শিক্ষাৰ্থীৰ সপোন আৰু দুৰাৰোগ্য ৰোগ (অজয় লাল দত্ত)

 

সম্পাদকলৈ চিঠিঃ
শিক্ষাৰ্থীৰ সপোন আৰু দুৰাৰোগ্য ৰোগ
(
১)
বৰ্তমানৰ সময়ত সকলোৰে বাবে স্বাস্থ্য এটা শ্লোগান যদিও হৈ উঠিছে, তথাপি ৰাজহুৱা স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰী পৃষ্ঠপোষকতাই সেই আশা পূৰণ কৰাৰ বাট এতিয়াও সুদূৰ পৰাহত৷ তথাপি অন্ততঃ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা আৰু লগতে সু-স্বাস্থ্য ৰক্ষাটো সুনিশ্চিত কৰাটো দেশৰ ভৱিষ্যত সু-নাগৰিক গঢ়াৰ বাটত অন্যতম প্ৰয়োজনীয় কথা৷
(
২)
ইলেক্ট্ৰনিক মেডিয়াৰ বহুল প্ৰচাৰৰ পাছত সতকাই দেখি থকা কিছুমান ঘটনাই মনবোৰ চুই যায়৷ সমাজৰ একোজনৰ এনে দু-ৰ্দিনত মেডিয়াৰ প্ৰচাৰ চলি থকা কেইদিনত ৰাইজে দান-বৰঙণি যোগায়৷ তাৰ পাছৰ সময়চোৱাত সেই সমস্যাত ভোগা সকলৰ কি হয়গৈ তাৰ আৰু কোনো খবৰ পোৱা নাযায়৷ তেনে ঘটনাৰবোৰৰ ভিতৰত অতি কুমলীয়া বয়সতে সপোন দেখিবলৈ আৰম্ভ কৰা বহুতো নিস্পাপ শিশুৰ দেহতো দুৰাৰোগ্য ৰোগ আৱিস্কাৰ হোৱাটোও এটা৷ তেনে আক্ৰান্তৰ বাতৰিয়ে শিৰোনামা দখল কৰে, অসমীয়া সমাজৰ ভিন্ন ব্যক্তি সংগঠনে কিছু সহায় আগবঢ়াবলৈ আগবাঢ়ি আহে, যিটোৰ শলাগ আমি লবই লাগিব৷ শিৱসাগৰৰ এগৰাকী কণমানিৰ জীৱনৰ এনে এক ঘটনা এই বছৰতে টিভিয়ে পোহৰলৈ আনি কিছু সকাহ দিয়াত সংশ্লিষ্ট সকলো পক্ষকে ধন্যবাদ জনাইছো৷

(৩)
এনে কিছু দুৰাৰোগ্য ৰোগৰ চিকিৎসা অসমৰ ভিতৰতে সম্ভৱ হৈ নুঠাৰ বাবে ভাৰতৰ ভিন্ন প্ৰান্তলৈ এনে শিশু বা ছাত্ৰ-ছাত্ৰীক লৈ পৰিয়ালে ঢাপলি মেলিব লগা হয়৷ এনে চিকিৎসা সাধৰণতেই এক দীৰ্ঘ-কালিন প্ৰক্ৰিয়া তথা বহু বেছি খৰছ সম্পন্ন হয়; সন্তানৰ জীৱন আৰু সপোনক ৰূপ দিবলৈ পিতৃ-মাতৃয়ে আপ্ৰাণ চেষ্টা কৰি আৰু সকলো দিশৰ পৰা সৰ্বশ্ৰান্ত হৈ পৰে৷ এনে সমস্যাৰে ভাৰাক্ৰান্ত হোৱা শিক্ষাৰ্থী মেডিয়াৰ চকুৰ আঁৰতো প্ৰতিখন জিলা, সদৰ বা ব্লক পৰ্যায়ত আছেই৷ গতিকে এক সু-চিন্তিত কৰ্ম-আঁচনিৰ জৰিয়তে যাতে অন্ততঃ কিছু বিশেষ দুৰাৰোগ্য ব্যাধিত পঢ়ি থকা কালতে আক্ৰান্ত হোৱা শিশু-কিশোৰ সকলৰ সকলো খৰছ চৰকাৰে বহন কৰাৰ ব্যৱস্থা কৰিব লাগে৷

