যিবোৰ কথা তোমাক কোনোদিন কোৱা নহ'ল (বিজয় বেজবৰুৱা)

যিবোৰ কথা তোমাক কোনোদিন কোৱা নহ’ল
বিজয় বেজবৰুৱা

১.
যিবোৰ কথা তোমাক কোনোদিন কোৱা নহ’ল
সেই কথাবোৰে উজান-ভাটি দিয়ে এতিয়া
মোৰ বুকুৰ ভিতৰে-বাহিৰে৷
২.
যিবোৰ ফুল কোনোদিন নুফুলিল
সেইবোৰ ফুলেৰে তুমি এটা এটাকৈ গাঁঠিলা মালা
সপোনৰ পখীৰাজ ঘোঁৰাত উঠি
দিন-প্ৰতিদিন৷
৩.
আজি ভাবো-
মই ক’ব খোজা কথাবোৰ তুমি হয়তো শুনিছিলা
আৰু; তুমি কোৱা কথাবোৰ
মই হয়তো কেতিয়াও নুশুনিলো-
তাৰ ইংগিত আছিল- তোমাৰ চকুত
তাৰ ইংগিত আছিল- তোমাৰ বুকুত৷
৪.
এতিয়া নোকোৱা কথাৰ গুঞ্জনেৰে উখল-মাখল মোৰ বুকু
নুফুলা ফুলৰ গোন্ধেৰে আমোলমোল
মোৰ বুকুৰ বাগিচা৷
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!