লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেম, বিবাহ আৰু তাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া (অচিন্ত বৰঠাকুৰ)

প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল৷ প্ৰেম হেনো কৰা নাযায়, প্ৰেম হৈ যায় নিজে নিজে৷ প্ৰকৃত প্ৰেম দুৰন্ত, ইয়াৰ নিজস্ব গতিক বাধা দিয়াৰ ক্ষমতা কাৰো হাতত নাথাকে৷ প্ৰেমে জাতি-কূল নামানে, নামানে ভাষা আৰু ভৌগোলিক দূৰত্বৰ দুৰ্ভেদ্য দে‌ৱাল৷ বলিউদী কাহিনীত শত্ৰুপক্ষৰ লগত যুঁজ-বাগৰ চলি থকাৰ সময়তে দুই পক্ষৰ বংশধৰ যু‌ৱক-যু‌ৱতীৰ মাজত প্ৰেমৰ সূত্ৰপাত হো‌ৱাৰ ঘটনা অতিকে জনপ্ৰিয়৷ এনে বহু সত্য, বিপদজনক কিন্তু মনোৰম ঘটনাৰ সাক্ষী আছে ইতিহাস৷ বাঙালী মানসিকতা আৰু বাংলা ভাষাৰ লগত অসমীয়াৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলি থকা সময়ত অসমীয়া ভাষাক ভেঁটিত প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগা কাণ্ডাৰীসকলৰ ভিতৰত কোনোবাই যদি বাঙালী কন্যাৰ প্ৰেমত হাবু ডুবু খায়, তেনে ঘটনাও বলিউদী কাহিনীকাৰৰ সৃষ্টি যেন নালাগিবনে বাৰু? পিছে, তেনে এক প্ৰেম কাহিনীৰ জৰিয়তে এক কিয়ৎচৰ্চিত ইতিহাসৰ সৃষ্টি কৰি থৈ গৈছে আমাৰ চিৰ-পৰিচিত, জোনাকী যুগৰ এক প্ৰাতঃস্মৰণীয় ব্যক্তি, লক্ষ্মীনাথ বেজবৰুৱাই৷ আহক, ৰসৰাজৰ প্ৰেমকাহিনীৰ বিষয়ে কিছু অনুসন্ধান কৰি আমিও কিছু ৰস আচ্ছাদন কৰোঁ৷

“থকা ঘৰৰ তিনি মহলাৰ চালত উঠি অকলৈ নিস্তব্ধ নিশা পূৰ্ণিমাৰ জোনৰ ফালে অনিমেষে চাই থাকি টোপনিক ওচৰ চাপিবলৈ নিদিয়া হ’লোঁ৷ ফুল এটা বুটলি পালে, তাকে চকুৰ আগত লৈ ঘূৰাই-পকাই তাৰ ৰেহ-ৰূপ চাই ৰঙত বিভোৰ হ’বলৈ ধৰিলোঁ৷ মোৰ গঢ়-গতি দেখ কোনোবাই “সেইটো কি?” বুলি সুধিলে মই উত্তৰ দিওঁ,-

আমি স্বপনে ৰয়েছি ভোৰ

সখি, আমাৰে জাগায়ো না৷”

“প্ৰেম, কবিতা আৰু গোলাপ ফুলৰ সম্পৰ্ক অতিকে ওচৰ৷ নিজে গোলাপ ফুল ফুলাব নো‌ৱৰালৈকে কবি অথবা প্ৰেমিক হো‌ৱাটো কেনেকৈ সম্ভ‌ৱ? শিয়ালদহৰ ফালে বহা হাটৰ পৰা এদিনাখন ছয় পইছা দি তিনিজোপা গোলাপ আৰু তিনি অনা দুই পইছাৰে তিনিটাকৈ মাটিৰ টব (Tub) কিনি আনিলে আমাৰ কাহিনীৰ নায়কে৷ তিনিটা টবত তিনিজোপা গোলাপ ৰুই দৈনিক প্ৰতিপাল কৰিবলৈ লাগিল তেওঁ৷ ফুলৰ আপেক্ষাত দিন নাযায়, ৰাতি নুপু‌ৱায়৷ প্ৰেমিকৰ বাবে আপেক্ষা নামৰ শব্দটো কিমান অসহনীয়, সেয়া বুজাইহে বুজে৷ এমাহলৈকে ফুল নুফুলা গোলাপ গছৰ ওচৰত বহি লৈ গছক উদ্দেশ্যি বেজবৰু‌ৱাৰ মুখৰ পৰা নিৰ্গত হয় কাব্যিক প্ৰশ্ন:

“বল গোলাপ মোৰে বল্‌,

তুই ফুটিবি সখি কবে?

চাঁদ হাঁসিছে সুধা হাস,

বায়ু ফেলিছে মৃদু শ্বাস,

পাখি গাইছে মধু ৰ‌বে,

তুই ফুটিবি সখি কবে?”

হাত লগাই মৰম কৰোঁতে কৰোঁতে এদিন ফুলপাহৰ পৰা পাহিবোৰ খহি পৰিল৷ নায়কৰ চকুৰে লোটক ব’বলৈ ধৰিলে৷ মৰমৰ আলসুৱা‌ৱা বস্তুক এইদৰে দৌৰাত্ম্য কৰাৰ অপৰাধবোধ জাগি আগলৈ তেনে নকৰাৰ সংকল্প ল’লে তেওঁ৷ গোলাপৰ নিয়মিত যত্ন লৈ থাকিল ঠিকেই, পিছে কিছুদিনৰ পিছতেই গোটেইকেইজোপা গোলাপ হালধীয়া পৰি মৰি থাকিল৷ নায়কৰ মন দুখেৰে ভৰি পৰিল আৰু তাৰ দোষ জাপিবলৈ যত্ন কৰিলে গোলাপতকৈ জলকীয়া গছ বেছি লাভজনক বুলি শুনাই যো‌ৱা ব্য‌ৱসায়ী বন্ধুয়েকৰ ওপৰত৷ ইতিমধ্যে, চকুৰ সন্মুখত ধৰা দিলে সেই দীপলীপ কন্যাই, যাক নায়কে অতদিনে কল্পনাৰ জগতখনত বিচাৰি হাবাথুৰি খাই বিচাৰি ফুৰিছিল৷ নায়কৰ হৃদয়ত ভাবৰ লহৰি উঠিল৷ আন সকলো চিন্তা-চৰ্চা সেই লহৰীয়ে দূৰলৈ উটু‌ৱাই নিলে৷ নায়কৰ মুখেৰে ৰবীন্দ্ৰনাথৰ কবিতা আখৈ ফুটাদি ফুটিবলৈ লাগিল৷

“তোমাৰ সকলি ভাল লাগে

ওই ৰূপৰাশি!

ওই খেলা, ওই গান, ওই মধু হাঁসি

ওই দিয়ে আছ ছেয়ে জী‌ৱন আমাৰি,

কোথায় তোমাৰ সীমা ভূবন মাঝাৰে!”

