লতা কটা ৰণ আৰু বেলজিয়ামৰ, বগা বৰণীয়া, বৃদ্ধ ব্যৱসায়ীৰ বুকুত বান্ধি ফুৰা বেদনাঃ –যতীন্দ্ৰ চৌধুৰী

অসম বুৰঞ্জীত লটা কটা ৰণ এখনৰ কথা স্কুলীয়া কিতাপতে পঢ়া মনত পৰে৷ কিন্তু নামটোৰ বাহিৰে আন একো কথা এতিয়া আৰু মনত নাই৷

কিন্তু দুদিনমান অগতে, মৰিয়ণীৰ ওচৰত থকা একমাত্ৰ গিবন অভয়াৰণ্যখনত সোমাই গিবন চাবলৈ লওতে প্ৰায় লতা কটা ৰণ এখন কৰাৰ দৰেই হৈছিল৷ অভয়াৰণ্য– যি অৰণ্যত অভয়৷ কাৰ বাবে অভয়— সেই অৰণ্যৰ জীৱ জন্তুৰ বাবে৷ নামটোৰ পৰাই জানিব পাৰি সেইখন মূলতঃ মানুহৰ লগত অতি বেছি সাদৃশ্য থকা গিবনৰ ( Hoolock) বাবে৷ লগতে আছে আন কেবা প্ৰজাতিৰ বান্দৰ, হাতী, আৰু নাহৰফুটুকী৷

পাচটা ’ কম্পাৰ্টমেণ্টত’ বিভক্ত, সৰু অভয়াৰণ্যখনৰ আকাৰ তেনেই সৰু; মাজেৰে পাৰ হৈ গৈছে উজনি নামনি সংযোগ কৰা ৰেল আলি৷

দুটা ৰুমৰ এটা সৰু বাংলো৷ অতি চিকুণ, পৰিপাটী আৰু আটোমটোকাৰিকৈ ৰখা অৱস্থাত পালো৷
বীট অফিচাৰ, যোৰহাটৰ ৰূপক ভুয়া অতি নিষ্ঠাবান, প্ৰকৃত অৰ্থৎ বন আৰু প্ৰকৃতি প্ৰেমী৷ বাংলাটো চোৱা মেলাৰ দায়িত্বত থকা জীতেন গগৈ আশী চন মানাৰ পৰাই তাতেই কৰ্মত নিয়োজিত হৈ আছে৷ তদুপৰি আছে বনৰক্ষী দলৰ কেইজনমান সদস্য৷ গোটেই অভয়াৰণ্যখন তেওঁলোকৰ নখ দৰ্পণত৷ আমি গৈ পাইছিলো সন্ধিয়া৷ অৰণ্যৰ মাজতেই বাংলোটো; কোনো বেৰ কুৰ নাই৷ সন্ধিয় আমাক ওলাবলৈ মানা কৰিলে–দুদিনমানৰ পৰা হাতী দুটামানে বংলোৰ কাষলৈ আহি আছে৷ মূল অভয়াৰণ্যলৈ গাৰ্ড এজনৰ লগত, আন্ধাৰ হওঁ‌ হওঁ‌ কৰা অৱস্থাত কেইখোজমান গৈছিলো যদিও, গাৰ্ডজনে ক’লে, “নাহৰফুটুকীৰ গোন্ধ পাইছো; আৰু আগুৱাই নাযাও৷ জংগলত চকু, কাণ, নাক সমানে তীক্ষ্ণ হব লাগিব৷ “

পিছদিনা পুৱাই, গাৰ্ড তথা গাইড গঞ্জাৰ লগত অৰণ্যৰ ভিতৰলৈ লটা কটা ৰণ কৰি আগুৱাইছো৷ কটাৰ সলনি যেনিবা হাতেৰে ছিঙি ছিঙি আগুৱাইছো৷ বহুত ক্ষেত্ৰত ঢাহি-মুহি যোৱাৰ চিন থকা, হাতী অহা যোৱা কৰা বাট৷ বাটতে সিমূৰৰ পৰা অহা আন এটা সৰু দল– পিতৃ – মাতৃ, পুত্ৰ– কৰ্ণাটকৰ৷ তাৰ পছতেই আন এটা৷ এজন বিদেশী বৃদ্ধ, লগত নিজা গাইড( কাজিৰঙাৰ পৰা গৈছে); সেই গাইডজনে ক’লে, “আজি গিবন কেইটা এই তিনিওট ক’ম্পাৰ্টমেণ্টত নাই৷ “

