লহমা :(মনোহৰ দত্ত)

এক)
 
কঠিন শব্দৰ মালা
অথচ ইমান ধুনীয়া কবিতা
মোৰ বাবে নীৰৱতা
 
দুই)
 
উৰিব পৰা হ’লে উৰিলোহেঁতেন
হিয়াৰ মৰম বিচাৰি
নাইযে যাদুৰ ডেউকা
 
তিনি)
 
আহা উৰি উৰি
লুইতৰ চাপৰিলৈ বালিভাত খাম
মনৰ কথাৰে কবিতা ৰচিম
 
চাৰি)
 
কেতিয়াবা ভাবো অকলশৰে
পৃথিৱীৰ ভাষাবোৰত যিমান শব্দ
কঠিনতম কেৱল ভালপোৱা
 
পাঁচ)
 
কোমল অথচ কঠিন
সহজকৈ কাগজত লিখিম চিঠি
জীৱন মোৰ ভালপোৱা
 
ছয়)
 
ভালপাও বুলি ক’ত লিখিবা,
চিঠিত কবিতাত
নে হৃদয়ত?
 
সাত)
 
সাজিম এটি প্ৰেমৰ আলয়
চাপৰি, বালিচৰ বা বলুকা
লিখিম চিঠি,
গীত নতুবা কবিতা
যদি দুহাত মেলি
আপোন কৰি লোৱা|
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!