(মোৰ জী‌ৱন-সোঁ‌ৱৰণ-লক্ষ্মীনাথ বেজবৰু‌ৱা, প্ৰথম ভাগ, অষ্টম আধ্যা)৷

বেজবৰু‌ৱাৰ নিবেদনত যু‌ৱতীৰ চেহেৰাত ইতিবাচক সঁহাৰিৰ লক্ষণ ফুটি উঠে যদিও তেওঁ তাকে মুখ খুলি তাক স্বীকাৰ নকৰেহে নকৰে৷ আশাৰ সম্ভা‌ৱনাক আগত লৈ নিমাতী কন্যাৰ উদ্দেশ্যে নায়কে ইটোৰ পিছত সিটো কবিতা লিখি যায়৷ ইংৰাজী, বঙ্গলা আৰু অসমীয়া- এই তিনিও ভাষাৰ কবিতাৰে ভৰি পৰে নায়কৰ কলেজীয়া অনুশীলন বহীৰ সমগ্ৰ পৃষ্ঠা৷ তিনিমহলীয়া ঘৰৰ চালৰ ওপৰত তাৰ কিয়দাংশ আবৃত্তি কৰি কেতিয়াবা কাৰোবাৰ আগত ধৰা পৰি অপ্ৰস্তুত হ’বলগাতো পৰে তেওঁ৷ ৰূপহীৰ প্ৰেমত সৃষ্টি হো‌ৱা অসংখ্য কবিতাক অমৰ কৰি ৰখাৰ ইচ্ছা জাগি বাতৰি কাকতলৈকো পঠাই দিলে তেওঁৰ সৃষ্টিৰ কিছু অংশ৷ তেনেদৰে পঠো‌ৱা কেউটা কবিতাই অৱশ্যে প্ৰকাশৰ অযোগ্য বুলি বিবেচিত হ’ল৷ কাকতৰ সম্পাদকৰ প্ৰতি অসন্তুষ্টিত মন ভৰি পৰিল তেওঁৰ৷ ইপিনে যু‌ৱতীয়েও শেষলৈকে বেজবৰু‌ৱাৰ নিবেদনৰ কোনো উত্তৰেই নিদিলে৷ নিমাতী কন্যাৰ মাত উলিয়াব নো‌ৱাৰি আমাৰ নায়ক সেইবাৰলৈ হতাশ হৈ চেঁচা হৈ পৰিল৷ ঘটনা সন্দৰ্ভত “মোৰ জী‌ৱন-সোঁ‌ৱৰণ”ৰ প্ৰথম ভাগৰ অষ্টম আধ্যাত তেওঁ স্পষ্টীকৰণ দিছে এইবুলি: “এইখিনিতে ঘটনাটোৰ ভেদ ভোঁহাৰি দি কওঁ যে—মই এদিন চান্দনি বজাৰত “ডছন”ৰ জোতা এযোৰ কিনিবলৈ গৈছিলোঁ৷ জোতা‌ৱালাই বোধকৰোঁ মোক ঠগাই জোতাৰ বেচ সৰহকৈ লৈ মনত হৰ্ষ লভি, ভবিষ্যতত মোক আকৌ তেনেকৈ ঠগাবলৈ পাবলৈ আশা ৰাখি বাৰত আঁৰি থ’ব পৰা বিলাতত ছপা হো‌ৱা এখন date calander অৰ্থাৎ তাৰিখৰ কাকত বঁটা বা টোপ দিছিল৷ কেলেণ্ডাৰখনত এজনী সুশ্ৰী ইংৰাজী ছো‌ৱালীৰ এটা ডাঙৰ ছবি আছিল৷ সেই ছবিৰ ‘প্ৰেমতে পৰি’ মই তিনি-চাৰি মাহমান ওপৰত কো‌ৱাৰ দৰে ককবকাই ফুৰিছিলোঁ৷ কিমধিকমিতি৷”

কবিতা আৰু উপন্যাসৰ দ্বাৰা সন্মোহিত হৈ নিজকে আকণ্ঠ ৰোমাণ্টিকতাত ডুবাই ৰখা কলেজীয়া ছাতৰ (বেজবৰু‌ৱাই নিজৰ লেখাত বৰ্তমান ব্য‌ৱহৃত “ছাত্ৰ” শব্দটোৰ ঠাইত এইটো শব্দ ব্য‌ৱহাৰ কৰিছিল)জনলৈ লাহে লাহে বিভিন্ন উৎসৰ পৰা বাস্ত‌ৱতো বিবাহৰ প্ৰস্তা‌ৱ আহিবলৈ ধৰিলে৷ এনে প্ৰস্তা‌ৱৰ লগত কবিতা, উপন্যাসৰ সন্মোহক কল্পনা আৰু যৌতুকত আহিব পৰা সা-সম্পত্তিৰ অংকৰ সনা-পোটকা হৈ মাজে-মধ্যে সেই যু‌ৱকৰ মন ৰঙীন কৰি তুলিছিল৷ তথাপি বাস্ত‌ৱত তেওঁ নিজকে তেনে বতাহত সহজে উৰি যাবলৈ দিয়া নাছিল৷ ১৮৯০ খ্ৰীষ্টাব্দত বি.এ. পৰীক্ষা দি শিৱসাগৰস্থিত ঘৰলৈ ওভতাৰ পিছত সম্বন্ধীয় লোকসকলৰ জৰিয়তে তেওঁৰ ওপৰত সেই চাপ অধিক জোৰদাৰ হৈ পৰিবলৈ ধৰিলে৷ পিছে, ৰসৰাজৰ লগত কথাত বলে পাৰে কোনে? প্ৰস্তা‌ৱসমূহৰ প্ৰতি তেওঁৰ মন লাহে লাহে দুৰ্বল হৈ আহিলেও কথাৰ মহলাৰে সেই বিলাকৰ পৰা আঁতৰি ফুৰাৰ কৌশল প্ৰয়োগ কৰিবলৈ ধৰিলে৷

