শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১৭ – (নিবেদিতা বৰি)

“শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১৭”

(নিবেদিতা বৰি)
নিকেতন সপ্তাহৰ সংগীত প্ৰতিযোগিতাখন পূৰ্ণোদ্যমে চলি আছে। “বালক শাখাৰ” প্ৰতিযোগিতা বিশেষ আকৰ্ষণীয় হৈছে। বৰগীত, লোকগীত, সুগম সংগীত আদি প্ৰতিযোগিতা সমূহত ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণীয় ভাৱে পৰিৱেশন কৰিছে।পুৱা ১০ বজাত হোৱা প্ৰতিযোগিতাসমূহৰ ফলাফল পিছবেলা ৫ বজাত ঘোষণা কৰা হ’ল।প্ৰতিযোগিতাৰ শেষত অধ্যক্ষ, বিচাৰকক বিদায় দি আচাৰ্য্য সকলে বস্তু সামৰাত ব্যস্ত হৈ থাকোঁতে এজন অভিভাৱক আহি হুলস্থুল লগাই দিলে।তেওঁৰ ভাষ্য—“নিকেতনৰ ভিতৰ চ’ৰাত গেজু চলিছে। মোৰ ছোৱালীজনীয়ে তিনিওটা বিভাগতে প্ৰথম হৈছে বুলি এজন বিচাৰকে কৈছিল।পিছে ফলাফল ঘোষণাত মোৰ ছোৱালীয়ে দুটা বিভাগত প্ৰথম আৰু দ্বিতীয় স্থান পাইছে, সুগম সংগীত প্ৰতিযোগিতাতচোন প্ৰথমটো বাদেই তৃতীয় স্থান পাবলৈও সক্ষম নহ’ল।মোৰ ছোৱালীক অন্যায় কৰিছে ; ইমান অন্যায় ভাল নালাগে…..মই এই কথাটো এৰি নিদিওঁ, বিচাৰ ল’ব লাগিব….কাৰণ বিচাৰকজন সাক্ষী আছে|” আচাৰ্য সকলক হতভম্ব কৰি অভিভাৱকজনে হুলস্থুল, চিঞৰ-বাখৰ কৰি থাকিল।জুপিতৰাই অভিভাৱকজনক বুজাবলৈ যত্ন কৰিছে কিন্তু তেওঁ বুজিব বিচৰা নাই।মানুহজনে কাৰো কথা নুশুনি নিজে গালি পাৰিবলগীয়াখিনি পাৰি গুচি গ’ল। অভিভাৱকজনো এজন শিক্ষক তদুপৰি তেখেত এজন ভাল গায়কো।সেইফালৰ পৰা চাবলৈ গ’লে তেখেতে হয়তো জানে গানৰ বিচাৰ কৰিব যাওঁতে প্ৰতিযোগীজনৰ উপস্থাপন, তাল, লয়, সামৰণিৰ উপৰিও সুন্দৰ কণ্ঠ তথা স্পষ্ট ভাষাৰে গীত পৰিবেশন কৰিব লাগিব।কিন্তু তেখেতৰ কথাত স্পষ্ট হ’ল যে নিজৰ সন্তানৰ দোষ-ত্ৰুটি তেওঁ দেখা পোৱা নাই। এই সংগীত প্ৰতিযোগিতা কেইখনত বিচাৰক আছিল তিনিজন।এজন বিচাৰকৰ বিচাৰত তাই হয়তো প্ৰথম স্থান পাইছিল, কিন্তু বাকী দুজনৰ বিচাৰত তাই হয়তো উপযু্ক্ত বুলি বিবেচিত নহ’বও পাৰে!তিনিজন বিচাৰকে দিয়া নম্বৰ যোগ কৰি পোৱা মুঠ নম্বৰৰ ভিত্তিতহে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।কেতিয়া কোন মুহুৰ্তত যে এই অভিভাৱকজনে টিপতে বিচাৰকজনৰ পৰা এই খবৰ জানি আহিছিল! পিছে আচাৰ্য সকলৰ বিচাৰকজনৰ ওপৰতহে খং উঠিল।বিচাৰকজনে অভিভাৱকজনক ভালৰি বোলাবলৈ গৈ নিজেতো বিপদত পৰিলেই লগতে নিকেতনৰ পৰিবেশো নষ্ট কৰিলে।কিন্তু ভাগ্যে বিচাৰকজনৰ ঘৰ বহু দূৰৈত আছিল যাৰবাবে অভিভাৱকজনে সিমানতে শান্ত হ’ব লগা হৈছিল আৰু আক্ষেপেৰে এদিন নিজৰ জীয়ৰীক বেলেগ স্কুলত নামভৰ্তি কৰি দিছিল। বিচাৰকজনৰ এই ভুলৰ বাবেই এনে এক পৰিস্থিতিৰ সৃষ্টি হ’ল ….
(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!