শগুণ : বিলুপ্তিৰ মুখত আন এটা প্ৰজাতি (নিশাংক মিলন)

মানুহৰ অদূৰদৰ্শিতাই এটা প্ৰজাতিক কিদৰে বিলুপ্তিৰ মুখলৈ ঠেলি দিব পাৰে তাৰ এটা অন্যতম উদাহৰণ হ’ল শগুণ। মাত্ৰ দুই দশক আগলৈ ভাৰতত প্ৰায় ৪০ নিযুত শগুণ আছিল। কিন্তু বৰ্তমান এই সংখ্যা কমি আহি প্ৰায় ৬০,০০০ পাইছেহি আৰু ই দিনে দিনে ভয়ানক হাৰত হ্ৰাস পাইহে আহি আছে। ১৯৯৬-২০০৬ এই সময়চোৱা ভিতৰতেই শগুণৰ সংখ্যা ৯৭% হ্ৰাস হৈছিল। ইতিমধ্যেই আটাইতকৈ খৰকতীয়াকৈ সংখ্যা হ্ৰাস পোৱা প্ৰজাতিৰূপে পৰিগণিত হোৱা এই পৰিঘটনাটোক Asian Vulture Population Crash জনাজাত হৈছে।

প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত এই প্ৰজাতিটোৰ এনে বিপদজনক সংখ্যা-হ্ৰাসৰ কথা পোন-প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে ১৯৯৭ চনত যেতিয়া Bombay Natural History Society চমুকৈ BNHS ৰ এটা দলে ভৰতপুৰ, ৰাজস্থানৰ কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যানৰ এটা শগুণৰ জাকত অস্বাভাৱিকভাৱে যথেষ্ট কম সংখ্যক শগুণৰ উপস্থিতিৰ কথা লক্ষ্য কৰে। ২০০৭ চনৰ মাৰ্চ-জুন মাহৰ ভিতৰত BNHS ৰ মুখ্য গৱেষক ড. বিভু প্ৰকাশ আৰু তেওঁৰ সহযোগীসকলে চলোৱা এক সমীক্ষা অনুসৰি ২০০০-২০০৭ চনৰ ভিতৰত বগা পৃষ্ঠৰ শগুণৰ সংখ্যা বছৰি প্ৰায় ৪৩.৯ শতাংশ হাৰত কমি আহিছিল। ১৯৯২ চনৰ কেইবালাখো বগা পৃষ্ঠৰ শগুণৰ সংখ্যা ১১ বছৰৰ ভিতৰত কমি গৈ ১১,০০০ ৰ সীমা চুইছিল। তেনেদৰেই দীঘল ঠোঁটৰ শগুণৰ সংখ্যা ১৫ লাখৰ পৰা ৪৫,০০০ আৰু লাহী ঠোঁটৰ শগুণৰ সংখ্যা ৩৩,০০০ ৰ পৰা ১০০০ হৈছিলগৈ ২০০৯ চনলৈ। এই দুটা প্ৰজাতিৰ সংখ্যাৰ প্ৰায় ৯৭% হ্ৰাস হৈছিল এই সময়ছোৱাৰ ভিতৰত।