ডেকা বয়সৰ ৰঙীণ কল্পনাত এনে চাপে বিভিন্ন ধৰণে মাদকতা সানি দিছিল যদিও বেজবৰুৱাই “বিয়াৰ বায়ু”ক মূৰত দীঘলীয়াকৈ ঠাই দিয়া নাছিল৷ নিজাকৈ এক সন্মানজনক উপাৰ্জন কৰিব নোৱৰালৈকে তেওঁ বিয়াত নবহাৰ বাবে ইতিমধ্যে এক সংকল্প লৈ থৈছিল৷ সেইবাবেই বিভিন্ন স্থানৰ পৰা অহা বিবাহৰ প্ৰস্তা‌ৱসমূহক অগ্ৰাহ্য কৰি তেওঁ এম.এ. আৰু আইন পঢ়িবলৈ বুলি কলিকতালৈ পুণৰ ‌ঢাপলি মেলিলে৷ পিছে, কলিকতা পো‌ৱাৰ পিছত তেওঁলৈ অহা প্ৰস্তা‌ৱৰ পৰিমাণ আৰু প্ৰা‌ৱল্য কমক চাৰি বাঢ়িবলৈহে ধৰিলে৷ সেইবাৰ অসমৰ পৰা বিভিন্ন পথেৰে যো‌ৱা খবৰৰ উপৰিও কলিকতাত বাস কৰা চিনাকি অসমীয়া লোকসকলেও এই চাপত সহযোগ কৰিবলৈ লাগিল৷ অতি অন্তৰঙ্গসকলৰ মাজৰ পৰাও এনে প্ৰস্তা‌ৱ পাই তেও এক প্ৰকাৰ অস্বস্তিত পৰিবলগা হৈছিল যদিও নিজৰ মতত অচল-অটল (তেওঁৰ ভাষাত “ৰক অৱ -গিব্ৰেল্টৰ”) হৈ থাকিবলৈ যত্ন কৰিলে৷ দিন যো‌ৱাৰ লগে লগে তেওঁ পঢ়া-শুনাত মূৰ পুতি লাগিবলৈ আৰম্ভ কৰিলে যদিও ওপৰা-ওপৰিকৈ অহা বিয়াৰ সুখৰ প্ৰলোভনৰ ‌ঢৌ‌ৱেও কিন্তু তেওঁৰ মনৰ ভিতৰত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে৷

পাৰিবাৰিক মিত্ৰতাৰ সূত্ৰে কলিকতাত পদাৰ্পণৰ ঠিক পিছতে লক্ষ্মীনাথ বেজবৰু‌ৱাই চন্দ্ৰকুমাৰ আগৰ‌ৱালাৰ সৈতে চিনাকি হৈছিল আৰু শীঘ্ৰেই তেওঁৰ সৈতে বেজবৰু‌ৱাৰ গভীৰ বন্ধুত্ব গঢ়ি উঠিছিল৷ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত চন্দ্ৰকুমাৰ আগৰ‌ৱালাৰ সৈতে তেওঁৰ বন্ধুত্বৰ সূত্ৰপাত “Love at first sight”ৰ লগত তুলনা কৰিব পাৰি৷ বন্ধুত্বৰ সূত্ৰে কলিকতাৰ বৰবজাৰৰ আৰ্ম্মেনিয়ান ষ্ট্ৰীটত থকা ১০ নম্বৰ ঘৰত চন্দ্ৰকুমাৰ আগৰ‌ৱালাৰ পৈত্ৰিক বাসগৃহলৈ বেজবৰু‌ৱাৰ সঘণ আহ-যাহ চলিছিল৷ দুই বন্ধুৰ মাজত চলা ইংৰাজী সাহিত্য-চৰ্চা, সংস্কৃত সাহিত্য-চৰ্চা আৰু অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ হাবিলাষেই বন্ধুত্বৰ উপৰি পিছলৈ জোনাকী নামৰ মাহেকীয়া কাকতৰ জন্ম দিয়ে৷ কিছুদিনৰ পিছত এই দুই বন্ধুৰ লগত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ো লগ হ’লগৈ আৰু “ত্ৰিনিটি, অৰ্থাৎ একেই তিনি, তিনিয়েই এক” গঠণ কৰিলে৷ ৰায়বাহাদুৰ গুণাভিৰাম বৰু‌ৱাই “আসাম বন্ধু”ৰ আৰ্হিকাকত শুধৰো‌ৱাৰ দায়িত্ব দিছিল সেই ত্ৰিনিটিৰ ওপৰত৷ গুণাভিৰাম বৰু‌ৱাৰ “আসাম বুৰঞ্জী” আৰু আসাম বন্ধু চপো‌ৱা হৈছিল আৰ্ম্মেনিয়ান ষ্ট্ৰীটৰ ঠকুৰবাড়ীৰ মালিকাধীন চপাখানা এটাত৷ সেই চপাখানাৰ মুদ্ৰাকৰ তথা চন্দ্ৰকুমাৰ আগৰ‌ৱালাৰ পিতৃ হৰিবিলাস আগৰ‌ৱালাৰ প্ৰিয়পাত্ৰ বৈকুণ্ঠ নাথ দত্ত নামৰ এজন বৃদ্ধ বাঙ্গালী ভদ্ৰলোকৰো সঘন আহ-যাহ আছিল আৰ্ম্মেনিয়ান ষ্ট্ৰীটৰ ১০নম্বৰ গৃহলৈ আৰু এনেদৰেই ত্ৰিনিটিৰ লগত তেওঁৰ সহৃদয়তা গঢ়ি উঠিছিল৷ কলিকতাৰ বিখ্যাত “ঠাকুৰবাড়ী”ৰ সৈতে সু-সম্পৰ্ক থকা এই বৈকুণ্ঠ নাথ দত্তই চন্দ্ৰকুমাৰ আগৰ‌ৱালাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰু‌ৱাৰ বাবে ঠাকুৰবাড়ীৰ এটি কন্যাৰ বিবাহৰ প্ৰস্তা‌ৱ উত্থাপন কৰিলে৷ পিছে লক্ষ্মীনাথ বেজবৰু‌ৱাই “মোৰ জী‌ৱন-সোঁ‌ৱৰণ”ত তাৰ পিছৰ এক বৃহৎ অংশ উহ্য কৰি ৰাখি মাথোন উল্লেখ কৰিছে যে “তাৰ পিছত ঘটা নানা বিষয়ৰ ঘটনাৰ বিষয়ৰ কথাৰ ভিতৰলৈ নগৈ চমুকৈ কওঁ যে “ঠাকুৰ বাড়ী”ত মোৰ বিবাহ একপ্ৰকাৰ স্থিৰীকৃত হ’ল৷ সেই বিষয়ে বিচাৰ, বিবেচনা, সিদ্ধান্ত আৰু সংকল্পত মোৰ প্ৰিয়তম বন্ধু “মাজিউ” আৰু “হেম গোঁসাই” মোৰ সোঁহাত আৰু বাওঁহাত আছিল৷”

সন্দেহ নাই যে কন্যাদায়গ্ৰস্ত অভিভা‌ৱকৰ বাবে লক্ষ্মীনাথ বেজবৰু‌ৱাৰ গাত জোঁ‌ৱাই কৰি ল’ব পৰাকৈ সকলোটি গুণ বিদ্যমান আছিল, তথাপি বেজবৰু‌ৱাৰ নাম বৈকুণ্ঠ দত্তৰ তৃতীয় বাচনিতহে আহিছিল৷ এই সন্দৰ্ভত বেণুধৰ শৰ্মাই এনেদৰে লিখিছে:

