতি ভাল পায় বুলি মই ভাবিছিলো। অৱশ্যে ল’ৰাহঁতৰো বহুতৰে অৱস্থা ভাল নাছিল। তথাপি তেওঁলোকে চেষ্টা নকৰাকৈ থকা নাছিল। কাকজান হাইস্কুলৰ আশে-পাশে মুছলমান মানুহো যথেষ্ঠ আছে। তেওঁবিলাকৰ  ল’ৰাও সেইখন স্কুললৈকে আহিছিল। কবি আব্দুল হেলিম কাকজানৰে। তেওঁ আমাৰ ছাত্ৰ আছিল। মই পঢ়ি থকা অৱস্থাত পৰিৰ্দশক কেতিয়াবা কেতিয়াবা গৈছিল, এই পৰিৰ্দশকসকলে  শিক্ষকক ভাল পৰাৰ্মশ দিছিল। পঢ়ুৱাই থাকোতে এবাৰ পি.আৰ. টমাচক পোৱা মনত আছে। সেইদিনা মোক তলৰ কোনোবা এটা শ্ৰেণীৰ ভূগোল ল’বলৈ হেডমাষ্টৰ ঠাকুৰ ছাৰে মই সেই পিৰিয়দত বহি থকা দেখি ভূগোলৰ শিক্ষক অনুপস্থিত থকাত মোকে পঠিয়াই দিলে। মই সাধাৰণতে  ভূগোল নপঢ়ুৱাওঁ। সেইদিনা মই শ্ৰেণীটোলৈ গৈ পৃথিৱীৰ আহ্নিক গতিনো কি বুজাবলৈ লৈছিলো। এনেতে ইনচপেক্টৰ সোমালহি। তেওঁ ‘পৃথিৱীৰ আহ্নিক গতি মানে কি বুজা?’ বুলি সুধিলে। ল’ৰাহঁতে ঘপহকৈ ক’বলৈ টান পালে। টমাচে তেওঁৰ মূৰৰ টূপীটো লৈ হাতেৰে  ঘুৰাই পৃথিৱীয়ে দৈনিক কি দৰে সূৰ্য্য-পৰিক্ৰ্মা কৰে তাক দেখুৱাই দি ওলাই গ’ল।
তেতিয়া স্কুলত সাধাৰণতে তিনিটা উৎসৱ পতা হৈছিল। শংকৰদেৱৰ তিথি , ফাতেহা-দোৱাজ-দহম আৰু সৰস্বতী পূজা। মই দুয়োটা উৎসৱতে ল’ৰাহঁতক পৰাৰ্মশ দিছিলোঁ আৰু সহায়ো কৰিছিলো। ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াক দুবাৰমান আনিছিলোঁ। তেওঁৰ বক্তৃতাই শিক্ষক আৰু ছাত্ৰসকলক মুগ্ধ কৰিছিল। তেখেতে যুক্তিপূৰ্ণভাৱে সকলো কথা দাঙি ধৰে আৰু শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ গুৰি-কথা, সাহিত্য-সংস্কৃতি এইবোৰৰ বিষয়ে চিন্তা-গধুৰ অথচ সংক্ষিপ্ত বিৱৰণ দি ছাত্ৰসকলে বুজিব পৰাকৈ কয়। তেখেতক মই শ্ৰদ্ধা কৰিছিলো। মই ভাবো নেওঁগে যিদৰে সন্মান পাব লাগিছিল সেইদৰে হয়তো নাপালে। ফাতেহা-দোৱাজ-দহমৰ সভাবোৰলৈও মই গৈছিলো আৰু যেনেকৈ পাৰো হজৰত মহম্মদ আৰু ইচলামৰ কথা কৈছিলো। আজান-ফকীৰৰ জাৰি আৰু জিকিৰৰ পৰাও উদাহৰণ দিওঁ। সৰস্বতী পুজাতো মই প্ৰায়ে গৈছিলো। পুজাৰ শেষত সাংস্কৃতিক আলোচনা কেতিয়াবা কেতিয়াবা হৈছিল। অৱশ্যে মাজতে ল’ৰা-বিলাকে পৰমান্ন খোৱাৰ নিয়মো আছিল।
