শইকীয়া বেকাৰী আৰু পঞ্চাশটকাটো (- দেৱীকা ফুকন )

কমবয়সতে হাতত বজাৰৰ মোনা লৈ আলু-পিয়াঁজ কিনিবলৈ শিকিছিলোঁ । তৃতীয় শ্রেণীত থাকোতেই দেউতাক অকালতে হেৰুৱাবলগীয়া হোৱাৰ বাবে মাছৰ বজাৰৰ পৰা আৰম্ভ কৰি সকলোবোৰ নিজেই কৰি খাবলৈ মায়ে সৰুৰে পৰা শিকালে । বজাৰৰ সংগী আছিল ডাঙৰ বাইদেউৰ পুৰণা BSA SLR চাইকেলখন । চাইকেলৰ হেণ্ডেলত গধুৰ আলু-দাইল-চাউলৰ মোনা বেলেঞ্চ কৰি চলাবলৈ শিকি শিকি দশম শ্রেণী পালোহি ।
একাদশ শ্রেণীত অসমীয়া মাধ্যম এৰি ইংৰাজী মাধ্যমত পঢ়িবলৈ সৰু বাইদেউৱে বাধ্য কৰালে । মানে, মই বুৰঞ্জী , অৰ্থনীতি –এই সকলোবোৰ ইংৰাজীত পঢ়িব লাগিব ! “কেনেবাকৈ ফাৰ্ষ্ট ইয়েৰতে ফেইল কৰিলে তয়েই জগৰীয়া হ’বি “ বুলি সৰুবাইদেউক কৈ নতুন কলেজলৈ গ’লো । লগতে আৰম্ভ কৰিলো ইংৰাজী গ্রামাৰৰ টিউশ্বন । এইবাৰ সংগী এখন নতুন লেডী বাৰ্ড, মোৰ নিজৰ ।
পঢ়াৰ মাধ্যম সলনি হ’ল, চাইকেলো সলনি হ’ল । একেই থাকিল কেৱল বজাৰ কৰা কামটো । সন্ধিয়া টিউশ্বন ছুটিৰ পাছত বৰ্ডিং ফিল্ডৰ কাষৰ শইকীয়া বেকাৰীত সোমাই পিছদিনা পুৱাৰ বাবে ব্রেড কিনাটো একেবাৰে ৰুটিনৰ নিচিনা সেইসময়ত ।