“বঙ্গদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ লগত অসমীয়াৰ বৈবাহিক সম্বন্ধ ঘটাটো “জোনাকী” যুগৰ সাহিত্যিকসকলৰ জী‌ৱনত হো‌ৱা এটা ডাঙৰ ঘটনা৷ যি সময়ত ওচৰচুবুৰীয়া বঙ্গীয় ভ্ৰমণকাৰী জনদিয়েক অসমীয়াক পৰ্ব্বতীয়া নিগনি বুলি হাঁহিছিল; অসমীয়াৰ জমিদাৰ নাই, অসমীয়াৰ পণ্ডিত নাই বুলি কোনো কোনো সংকীৰ্ণমনা বঙালীয়ে অসমীয়া মানুহক অবজ্ঞাৰ চকুৰে চাইছিল, সেই সময়ত বিদুষি মহিলা প্ৰজ্ঞাসুন্দৰী দে‌ৱীৰ লগত লক্ষ্মীনাথ বেজবৰু‌ৱাৰ বৈবাহক সম্বন্ধ ঘটাটো সঁচাকৈয়ে লেখত ল’বলগীয়া ঘটনা৷ ঠাকুৰ পৰিয়াল আদি-ব্ৰাহ্মসমাজভুক্ত৷ সেই সমাজৰ ছো‌ৱালী বিয়া দিবলৈ হ’লে পাত্ৰৰ তিনিটি কথা পোন প্ৰথমে চাই লো‌ৱা নিয়ম৷ প্ৰথম, দৰাটি উচ্চবংশৰ ব্ৰাহ্মণ হ’ব লাগিব- তেহেলৈ তেওঁ যি প্ৰদেশৰেই নহওক৷ দ্বিতীয়, তেওঁ দেখিবলৈ নিপোটল, সুস্থ, সুশ্ৰী হ’ব লাগিব৷ তৃতীয়, তেওঁৰ সাংসাৰিক অৱহস্থা স্বচ্ছল হ’ব লাগিব- অন্ততঃ বিভ‌ৱ বিভূতিত মজলীয়া খাপতকৈ ওপৰ হ’ব লাগিব…..”

“বৈকুণ্ঠই জয়ে জয়ে “ঘটকালি”কৰি চন্দ্ৰকুমাৰৰ লগত প্ৰজ্ঞাসুন্দৰীৰ জোৰাটো পাতিছিল৷ কিন্তু আদি ব্ৰাহ্মসমাজৰ প্ৰথম দফা বিবাহ নিয়ম খটুৱাব নোৱাৰাত বিয়াৰ জোৰাটো নাহিল৷ তাৰ পাছত বাছনিত পৰিল হেমচন্দ্ৰ গোস্বামী৷ কিন্তু, তেওঁ অসমীয়া হিন্দুৰ সামাজিক নিয়ম উলংঘা কৰিব নোৱাৰাত বৈকুণ্ঠৰ প্ৰস্তাৱটো পিছলি পৰিল৷ কোনো গুণে চেৰ পেলাব নোৱাৰা সেই তিনিজন কন্দৰ্পসদৃশ ডেকাৰ ভিতৰত বৈকুণ্ঠনাথৰ শেষ নিৰ্ব্বাচনত পৰিলগৈ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত৷ বেজবৰুৱা ব্ৰাহ্মণ, উচ্চশিক্ষিত, শৰীৰত অকণো ঘূণ নোহোৱা, কথা-বতৰা, খোজ–কাটল, আদান প্ৰদান সকলোতে ডাঙৰীয়াত্বৰ পূৰ্ণ নিদৰ্শন; দেউতাক দীননাথ বেজবৰুৱা ডেপুটী মেজিষ্ট্ৰেট৷ ৰিপুৱা (ঘটক) বৈকুণ্ঠানাথে বিবাহৰ পূৰ্ব্বৰাগ ৰঞ্জিত কৰিবলৈ কালিন্দ্ৰী ভোমোৰাৰ দৰে বিবিধ প্ৰকাৰে ভাও দিব লগীয়া হৈছিল৷ সি যি কি নহওক, অৱশেষত বেজবৰুৱায়েই প্ৰজ্ঞাসুন্দৰীৰ প্ৰণয়-পাশত বান্ধ খালেগৈ৷” (-বেজবৰু‌ৱাৰ স্মৃতিৰ মৌ সৰা কথা)

    বিয়াৰ আগ মুহূৰ্তলৈকে কন্যাৰ সৈতে বেজবৰু‌ৱাৰ দেখা-দেখি হো‌ৱা নাছিল যদিও কিবা প্ৰকাৰে কন্যাৰ ফটোগ্ৰাফ আৰু বিশ্বস্ত লোকৰ জৰিয়তে তেওঁৰ সুন্দৰতা, সুশীলতা আৰু ধৰ্ম-প্ৰ‌ৱণতাৰ বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ “মোৰ জী‌ৱন-সোঁ‌ৱৰণ”ত উল্লিখিত বিভিন্ন কথন ভংগীমাৰ জৰিয়তে বুজিব পৰা যায় যে সেইখিনি তথ্যৰ ভিত্তিত তেওঁ কন্যাটিৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিলে৷ “যি কন্যাটিৰ সৈত্যে মোৰ বিয়াৰ কথা ঠিক হ’ল, তেওঁৰ “ফটোগ্ৰাফ” অৰ্থাৎ ছবি এখন মোৰ হস্তগত হ’ল৷ তেওঁৰ বিদ্যা, বুদ্ধি, গুণ, শীলৰ বৰ্ণনাও মোৰ কৰ্ণগোচৰ হ’ল৷ ঈশ্বৰে জানে কিয়- মোৰ মনে তেওঁক মোৰ জী‌ৱনৰ সহচৰী সহধৰ্ম্মিণী স্বৰূপে বৰণ কৰিলে৷ তেওঁৰ সেই ছবিটিয়ে মোৰ মূৰ-শিতানৰ গাৰুটোৰ তলত ঠাই ল’লে৷ দিনে দিনে মোৰ সংকল্প দৃঢ় হৈ আহিল (মোৰ জী‌ৱন-সোঁ‌ৱৰণ, লক্ষ্মীনাথ বেজবৰু‌ৱা, দ্বিতীয় ভাগ, দ্বিতীয় আধ্যা)৷”

ঠাকুৰবাড়ীৰ সেই কন্যাটিয়ে বেজবৰু‌ৱাৰ হৃদয় এনেদৰে অধিকাৰ কৰি ল’লে যে ইতিপূৰ্বে এক নিৰ্দিষ্ট সময় সীমালৈকে বিয়া নকৰাবলৈ লো‌ৱা সংকল্প নিজেই ভাঙি চূৰমাৰ কৰি পেলাবলগা হৈ পৰিল৷ সেই সন্দৰ্ভত আত্মপক্ষ সমৰ্থন কৰি তেওঁ এনেদৰে লিখিছে:

