যদুৰ কথা…. (কুলেন্দু বৰদলৈ)

যদুৰ কথা…. (কুলেন্দু বৰদলৈ)

মাঘ বিহু আহিছে৷ ধান-চাউলৰ অভাৱ নায়েই এইটো সময়ত৷ যদুহঁতৰো যি ডোখৰ মাটিৰ ধান পাইছে, চলি যাব পাঁচ-ছয় মাহ৷ বিহু বুলি যদুৱে এসপ্তাহ মানৰ আগৰ পৰাই পূৰাদমে যোজা চলাই আছে৷ মিলত ধান বনোৱা, নৰা কটা, বাঁহৰ-মূঢ়া, খৰি আদিৰ লগতে বজাৰ-সমাৰ আদিৰ যোগাৰ কৰি হৈ গ’ল৷
পিছে উৰুকা কাইলৈহে, পিছে সি গাৱঁৰ ঘৰে-ঘৰে ঘুৰি ফুৰি নানা-ধৰণৰ পিঠা-পনা, জা-জলপান খাই ফুৰিছে৷ সন্ধিয়া আহি ঘৰ সোমাইছেহি সি৷ মাক পিঠা বনোৱাত ব্যস্ত! তাৰ চিঞৰ, “ঐ মাই, মাই! কটাৰীখন লৈ আহ ঔ বেগতে৷”
মাকে কামৰ পৰাই মাত দিছে, “এই মাতি নাথাক, কামৰ সময়ত চিঞৰি নাথাকিবি দেই, কৈ দিলো৷”
তাৰ আকৌ চিঞৰ প্রায় কন্দামুৱাকৈ.. “কটাৰীখন দে বেগতে” ৷
মাকে তাৰ চিঞৰত ৰ’ব নোৱাৰি কটাৰীখন লৈ ওলাই আহিলে আগফাললৈ৷ সি কটাৰীখন লৈ তাৰ পেণ্টত মাৰি ৰখা ৰছী ডাল কাটিবলৈ লাগি গ’ল৷ মানে পেটীৰ সলনি সি ৰছী ডাল মাৰি লৈছিল৷ পিছে তাৰ ইমান জোৰ কৈ লাগিছে যে ৰ’বই পৰা নাই সি! ৰছীডালো কিবা জোঁট-পোট লাগি খুলিব নোৱাৰা অৱস্থা! মাকে অলপ সহায় কৰি দিছে, ৰছীডাল কটিবলৈ৷ পিছে, ৰছীডাল কাটি নহ’লেই…. গ’লেই চৰ-চৰ কৰি৷ মাকৰ হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হ’ল৷
তাৰ গালি মাকক, “কটাৰী খন বিছাৰিলেও ইম্মান দেৰি কৰ! লগে লগে আনিব নোৱাৰ? এতিয়া গম পালি?” বুলি বহু সময় বকবকাই আছে৷
মাকেও হাঁহি হাঁহি একো মাত নিদিয়াকৈ কামত লাগিলে গৈ!!!

সেয়ে চাই-চিন্তি হে দেই ৰাইজ!!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!