শেৱালি ফুলৰ উপকাৰীতা — ডাঃ নয়নজ্যোতি হাজৰিকা

শাৰদীয় বতৰৰ শোভা বঢ়াই তোলা শেৱালি ফুল আৰু ইয়াৰ সুগন্ধিয়ে বতাহৰ লগত মিহলি হৈ শাৰদীয় সন্ধিয়া কেইটা আৰু বেছি মধুময় কৰি তোলে৷ এই শেৱালি ফুলৰ গছজোপাক উদ্ভিদ বিজ্ঞানৰ ভাষাত Nyctanthes arbor-tristis বুলি কোৱা হয়৷ শেৱালি ফুলক পশ্চিম বংগৰ ৰাজ্যিক ফুলৰ মৰ্য্যদা দিয়া হৈছে৷ অসমীয়া সমাজত ইয়াক বিভিন্ন প্ৰকাৰে ৰান্ধি খোৱা হয়৷ এই শেৱালি ফুলৰ উপকাৰী গুণ অনেক৷ ইয়াক তলত উল্লেখ কৰা হ’ল—

১)ইয়াক ৰান্ধি খালে ই পেটত থকা অলাগতিয়াল পেলু নাশ কৰে৷
২)ই যকৃতৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে৷ ইয়াক ভালদৰে ৰান্ধি খালে, ভোক আৰু খাদ্যৰ ৰুচি বঢ়োৱাত সহায় কৰে৷
৩) যিবিলাক ব্যক্তিৰ সঘনাই কাহ আৰু চৰ্দি হৈ থাকে, তেনে ব্যক্তিৰ বাবে ই অত্যন্ত ভাল৷
৪) ই খাদ্য সহজতে পাচন হোৱাত সহায় কৰে৷ ই পাইলচ্ ৰোগীসকলৰ বাবেও এটা ভাল খাদ্য৷
৫) ইয়াক নিয়মিত খালে অকালত চুলি পকা আৰু সৰা, এই দুয়োটা সমস্যায়ে দূৰ হয়৷
৬) ই ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে৷
৭) শৰীৰত কিবা বিষাক্ত বস্তু সোমালে তাৰে বেয়া প্ৰভাৱবোৰ ই দূৰ কৰাত সহায় কৰে৷
৮) মেলেৰিয়া, টাইফয়দ আদি ৰোগৰ বেয়া প্ৰভাৱসমূহ শৰীৰৰ পৰা আতৰ কৰি শৰীৰ সুস্থ সবল কৰি ৰখাত সহায় কৰে৷

সামৰণি—
শেৱালি ফুলৰ লগতে ইয়াৰ গুটি, পাত, বাকলি আৰু শিপাতো অনেক ঔষধি গুণাগুণ নিহিত হৈ আছে৷ এইবোৰৰ পৰা বিভিন্ন আয়ুৰ্বেদিক, হাৰ্বেল মেডিচিন আদি তৈয়াৰ কৰা হয়৷ হোমিওপ্যেথিটো শেৱালি গছৰ পৰা
Nyctanthes arbor-tristis নামৰ ঔষধবিধ তৈয়াৰ কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!