“এইখিনিতে কোনোবাই মোক সুধিব পাৰে, যে “তুমি ইয়াৰ আগতে ঢোলৰ মাৰিডাল হাতত লৈ ইমানকৈ যে বজাই কৈছিলা যে তুমি নিজে আৰ্জি খাব পৰা নহ’লে বিয়া নকৰোৱা; সেই কথাষাৰ কোনটো আখাৰ তললৈ গ’ল?” মই উত্তৰ দিম ,-“ঠিক কৈছা মোৰ ভাইটি! সি মোৰ আখলত থকা বৰ আখাটোৰ তললৈকে গ’ল৷ কিন্তু মই ইচ্ছা কৰি মোৰ তালৈ পঠিওৱা নাছিলোঁ; বাহিৰত বলা বলী বতাহৰ ঢৌৱে কোবাই নি তাৰ তেনে গতি কৰিলে৷ “Man proposes, god disposes” বোলা ইংৰাজী কথাষাৰ পাহৰিলে নচলিব৷ ঈশ্বৰৰ ইচ্ছাৰ আগত আমি বালি-চাহী নৰমনিছৰ ইচ্ছা কোন কুটা৷……………. ঈশ্বৰৰ ইচ্ছাত সকলো হয়৷ There is divinity even in the fall of a sparrow– মহাকবি শ্বেক্সপীয়েৰৰ কথা৷ অসমীয়া বুঢ়া মানুহৰ কথা হৈছে,- “যি পূৰ্ব্বে জন্মত যাৰ তিল-মাহ খাই আহিছে, তাৰে সৈত্যে সেইজনৰ বিয়া৷”

সেই সময়ত কলিকতাত যৌতুক প্ৰথা প্ৰচলিত আছিল আৰু উচ্চশিক্ষিত বা বিলাতফেৰৎ বাঙালী লোকেও বিবাহৰ নিমিত্তে কন্যাৰ ঘৰক যৌতুক দাবী কৰাৰ পৰম্পৰা প্ৰচলিত আছিল৷ প্ৰজ্ঞাসুন্দৰীৰ ঘৰৰ ফালৰ পৰাও বেজবৰু‌ৱাক তেওঁৰ দাবীৰ পৰিমাণ সন্দৰ্ভত সোধ-পোছ কৰা হৈছিল৷ কিন্তু বেজবৰু‌ৱাই অসমীয়া ৰীতি-নীতিৰ দোহাই দি অতি বলিষ্ঠভাবে যৌতুকৰ প্ৰস্তা‌ৱ নাকছ কৰিছিল৷ কন্যাৰ ককাদেউতাক মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে দৰাক দিবলৈ দহ হাজাৰ টকা যোগাৰ কৰি থৈছিল বুলি গম পায়ো তেওঁ তাক নেওচা দি পিছলৈকে তেওঁ দুঃখিত অনুভ‌ৱ কৰা নাছিল বৰঞ্চ আত্মগৌৰ‌ৱহে অনুভ‌ৱ কৰিছিল৷ বেজবৰু‌ৱাৰ এনে কাৰ্যক প্ৰজ্ঞাসুন্দৰীৰ প্ৰতি তেওঁৰ প্ৰেমৰ অন্য এক নিৰ্ভেজাল দৃষ্টান্ত বুলি চিহ্নিত কৰিব পৰা যায়৷

বহু জল্পনা-কল্পনাৰ অন্তত ১৮৯১ খ্ৰীষ্টাব্দৰ মাৰ্ছ মাহৰ ১১ তাৰিখে আদি-ব্ৰাহ্মসমাজৰ নিয়ম অনুযায়ী ঠাকুৰবাড়ীৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ সৈত্যে লক্ষ্মীনাথ বেজবৰু‌ৱাৰ বিবাহ হয়৷ বিবাহত সৰ্বসাধাৰণ হিন্দু বৈদিক বিধি আৰু মন্ত্ৰৰ প্ৰয়োগ হৈছিল যদিও তাত হোম আৰু শালগ্ৰাম ব্য‌ৱহাৰ কৰা নহৈছিল৷ বিয়াৰ বেদীৰ কাষত, সপ্তপদী গমনৰ পাছত কাপোৰৰ ‌ঢাকোনৰ তলত জী‌ৱনত প্ৰথম বাৰৰ বাবে প্ৰজ্ঞাসুন্দৰীৰ সৈতে লক্ষ্মীনাথ বেজবৰু‌ৱাৰ দৃষ্টি বিনিময় হৈছিল৷ দুয়োৰে মুখ কাপোৰেৰে ‌ঢাক খাই থকা বাবে সেই স্থানত আনৰ দৃষ্টি পৰা সম্ভ‌ৱ নহয়৷ বিবাহৰ গীতেৰে মুখৰিত পৰিবেশৰ মাজত সেই মুহূৰ্তত দুয়ো দুয়োকে দেখি মিচিকিয়াই হাঁহিলে৷ কিছুদিনলৈ হাঁহিৰ কাৰণ দুয়োৰে অজ্ঞাতে ৰ’ল যদিও এদিন বেজবৰু‌ৱাই তাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ’ল৷ বেজবৰু‌ৱাৰ কথাৰে: “হঠাৎ মনত পৰি বিয়াৰ কিছুমান দিনৰ পিছত এদিন মোৰ গৃহিনীক সুধিছিলো, তেওঁ বিয়াৰ দিনা সেই শুভদৃষ্টিৰ সময়ত সেইদৰে হাঁহিছিল কিয়? তেওঁ মোক উত্তৰ দিলে- বিয়াৰ অনেক দিনৰ আগতে তোমাক এদিন সপোনত দেখিছিলোঁ৷ মই সমাজিকত দেখা মুখখনেৰে সৈত্যে তোমাক হুবহুকৈ মিলি যো‌ৱা দেখি মোৰ হাঁহি উঠিছিল (মোৰ জী‌ৱন-সোঁৱৰণ, দ্বিতীয় ভাগ, দ্বিতীয় আধ্যা)৷” প্ৰজ্ঞাসুন্দৰী অতিকে সত্যবাদী আৰু ধৰ্মভীৰু বুলি বংশত নাম আছিল আৰু পিছলৈ বেজবৰু‌ৱায়ো তাৰ প্ৰমাণ পাইছিল বাবে পত্নীৰ সেই স্বীকাৰোক্তিক গভীৰভাবে বিশ্বাস কৰিছিল৷

লক্ষ্মীনাথ বেজবৰু‌ৱাৰ সৈত্যে বিবাহৰ কথা আলোচনা হো‌ৱাৰ পূৰ্বে প্ৰজ্ঞাসুন্দৰীৰ বাবে কেইবাবাৰো একোজন কৃতী শিক্ষক আৰু সম্ভ্ৰান্ত পৰিয়ালৰ ডেকাৰ বিবাহৰ প্ৰস্তা‌ৱ আহিছিল যদিও বাৰেপতি তেওঁ সেই প্ৰস্তা‌ৱসমূহ নাকচ কৰি আহিছিল৷ কিন্তু, বেজবৰু‌ৱাৰ নাম শুনাৰ লগেলগে প্ৰজ্ঞাসুন্দৰীয়ে একেষাৰে বিবাহৰ বাবে সন্মতি দিছিল৷ বৰ আৰু কন্যা, দুয়োৰে ভিতৰত এজনেও আনজনৰ চেহেৰা নেদেখাকৈ বিবাহৰ বাবে দিয়া সন্মতিৰ আঁৰত যে এক বিশ্বাস আৰু স্বৰ্গীয় প্ৰেমৰ প্ৰা‌ৱল্যই ক্ৰিয়া কৰিছিল, সেয়া অনুমান কৰিব পাৰি৷

