"শিশু সাহিত্য বিশেষ" – একুৰি পোন্ধৰটি কণকলি বাংবিং (অঞ্জনা তামুলী)

মইনাহঁত , আজি মই তোমালোকক কবি সদাগৰৰ “একুৰি পোন্ধৰটি কণকলি বাংবিং” শুনাম দেই । এই একুৰি পোন্ধৰটি কণকলি বাংবিং হৈছে সঁফুৰা সাহিত্য সদনে ১৯৮৭ চনতে প্ৰকাশ কৰা কবি সদাগৰৰ কবিতা। আহাচোন আজি আমি সেই কবিতাকেইটানো কি কি পঢ়ি চাওঁ ।
১) জোনবাই, জোনবাই, বেছি দিন নাই
অহা শতিকালে তুমি থকা বাট চাই
মহাকাশ পাৰ হৈ
তোমাৰ কোলাতে গৈ
পিকনিক খামগৈ গোটেই মখাই।
২) শুনকচোন মাননীয় ডাক্তৰ ডাঙৰীয়া
অকণমানি ভন্টিৰ হৈছে নৰীয়া
নাজানো কিয় তাই
আইতাৰ ফালে চাই
চেৰেউ-ফেৰেউকৈ কান্দে দুপৰীয়া।
৩) ডাকোৱাল আহিছিল বিমানত উঠি
টপককে’ দি গ’ল এইখন চিঠি
মা, তুমি চোৱাচোন
লিখোতা বাৰু কোন
নে, দেউতাৰ ঠিকনাত চৰকাৰী নথি!
৪) চলাওঁ হেংদান মই শুকান মাটিত
সুযোগত উঠিমেই বাঘৰ পিঠিত
অ’ মা কোৱাচোন
মনপুতি শুনাচোন
কিমান শকতি লাগে হবলে’লাচিত!
৫) কিন্ বৰষুণ গোমা ৰাতিপুৱা
মিঃ পাতবেং কোনফালে যোৱা ?
‘নকৰিবা হৈ চৈ
যাওঁ, ৰেচন লবলৈ
গোটেই শীতৰ কাল একো নাই খোৱা।‘
৬) সাজি-কাচি ফিটফাট,যাম ডিজনীলেণ্ড
টিকট বিচাৰি পালোঁগৈ বাছ ষ্টেণ্ড
ড্ৰাইভাৰৰ হক কথা
‘বোপা, প্লেনত উঠা
আমাৰ বাছৰ সীমা মাথো নগালেণ্ড।‘
৭) শুনিছানে নাই-মিঃ কিং কং
মোৰ স’তে নোৱাৰা খেলিব পিং পং
যোৱাচোন তাতকৈ
চকীদাৰ তুমি হৈ
স্কুলৰ ঘন্টা বজোৱা টং টং।
৮) তিৰবিৰ তৰাবোৰ নাচে জাকপাতি
টুক্ টুক্ ককা যায় মেলি লৈ ছাতি
বাঢ়ি ভাত আইতাই
ৰৈ আছে বাট চাই
ককা গ’ল পুৱাতে কিনিবলে হাতী।
৯) ককা, কোনফালে যোৱা তুমি কৰি ইষ্টাইল ?
‘সোণ,মৰ্নিংৱাকত যাম সাত মাইল
যোৱা যদি ওলোৱা
বান্ধি লৈ টোপোলা
দেউতাৰৰ টেবুলৰ এমোনমান ফাইল।‘
১০) হঠাৎ বাজিল ঢোল ধমা-ধম্-ধম্
হাউচেৰে মানুহৰ হ’ল সমাগম
ঢুলীয়াই দিলে জান
ৰাইজ, শুনক পাতি কাণ
নিলামত বেচা হব আনৱিক ব‘ম !’
১১) জিলমিল জিলমিল লুইতৰ পানী
অকণমান জিলমিল দিয়া মোক আনি
জাকত জিলিকা হম
আজি মই পালোঁ গম
নিজক জিলিকাব পাৰি নানা কথা জানি।
১২) এক,দুই,তিনি,চাৰি আৰু পাঁচ
বৰশীত উঠিছে চেলকণা মাছ
চোৱাচোন আই
বৰ আচৰিত পায়
কেৰাহীত ঘূৰি ঘূৰি দিছে বিহু নাচ !
১৩) ধিনিকি ধিন দাও ঢুলীয়াৰ ঢোল
বিহুতি আহিল,মন বিয়াকুল
তীহিতি তীহিতি
পেঁপুৱাৰ পেঁপাটি
চৌদিশে উঠিছে ৰঙালীৰ ৰোল।
১৪) আতোল-তোল আলাসৰ লাৰু
অতপালিখন নকৰ আৰু
ঐ সোণামুৱা
হৈ উতনুৱা
অংক কেনেকৈ কৰিবি বাৰু!
