শাসকৰ ছাউনীত সত্যকামহঁত (দেৱব্রত গগৈ)

বুৰঞ্জীয়ে ঢুকি পোৱাৰ সময়ৰে পৰা ফঁহিয়াই চালে গম পোৱা যায় যে ভাৰতীয় শাসন ব্যৱস্থাৰ বাহ্যিকভাবে পৰিৰ্ৱতন হৈছে কিন্ত ইয়াৰ শাহটো একেই আছে । আনকি দুশ বছৰীয়া বৃটিছ শাসনৰ সময়তও ইয়াৰ বিশেষ পৰিৰ্ৱতন হোৱা নাছিল । ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰ এই উভয় শাসন ব্যৱস্থাত শাসকে নিয়াৰিকৈ শাসন কাৰ্য্য চলাই নিবলৈ সদায়েই এচাম মানুহৰ সহায় ল’বলগীয়া হয় । চন্দ্ৰগুপ্তৰ শাসন নিয়াৰিকৈ চলাই নিবলৈ চাণক্য বা ৰাক্ষসৰ দৰে ব্ৰাহ্মণ ব্যক্তি যেনেদৰে আছিল , আকবৰৰ শাসন কপকপীয়া কৰিবলৈ আছিল বৈৰামখাঁৰ দৰে উপযুক্ত লোক । অসমত আহোমৰ শাসনও বহুসময়ত তিনিজনা গোহাঁইয়েই চলাই নিছিল । বুৰঞ্জীত লিখা আছে যে তিনিজনা গোহাঁইয়ে সাধাৰণতে আনুষ্ঠানিক বৈঠকত নবহিছিল আৰু বহিলেই ৰাজ্যখনত এক বিৰাট পৰিৰ্ৱতনৰ আগজাননী পোৱা গৈছিল , আনকি সেই বৈঠকৰ পাছতে কোনোবা স্বৰ্গদেউৰ গাদী পৰ্য্যন্ত থৰক-বৰক হৈছিলগৈ ।

কাল আৰু পাত্ৰৰ পৰিৰ্ৱতন হৈছে কিন্ত ব্যৱস্থা প্ৰায় একেই আছে । স্বাধীনোত্তৰ ভাৰতৰ কেন্দ্ৰ তথা ৰাজ্যত শাসকৰ সঘন সলনি হৈছে যদিও প্ৰতিটো শাসকীয় দলত নিয়াৰিকৈ শাসনকাৰ্য্য চলাই নিবলৈ অৰ্হনিশে সাজু থাকে প্ৰখৰ বুদ্ধিসম্পন্ন প্ৰশাসনীয় সেৱাৰ বিষয়াসকল । শাসনৰ গাদীত ৰাজনৈতিক দল সলনি হয় কিন্ত সলনি নহয় এই বিষয়াসকল । প্ৰতিজন বিষয়াই অন্ততঃ তিনিটা দশক একেলঠাৰিয়ে দেশ আৰু ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোত প্ৰভাব বিস্তাৰ কৰি থাকে । প্ৰতিটো বিষয় আৰু বিভাগৰ তথ্য-জ্ঞান এখেতসকলৰ নখ দৰ্পনত । দেশত গণতান্ত্ৰিকভাবে প্ৰতিষ্ঠিত সংবিধানখনৰ প্ৰতি শ্ৰদ্ধাশীল এইসকল বিষয়াই শাসকৰ স্বাৰ্থত যাতে আঘাত নপৰে তাৰ বাবে সদাপ্ৰস্তুত হৈ থাকে । জনসাধাৰণৰ বাবে কাৰ্য্যকৰী হবলগীয়া সকলো পৰিকল্পনা , আঁচনি আৰু প্ৰতিটো ভাল বেয়া ঘটনাৰ পৰৰ্ৱতী পদক্ষেপ নিৰূপণ কৰে এই প্ৰভাৱশালী বিষয়াসকলেই । আচল কথাত দেশৰ শাসন যন্ত্ৰটোৰ মূল চালিকা শক্তি হয় এওঁলোক ।

অসমৰে এজন বিখ্যাত প্ৰশাসনিক বিষয়াই ( যিজন এতিয়াও কৰ্মৰত ) এবাৰ এজন উদ্ধত ৰাজনীতিকক ঘটনা প্ৰসংগত কৈছিল – “ আপুনি অমুক সমষ্টিৰ পৰা elected আৰু মই সমগ্ৰ ভাৰতবৰ্ষৰ পৰা selected.” । অনা-অসমীয়া কিন্ত অসমৰ পৰা নিৰ্বাচিত সেই ৰাজনীতিকজন সেইফালেই ভেচভেচীয়া হৈ পৰিছিল । প্ৰশাসনিক বিষয়াসকলক বহুসময়ত নিজৰ আলধৰা লিগিৰা বুলি গণ্য কৰা আমাৰ দেশৰ ধুৰন্ধৰ ৰাজনীতিকবোৰে মেধাৰ ফালৰ কেতিয়াও এই বিষয়াসকলৰ সমকক্ষ নহয় যদিও বিষয়াসকলে সৃষ্টি কৰা ভাল ভাল পৰিকল্পনাবোৰ নিজৰ বুলি জনসাধাৰণৰ মাজত প্ৰচাৰ চলাবলৈ এইচাম নোম টেঙৰ আৰু স্বাৰ্থপৰ ৰাজনীতিকক কেতিয়াও বিবেকে আমনি নকৰে । অপ্ৰিয় সত্য কথাটো হল দেশৰ প্ৰশাসনিক বিষয়াসকলে আমাৰ ৰাজনীতিকসকলৰ যিমান নগ্নৰূপ আৰু মুৰ্খামি দেখিছে বা জানে সিমান হয়তো আন কোনেও দেখা নাই । সৰ্বশিক্ষা , ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান আদিৰ দৰে জনসাধাৰণৰ বাবে অতি ফলপ্ৰসু বুলি বিবেচিত হোৱা ভাল ভাল আচঁনিবোৰ আচলতে দেশৰ একাংশ শিক্ষাবিদ , চিকিৎসক , সমাজবিজ্ঞানী আৰু ওপৰত আলোচিত মেধাসম্পন্ন আৰু দূৰদৰ্শী প্ৰশাসনিক বিষয়াসকলেই সাজিছে কিন্ত শাসনত থকা শাসকসকলে আমাৰ মাজত এনে প্ৰচাৰ চলায় যেন তেওঁলোকেহে এইবোৰ দেশৰ নাগৰিকৰ বাবে কৰি উলিয়াইছে আৰু সেয়ে যুগ যুগ ধৰি দেশৰ ভোটাৰে তেওঁলোকক ভোট দি শাসনৰ গাদীত বহুৱাই ৰাখিব লাগে । আমাৰ অসম মুলুকৰ শাসকসকল এইক্ষেত্ৰত একাঠি চৰা । স্বাস্থ্য অভিযানৰ অন্যতম অংশ ১০৮ নামৰ চিকিত্সাপ বাহনখনৰ সৰ্ম্পকত এনেদৰে প্ৰচাৰ চলোৱা হৈছে যেন অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে নিজৰ চন্দুকৰ ধন খৰছ কৰিহে সেই বাহনবোৰ ক্ৰয় কৰিছে এনে লাগে ।