আমাৰ গাইড গঞ্জাই ক’লে, “ মই কৈছিলো নহয় আজি ইটো ফালে নাথাকে৷ মোৰ লগত ব’ল৷”
গোটেইবোৰৰ গাইড গঞ্জা৷ মানুহজনে আগ নিশা কোৱা কথাটোৰ গুৰুত্ব বুজিলো; অৰণ্যত চকু, কাণা আৰু নাকৰ সক্ৰিয়তা৷ গঞ্জাৰ অনুমানেই থিক৷ লতা চিঙি চিঙি আটাইকেইজন আগবাঢ়িলো৷ আগৰ দুদিন বৰষুণ হৈছিল বাবে কেবাজনৰো ভৰিত লেউ লেউ জোক! গিবণ থাকে আকৌ হোলোঙৰ দৰে ওখ ওখ গছত৷ ডিঙি তুলি তুলি গিবণলৈ চাওঁ‌তে ভৰিলৈ চাবলৈ আহৰি ক’ত!

কিন্তু আমাক সকলোকে চেৰ পেলাই, সেই বিদেশী বৃদ্ধ একেবাৰে আগত৷ ধহমহাই আগবাঢ়ি গৈ গছ লতাৰ ফাঁ‌কে ফাঁ‌কে ’ব’ফ’ৰ্ছ বৰতোপ’ সম জুম লেঞ্চ ব্যৱহাৰ কৰি হেঁপাহ পলুৱাই ফ’টো তুলিছে৷ কি প্ৰাণৱন্ত চেহেৰা, কি তজবজীয়া উদ্যম! মোৰ সাধাৰণ জুমেৰে গিবণক ঢুকি পোৱাৰ আশা বাদ দি, বৃদ্ধৰ ফ’টো তোলাকেই চালো সামান্য ঈৰ্ষাৰে(অথচ জানো ঈৰ্ষা কিমান বেয়া! ) লণ্ডনত মোৰ ভাগিন তথা বন্ধু ডঃ জয়ন্ত বৰদলৈৰ (ফেইচবুকত যাযাবৰ নামত আছে) হাতত তেনে কেমেৰা দেখিছিলো; দহলাখমান টকা দাম!

গিবণ নিৰীক্ষণৰ পাছত ওলাই আহি ৰাস্তাত সুযোগ পায়ে বৃদ্ধৰ লগত কথা জুৰিলো(এই বেমাৰটো মোৰ স্কুলীয়া দিনৰ পৰাই আছে৷ আৰম্ভ কৰিছিলো ইংৰাজীত কথা কোৱাৰ অনুশীলন কৰিবলৈ৷ বিদেশী পৰ্যটক দেখিলেই খেদি খেদি গৈ কথা পাতিছিলো৷ মোৰ স্কুলীয়া বন্ধু কিছুমানে সেই সৎ অভ্যাসটোৰ আঁ‌ৰত মোৰ “বগা চামৰাৰ প্ৰতি দুৰ্বলতা“ থকা বুলি জোকাই সন্তোষ লভিছিল!

