যুদ্ধজয়ৰ উৎসৱ এতিয়াও চলি আছে ইয়াত (- প্ৰতিম প্ৰতাপ বৰুৱা )
অনাধিকাৰ প্ৰবেশ কৰিছিলা তোমালোকে আমাৰ মৰমৰ দেশখনত
আমি প্ৰতিবাদ কৰোঁতে মেচিনগানেৰে উত্তৰ দিছিলা
তেজ নৈ হৈ বৈছিল …
মাইলাই গাঁওৰ সাতশ মানুহক হত্যা কৰিবলৈ তোমালোকক সময় লাগিছিল মাত্ৰ আধাঘন্টা ।
‘হো চি মিন’ক চিনি পাইছিলানে – থুঁতৰিত অলপ দাঢ়ি থকা, খীণকৈ একৈশ বছৰীয়া মৰমলগা ল’ৰাজন
আমি সংগঠিত হৈছিলোঁ – তোমালোকে নাম দিছিলা ভিয়েটকং গেৰিলা
কিন্তু আচলতে আমি আছিলোঁ মুক্তি বাহিনীৰ সেনানী ।
অসম্ভৱক সম্ভৱ কৰি গঢ়ি তুলিছিলোঁ এহাজাৰ মাইল দীঘল হো চি মিন ট্ৰেইল –
লানি নিছিগাকৈ আগবাঢ়ি আহিছিল মুক্তিযোদ্ধা সকল – মৃত্যুভয়হীন, হাতত মেচিনগান, চকুত দৄঢ়তা, হৃদয়ত প্ৰেম –
আমাক নেতৄত্ব দিছিল সামৰিক শিক্ষা নথকা এজন প্ৰাক্তন স্কুল-শিক্ষকে,
তোমালোকৰ নেতৃত্বত আছিল বাহুত চাৰিটা তৰা পিন্ধা ভদ্ৰলোকজন ।
কি ভীষণ যুদ্ধ চলিছিল …
আমাৰ মুক্তি সংগ্ৰাম তোমালোকৰ বাবে হৈ পৰিছিল জীয়াই থকাৰ সংগ্ৰাম ।
যুদ্ধৰ মাজৰ সময়খিনিত তোমালোকে হীনমান্যতাত ভুগিছিলা, নিজৰ মাজতে কাজিয়া কৰিছিলা –
আৰু আমি – আমি হাঁহিছিলোঁ, হেৰাই যোৱা প্ৰিয়াক বিচাৰি কান্দিছিলোঁ, প্ৰেম কৰিছিলোঁ
কাইলৈ জীয়াই থকাৰ নিশ্চয়তা নাছিল কাৰণেই আমাৰ প্ৰেম আছিল স্বৰ্গীয়, বাধাহীন ।
যুদ্ধত হাৰি তোমালোক পলাইছিলা, ধ্বংস কৰি থৈ গৈছিলা আমাৰ মৰমৰ দেশখন –
আমি নতুনকৈ গঢ়ি লৈছিলোঁ – নতুন নগৰখনৰ নাম দিছিলোঁ – হো চি মিন নগৰ ।
মুক্তিৰ আনন্দ, যুদ্ধজয়ৰ উৎসৱ এতিয়াও চলি আছে ইয়াত …..
(ভিয়েটনামৰ মুক্তিযুদ্ধৰ সৈনিকসকললৈ শ্ৰদ্ধাৰে)