শনিবৰীয়া ধেমালি – ডাঃ পাৰ্থসাৰথি ভূঞা

: হেল্ল, ফটাফ’ন কাষ্টমাৰ কেয়াৰ?
: হয় ছাৰ, কওক আমি আপোনাৰ কিদৰে সহায় কৰিব পাৰো?
: কিডাল সহায় কৰিব হে? কি নেটৱৰ্ক চলাইছে এইবোৰ? ফোন এটা কৰিলে “টুত টুত“ মাৰি থাকে, আকৌ ভিডিও এটা চাব খুজিলে পিৰথিবিখন ঘূৰি থকাৰ নিচিনা ঘূৰিয়েই থাকে৷ তলা লগাই দিয়ক আপোনালোকৰ ফটাফ’ন৷
: আপোনাৰ অসুবিধা দূৰ কৰিবলৈ আমি নিশ্চয় চেষ্টা কৰিম কিন্তু আপুনি অনুগ্ৰহ কৰি “ নম্ৰতা “ৰে কথা পাতক৷
: ঠিক আছে, দিয়ক কোন “ নম্ৰতা“ তাইক ফোন৷ তাইকো জাৰিম আজি, টেমা গৰম হৈ আছে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!