শীতৰ ইলিজী (সৌমাৰজ্যোতি বৰুৱা)

শীতৰ ইলিজী

SaumarjyotiBaruah poem

এনেকৈয়ে ঢৌবোৰৰ শব্দ বাঢ়ি আহে…
আৰু তিতিবলৈ ধৰে
বুকুৰ বালিচৰ৷
অদূৰত এতিয়া এখন শীতৰ নদী,
কোনে জানে
কাৰ চেঁচা বুকুত মাজৰাতিৰ কুঁৱলী ভাঁহে…
উজায়-ভটিয়ায়
ঢৌবোৰেই বা কি বিচাৰি ঘূৰ্মুটিয়াই ফুৰে..
খোজৰ বাটত এতিয়া সৰাপাত
সপোনে ফাগুন নেদেখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!