বেজবৰু‌ৱাৰ বিবাহৰ পূৰ্বেই তেওঁৰ শহুৰেকৰ মৃত্যু ঘটিছিল৷ তেওঁৰ শাহু‌ৱেক আৰু বৃহৎ ঠাকুৰ পৰিয়ালৰ বিভিন্ন সদস্যসকল জোড়াসাঁকো আৰু পাৰ্কষ্ট্ৰীটত প্ৰকাণ্ড ঘৰত যৌথভাবে বসবাস কৰিছিল৷ এওঁলোকৰ অধিকাংশই বিদ্বান লোক আছিল আৰু ধৰ্ম আৰু সাহিত্যৰ দিশতো অতি পাৰদৰ্শী আৰু বিখ্যাত লোক আছিল৷ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, দাৰ্শনিক দ্বিজেন্দ্ৰনাথ ঠাকুৰ, নাট্যকাৰ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ, প্ৰথম চিভিলিয়ান সত্যেন্দ্ৰনাথ ঠাকুৰ আদি সেই পৰিয়ালৰ সদস্য আছিল৷ সেইসকল লোকে বেজবৰু‌ৱাক “ষোল অনা বাঙ্গালী কৰিবলৈ” প্ৰায়ে প্ৰচেষ্টা চলাইছিল৷ জোড়াসাঁকোৰ ঘৰত তেওঁলোকে পতা “সুহৃদ সমিতি”ত বাংলা সাহিত্যৰ চৰ্চা হৈছিল আৰু লক্ষ্মীনাথ বেজবৰু‌ৱাক তাৰ অন্তৰ্ভুক্ত কৰিছিল৷ সেই সময়ৰ বিখ্যাত বাংলা কাকত সাধনা আৰু পুণ্যৰ জন্ম তাৰ পৰাই হৈছিল আৰু পুণ্যৰ সম্পাদিকা আছিল বেজবৰু‌ৱাৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী দে‌ৱী৷ বেজবৰু‌ৱাই নিজৰ বঙ্গালীকৰণৰ বিপক্ষে সষ্টম আছিল আৰু বঙ্গলা ভাষাৰ শ্ৰেষ্ঠত্বৰ বিষয়ত ঠাকুৰ পৰিয়ালে কৰা তৰ্ক-মতবাদক যুক্তি সহকাৰে সজোৰে নস্যাৎ কৰিব পাৰিছিল৷ এনে তৰ্কযুদ্ধত ৰবীন্দ্ৰনাথ ঠাকুৰকো অন্তৰ্ভুক্ত কৰা হৈছিল আৰু সেই যুক্তি-প্ৰতিযুক্তিৰ যুদ্ধই গৈ বাতৰি কাকতৰ মজিয়াও পাইছিলগৈ৷ তেনে পৰিবেশৰ মাজতো লক্ষ্মীনাথ বেজবৰু‌ৱাই সহধৰ্মিনীৰ বাংলা সাহিত্যচৰ্চাৰ ক্ষেত্ৰত ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ নকৰা বা ঠাকুৰ পৰিয়ালৰ প্ৰতি বিৰূপ মনোভা‌ৱ পোষণ নকৰাটোৰ আঁৰত প্ৰজ্ঞাসুন্দৰীৰ প্ৰতি থকা তেওঁৰ অগাধ প্ৰেমো এটা কাৰণ বুলিব পাৰি নিশ্চয়৷

“মোৰ জী‌ৱন-সোঁ‌ৱৰণ”ত লক্ষ্মীনাথ বেজবৰু‌ৱাই কেইবাবৰো তেওঁৰ সহধৰ্মিনীৰ গুণসমূহ উল্লেখ কৰিছে৷ প্ৰজ্ঞাসুন্দৰী সাহিত্যচৰ্চাৰ উপৰিও ৰন্ধনবিদ্যা আৰু চিত্ৰবিদ্যাতো পাকৈত আছিল বুলি তেওঁ প্ৰমাণো দিছে৷ তেওঁ শহুৰেক, দীননাথ বেজবৰু‌ৱাৰ এখন সুদৃশ্য তৈল-চিত্ৰ অঙ্কন কৰি লক্ষ্মীনাথ বেজবৰু‌ৱাৰ শি‌ৱসাগৰস্থিত ঘৰলৈ পঠাইছিল, যিখনে বো‌ৱাৰীয়েকৰ প্ৰতি শহুৰেকৰ মনত সন্তোষ আৰু আশীৰ্বাদৰ বন্যা বো‌ৱাবলৈ সক্ষম হৈছিল৷ দীৰ্ঘ দূৰত্ব যাত্ৰা কৰাৰ সময়ত প্ৰচলিত “পথে নাৰী বি‌ৱৰ্জিতা”ৰ ঠাইত পত্নীৰ দ্বাৰা পো‌ৱা খাদ্য, স্বাস্থ্য আৰু আন্যান্য যতনৰ বাবে “পথে নাৰী সম্পূজিতা” বুলিহে উল্লেখ কৰিছে তেওঁ৷ বন্য প্ৰাণী চিকাৰ কৰিবলৈ ওলাওঁতে তেওঁ বিভিন্ন সময়ত পত্নীৰ পৰা পো‌ৱা বাধাৰো উল্লেখ কৰিছে গ্ৰন্থখনত৷