চৰাবি কেনেকৈ হালৰ গৰু !
১৫) নিমাত নিটাল নিমাও মাও
ভৰ টোপনিত গোটেই গাঁও
সেই ছেগতে
নামঘৰতে
বাঘে গোঁজৰিছে হাও-মাও-খাও!
১৬) টিপ্-চাকিটি ঢিমিক ঢামাক
মাত শুনা যায় ঘুনুক-ঘানাক
সেই সময়ত
কদম তলত
দুই চোৰে কৰে চুচুক-চামাক।
১৭) উখল-মাখল, উলহ-মালহ
গোট খালে দৈ-চিৰা-সান্দহ
ভঁৰাল ভৰিল
ভোগালী আহিল
মেজি ভেলাঘৰত আউজি বহ।
১৮) বহাগত হৈ কুলি ৰজা
কাউৰীবোৰক দিয়ে মজা
বাৰিষা হ‘ল
আহিল ধল
বগলীয়ে খায় বেং ভজা।
১৯) গাইছনো কি তই জপৰা
হৈচোন আপোন পাহৰা
গাচোন গা
শুনাই যা
গীত তোৰ ওখৰা-মোখৰা।
২০) উৰি উৰি যাৱ ঐ শৰালি
বাৰিষা ক’তনো আছিলি
ৰচোন ৰ’
কচোন ক’
কেতিয়াবা খাৱনে খাৰলি?
২১) তে-ৰে-কে-তে থৈ থৈ
নকৰিবা হৈ-চৈ
ভালুক ওজাই
তবলা বজায়
শুনি থাকা ৰৈ ৰৈ।
২২) হিমালয় পৰ্বত
বহি আছা গৰ্বত
বৰফেৰে
তুমি বাৰু
খোৱা নেকি চৰ্বত ?
২৩) ঘৰ-চিৰিকা
ঘৰ-শালিকা
আহিবি
খেলিবি
আবেলি বেলিকা।
২৪) দহিকতৰা
কি বতৰা
দেখা নাই
তোক মই
নাচি বাগি ফুৰা।
২৫) ৰঙা নীলা পখিলা
উলাহেৰে উৰিলা
পাখিত লগায়
ৰং
কিমান ভ্ৰমিলা ?
২৬) গাড়ী চলে হুৰ হুৰ
গুৱাহাটী বহুদূৰ
অ’ মা চোৱাচোন
আছে যদি দিয়াচোন
অলপমান চানাচুৰ।
২৭) বহাগৰ দুপৰীয়া
নাই মোৰ লগৰীয়া
মাচোন নুঠিলে
কিতাপ লৈ বহিলে
কেনেকৈ হওঁ মই ভাৱৰীয়া!
২৮) হাবিৰপৰা নিজম ৰাতি
ওলাল এটা দঁতাল হাতী
বলীয়া নেকি
কান্দিছে সি
লাগে হেনো হাতী-পটি !
২৯) গুণ্ গুণ্ গুণ্ গুণ
ভোমোৰাৰ গান শুন
দেও দি
মৌ পি
টোকাৰী বায়চোন !
৩০) জৌ জৌ সৰিল নিয়ৰ
তেজপিয়াৰ উঠিল ৰগৰ
জঁপিয়াই
লাং খাই
পৰি সি থৰমৰ !
৩১) ভোগালীৰ তিলপিঠা
খাবলৈ বৰ মিঠা
ৰ’বাচোন ৰ’বা
পিঠা বাৰু খাবা
পুৰিব নাজানিহে লাগিল লেঠা।
৩২) হাতে মুখে সানা ৰং
ফাকুৱাত দিয়া চং
চাবাদেই চাবা
মূৰত নিদিবা
কথাটো কৰিছানে টং ?
৩৩) কে কে কে হোৱা হোৱা
গোটেইখন ধোঁৱা-কোঁৱা
ককাৰ হোকাত
জুই লাগিছে
সাতোখন গাওঁ হুৱাদুৱা !
৩৪) গকুলপুৰত ভাগিন নকুলে
ৰবাবেৰে ফুটবল খেলে
মই হব লাগে গ‘লকীপাৰ
নহলে বৰ হাহাকাৰ
ডাঙৰ হলে হব বোলে সি মস্ত পেলে।
৩৫) মানুহ সঁচায়ে জানো সভ্য অতি
শান্তিৰ বাবে যুঁজে ৰাষ্ট্ৰসংঘ পাতি
দেখাত শান্ত-শিষ্ট
দেশত নানান অস্ত্ৰ
পৃথিৱীত সেয়ে আজি দুপৰতে ৰাতি !
আশাকৰোঁ মইনাহঁতে পঢ়ি উঠি কেনে পালে মোক জনাব !!!!

তোমালোকৰ আইতা
অঞ্জনা তামুলী
গুৱাহাটী
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!