“শিক্ষকতা জীৱনৰ কিছু অনুভৱ – ১৮” (- নিবেদিতা বৰি)

 

এদিন শিৱানীক প্রধান আচার্যই মাতি আনি ক’লে – “আপুনি ডাঙৰ দায়িত্ব এটা বহন কৰক। এই কেইদিন অসম বন্ধ হৈ যোৱাৰ বাবে আমাৰ কাষৰীয়া বিদ্যালয়খনৰ “লোক নৃত্য” প্রতিযোগিতাখন পাতিবৰ বাবে বিচাৰকৰ প্রয়োজন হোৱাত আপুনি সংগীতৰ মানুহ হোৱা বাবে আপোনাকেই পঠাই দিবলৈ কৈ থৈ গৈছে। চুবুৰীয়া স্কুল, সহায় কৰি থৈ আহক আৰু!”দায়িত্বত বান্ধ খাই শিৱানীয়ে একো উৱাদিহ নাপালেও দায়িত্ব পালনৰ বাবে তাই সাজু হ’ল যদিও লোক-নৃত্য প্রতিযোগিতাৰ বিষয়বস্তু নাজানে, বিচাৰকৰ নিমন্ত্রণী চিঠিও পোৱা নাই। মাথোঁ গম পাইছে –“তেওঁলোকক সহায় কৰিব লাগে” ইমানেই।
শিৱানীৰ দৰে অকস্মাতে বিচাৰি অনা আনজন বিচাৰক সত্ৰীয়া নৃত্যৰ বিশাৰদ ৰঞ্জন বৰা। তেওঁ শিৱানীক ক’লে – “মই এফালে দৰকাৰী কাম এটাত যাবলৈ ওলাইছিলোঁ। কি বিষয় কি পৰিছে একো নাজানো মুঠতে মাতিছে জৰুৰী ভাৱে সহায় কৰি দিবলৈ। ওজা ছাৰৰ মুখলৈ চাইহে আহিছোঁ”।
প্ৰতিযোগিতাৰ আৰম্ভণিতে দুইজন বিচাৰকে আসন গ্ৰহণ কৰিলে। কিন্তু প্ৰতিযোগিতাৰ বিষয়বস্তু বিষয়ক কোনোধৰণৰ ছপা কৰা কাগজ নিদি বগা শুদ্ধ কাগজ এখনত লিখি দিলে বিচাৰকে বিচাৰ কৰিবলগীয়া বিষয়বস্তু সমূহ – লোকগীতত নৃত্য প্রদর্শন, লোকনৃত্যৰ যোগেদি পৰিবেশ সংৰক্ষণ তথা প্রকৃতিৰ ভাৰসাম্যতা ফুটি উঠিব লাগিব। আজিৰ প্রতিযোগিতাৰ বিজয়ী দল তিনিটাই কালিলৈ জিলা ভিত্তিত যোগদান কৰিব পাৰিব। শিৱানীয়ে মুঠতে এটা কথাই বুজি ল’লে হয়তো কোনো এটা অনুষ্ঠান বা চৰকাৰৰ ফালৰ পৰা আঞ্চলিক ভিত্তিত এই প্রতিযোগিতাখন আয়োজন কৰিছে আৰু কালিলৈ জিলা ভিত্তিত অনুষ্ঠিত হ’ব।
১২ খন মান বিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে এই নৃত্য প্রতিযোগিতাত যোগদান কৰিলে। শিৱানীৰ ভয় লাগি আছিল সংগীতৰ মানুহে নৃত্যৰ বিচাৰ কৰিবলৈ গৈ অসুবিধাত পৰিব লগা হয় নেকি! কিন্তু শেষত দুইজন বিচাৰকৰ বিচাৰৰ ফলাফলত বিশেষকৈ প্রথম, দ্বিতীয়, তৃতীয় স্থান পোৱা দলকেইটা একে হোৱা বাবে তাই নিজকে ধন্য মানিলে। কিন্তু শিৱানীহঁতৰ আচল বিপদ পিছতহে দেখা দিলে। ৰঞ্জন বৰাই হৈ যোৱা প্রতিযোগিতাৰ ভুল-ত্ৰুটি দেখুৱাই একাষাৰ ক’লে আৰু শিৱানীয়ে প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰিলে। প্রতিযোগিতাৰ অন্তত সকলো ঘৰাঘৰি যাবলৈ ওলাল। তেনেতে চাৰি-পাঁচজন শিক্ষকে শিৱানী আৰু ৰঞ্জনক আগুৰি তৰ্ক আৰম্ভ কৰি দিলে – “আপোনালোকৰ বিচাৰ
ভুল হৈছে। আপোনালোকে বিষয়টো ভালদৰে পঢ়ি নল’লে। এজন শিক্ষকে পকেটৰ পৰা কাগজ এখন উলিয়াই নিয়মসমূহ দেখুৱাই ক’লে — “ লোকনৃত্যৰ যোগেদি কর্মময় গ্রাম্যজীৱনৰ এখন চিত্র প্রদর্শন কৰিব লাগে। প্ৰকৃততে বিষয়টো এইটোহে আছিল। আপোনালোকৰ প্রথম হোৱা দলটো ঠিকেই নিৰ্বাচন কৰিছে কিন্তু এই প্রতিযোগিতাৰ নিয়ম অনুসাৰে নহ’ল”। শিৱানীৰ বেয়া স্বভাৱ এটা আছে- তাইৰ অলপতে খং উঠে। তাই আন্তৰিকতা বিহীন এখন প্রতিযোগিতাত বিচাৰকৰ আসনত বহি অশান্তি পাই আছিলেই তাতে এই নিয়মাৱলীৰ কাগজখন এতিয়াহে দেখুৱাব পাৰিলে। তাইৰ খঙটো উঠি আহিল।