যদিওবা শগুণৰ এই অস্বাভাৱিক মৃত্যুৰ হাৰ ভৰতপুৰ অঞ্চলত ১৯৯৭ চনতে পৰিবেশ বিজ্ঞানীসকলৰ চকুত পৰিছিল, কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণৰ কথা বিজ্ঞানীসকলে জানিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাই ( peregrine fund ) পাকিস্তানত চলোৱা গৱেষণাৰ পৰাহে। বিজ্ঞানীৰ দলটোৱে পাকিস্তানৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১৬০০ শগুণৰ মৃতদেহ উদ্ধাৰ কৰি পষ্ট’মৰ্টেম কৰে। উক্ত গৱেষণাৰ ফলাফল আছিল অতি কৰুণ— ৮৫% শগুণৰ মৃত্যু হৈছিল renal failure আৰু এক ধৰণৰ বগা পেষ্ট’ জাতীয় পদাৰ্থ জমা হোৱাৰ বাবে দেহৰ বিভিন্ন অভ্যন্তৰীণ অংগসমূহ উখহি পৰাৰ ফলত। পিছৰ পৰ্য্যায়ত চলোৱা গৱেষণাত প্ৰকাশ পাইছিল যে শগুণৰ দেহত দেখা দিয়া এনে অভ্যন্তৰীণ বিসংগতিৰ কাৰণ আছিল পশু-চিকিৎসাত ব্যৱহাৰ হোৱা diclofenac নামৰ এক বিষ নিৰাময়কাৰী ঔষধ। যেতিয়া diclofenac-এৰে চিকিৎসা কৰা কোনো জন্তুৰ মৃতদেহ শগুণে ভক্ষণ কৰে তেতিয়া মৃত জন্তুৰ শৱদেহত ৰৈ যোৱা অৱশিষ্ট diclofenac-এ শগুণৰ দেহত বিষক্ৰিয়াৰ আৰম্ভ কৰে। তাৎক্ষণিকভাৱে ভক্ষক শগুণটোৰ দেহৰ পেশী আৰু আভ্যন্তৰীণ অংগসমূহত ইউৰিক এচিড জমা হ’বলৈ ধৰে আৰু ইয়াৰ ফলত অংগসমূহ উখহি উঠি শগুণটোৰ মৃত্যু ঘটে। গৱেষণাৰ পৰা জনা গৈছে যে diclofenac-যুক্ত জন্তুৰ মৃতদেহ ভক্ষণ কৰাৰ প্ৰায় ৭২ ঘণ্টাৰ ভিতৰতে শ্গুণসমূহৰ কৰুণ মৃত্যু ঘটে। লাহী ঠোঁটৰ, বগা পৃষ্ঠৰ আৰু দীঘল ঠোঁটৰ (slender billed, white rumped, long billed) প্ৰজাতিৰ শগুণে সাধাৰণতে মৃতদেহৰ অভ্যন্তৰীণ অংগ-প্ৰত্যংগ আৰু মাংসপেশী বেছিকৈ পছন্দ কৰে আৰু ইয়াতেই diclofenac ৰ অৱশিষ্ট বেছিকৈ জমা হৈ থাকে যিয়ে এই প্ৰজাতি কেইটালৈ ধ্বংসৰ বাতৰি কঢ়িয়াই আনিছে। গৱেষণাত প্ৰকাশ পোৱা মতে আনকি ১% মৃতদেহতো অৱশিষ্ট diclofenac উপস্থিত থাকিলেও ই শগুণৰ ওপৰত বিধ্বংশী প্ৰভাৱ পেলায়, কিন্তু diclofenac পশু চিকিৎসাত ইমান বহুলভাৱে ব্যৱহাৰ হয় যে প্ৰায় ১০% মৃতদেহতে ইয়াৰ উপস্থিতি ধৰা পৰিছে।

ভাৰতত ৯ প্ৰকাৰৰ শগুণ পোৱা যায়, যাৰ ভিতৰত ৫ টা Gyps প্ৰজাতিৰ এই ৫ টা প্ৰজাতিৰ ভিতৰত তিনিটা ক্ৰমে

– Gyps tenuirostris (slender billed)

– Gyps bengalensis (oriental white rumped) আৰু

– Gyps indicus (long billed)

ভাৰতৰ স্থায়ী বাসিন্দা আৰু এই তিনিওটাই বিলুপ্তিৰ সংকটত সংকটগ্ৰস্ত।

বিলুপ্তিৰ পথত দ্ৰুতগতিত আগবাঢ়ি যোৱা gyps প্ৰজাতিৰ শগুণ তিনিটাৰ বাবে শেহতীয়াভাৱে কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে আৱদ্ধ প্ৰজনন ব্যৱস্থাই (captive breeding)। BNHS ৰ মুখপত্ৰ হৰ্নবিল-ৰ এক ৰিপৰ্ট অনুসৰি তিনিযোৰ বগা পৃষ্ঠৰ আৰু পোন প্ৰথমবাৰৰ বাবে লাহী ঠোটৰ শগুণৰ বন্দী অৱস্থাত প্ৰজনন ঘটাই ইতিমধ্যেই পোৱালী জগাবলৈ সক্ষম হ’ব পৰা গৈছে। দেশৰ দুই স্থানত, ক্ৰমে পিঞ্জৰ-হাৰিয়ানা আৰু ৰাজাভাতখোৱা-পশ্চিমবংগত ইতিমধ্যে শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ স্থাপন হৈছে। অসমৰ ৰাণী আৰু মধ্যপ্ৰদেশত আন দুটা নতুন কেন্দ্ৰ স্থাপন কৰিবৰ বাবে প্ৰয়োজনীয় যো-জা আৰম্ভ কৰা হৈছে (ৰাণীৰ কেন্দ্ৰটোৰ কাম ইতিমধ্যেই সম্পুৰ্ণ হৈ উঠিছে)।

