লাচী- নাজিয়া হাচান

গ্ৰীষ্ম দিনবোৰৰ এয়া আৰম্ভণি৷ বতৰৰ পৰিৱৰ্তনে আমাৰ খোৱা-লোৱাৰ ক্ষেত্ৰত বিশেষ ভাবে প্ৰভাৱ পেলায়৷ সু খাদ্যাভ্যাস হ’ল সু-স্বাস্থ্যৰ ভেটি৷ বতৰৰ পৰিৱৰ্তনসমূহ ধ্যান ৰাখি খাদ্যসমূহৰো আমি সালসলনি কৰা খুব প্ৰয়োজন৷

গৰমৰ দিনবোৰত গোটা খাদ্যতকৈ পানীয় খাদ্য বেছি খোৱাটো উপকাৰী৷ শাক পাচলিৰ ভিতৰত এই সময়খিনিত লাও, তিয়ঁহ, জিকা আদি খোৱাটো উচিত৷ তিয়ঁহ দীঘলকৈ কাটি অকণমান কলা নিমখ লগাই খাবচোন শৰীৰ সতেজ লাগে৷ লাও মই প্ৰায়ে মছুৰ বা বুটৰ দাইলত দি সিজাই খাওঁ৷ দাইলখন খাবলৈও তেতিয়া বৰ সোৱাদ হয় লগতে পাচলিবিধো সকলোৱে হেঁপাহেৰে খাই৷

আমাৰ বহুতৰে ল’ৰা ছোৱালীয়ে গাখীৰ খাবলৈ বৰ বেয়া পায়৷ মোৰ ছোৱালীহঁতো তেনেকুৱাই৷ সেয়ে ঘৰতে মাটিৰ টেকেলিত দৈ বনাই মিক্সিত কেতিয়াবা চেনি দি মিঠা লাচী নাইবা নিমখীয়া লাচী তৈয়াৰ কৰি দিওঁ৷ তলত ঘৰতে মই তৈয়াৰ কৰা লাচী দুবিধৰ ৰেচিপি প্ৰণালী আগবঢ়ালো৷ আশাকৰোঁ আপোনালোকেও এই ৰেচিপিটোৰ সোৱাদ ল’ব৷

নিমখীয়া লাচী: পদিনাৰ পাত, ভজা গুড়ি জিৰা, অকণমান ক’লা/বগা নিমখ, অকণমান জালুক গুড়ি দৈখিনিৰ সৈতে অলপ পানী দি মিলাই লৈ সামগ্ৰীখিনি ভালকৈ মিক্সিত মাৰি ল’ব৷ শেষত বৰফ মিলাই পৰিবেশন কৰিব৷

মিঠা লাচী: এইবিধ লাচী একেবাৰে সহজ৷ মিক্সিত দৈ খিনিৰ সৈতে মিঠা হোৱাকৈ চেনি অলপ দি সামগ্ৰীখিনি মিহিকৈ পানী মিলাই পিহি ল’ব৷ আৰু শেষত গিলাচত লৈ এটুকুৰা বৰফৰ সৈতে পৰিবেশন কৰিব৷

সৰু ল’ৰা ছোৱালীৰ লগতে সকলোৱে ভালপোৱা এবিধ গ্ৰীষ্ম কালৰ সহজ আৰু খুব উপকাৰী ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়ালো, লগতে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু সকলোৰে সু-স্বাস্থ্য, সু-মানসিকতা কামনা কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!