প্রতিযোগীসকলক বগা কাগজত লিখি দিয়া নিয়মানুসাৰেহে যে বিচাৰ কৰিবলৈ কোৱা হৈছিল সেই কথা তেওঁলোকক অৱগত কৰা হ’ল আৰু তাই ক’লে – এই প্রতিযোগিতা পৰিচালনা কৰা শিক্ষকজনক বিচাৰি আপোনালোকে কথা পাতক। আমাৰ লগত পাতি একো লাভ নাই, এই যে নিয়মাৱলীৰ কাগজখন এতিয়া দেখুৱালে, বিচাৰকৰ আসনত বহি থাকোঁতে কিয় আমাক দেখুৱাব নোৱাৰিলে? এইবুলি কৈ শিৱানীহঁত গুচি আহিল। শিৱানীয়ে ঘৰলৈ আহি কাণত ধৰিলে এইদৰে হঠাতে পতা প্ৰতিযোগিতাত বিচাৰক আৰু নহয়। ইমান এটা ডাঙৰ প্রতিযোগিতা পাতিছে, ইয়াৰ প্ৰস্তুতি হয়তো এসপ্তাহমানৰ পৰাই চলি আছে, কোনো প্ৰতিযোগীয়েই এদিন বা দুদিনত ৰিহাৰ্চেল কৰি দলীয় নৃত্য প্রদর্শন কৰিব নোৱাৰে। তেন্তে প্রতিযোগিতাৰ অনুশীলন চলিছে যদিও বিচাৰকৰ কথাটোত গুৰুত্ব দিয়া নাই কিয়? শিৱানীহঁতৰ নিকেতনতেই কত প্রতিযোগিতা পাতে, কিন্তু এনেদৰে ধৰি নি কোনো লোকক বিচাৰকৰ দায়িত্ব দি পোৱা নাই। বহু সা-সন্মানেৰে বিচাৰকক নিমন্ত্ৰণ জনোৱা হয়, নিমন্ত্রণী পত্রৰ লগত বিষয়বস্তু নিয়মাৱলীসহ গাঁঠি দিয়া হয়, যাতে বিচাৰকে অসুবিধা নাপায়।
শিৱানীয়ে আজি অকস্মাতে পতা এই প্রতিযোগিতাৰ বিচাৰকৰ ভাৰ লৈ অন্তৰত অসহ্য বিষ লৈহে আহিব লগা হ’ল….

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!