লিমাৰিক (প্ৰণৱ জ্যোতি ভূঞা)

প্ৰণৱ জ্যোতি  ভূঞা

১)
পবিত্র বৃত্তিৰে সমাজত তেওঁ হ’ল সাংবাদিক
ঘৰত বহি বাতৰি সাজে সাংঘাতিক সাংঘাতিক
চৰকাৰৰ উন্নয়ন
মন্ত্রীৰ পকেটৰ ধন
চৰকাৰী প্রশস্তিত ৰাইজৰ হেৰায় দিক-বিদিক

২)
সন্ত যেন আমাৰ মন্ত্রী মহাশয় কৰে সমাজ সেৱা
ৰাইজে দেখাই নাপায় (পদুলিত) দালালৰহে অগা-ডেৱা
হাতত নাই ধন-বিত
(এৰা) কি যে তেওঁ নিমাখিত
পত্নীৰ একাউন্টতহে টকাৰ ভৰত থাকিবও নোৱাৰে হাৱা

Don`t copy text!