যন্ত্ৰণা (প্ৰিয়াংকু বৰুৱা)

যন্ত্ৰণা

ঊ: পিঠিখনৰ বিষত থাকিব পৰা নাই। সোঁ হাতখনৰ বাহুটোতো কিবা এটাই কামোৰা যেন অনুভৱ হ ‘ল। “আ: কিবা এটাই কামুৰিছে চাহিচোন।” চিঞৰি উঠিলোঁ মই। ডাঙৰ ছোৱালীজনী চেঁকুৰি আহি মোৰ কাষ পালেহি “মা পানী অলপ লৈ আনা, দেউতাই পানী খাবলৈ বিচাৰিছে হ’বলা। ” পানী নাখাওঁ বুলি কোৱা সত্বেও মানুহজনীয়ে পানী দুচামুচ মোৰ মুখখন ফালি সুমুৱাই দিলে।
“ইচ মানুহজন তেনেই শুকাই গ’ল।” হাজৰিকাই মোৰ মুখলৈ চাই সহানুভূতি প্ৰকাশ কৰিবলৈ ধৰিলে।
” এহ! ক’তনো খীণাইছোঁ, ঠিকেইতো আছোঁ।”
“আজি ২০ দিন হ’ল খুৰা, মাত-বোল কৰিব নোৱাৰা হ’ল এনেই এইদৰে ওঁঠ দুটা লৰাই থাকে, হয়তো কিবা ক’বলৈ বিচাৰে। চাৰিদিনমান একো খোৱাই নাই।” মোৰ কথালৈ কাণ নিদি ডাঙৰ ল’ৰাটোৱে মাত লগালে।
বুকুখনত কিবা এটাই হেঁচা মাৰি ধৰা যেন লাগিল। মই কোৱা কথাবোৰ যে সিহঁতে বুজিব পৰা নাই সেয়া পুনৰ মনলৈ অহাত শোক এটা বুকুৰ মাজতে ঠেকা খাই ওলাই অহাৰ উপক্ৰম হ’ল। “বৰ কষ্ট পাইছে খুৰা, লৈ যোৱা হ’লেই ভাল আছিল•••৷”
কি! তাৰমানে ইহঁতে মোৰ মৰাৰ কথা কৈছে! নাই নাই…. মই এতিয়াই মৰিব নিবিছাৰোঁ। কিন্তু এই কথা সিহঁতক কেনেকৈ বুজাওঁ! সন্মুখৰ পৃথিৱীখন চকুৰ আগত ঘূৰিবলৈ ধৰিলে। মই মৰিম বুলিয়েই যে লগৰমখাই মই খাই ভালপোৱা বস্তুবোৰ মুখত চেলেকাই আছেহি তাক বুজিবলৈ বাকী নাথাকিল।
দিলীপে আহি মোৰ, মূৰটোত হাত ফুৰাই দিবলৈ ধৰিলে। “ভাল হৈ যাব দেই…..তই আকৌ অফিচলৈ যাব লাগিব নহয়।” তাৰ মাতটো থুকা-থুকি হৈ পৰিল। তাকে দেখি মানুহজনীয়েও হুকহুকাই কান্দি উঠিল।
“হেই…. তহঁতে কান্দিছ কিয়? দিলীপ ৰহচোন, তোক কথাকেইটামান ক’বলৈ আছে।”
“দিলীপ শুনচোন…..তোৰ টকাকেইটা মই …. আৰে, তই গ’লিগৈ যে..!!!” মোৰ কথালৈ কাণ নিদি দিলীপ আৰু হাজৰিকা দুয়োটাই মানুহজনীক কিবা কৈ কৈ গুচি গ’ল।
বলো বুঢ়া সোমাই আহিল। আহিয়েই মোৰ মুখত পানী এচামুচ ঢালি মাত লগালে, “হেৰা বোৱাৰী….ৰাতিলৈ নাম এষাৰিকে পাতা। বৰ কষ্ট পাইছে বুজিছা। মুক্তি পাওঁক আৰু!” কথাষাৰ শুনিয়েই মানুহজনী ফেঁকুৰি উঠিল।
“হেই কান্দিছ কিয়? মই নমৰোঁ নহয়। মই বাৰু এতিয়াই মৰিম নেকি! আৰে, তইচোন বেছিকৈহে কান্দিছ! এই মানুহবোৰো যে আৰু! এই পাগলী শুনচোন.. নাকান্দিবি আক’.. ইহঁতে ক’লেই মই মৰিমনেকি বাৰু! তহঁতক এৰি মই ক’লৈ যাম কচোন। তহঁতক মই আগতে এনেইহে ভয় খুৱাওঁ মৰি যাম বুলি। মই নমৰোঁ অ’ ……মই নমৰোঁ…..তই শুনচোন….৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!