আবদ্ধ অৱস্থাত প্ৰজনন ঘটাই পোৱালি জন্ম দিয়াব পৰা বাতৰিয়ে শগুণৰ প্ৰজাতি কেইটাৰ বাবে কিছু আশাৰ বাতৰি কঢ়িয়াই আনিছে যদিও ই এই সমস্যাটোৰ স্থায়ী সমাধান নিশ্চয় নহয়। তাৰোপৰি ই এক অত্যন্ত লেহেম প্ৰক্ৰিয়া শগুণ সাধাৰণতে একগামী প্ৰজাতি (monogamous) আৰু আৱদ্ধ অৱস্থাত ইহঁতক প্ৰতিপালন কৰা আৰু ইহঁতৰ প্ৰজনন ঘটোৱা এক যথেষ্ট কঠিন প্ৰক্ৰিয়া। বছৰি এবাৰহে শগুণে পোৱালি জন্ম দিয়ে আৰু পোৱালিসমূহ প্ৰজননক্ষম হ’বৰ বাবে চাৰি বছৰ সময় লাগে। তাৰোপৰি লাহী ঠোঁটৰ (slender billed) শগুণ যথেষ্ট দুৰ্লভ হোৱা বাবে ইহঁতৰ আবদ্ধ অৱস্থাত প্ৰজনন ঘটাই সংৰক্ষণ কৰাত কিমানদূৰ সফল হ’ব পৰা যাব ই এক বিচাৰ্য্য বিষয়। ইমানবোৰ অসুবিধাৰ স্বত্তেও ২০০৯ চনত লাহী ঠোঁটৰ শগুণৰ আৱদ্ধ অৱস্থাত প্ৰজনন ঘটাই দুটা পোৱালী জন্ম দিয়াব পৰাটো নিসন্দেহে এক যথেষ্ট আনন্দৰ খবৰ। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ’ল যে আৱদ্ধ অৱস্থাত পোৱালী জন্ম দিয়াই ডাঙৰ কৰি শগুণ পোৱালীবোৰক মুক্ত পৰিবেশত এৰি দিলেও চৌপাশৰ diclofenac যুক্ত বিষাক্ত পৰিবেশত সিহঁত কিমানদিন বাচি থাকিব সক্ষম হ’ব?

slender billed শগুণৰ প্ৰজাতিটোৱেই উপৰোক্ত তিনিওটা প্ৰজাতিৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত। প্ৰধানকৈ অসম আৰু পশ্চিমবংগৰ উত্তৰ অঞ্চলত পোৱা এই প্ৰজাতিটো বৰ্তমান ভাৰতৰ বাঘতকৈও অধিক সংকটাপন্ন বুলি পৰিগণিত হৈছে। এই প্ৰজাতিটোৰ ভৱিষ্যত বহু পৰিমাণে আবদ্ধ প্ৰজনন প্ৰকল্পৰ ওপৰত নিৰ্ভৰ কৰিছে যদিও এটা প্ৰজাতিক আবদ্ধ অৱস্থাত প্ৰজনন ঘটাই জীয়াই ৰাখিবলগীয়া হোৱাটো নিশ্চয়কৈ জীৱশ্ৰেষ্ঠ মানুহৰ বাবে লাজৰ কথা। যিদিনা এই শগুণসমূহ মুক্তভাৱে এক মুক্ত পৰিবেশত জীৱন ধাৰণ কৰিবলৈ সক্ষম হ’ব সিদিনাহে আমাৰ প্ৰকৃত লক্ষ্য পূৰণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!