দেশৰ আগশাৰীৰ চুপাৰ-স্পিচিয়েলিটি হস্পাতালৰ সতে চৰকাৰী বুজাবুজিৰ চুক্তিৰে চৰকাৰে সমুদায় বিল প্ৰদান কৰা তথা ৰোগীয়ে বিনাখৰচত এনে ৰোগৰ চিকিৎসা কৰা আৰু পাছলৈ খায় থাকিব লগা দৰৱ পাতিৰ খা-খৰচ পুনৰ পৰিয়ালক সময়ে সময়ে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব পাৰি৷ তাৰ বাবে প্ৰতিখন জিলা স্বাস্থ্য বিষয়াৰ নেতৃত্বত একোখন বিশেষজ্ঞ কমিটিয়ে ৰোগৰ প্ৰকাৰ, জটিলতা আদিৰ বিষয়ে বিশদ অধ্যয়ন কৰি এই আঁচনিৰ আধাৰত চিকিৎসা লাভ কৰিব লগা দুৰ্ভগীয়া শিক্ষাৰ্থী সকলৰ আবেদন অনুমোদন কৰিলে পৰিয়ালবোৰে সকাহ পোৱাৰ বাবে সুবিধাজনক হব৷

(৪)
এনে কিছু অতি কম বয়সতে এনে ব্যাধিত আক্ৰান্ত সকলৰ ব্যথা নিবাৰণৰ বাবে চৰকাৰী আঁচনিৰ প্ৰবৰ্তন কৰিবৰ বাবে বিভাগীয় মন্ত্ৰী-বিষয়া তথা সমাজ সচেতন ব্যক্তি সংগঠনৰ মাজত জনমত গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে৷ সংখ্যাত কম, অথচ বেছি জটিলতাৰ এনে শিক্ষাৰ্থীক এনে সকাহ দিয়াৰ বাবে উদ্যোগ ক্ষেত্ৰ তথা ট্ৰাষ্ট আদিৰ উদ্যোগতো এনে শিক্ষাৰ্থীৰ দীৰ্ঘ-ম্যাদি চিকিৎসাৰ সুনিশ্চিতকৰণ হলে বিপদগ্ৰস্ত পৰিয়াল সকলে সকাহ লাভ কৰিব পাৰিব৷

লগতে মেডিয়াৰ শ্বৰ বিষয় বস্তু হবলৈ নিবিচৰা নিৰৱ আত্ৰান্ত লোক সকলেও অথাই সাগৰৰ মাজতো এডাল খেৰকুটা বিচাৰি পাব বুলি আমাৰ দৃঢ-বিশ্বাস৷ লগতে জটিল ৰোগাক্ৰান্ত শিক্ষাৰ্থী সকলেও তেওঁলোকৰ অকালতে হেৰাই যাবলৈ ধৰা জীৱনৰ ৰংবোৰৰ মাজতো এক আশাৰ ৰেঙণি দেখিবলৈ পাব৷

এইকন সামাজিক নিশ্চিতি একোজন ভৱিষ্যত নাগৰিকৰ অন্যতম মৌলিক অধিকাৰ হোৱা উচিত বুলিয়েই ভাবো৷ সেয়ে পাঠক, সমাজ সচেতন ব্যক্তি, সংগঠনে স্পৰ্শকাতৰ এই বিষয়টোত যোগাত্মক দিহা তথা সহযোগিতা আগবঢ়াব বুলি আশাৰে সামৰিছো৷

বিনীত
অজয় লাল দত্ত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!