শিশুৰ বাবে মাতৃদুগ্ধৰ প্ৰয়োজনীয়তা (ডাঃ গীতা দত্ত)

আমাৰে মইনা শুব এ ,বাৰীতে বগৰী ৰুব এ …কাৰণো মনত নাই মাৰ সেই চিনাকি মাত ,মাৰ বুকুৰ সেই চিনাকি উম!! পৃথিৱীৰ সবাতোকৈ মৰমৰ ঠাই আইৰ বুকু। হে মাতৃ সকল ,আপোনাৰ মৰমৰ শিশুটিক আপোনাৰ দুগ্ধৰ পৰা বঞ্চিত নকৰিব। জন্মৰ প্ৰথম ছমাহ কেৱল আপোনাৰ বুকুৰ দুগ্ধ খুৱাওক, আপোনাৰ শিশুটিক বিভিন্ন ৰোগৰ পৰা বচাওঁক। মাতৃৰ দুগ্ধত শিশুটিৰ বাবে প্ৰয়োজনীয় সকলোখিনি সঠিক পৰিমাণত থাকে। প্ৰথম ছমাহ এটি শিশুৰ সুসাস্থ্যৰ বাবে মাতৃৰ দুগ্ধৰ বাহিৰে একো খাদ্যৰ প্ৰয়োজন নাই, আনকি পানীৰো। মাতৃৰ দুগ্ধত এটি শিশুক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পৰাকৈ antibodies ,immunoglobulins থাকে। যি শিশুক জন্মৰ পৰা প্ৰথম ছমাহ অকল মাতৃ দুগ্ধপান কৰোৱা হয়, সেই শিশু বিভিন্ন এলাৰ্জী, ডায়েৰিয়া ,বেক্টেৰীয়া আৰু ভাইৰাছৰ আক্ৰমণৰ পৰা বাচি থাকে। ইয়াৰ উপৰিও, মাতৃ আৰু শিশু দুয়োৰ বাবে বিভিন্ন কৰ্কত ৰোগৰ প্ৰতিশেষদকো বুলি প্ৰমাণিত হৈছে। দুগ্ধপানে কোনো ধৰণে নাৰীৰ দেহৰ সৌন্দৰ্য ম্লান নকৰে। আনকি, ভবিষ্যতো শিশুটিক Ulcerative colitis ,Chron’s disease , ডায়েবেটিচৰ পৰা বচাই ৰাখে। এটি শিশুক দুগ্ধপান কৰোৱাবলৈ প্ৰত্যেক সাস্ব্য কৰ্মকৰতাই মাতৃ সকলক অনুপ্ৰাণিত কৰা উচিত, সজাগতা গঢ়ি তুলিব লাগে। এগৰাকী মাতৃয়েও অতি গৰ্বেৰে আন দহগৰাকী মাতৃক অনুপ্ৰাণিত কৰক।  এতিয়া আহোঁ এটা গুৰুত্বপূৰ্ণ বিষয়লৈ। আজিৰ যুগত প্ৰায় সকলো নাৰীয়ে চাকৰি কৰে নতুবা বেলেগ ধৰণে স্বাৱলম্বী। বিভিন্ন কাৰণত ঘৰৰ বাহিৰলৈ যাব লগীয়া হয়, কেতিয়াবা শিশুটিক লগত লৈ যোৱা সম্ভৱ নহয়। তেনে স্থলতো শিশুটিক মাতৃ দুগ্ধৰ পৰা বঞ্চিত নকৰাৰ উপায় আছে। আজিকালি বজাৰত artificial breast pump কিনিবলৈ পোৱা যায়। ইয়াৰ দ্বাৰা মাতৃৰ দুগ্ধ স্তনৰ পৰা খুব সহজে উলিয়াই refrigerator ত ৰাখিব পৰা যায়। যি সময়ত শিশুৱে দুগ্ধপান নকৰে আৰু স্তনত ভৰপূৰ দুগ্ধপান নকৰে সেই সময়ত পাম্প দ্বাৰা দুগ্ধ উলিয়াব লাগে। Breast pump ভালকৈ গৰম পানীত ডুবাই sterilize কৰি লব লাগে। অৱশ্যে ,আজিকালি mini sterilizer বজাৰত পোৱা যায়। নিজৰ হাত আৰু স্তন পানীৰে ধুই পৰিষ্কাৰ কৰি দুগ্ধ পাম্প কৰি উলিয়াব লাগে। সৰু সৰু sterilized চিচাৰ বটলত থব পাৰি। সময় আৰু তাৰিখ লিখি লেবেল লগাই refrigerator ত থৈ যাওঁক। আমাৰ দেশৰ তাপমান অনুসৰি সাধাৰণ compartment ত ছয় ঘন্টালৈ ৰাখিব পাৰিব। প্ৰথমে পাম্প কৰা খিনি প্ৰথম খোৱাব। চেচাকৈ খোৱালেও একো অপকাৰ নকৰে। নহ’লে বটলতো অকণমান কুহুমীয়া পানীত ৰাখি room temperature লৈ আনি ল’ব পাৰে। মনত ৰাখিব জুইত কেতিয়াও গৰম নকৰিব, কাৰণ সকলো antibodies ধ্বংস হৈ যাব। সহজ কৰিবৰ বাবে আপুনি artificial warmer এটি ল’ব পাৰে। ই সঠিক তাপমানলৈহে বটল গৰম কৰিব। নিজেই alarm বাজি যাব। এতিয়া আপুনি হয়তো প্ৰশ্ন কৰিব ইমানবোৰ বস্তুৰ cost factor। সঁচা কথা ক’বলৈ গলে আপোনাৰ শিশুৰ বাবে বজাৰত পোৱা কৃত্ৰিম ভাবে তৈয়াৰী গাখীৰৰ পেকেট কিনিবলৈ এবছৰত যিমান ধন লাগিব, সিমানেই লাগিব এইখিনি কিনিবলৈ। কিন্তু, বিনিময়ত আপোনাৰ শিশুৱে পাব আপোনাৰ বিশুদ্ধ দুগ্ধ !! এই পদ্ধতি পাশ্চাত্য উন্নত দেশ সমূহত খুবেই জনপ্ৰিয়। তাত sterilized milk storage bags পৰ্যন্ত পোৱা যায়। এই পদ্ধতি আজিকালি আমাৰ মাতৃ সকলেও আদৰিছে। মনত ৰাখিব এটা কথা sterilization ত অৱহেলা নকৰে যেন !!

মাতৃ মমতাময়ী। দুগ্ধপান কৰোৱাওতে শিশুটিৰ সৈতে মাতৃৰ এক মানসিক সম্পৰ্ক স্থাপন হয়। প্ৰত্যেক মাতৃৰ দায়িত্ব এইয়া। ” Breastfeeding is a mother’s gift to herself, her baby and to the earth “Pamella K Wiggins”.

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!