বৃদ্ধৰ লগত কথা বতৰাঃ
“ বেয়া নোপোৱা যদি ক’ৰ পৰা আহিছা সুধিব পাৰোনে?”
“বেলজিয়াম৷ “
“ ৱাইল্ড লাইফ সম্পৰ্কীয় কিবা প্ৰ’ফেশনেল এনগেইজমেণ্টনে?”
“নাই, নাই৷ সম্পূৰ্ণ ব্যক্তিগত৷ মই ৱাইল্ড লাইফ ভাল পাওঁ‌৷”
“কি কৰা বাৰু?”
“ মোৰ ব্যৱসায় আছিল৷ চল্লিশ বছৰ ব্যৱসায় কৰিলো৷ এতিয়া মই পৃথিৱীৰ ৱাইল্ড লাইফ চাই ফুৰিছো৷”
“অকলে?”
“অকলে, কাৰণ মোৰ পত্নীয়ে সংস্কৃতিৰ লগত জড়িত বস্তু, মিউজিয়াম ইত্যাদি চাই ভাল পায়৷ গতিকে তেওঁ‌, তেওঁ‌ৰ ভাগে; মই মোৰ ভাগে৷ তদুপৰি তেওঁ‌ এতিয়া ব্যৱসায় চাই আছে৷ তেওঁ‌ আৰ্জে, মই খৰচ কৰোঁ‌৷ “
“এইবাৰ কলৈ কলৈ গ’লা?”
“উত্তৰ ভাৰতত আৰম্ভ কৰিছিলো বৰফত থকা নাহৰফুটুকীৰে৷ তাৰ পাছত জিম ক’ৰবেট পাৰ্ক, ভাৰতপুৰ, কজিৰঙা, এয়া গিবণ অভয়াৰণ্য৷ “
“মানাহ, গীড় ইত্যাদি? “
“অহাবছৰলৈ এৰিছো৷ এইবাৰ দুমাহৰ বাবে আহিছো৷ তোমালোকৰ কাজিৰঙা সঁচাই ৱেৰী স্পেচিয়েল৷ আমাৰ এই ধৰণীখন কিমান সুন্দৰ৷ কিমান বিচিত্ৰ প্ৰাণী ইয়াত আছে৷ আমাৰ নাতি পুতি, অমাৰ নাতি পুতিৰ নাতি পুতিৰ বাবে ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে নাছে জানো? “
“ কিন্তু চৌদিশে চালে ইমান হতাশা আহে৷ মাথোঁন ধ্বংস৷ পৰিবনে ৰক্ষা? “
“পৰিস্থিতি অৱশ্যেই বেয়া৷ তথাপিও আশা হেৰুৱাব নালাগিব৷ ভাল কামো বহুত হৈ আছে৷ মইযে এই ফ’টোবোৰ তোলো, সেইবোৰ মই মোৰ বক্তৃতা অনুষ্ঠানত ব্যৱহাৰ কৰো৷ উঠি অহা প্ৰজন্মক সচেতন কৰো কাৰণ তেওঁলোকেই এই সুন্দৰ পৃথিৱীখন সকলো সুন্দৰতাৰে ৰক্ষা কৰিব লাগিব৷ মোৰ সামান্য অৰিহণা সেই প্ৰচেষ্টালৈ আগবঢ়াইছো৷ “
“কালি মই ইয়াৰ বন বিষয়াজনৰ লগত কথা পাতিছিলো৷ তেখেতে কৈছিল কেনেকৈ এই অৰণ্যৰ দাঁ‌তি- কাষৰীয়া অঞ্চলৰ মানুহখিনিৰ মাজত অৰণ্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অহৰহ চেষ্টা কৰি, বহুত সফলতা পাইছে৷ “
“সেইটো বহুত ভাল পদক্ষেপ লৈছে তেখেতে৷ অৰণ্যৰ দাঁ‌তিৰ মানুহে অৰণ্যক ভাল পাবলৈ শিকালে বহুত অৰণ্য ৰক্ষা পৰিব৷ আমাৰ নাতি নাতিনীসকলক এই ধুনীয়া পৃথিৱীখনৰ পৰা বঞ্চিত কৰাটো অপৰাধ নহবনে? আচ্ছা, বৰ ভাল লাগিল তোমাৰ লগত কথা পাতি৷ কিন্তু মই এতিয়া কাজিৰঙালৈ ঘূৰি যাব লাগিব৷ বায়৷ “

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!