শাওনৰ পথাৰ – ভাস্কৰজ্যোতি বৰা

নাঙলৰ সিৰলুত

ভৱিষ্যতৰ সোণগুটি,

এগুটি,দুগুটি,তিনিগুটি।

হালোৱাৰ পিঠিত

শাওণীয়া এজাক ৰ’দ,

ঘামৰ তিৰবিৰনি

এটোপ,দুটোপ,তিনিটোপ।

তৃষ্ণাত আতুৰ

হালোৱাৰ প্ৰাণ,

আকুল দুচকু,

কেতিয়া আহিব চেনেহী

এখুজি,দুখুজি,তিনিখুজি।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!