শিক্ষকসকলৰ মাজতো সাহিত্য-চৰ্চা কৰা মানুহ আছিল। তেখেতসকলৰ  ভিতৰত গঙ্গেঁশ্বৰ মহন্ত, ৰাধানাথ দত্ত আদি উল্লেখযোগ্য। শিক্ষকসকলৰ  নিজা নিজা বিষয়ত বেচ্ দখল আছিল। মহন্তই গণিত আৰু সংস্কৃত পঢ়ুৱাইছিল। দত্ত ছাৰে পঢ়ুৱাইছিল ইংৰাজী। হেডমাষ্টৰ ঠাকুৰ ছাৰেও দশমমানত ইংৰাজী লৈছিল। তেওঁ এখন ইংৰাজী ভাষাৰ সৰু চানেকীয়া অভিধানো লিখিছিল। ভদ্ৰেশ্বৰ বৰঠাকুৰে সংস্কৃত বিষয়টো সপ্তম অষ্টমমানত  পঢ়ুওৱা মনত  আছে। সংস্কৃতত  তেওঁ ব্যাকৰণ শাস্ত্ৰী , কিন্ত ইংৰাজী পঢ়া নাছিল। সেইবাবে অৰ্হতা অৰ্জনৰ বাবে, তেওঁ ইংৰাজী বিষয়ত প্ৰবেশিকা পৰীক্ষা দিব লগা হৈছিল। এই পৰীক্ষা দিওঁতে মই তেওঁক সহায় কৰি দিছিলোঁ। সময়তে তেওঁ সেই পৰীক্ষা দি উৰ্ত্তীণ হ’ল। তেওঁৰ কেতিয়াবা অঁকৰা খং উঠে। এদিন তেওঁৰ  ঘড়ীটো কোনোবা এজনে বেয়া বুলি কওঁতে তেওঁৰ উঠিল খং। ঘড়ীটো  তেওঁৰ জেপত আছিল। জেপৰ পৰা ঘড়ীটো হাতত লৈ বহিৰলৈ দলিয়াই দিবলৈ সাজু হ’ল। তেহে কেইজনমানে, ‘হে কি কৰে বুলি’ বাধা দিলতহে খং জামৰিছে। দোষে-গুণেহে মানুহ। ভুলটো  বুজিলে মানুহ শান্ত হয়।
স্কুলখনত  খেলা-ধুলাৰ ব্যৱস্থাও আছিল। ফুটবল, ভলী, বেডমিণ্টন আদি খেলাৰ ব্যৱস্থা আছিল। বিশেষকৈ দত্ত ছাৰে খেলা-ধুলাৰ নেতৃত্ব লৈছিল, যোগ দিয়া ছাত্ৰক শিকাই উৎসাহিত কৰিছিল। দত্তছাৰে ছাত্ৰসকলৰ লগতে একেলগে খেলিছিল আৰু তেওঁলোকক প্ৰেৰণা যোগাইছিল। আমাৰ  ভলীবলৰ টিম এটাক দত্তছাৰে এবাৰ  যোৰহাটত হোৱা টুৰ্ণামেণ্টত খেলিবৰ বাবে লৈ গৈছিল। প্ৰথম প্ৰতিযোগিতাত যিকেইখন খেল হৈছিল, তাৰে প্ৰথম খেলখনত আমি জিকিছিলো, কিন্ত পিছৰ দুয়োখনতে আমি হাৰিলো। ছাৰে ক’লে, “প্ৰথমবাৰ জইন কৰিছোঁ , এনে হোৱাটো বেয়া বুলি নধৰিবা। আকৌ আহিম আৰু জয়ী হম”। পিছত  বোধহয় ‘জইন’ কৰা নহ’ল। যিমান দুৰ  মনত পৰে, কিছুদিন থাকি দত্তছাৰে স্কুলৰ  পৰা বিদায় ল’লে।
(ক্ৰমশঃ)
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!