প্ৰেমৰ পথ সদায় মসৃণ নহয়৷ প্ৰকৃত প্ৰেমে সদায় সফলতা লাভ কৰে বুলি কো‌ৱা হয় যদিও বিবাহ নামৰ পাৰ্থি‌ৱ ৰীতিৰ যোগেদি সফলতা লাভ কৰাৰ পথত বহু সময়ত বিভিন্ন ধৰণৰ বাধা-বিঘিনিৰ সন্মুখীন হ’ব লগা হয়৷ লক্ষ্মীনাথ বেজবৰু‌ৱাৰ বিবাহৰ ক্ষেত্ৰতো সেই পথ বৰ সুখকৰ নাছিল৷ প্ৰজ্ঞাসুন্দৰীৰ সৈতে প্ৰেমত নিমজ্জিত হৈ তেওঁক বিবাহ কৰো‌ৱাৰ মানস কৰি থকা অৱছস্থাতে বিভিন্ন উৎসৰ পৰা আনুষ্ঠানিকভাবে তেওঁৰ ঘৰলৈ আহি থকা প্ৰস্তা‌ৱসমূহৰ মাজৰ পৰা তেওঁৰ পিতায়েকে বিবেচনা কৰি অন্য এক কন্যাৰ লগত লক্ষ্মীনাথৰ বিবাহ ঠিৰ কৰিছিল৷ কলিকতাত থকা লক্ষ্মীনাথে টেলিগ্ৰামযোগে এই সিদ্ধান্তৰ খবৰ পো‌ৱাৰ পিছত মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ নাতিয়েক, প্ৰজ্ঞাসুন্দৰী দে‌ৱীৰ সৈতে তেওঁ নিজাকৈ বিবাহ ঠিক কৰাৰ খবৰটো জনাই উত্তৰ পঠায়৷ লক্ষ্মীনাথৰ ঘৰত এই খবৰ পাই হু‌ৱা-দু‌ৱা লাগিবলৈ ধৰে৷ তেওঁৰ মাক-পেহিয়েক দুখত বিয়াকুল হো‌ৱাৰ উপৰি গোটেই শি‌ৱসাগৰ চহৰতে এই বিষয়টো লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’বলৈ ধৰিলে৷ শি‌ৱসাগৰৰ বাঙ্গালীপট্টিতো সৰ্বসন্মানীয় ঠাকুৰবাড়ীৰ কন্যা অসমীয়ালৈ বিয়া দিয়াৰ যো-জা চলো‌ৱাৰ বিষয়টোক লৈ উদ্বেগজনক চিন্তা-চৰ্চা চলিবলৈ লাগিল৷ কলিকতামূলীয় শি‌ৱসাগৰত কৰ্মৰত ব্যক্তি অথবা কলিকতাৰ পৰা শি‌ৱসাগৰৰ নিজা ঘৰলৈ যো‌ৱা দুই-এজন অসমীয়া ছাত্ৰই কইনা ঘৰ সম্পৰ্কত আগবঢ়ো‌ৱা তথ্য বৰ সুবিধাজনক নাছিল৷ কোনোবাই কৈছিল কন্যাগৰাকী এক অতি ভিকহুৰ ঘৰৰ বাবে, আৰু আন কোনোবাই কৈছিল লক্ষ্মীনাথৰ পৰা বিবাহোত্তৰ কালত ঘৰ-জোঁ‌ৱাই খটাৰ প্ৰতিশ্ৰুতি আদায় কৰিব পৰাৰ বাবেহে তেওঁলৈ ঠাকুৰবাড়ীৰ কন্যা বিয়া দিয়া হৈছে৷ জাতিগত পাৰ্থক্যৰ উপৰি এনে বিভিন্ন আজুহাতত লক্ষ্মীনাথৰ এই বিবাহৰ বাবে ঘৰৰ পৰা প্ৰ‌ৱল আপত্তি আৰু অসন্তোষ ব্যক্ত কৰি তাক ৰদ কৰাৰ বাবে অনেক ব্য‌ৱস্থা লো‌ৱা হৈছিল৷ বিয়া ভঙাৰ বাবে কলিকতাত বাস কৰা গঙ্গাগোবিন্দ ফুকনলৈ লক্ষ্মীনাথৰ ঘৰৰ পৰা টেলিগ্ৰামযোগে অনুৰোধ জনো‌ৱা হৈছিল৷ লক্ষ্মীনাথৰ মাকে শি‌ৱসাগৰৰ আগশাৰীৰ ব্যক্তিসকলক মতাই আনি ঠাকুৰসকলৰ ক‌ৱলৰ নিজ পুত্ৰক ক্ষতিপূৰণসহ বাহিৰ কৰি আনিবলৈ কেনেদৰে আগবাঢ়িব পৰা যায়, বাৰম্বাৰ তাৰ আলোচনাত বহিছিল৷ পিছে, লক্ষ্মীনাথৰ দুৰন্ত প্ৰেমৰ আগত সকলো প্ৰচেষ্টা অৱশেষত ব্যৰ্থ হৈছিলগৈ৷ ঘৰৰ অমতত কলিকতাৰ পৰা পাতিবলগীয়া সেই বিবাহৰ ক্ষেত্ৰত তেওঁক চন্দ্ৰকুমাৰ আগৰ‌ৱালা আৰু হেমচন্দ্ৰ গোস্বামীয়ে সকলোপ্ৰকাৰে সহায় আগবঢ়াইছিল আৰু বেজবৰু‌ৱাৰ কলিকতাস্থিত অনেক অসমীয়া আৰু অনা-অসমীয়া বন্ধু-বান্ধ‌ৱেই উপস্থিত হৈছিলগৈ যদিও সেই সময়ত কলিকতাতে থকা গুণাভিৰাম বৰু‌ৱা আৰু দুই এজন লেখত ল’বলগীয়া ব্যক্তিয়ে লক্ষ্মীনাথৰ সেই বিবাহ অনুষ্ঠান বৰ্জন কৰিছিল৷

বিবাহৰ বাবে ঘৰৰ পৰা সন্মতি নাছিল যদিও কিছুদিন পিছত বেজবৰু‌ৱাই শি‌ৱসাগৰস্থিত বাসগৃহলৈ যো‌ৱাৰ লগে লগে তেওঁৰ পিতৃ-মাতৃয়েকে তেওঁক হেৰো‌ৱা ৰতন ঘূৰাই পো‌ৱাৰ দৰে আদৰি লৈছিল৷ তেওঁৰ পিতাক প্ৰাচীন মতা‌ৱলম্বী আৰু নৈষ্ঠিক তৰপৰ অগ্ৰণী ব্যক্তি আছিৰল যদিও সকলো কথা দ-কৈ ভাবি-চিন্তি চাই সঠিক কথাত উদাৰ ভা‌ৱ পোষণ কৰাত কৃপণালি নকৰিছিল৷ লক্ষ্মীনাথৰ বিবাহ সন্দৰ্ভতো পিছলৈ তেখেতে উদাৰ দৃষ্টিভঙ্গী গ্ৰহণ কৰি অৱশেষত স্বীকৃতি প্ৰদান কৰিলে৷ বহুতো গুণী-জ্ঞানী লোকে লক্ষ্মীনাথৰ সেই বিতৰ্কিত বিবাহক মান্যতা প্ৰদান কৰিছিল যদিও আন কিছুমান অসমীয়া, বাঙ্গালী আনকি ইংৰাজ ব্যক্তিয়েও কিন্তু লক্ষ্মীনাথৰ এই বিবাহৰ কথা লৈ বহুদিনৰ পিছলৈকে তেওঁক পৰোক্ষভাবে তুচ্চ-তাচ্চিল্য কৰিবলৈ এৰা নাছিল৷ বেজবৰু‌ৱাই “মোৰ জী‌ৱন-সোঁ‌ৱৰণ”ত আন আন ব্যক্তিৰ বিভিন্ন কথাৰ লগতে যোৰহাটৰ সেই সময়ৰ চাবডিভিজনেল অফিছাৰ, মুৰ (Moor)চাহাবে ককায়েকৰ আগত “চপনীয়াজন”লৈ বুলি নিমন্ত্ৰণ পঠো‌ৱাৰ কথা উল্লেখ কৰিছে৷ অসমীয়া আৰু বাঙ্গালীৰ মাজত হো‌ৱা বিয়াখনৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ঘটনা আন আন অসমীয়া আৰু বাঙ্গালীৰ ওপৰতো পৰিছিলগৈ৷ তৰ্কবাদৰ যুক্তি হিচাবেও কোনো কোনো‌ৱে এই বিয়াখনৰ কথা উল্লেখ কৰিছিল৷

