শৈশৱলৈ উভতি(দেৱপ্ৰতিম হাজৰিকা)

__________________

এইকেইদিন ঘৰত আছো। বহুদিন মাৰ হাতৰ খাদ্যসম্ভাৰৰ পৰা বঞ্চিত হৈ আছিলোঁ। এতিয়া সেয়েহে, হেঃ হেঃ বুজিছেই কিজানি কি ক’ব বিচাৰিছোঁ। এনেই থকা সময়খিনি টি.ভি.কে চাই থকা হয়। কিন্তু কিমাননো টি.ভি. চাব। আমনি লাগে, তাতে আমাৰ অসমীয়া চেনেল কেইটা আছেই, তাৰো ওপৰত ভূতৰ ওপৰত দানহ পৰাদি লাইটৰ লুকা-ভাকু। সেয়েহে ভাবিলো আজি বেলেগ কিবাকে কৰা যাওঁক।

আগফালে বাৰণ্ডাৰ কাষতে সৰুকৈ ষ্টৰ ৰুম বুলি এটা কোঠা আছে। তাতে পুৰণি কিছুমান আচ-বাব আছে। লগতে এটা আলমাৰীও। তাত আগৰ কিছুমান কিতাপ আছে। আলমাৰীৰ তলা খুলি কিতাপ বিলাক চোৱাত লাগিলো। নানা ধৰণৰ উপন্যাস, গল্পৰ পুথি, জীৱনী আদিৰে আলমাৰীটো দেখোন ভৰপূৰ। ভাবিলো আগতে ইমান কিতাপ পঢ়িছিলো নে মই? মনতে ভাবিলো আজিকালি ইমান নপঢ়ো কিয়?

তেনেতে চকুত পৰিল কেইখনমান কিতাপলৈ। কিতাপ মানে সেইকেইখনখন কোনো উপন্যাস, গল্পপুথি আদি জাতীয় নাছিল। মোৰ শৈশৱৰ আটাইতকৈ ভাল লগা আছিল সেই কিতাপবিলাক। সেইবিলাক আছিল কমিক্স।

আপোনালোকৰ বহুতেই হয়তো এই কমিক্সৰ আনন্দ শৈশৱত লৈছে। মই কিন্তু আন্তঃৰাষ্ট্ৰীয় ডিচি কমিক্স, মাৰভেল কমিক্সৰ কথা কোৱা নাই। মই পঢ়া কমিক্সবোৰ আছিল দেশী। টিংকল, ৰাজ কমিক্স, ডায়মণ্ড কমিক্স আদি এই দেশী কমিক্সবিলাক আন্তঃৰাষ্ট্ৰীয় কমিক্সতকৈ কোনোগুণে কম নাছিল। বহুতেই মোক কয়, ‘কমিক্স পঢ়ি পঢ়িয়েই তোৰ চকু কেইটা গ’ল।

ৰাজ কমিক্সৰ কমিক্সবিলাকত কেইবাজনো নায়ক-নায়িকা আছিল। টিংকলৰ নানা নায়ক-নায়িকাৰ উপৰিও নাগৰাজ, চুপাৰ কমাণ্ডো ধ্ৰুৱ, ডোগা, ইন্সপেক্টৰ ষ্টীল, কোবী-ভেড়িয়া, এন্থনী, শক্তি, পৰমাণু, ত্ৰিৰংগা, চাচা চৌধুৰী, চাবু, গমৰাজ আদি আছিল মোৰ শৈশৱৰ নায়ক-নায়িকা। এইসকলে মোৰ শৈশৱত যথেষ্ঠ পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছিল।

প্ৰথম অৱস্থাত এই সকলৰ বিষয়ে ইমান জনা নাছিলো। তেতিয়া মই সপ্তম শ্ৰেণীত আছিলো। লগৰ ল’ৰা এজনৰ ঘৰত টিউচন কৰিবলৈ গৈছিলো। লগৰ ল’ৰাজনে মোতকৈ বহু আগৰেপৰাই কমিক্স পঢ়িছিল। তেতিয়ালৈকে মই তেওঁলোকৰ কেইজনমানৰ নামহে শুনিছিলো। এদিন হঠাতে মোৰ হাতত পৰিল নাগৰাজৰ এখন কমিক্স। লাহে লাহে পঢ়ি গ’লো কমিক্সখন।

তেতিয়াৰেপৰাই আৰম্ভ হ’ল মোৰ কমিক্স প্ৰীতি। লগৰ ল’ৰাজনৰ সকলো কমিক্স মই ইতিমধ্যে পঢ়ি শেষ কৰিছিলোঁ। তাৰ পৰাই গম পালো কোনখন দোকানত কমিক্স পোৱা যায়। তেতিয়ালৈকে মই কমিক্স কিনা নাছিলো। তাৰ পাছৰ পৰাই কমিক্স কিনা আৰম্ভ কৰিছিলো। বন্ধুজনৰ লগতে মই হৈ পৰিছিলো দোকানখনত কমিক্স কিনা অন্যতম গ্ৰাহক। স্কুলৰ পৰা ঘৰলৈ আহোঁতে প্ৰায়ে খবৰ কৰিবলৈ লৈছিলো ‘আহিলেনে নতুন কমিক্স?’