এনেকুৱা এটা দিনতে মায়ে বজাৰৰ দীঘল লিষ্ট এখন লিখি টিউশ্বনৰ বেগতে টকাৰে সৈতে ভৰাই দিলে । টিউশ্বনৰ পৰা ওলাই অহাৰ আগতে লিষ্ট খন পঢ়ি চালো । কুছিয়াৰ পৰা আৰম্ভ কৰি চেণ্ট্রেল মাৰ্কেটৰ চাহাদোকানৰ পৰা সৰু মচুৰ দাইল, চাহপাত, কাবেলী বুট, চাৰ্ফ আদি কৰি পোন্ধৰটামান বস্তু । লিষ্টত টিউশ্বনৰপৰা ওলাই পোনেই পোৱাবিধ হৈছে শইকীয়া বেকাৰীৰ ব্রেড-বাটাৰ । মায়ে দি পঠিওৱা পইছাৰ পৰা পঞ্চাশটকা এটা সোঁহাতে আৰু বজাৰৰ লিষ্টখন বাঁওহাতত লৈ বাকীখিনি পইছা পেঞ্চিল বক্সৰ তলীত ভৰাই থলো । তেতিয়া আমাৰ মানত সেইটোৱেই টকা লুকুৱাই ৰখাৰ বাবে সুৰক্ষিত স্থান । নহ’লে য’তে-ত’তে অকল চোৰকেই পাওঁ ।
চাইকেলখন ছাৰৰ পদূলি পাৰ হোৱাৰ লগে লগেই হেণ্ডেলৰ পৰা হাত এৰি দিওঁ । মোৰ লগত টিউশ্বনলৈ যোৱা লগৰী আৰু মই হাত এৰি চাইকেল চলাবলৈ প্রেক্টিছ কৰোঁ সদায় । ফুকননগৰৰ মথাউৰীৰ কাষৰ টিউশ্বনৰ ঠাইখিনি স্ট্রিট লাইটৰ পোহৰত মায়াবী হৈ পৰে । আৰু সেইটো সময়ত হাত এৰি পেডেল মাৰি যেন বিশ্ব জয় কৰোঁ । হঠাৎ সন্মুখৰ ফালৰ আন্ধাৰ গলি এটাৰ পৰা একেবাৰে ঢিমা পোহৰৰ লাইট জ্বলাই পুৰণা বাজাজ চুপাৰ এখন ওলাই আহিল । লগৰজনীৰ ব্রেকে কাম নকৰাত কোনোমতে ভৰি চোঁচোৰাই খালত নপৰাকৈ ৰ’লগৈ । মোৰ নতুন চাইকেল । ক্রিছ্ শব্দ কৰি ৰাজকীয়ভাৱে ৰৈ গ’লো । হ’লে কি হ’ব , ভয় অলপ খালো ! হেণ্ডেল এৰি নচলাওঁ বুলি হাত দুখন হেণ্ডেলত থ’লো । হাতত লৈ থকা বজাৰৰ লিষ্ট আৰু পঞ্চাশটকাটোৱে জটৰ-পটৰ লগালে । লিষ্টৰ বস্তু কেইটা যিহেতু মুখস্হই হৈছিল, সেয়ে লিষ্টখন মেলাচকৰ তিনিআলিৰ কেকুঁৰীটোতেই দলিয়াই দিলো ।
বৰ্ডিংফিল্ড পাৰ হওঁতেই কাৰেণ্টটো গ’ল । Govt. boys ৰ কাষত ঘূগুনী বিকা মানুহজনেহে যেন কেৱল তেওঁৰ লেম্পটোৰে শিৱসাগৰখন পোহৰাই আছে ।কাষেদি পাৰহৈ যাওঁতে ঘূগুনীৰ ফুৰফুৰিয়া গোন্ধ নাকত লাগিলহি । লগৰজনীক ক’লো- “আজি লাজ নকৰোঁ দেই, শইকীয়াৰ পৰা ওলাই লৈ খামেই । চিনাকী মানুহে দেখিলেও দেখিব ।” মনতে ভাবিলো, ব্রেডত দহ টকা, বাটাৰত ওঠৰ টকা । হৈ যাব , পাঁচ টকাকে দুজনীলৈ দুই প্লেট ।
বেকাৰীখনত চানাৰ বৈয়ামৰ ওপৰতে মম জ্বলাই লৈছে । কি কি লাগে কৈ দাম সুধিলো । আঠাইছ টকা । “ দুটকাৰ এক্লেয়াৰছ্ দি দিয়ক ।“ চেলছ্ মেন জনক ক’লো । এই যে দুটকা এটাৰ কাৰণে মানুহবোৰে কেৰ্-জেৰ্ কৰি থাকে আৰু দোকানীয়েও যে দহমিনিটমান খুচুৰা নাই বুলি ৰখাই থয় , মোৰ বৰ খং উঠে । সেয়ে নিজেই মৰ্টন, ছেফটি পিন, জুইশলা আদি কিনি পইছাটো মিলাই দিওঁ । ভাল লাগে ।
হাতৰ মুঠিৰ পৰা পঞ্চাশ টকাটো মানুহজনলৈ আগবঢ়াই দিওঁ । হাৰে ! মমৰ পোহৰত মই কিবা কিবি দেখা নাইতো ! এইখন দেখোন বজাৰৰ লিষ্টখন । তেন্তে পঞ্চাশটকাটো?? মেলাচকৰ তিনিআলিৰ আন্ধাৰত কি দলিয়ালো তেন্তে ?
বেকাৰীত ভীৰ কৰি থকা মানুহবোৰে লিষ্টখন আগবঢ়াই দিয়া দেখে বুলি খপ্-জপ্ কৈ হাতখন কোঁচাই আনিলো । বিস্কুটৰ চেল্ফকেইটাৰ আঁৰলৈ বেগটো খুলি পেঞ্চিল বক্সটো উলিয়াই ল’লো ।
ভাগ্য ভাল , সেইদিনা কাৰেণ্ট নাছিল !!
বজাৰ কৰি উভটি যাওঁতে পুনৰ মেলাচকৰহৈ এপাক গ’লো । কিজানি ….! ঠাণ্ডা দিন, মানুহো বেছি নাছিল; সেয়ে আশা এটা আছিল । চাইকেলৰ ছেইন পৰা যেন দেখুৱাই ইফালে-সিফালে চালোঁ , নাই ! কাষেদি চুলাই খাই হালি-জালি গাই গাই পাৰ হৈ গ’ল- ‘ চল গ’ৰী লেই যাব তোকে মোৰ….’ । লগৰজনী অলপ বেঙী আছিল । মোক ক’লে –‘ইয়াকে সুধি চাওঁ নি, পঞ্চাশটকা এটা পাইছিলিনি বুলি ?’ মই চাইকেলৰ পেডেলত ভৰি থৈ তাইক ক’লো- “ চল গ’ৰী লেই যাব তোকে মোৰ গাৱঁ….” ।
————————————-

3 thoughts on “শইকীয়া বেকাৰী আৰু পঞ্চাশটকাটো (- দেৱীকা ফুকন )

  • July 19, 2014 at 12:03 am
    Permalink

    Borhiya lagil…

    Reply
  • July 19, 2014 at 9:40 am
    Permalink

    ek minitor ata hompurno golpo…xundor

    Reply
  • March 18, 2015 at 3:27 pm
    Permalink

    Khub bhal lagil.sivasagar khon sakur agot jiliki uthil…..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!