বেণুধৰ শৰ্মাৰ “বেজবৰু‌ৱাৰ স্মৃতিৰ মৌ সৰা কথা”ত তেনে এটি ঘটনাৰ উল্লেখ আছে৷ ১৯১৬ চনৰ কোনোবা এটা দিনত বেণুধৰ শৰ্মা আৰু ৰত্নকান্ত বৰকাকতিয়ে লক্ষ্মীনাথ বেজবৰু‌ৱাক সাক্ষাৎ কৰিবৰ বাবে ট্ৰামত উঠি হাওড়ালৈ বুলি একেলগে গৈ থকা অৱৰস্থাত তেওঁলোকৰ দুজন বাঙ্গালী সহযাত্ৰীয়ে বিভিন্ন বিষয়ৰ উপৰি লক্ষ্মীনাথৰ প্ৰসংগত বিভিন্ন আলোচনা আৰম্ভ কৰিছিল৷ বেণুধৰ শৰ্মাই লিখা কাহিনীটো এক অংশ এনেধৰণৰ:

“অলপমান বেলি ৰৈ থাকি এজনে আকৌ সুধিলে, “আপোনালোকে লক্ষ্মীনাথ বেজবৰুৱাক চিনি পায় নে?” “তেখেতৰ তালৈকে আহিছোঁৱেই৷” এইবুলি ক’বলৈ হে পালো, তেওঁবিলাক দুয়ো মুখখনহঁত বিকটাবিকটি কৰি ঘৃণাসূচক মন্তব্য কৰিবলৈ ধৰিলে, “বেজবৰুৱা ব্ৰাহ্মণ নয়, সে ম্লেচ্ছ৷ সে ব্ৰাহ্ম মেয়ে বিয়ে কৰেছে৷ তাৰ আবাৰ “বাঁশৰী” না কি একটি পত্ৰিকা আছে,তাতে সে বাঙ্গালীকে গাল দেয়৷ সে একটা পাষণ্ড৷“ এইবোৰ গুৱাল গালি পৰাৰ পিছত, হনুমন্তই নিজৰ মুখৰ অগনি নিজেই নুমুৱাৰ দৰে বিদ্বেষৰ জুইকুৰা এইবুলি কৈ কোৱাজনেই আকৌ নুমুৱাইও পেলালে, “সে বেটা বৰ বুদ্ধিমান ! হাওড়ায় সে একজন অনাৰেৰী মেজিষ্ট্ৰেটও ছিলেন৷“ আমিও চল পাই চুঙা চাই এই বুলি সোপা এটা দিলোঁ – (অৱশ্যে আধাডুখৰীয়া বঙলাৰে) বুদ্ধিমান নহলে নো ঠাকুৰ পৰিয়ালৰ নিচিনা সম্ভ্ৰান্ত বংশীয় জীয়াৰীৰ পাণি বেজবৰুৱালৈ আগ বঢ়ায় নে? হাওড়াৰ অধিবাসী বঙালীতকৈও অসমীয়া লক্ষ্মীনাথৰ বুদ্ধি প্ৰতিভা যে শ্ৰেষ্ঠ, তাক তেওঁ অনাৰেৰী মেজিষ্ট্ৰেট পদ পোৱাটোৱেই প্ৰতিপন্ন নকৰে নে? আৰু কলোঁহক বোলো “বাঁহী”য়ে (বাঁশৰী) কেতিয়াও গালি পৰা নাই৷ বেজবৰুৱাৰ ঘৰৰ ল’ৰা লক্ষ্মীনাথে আপোনালোকৰ নিচিনা ভাষাতংকগ্ৰস্ত ৰোগীৰ ৰোগ উপশন কৰিবলৈ “বাঁহী”ত বড়ি হে বাঁটে(বটিকা তৈৰী কৰে)৷ “

সংসাৰৰ মূল চালিকা শক্তি এক অসাধাৰণ প্ৰেম হ’লেও লক্ষ্মীনাথ বেজবৰু‌ৱাৰ বৈবাহিক জী‌ৱন সংসাৰৰ সাধাৰণ নিয়মতকৈ দূৰত নাছিল৷ বেণুধৰ শৰ্মাৰ “বেজবৰু‌ৱাৰ স্মৃতিৰ মৌ সৰা কথা”ৰ কোনোবা এটা অংশত উল্লেখ আছে এনেধৰণে: “কিন্তু বিয়া হৈ যোৱাৰ কেইবছৰমানৰ পিছত, বেজবৰুৱাই হেম গোসাঁইলৈ এখন চিঠিত লিখিছিল, ‘গোসাঁই, বিয়াৰ মুৰ্ত্তিটো কল্পনাত হে চাবলৈ ভাল৷ হাতত পৰিলত, সেই মুৰ্ত্তিটি দেখোন চীনা বাচনৰ দৰে ঠুনুকা যেন লাগিছে৷’” অবশ্যে “হেম গোঁসাই” অৰ্থাৎ, হেমচন্দ্ৰ গোস্বামীলৈ চিঠিত তেনেদৰে লিখিলেও লক্ষ্মীনাথ আৰু প্ৰজ্ঞাসুন্দৰীৰ যোৰা শেহলৈকে অটুট আছিল৷ বিবাহোত্তৰ কালত কৰ্মসূত্ৰে অধিকাংশ সময় অসমৰ বাহিৰতেই থাকিবলগীয়া হৈছিল যদিও বিয়াৰ প্ৰায় দুবছৰৰ পিছৰ পৰা দুয়ো একেলগে থকাৰ ব্য‌ৱস্থা কৰি লৈ‌ছিল৷ বিবাহোত্তৰ জী‌ৱনত বেজবৰু‌ৱা দম্পতিৰ চাৰিটি কন্যাসন্তানৰ জন্ম হৈছিল৷ “পথে নাৰী সম্পূজিতা” বাক্যশাৰী সৃষ্টি কৰা লক্ষ্মীনাথ বেজবৰু‌ৱাই জী‌ৱন যাত্ৰাৰ দীঘলীয়া পথত প্ৰজ্ঞাসুন্দৰীক সহযাত্ৰীৰ মৰ্যাদা দি নিজৰ প্ৰেমৰ সফলতাক সফলভাবে প্ৰমাণ কৰি থৈ গ’ল৷

(বিশেষ কৃতজ্ঞতা:-enajori.com, হিমজ্যোতি তালুকদাৰ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!