লৃগাং( -নিবিড় অনুৰাগ মানস)

লৃগাং
-নিবিড় অনুৰাগ মানসflute

পুৰাঙৰ ৰাগি লাগি
শিমলু ফুলে
ফাগুণৰ দুষ্ট চাৱনিত মাতাল হৈ
কোনেনো অইনিতমৰ সুৰ এটি তোলে!
ভাঁহি আহে ঢোলৰ মাত
পানৈহঁতে নাচি উঠে তৰাপাতৰ গাঁত
নিলাজ হাঁহিৰ ৰং লাগি
বলীয়া হয় মোৰ হাতৰ বাঁহ বাঁহী
চৌপাশে ৰিবি গাচেং আৰু মিবু গালুকৰ
চিনাকি ছবিৰ তাজমহল হাঁহি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!