শুকান ফলৰ লাড়ু — প্ৰীতি শইকীয়া

পূজালৈ আৰু কেইটানো দিন আছে!! গতিকে পূজাত আলহী-অতিথিৰ সৈতে খাব পৰাকৈ সহজতে ঘৰতে বনাব পৰা এবিধ লাড়ুৰ ৰেচিপিকে দিলো ৷ এইবিধ লাড়ু বনাবলৈ আমাক লাগিব…….

১.কাজু বাদাম
২. কিচমিচ
৩.কাঠবাদাম ( আলমণ্ড)
৪.আখৰুট
৫. খেজুৰ
৬.খেজুৰৰ গুড়
৭.বগা তিল

প্ৰথমতে কাজুবাদাম, কিচমিচ, কাঠবাদাম আখৰুট সমপৰিমাণে লৈ blender ত সামান্য গুড়ি কৰি লব নতুবা সৰু সৰুকৈ কুটি লব ৷ খেজুৰৰো গুটি উলিয়াই সৰু সৰুকৈ কুটি লব ৷ খেজুৰ গুৰখিনি কেৰাহিত অলপ গৰম কৰি কোমলাই লব ৷
কেৰাহিত ঘিঁউ দুচামুচমান দি প্ৰথমতে বগাতিলখিনি অলপ ভাজি লৈ ড্ৰাইফ্ৰুটচখিনি একেলগে দি কমজুইত অলপসময় ভাজিব লাগিব ৷ তাৰপৰা তিলমিশ্ৰিত ধুনীয়া গোন্ধ ওলালে তাতে খেজুৰ গুৰখিনি দি ভালদৰে লৰাই লৰাই ড্ৰাই ফ্ৰুটচখিনিৰ লগত মিহলি হৈ যোৱাৰ পাছত জুইৰপৰা নমাই অলপ ঠাণ্ডা হোৱাৰ পাছত এটা এটাকৈ লাড়ু বনাব পাৰিব ৷ এই লাড়ু খাবলৈয়ো ভাল লাগে আৰু ই স্বাস্থ্যৰ বাবেও উপকাৰী

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!