শিৱৰ চাৰিটা শ্বট্ আৰু অন্যান্য–মানৱজ্যোতি বড়া

     শ্বট্ ১ – মন্থন:

: লাইফটোত কি ঘেণ্টা পালোঁ !
আঙুলি এটাৰে বন্ধ কৰি ৰখা ফুটাটোৰ পৰা  আঙুলিটো আঁতৰাই সি ধোঁৱাবোৰ আৰামত এৰি তাহাঁতলৈ চাই সুধিলে । আচলতে কৈছিল তাহাঁতৰ ফালে চাই, সুধিছিল সি নিজক ।
: ধোঁৱা গৈ ভিতৰ পালে কি নাপালে তোৰ ফিলছ’ফী চুৰু কে* ! ব’ৰ নকৰিবি এতিয়াই, ট্ৰিপটো অহাই নাই কাৰো ।
    সি একো নক’লে , সঁচাকেও সি জীৱনত ঘেণ্টাটোৱো কৰিব নোৱাৰিলে চাগে । কি কৰিছে জীৱনত , আনৰ চকুত কিবাকৈ পুতৌৰ পাত্ৰ নোহোৱাকৈ টুকটাককৈ চলি আছে । এনেকৈ চলিবলৈ তাৰ বিশ্ববিদ্যালয়ৰ ডাঙৰ ডাঙৰ ডিগ্ৰীকেইটা নোহোৱাকৈও চলি গ’লহেতেন ।
   ব্লাডি ইউজলেছ ফেল’ !

শ্বট্ ২-  কৰ্পদী :

: লাইটাৰটো মাৰি দে ।
বুদবুদকৈ পানীত শব্দ এটা তুলি ভাঙৰ টিপাটো ৰঙাকৈ জ্বলি উঠিল, সজোৰে মৰা টানটোত গোটেই বটলটোৰ ভিতৰখন ধোঁৱা ধোঁৱা হৈ পৰিল । ইতিমধ্যে ৰুমটোৱো ধোঁৱাময় হৈ পৰিছিল ।

      এই দিনটোত অ’ত-ত’ত অনাই-বনাই আহি ৰাতি যে ইয়াৰ ৰুমত ভাঙটো টানে তাহাঁতি গোটেইকেইটাই, ঘৰত গম পালে বাৰু কি ক’ব ? গম যে নাপায় তাৰো একো মানে নাই, ৰাতি দৰজা খুলি দিওঁতে মাকৰ চকুত দেখা বিৰক্তিখিনিয়ে অন্ততঃ মিছা নকয় । 
  : এইবাৰ যদি তোমাৰ চাকৰি এটা নহয় তেন্তে আৰু মই ৰখাব‌ নোৱাৰিম ঘৰত , বিয়া ঠিক কৰিবই ঘৰৰ পৰা ।
     তিনিদিন আগত ফোন কৰোঁতে তাই তাক কৈছিল, সেয়াই শেষ কথা পতা । চাকৰিটো গছত লগা আম নহয়, দলিয়াই পাৰি লৈ আনিব । অশ্লীল মাত এটা ওলাব খোজে তাৰ মুখেৰে । 
   :  চাকৰিয়েই যদি শেষ কথা আৰম্ভণিৰে পৰা চাকৰি থকা মতা এটাক ভাল নাপাৱ কেলে কে* !

শ্বট্ ৩- কালকূট :

‌  অ’ মোৰ জঁটীয়া অ’ মোৰ জঁটীয়া
  ঘৰ বাৰী এৰি থাকে শ্মশানে পৰিয়া

শিৱক তাৰ ভাল লাগে , প্ৰিয় পুৰুষ তাৰ । ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট আপোনভোলা পুৰুষ । জিতেন্দ্ৰীয় অথচ ভাঙৰ‌ জালত কেতিয়াবা অৰ্দ্ধনগ্ন । প্ৰয়োজনত তাণ্ডব কৰি প্ৰলয় নমাই আনিব পাৰে । শিৱৰ দৰে হ’বলৈ বিচাৰে সি । 
      
       তাৰ লগৰ বিভূতিলৈ মনত পৰে তাৰ । দুয়োটা প্ৰায় সমান জোৰৰে ছাত্ৰ আছিল, বিভূতি তাতকৈ অলপ কম চোকা আছিল । সেই হিচাপত তাৰ মাৰ্কছীটৰ ওজনো আছিল কম, কিন্তু সি আছিল ছাত্ৰকালৰে পৰা ৰাজনীতিৰ সৈতে খেলা কৰা মানুহ । তাৰ আদৱ-কায়দাও ৰাজনৈতিক নেতা এজনতকৈ কোনো গুণে কম নাছিল । এতিয়া সি দেশৰ কথা কৈ কৈ নিজক বনোৱাত ব্যস্ত । চাকৰি নকৰিলে কি হ’ল, সৰু-সুৰা চাৰিটা চাকৰিয়াল কিনি পকেটত লৈ ফুৰিব পৰা সামৰ্থ আছে তাৰ

   থুই ! তিতা তিতা লাগিছে মুখখন ।

শ্বট্ ৪- নীলকণ্ঠ :

দেৱাসুৰ মিলি যেতিয়া সমুদ্ৰ মন্থন কৰিছিল, তেতিয়া হঠাৎ সমুদ্ৰত কালকূট বিষৰ উৎপত্তি হয় । সেই বিষৰ প্ৰকোপত ত্ৰিলোকৰ সমস্ত প্ৰাণী মৃতপ্ৰায় হৈ পৰাত ব্ৰহ্মাৰ প্ৰাৰ্থনা ক্ৰমে শিৱই সেই বিষ পান কৰি নিজৰ কণ্ঠত ধাৰণ কৰে আৰু নীলকণ্ঠ নামে প্ৰসিদ্ধি লাভ কৰে ।

    চকুবোৰ জলজলীয়া হৈ পৰিছিল তাহাঁতৰ ক্ৰমে। নিচাত থকাই ভাল, জীৱনৰ সংঘৰ্ষবোৰ কিছু সময়লৈ পাহৰি থাকিব পাৰি । মানুহবোৰৰ লালসাভৰা মুখবোৰ, ভদ্ৰতাৰ মুখাৰ আঁৰৰ মুখবোৰ চিনি থ’ব পাৰি । চবেই মুখা এখন পিন্ধি ভদ্ৰতাৰ ভাও জোৰে । আগতে খং উঠিছিল তাৰ, আজিকালি হাঁহি উঠে ।
     ধুৰ মক্কেল চব

বেলেগৰ তিতা কথা সহ্য কৰিব পাৰিলেও ঘৰৰ মানুহখিনিৰ চকুৰ আগত তল পৰি যোৱাৰ সমান কষ্ট নাই । সেইদিনা ৰাতি সি শুনিছিল –
: এইবিলাক ল’ৰা-ছোৱালীক জন্ম দি কি লাভ হ’ল ,জন্মতেই মৰি যাব লাগিছিল এইচব ।

    লাহে লাহে সি অনুভৱ কৰে তাৰো ডিঙিটো ক্ৰমশঃ নীলা পৰি আহিছে !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!