দেশৰ শাসন ব্যৱস্থাত ইমান বিশাল সংখ্যক মেধা সম্পন্ন প্ৰশাসনিক বিষয়া জড়িত হৈ থকাৰ পাছতো ভাৰতৰ প্ৰায় সত্তৰ শতাংশ নাগৰিকৰ জীৱনধাৰণৰ পৰিৱেশ আৰু প্ৰণালী আজিও কিয় অত্যন্ত পিছপৰা হৈ আছে বাৰু ? অৱস্থাপন্ন নাগৰিকসকলেও কিয় বাৰু নানানটা ৰাজহুৱা আৰু সামাজিক সমস্যাৰ সন্মুখীন হবলগা হয় ? শাসন আৰু শাসকৰ লগত জড়িত হবলৈ পোৱা এই আলোচিত প্ৰশাসনিক বিষয়াসকলৰ সৰহভাগেই দেশৰ মধ্য আৰু নিম্নমধ্যবিত্ত পৰিয়ালৰ পৰা যোৱা ব্যক্তি । ব্যক্তিগত প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ পৰা তেওঁলোক মুক্ত নহয় আৰু সেয়ে হয়তো চৰকাৰী চোৰাংচোৱাই কেতিয়াবা কোনো প্ৰশাসনিক বিষয়াৰ ঘৰত তালাচী চলাই অবৈধ উৰ্পাজনৰ শ শ কোটি টকা বিচাৰি পায় । শাসকক শাসন চলোৱাত সহায় কৰাৰ বিনিময়ত তেওঁলোকেও ৰাজকোষৰ ধন লুট কৰে দেশৰ ধুৰন্ধৰ ৰাজনীতিকৰ কান্ধত কান্ধ মিলাই । জনসাধাৰণৰ সমস্যা তেওঁলোকৰ বাবে তুচ্ছ হৈ পৰে আৰু ব্যক্তিগত প্ৰয়োজনীয়তাই আগস্থান পায় । আনহাতে ইয়াৰ বিপৰীতে আন এচাম বিষয়াৰো উদাহৰণ দিব পাৰি যিসকলে অনীতিৰ বিৰোধ আৰু প্ৰতিবাদ কৰিবলৈ গৈ নিজৰ প্ৰাণ পৰ্য্যন্ত হেৰুৱাব লগাত পৰিছে । বিশেষকৈ দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকৰ কাম কাজক বিৰোধ কৰিলেই এই সৎ বিষয়াসকল নানানটা আহুকালৰ মাজত পৰেগৈ ।

ভ্ৰাতৃপ্ৰতিম বন্ধু সত্যকাম দত্ত আৰু অসমৰ আন চাৰিজন মেধাবী যুৱক-যুৱতীয়ে এইবাৰৰ প্ৰশাসনীয় সেৱা পৰীক্ষাত সফল হোৱাৰ পাছতেই এইধৰণৰ চিন্তাবোৰ মনলৈ আহিছে । আনবছৰৰ দৰেই ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে তেওঁলোকৰ ফলাফলক লৈ । অসম আৰু অসমীয়াৰ স্বাৰ্থক আগত ৰাখি এওঁলোকে নিজৰ কাম কৰি যাব বুলি আমি আশাবাদী । এওঁলোকে অসমৰ বাবে কিবা ভাল পদক্ষেপ ললেও আমাৰ কাণত যে পৰিবহি সেইটোত সন্দেহ আছে কাৰণ আদবাটতে এই কৃতিত্বৰ সৰ্ম্পূণ ভাগ কাঢ়িবলৈ আমাৰ ধুৰন্ধৰ ৰাজনীতিকবোৰ সদায় ৰৈ থাকিবই । তথাপিও নিজৰ সীমাবদ্ধতাৰ মাজতেই তেওঁলোকে জাতিটোৰ হকে ভাল পদক্ষেপ লব বুলি আশা কৰিলো ।

————***—————–

“সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব আৰু ক’ব পৰাটোৱে আজিৰ যুগৰ শ্রেষ্ঠ সাহিত্য।” – লক্ষ্যধৰ চৌধুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!