লখিমী-(জয়ন্ত কুমাৰ ডেকা)

লখিমী
-জয়ন্ত কুমাৰ ডেকা৷

দুপৰীয়া ঠিক বাৰটামান বাজিছে৷ মবাইললৈ এটা মেজেছ আহিল৷
– ’বিজি আছা নেকি? নাই যদি কথা এটা সুধিব পাৰোনে?’ সিমূৰত তেওঁ৷
মেছেজৰ ৰিপ্লাই দি থাকিবলৈ ধৈৰ্য্য নহ’ল৷ সেইবাবে ফোনেই কৰিলো৷
– ’কোৱা’
– ’নাই মানে..(কিছু ইতস্ততঃ কৰি)..তুমি যদি অসুবিধা নোপোৱা সহায় এটা কৰানা’
দুপৰীয়াৰ ব্যস্ত সময়ত এনেদৰে ফোন কৰিলে মোৰ অলপ খঙ উঠে বুলি তেওঁ ভালদৰেই জানে৷ যোৱা ৫ বছৰৰ সম্পৰ্ক৷ দুয়ো দুয়োকে বুজিবলৈ আৰু একোই বাকী নাই৷ লক্ষ্মী পূজাৰ দিনা আৰু একো খঙ নকৰো বুলি লাহেকৈ সুধিলো –
’কোৱা কি সহায়? ’
-’ পাৰা যদি মোৰ লগত এতিয়াই ফাঁচী বজাৰ ওলোৱানা….লক্ষ্মী পূজাৰ বাবে অলপ বজাৰো কৰিব লাগে আৰু বস্তু এবিধো আনিব লগা আছে ’
খঙটো অলপ উঠিছিল যদিও দমাই ৰাখি মৰমেৰেই কলো –
’পাৰা যদি ঘৰৰ কাষতে কৰি নোলোৱা কিয়! ! ’
’প্লীজ…’ ( কিছু অভিমান আৰু মৰমৰ সুৰতে ক’লে )৷
– ’ঠিক আছে…ৰেডী হৈ থাকা৷ মই গৈ আছো৷’
তেওঁ জাপৰিগোগতে থাকে৷ যোৱা ৬ বছৰ একেটা ভাড়াঘৰতে আছে৷ ইয়াত এম.এ. কৰিবলৈ আহিছিল৷ মোৰ মা-দেউতা আৰু তেওঁৰ মা-দেউতাৰ লগতে ভাড়াঘৰৰ মালিকেও আমাৰ সম্পৰ্কৰ কথা ভালদৰেই জানে৷ ১৫ মিনিটতে গৈ পালো জাপৰিগোগলৈ৷ তেওঁ ৰেডী হৈয়ে আছিল৷ এনেয়ে ক’লো –
’আজি চাগে জানিবই পাৰিছিলা..নিৰাশ নকৰো বুলি৷ দেৰী নকৰো…সোনকালে উঠা৷ পিছে এটা কথা…. কিনো ইমান লাগতীয়াল বস্তু যে ফাঁচী বজাৰ যাবই লাগিব৷’
-’এহ..পিছত কম দিয়া৷ সোণকালৈ গৈ আহোগৈ ব’লা৷’

ফাঁচী বজাৰ পাওঁ মানে এক বাজিল৷ পূজাৰ বজাৰ সোনকালেই শেষ কৰি এইবাৰ তেওঁ বিশেষ বস্তু বিধৰ সন্ধানত নামিল৷ দুৰ্গা পূজা পাৰ হৈ যোৱা বাবে এতিয়া বৰ এটা ভীৰ নাই তাত৷ কিছু সময়তে মই আৱিষ্কাৰ কৰিব পাৰিলো যে তেওঁ তাত কাপোৰ কিনিবহে গৈছে৷ খঙে গৈ চুলিৰ আগ পালে৷ পূজা শেষ হোৱা দুদিনো হোৱা নাই…আকৌ কাপোৰ লব হ’লেইনে৷ আৰু লব মন থাকিলে লওক..কিন্তু মোক মাতি আনি আকৌ সময় কিয় নষ্ট কৰিলে৷ পূজা বুলি যিমান পাৰি খঙ সংযম কৰি ৰাখিলো৷
-’শুনাচোন..তোমাৰ হাতত অলপ টকা আছে যদি দিয়াচোন৷ মোৰ মানে অলপ কম হ’ল…তোমাক পাছত এ.টি.ম. ৰ পৰা উলিয়াই দি আছো ’
তৎক্ষণাত তেওঁৰ মাত শুনি সম্বিৎ ঘূৰাই পালো৷ মুখেৰে একো নকৈ মাণি বেগটো আগবঢ়াই দিলো৷ মনত প্ৰচণ্ড ক্ষোভ৷ কিন্তু মোৰ অভিনয়ো আছিল উৎকৃষ্ট৷ বজাৰৰ পৰা ওলাই একো খোৱাৰ কথা নকৈ গাড়ী ষ্টাৰ্ট দিলো৷ পেটত ভোকো কিছু লাগিছিল৷ গাড়ী চলাই থাকোতেই তেওঁ মোক মাণিবেগটো আগবঢ়াই ক’লে –
’ভালে হ’ল জানা…তুমি যে এই দুপৰীয়া খোৱাৰ কথা ন’কলা৷ মই তোমাৰ বাবে টিফিনত পনীৰৰ পৰঠা ৰান্ধি আনিছিলো৷ ’
খঙ তেতিয়াও মোৰা কমা নাই৷ অভিনয়ৰ আশ্ৰয় লৈয়ে ক’লো –
’বনাই আৰু কিয়নো আনিব লাগে? ’
– ’তোমাৰ প্ৰিয় যে….(সৰু মিচিকিয়া হাঁহিৰে)৷ অ’…আৰু জানানে কাপোৰযোৰ আমাৰ বাইজনীৰ বাবে ল’লো৷ বেচৰীয়ে এইবাৰ পূজাত ল’ৰা-ছোৱালী হালক কাপোৰ দিওঁতে নিজৰ বাবে একোৱে লব নোৱাৰিলে৷ ইয়াৰ-তাৰ ঘৰত কাপোৰ-কানি, বাচন-বৰ্তন ধুই কিমাননো আৰ্জে বেচেৰীয়ে৷ যোৱা এক বছৰ মোকোতো তাই বহুত সহায় কৰিছে৷ ভাবিলো আজিয়ে তাইক কাপোৰযোৰ দি দিওঁ৷ কালিৰে পৰাতো আকৌ বিজি লাইফ ষ্টাৰ্ট হব৷ ’
ৰাস্তা-পথ বৰ ব্যস্ত নাছিল৷ তৎক্ষণাত ব্ৰেক মাৰি গাড়ী পথৰ দাঁতিত লগালো৷
– ’কি হ’ল? কিয় ৰখালা? ’
বহুত লাজ পালো৷ কিন্তু তেওঁক এতিয়াই সকলোখিনি অনুভৱ জনাবৰ একেবাৰে মন নগ’ল৷ মাথো দুচকুত দুচকু দি ক’লো –
’ নাই.. ..আজি আবেলি মানে মই অলপ ব্যস্ত থাকিম৷ সেইবাবে এতিয়াই মোৰ লখিমী জনীক এবাৰ হেঁপাহ পলুৱাই চাবলৈ মন গ’ল৷ “

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!