লাইথেপেনাৰ জীয়েক -বিমান শইকীয়া

জেৰেঙাত জুপুকা মাৰি বহি থাকে কথাবোৰ

গছজোপা এতিয়া নাই
চামতাৰ কোৱত চকুৰ পানীবোৰ বৈয়ে থাকে
লাইথেপেনাৰ জীয়েকে কথাবোৰ কথা কৰি ৰাখে

শৰীৰটো ভাগে নাভাঙে মন
প্ৰতিটো ক্ষণত আছিল সুদৃঢ় পণ
আত্মবলিদানৰ দেৱবাদ্য বাজে বাঢ়ে সাহস
জীৱনটো মণ্ঠন কৰি তাই লিখে ভালপোৱাৰ এপিটাফ
দেশৰ হকে জাতিৰ বাবে ৰাখি সেওঁতাৰ বিশ্বাস
তাই কথাবোৰ কথা কৰি ৰাখে

কুমলীয়া ৰজাৰ সপোন ভাঙে
জেৰেঙাত জিলিকে সতী
গদাকোঁৱৰৰ পুতেকে সাজে সৌধ
বুৰঞ্জীৰ পাতত চন্দ্ৰদাৰুৰ গৰ্ভ ফুল
লাইথেপেনাৰ জীয়েকজনী ঘূৰি ফুৰে

সকলোৱে মাথো কয় জয়া নাই
তেওঁলোকে বিচাৰি ঘুৰ্মুটিয়াই ফুৰে
সৰগীয় প্ৰেমৰ কথা কওঁতে তাইৰ নাম লয়
ত্যাগৰ কথা পাতোতে সন্মুখত ছবি এখন আঁকি থয়
কথাবোৰ কৈ তেওঁলোকে কয় জয়া নাই
চকুৰ আগতে তাই থাকে কোনেও দেখা নাপায়
জেৰেঙাতে জুপুকা মাৰি বহি থাকে কথাবোৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!