অৱশ্যে মোৰ এই কমিক্স প্ৰীতি সকলোৱে ভাল পোৱা নাছিল। নিজ পাঠ্যপুথি এৰি কমিক্স পঢ়ি থাকিলে কোন পিতৃ-মাতৃয়ে এই কামটো ভাল পাব? মোত ক্ষেত্ৰটো এনে হৈছিল। কমিক্স পঢ়া দেখিলেই মা-দেউতাৰ পৰা গালি খাবলগীয়া হৈছিল। এনে এটা অৱস্থা পাইছিলগৈ যে লুকাই-লুকাই মই কমিক্স পঢ়িব লগীয়া হৈছিল। কিন্তু মই কমিক্স পঢ়িবলৈ এৰা নাছিলো। মই যেন প্ৰেমত হে পৰিছিলো এই কমিক্সবিলাকৰ।

মোৰ এইটো ভাল স্বভাৱেই নে বেয়া স্বভাৱ ক’ব নোৱাৰোঁ, মই আনৰ পৰা কিতাপ আনি পঢ়ি বেয়া পাইছিলো। সেই যে প্ৰথম বন্ধুজনৰ পৰা কিতাপ আনি পঢ়িবলগীয়া হৈছিল সেইয়া নোৱৰাতহে কৰিছিলো। কাৰণ কমিক্সৰ প্ৰেমত ইতিমধ্যে পৰিছিলো আৰু সেই কেইখন দোকানত উপলব্ধ নাছিল। নতুন কমিক্স আহিলেই মা বা দেউতাৰ পৰা পইচা খুজি কমিক্স কিনি পঢ়িবলৈ ধৰিছিলো। কিন্তু অতিমাত্ৰা সকলো বস্তুৱেই বেয়া। মোৰ কমিক্স পঢ়াৰ পৰিমাণ বাঢ়ি আহিছিল যিটো ওপৰত কোৱাৰ দৰে মা-দেউতাই ভাল পোৱা নাছিল। সেয়েহে যেতিয়াই কমিক্সৰ কাৰণে পইচা খুজিছিলো মা-দেউতাৰ পৰা গালি খাবলগীয়া হৈছিল। এইটো মোৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছিল। নতুন কমিক্স গোটেইকেইখন কিনিবলৈ মোক কমেও ডেৰশ টকাৰ প্ৰয়োজন হৈছিল। সেয়েহে আৰম্ভ হৈছিল মোৰ টকা সঞ্চয়ৰ প্ৰক্ৰিয়া। স্কুললৈ আহোঁতে দিয়া টকা বেলেগ কামত খৰচ কৰিবলৈ এৰিছিলো। বজাৰলৈ পঠিয়ালে বস্তু কিনি হোৱাৰ পাছত বাকী ৰোৱা টকা মোৰ পকেটলৈ গৈছিল। তাৰোপৰি পুৰণি কাগজ, বাতৰি কাকত এইবিলাক বেচিও টকা অৰ্জন কৰিছিলো। মুঠতে কমিক্স কিনিবলৈ এক কথাত ‘সংগ্ৰাম’ কৰিছিলো মই। কিন্তু পঢ়িবলৈ এৰা নাছিলোঁ।

কমিক্সবিলাক পঢ়াৰ উপৰিও সংগ্ৰহ কৰাটো মোৰ এটা চখ হৈ পৰিছিল। মোৰ কিতাপৰ এটা আলমাৰী আছিল। তাত মৌচাক, নতুন আৱিষ্কাৰ আদি শিশু আলোচনীৰ পৰা আৰম্ভ কৰি অসীমত যাৰ হেৰাল সীমা, মৃত্যঞ্জয়, ইয়াৰুইংগম, সীমান্ত আদি উপন্যাস আৰু লগতে ৰঞ্জু হাজৰিকাৰ বহুতো কিতাপ আছিল। এতিয়া আলমাৰীটোত শেহতীয়াকৈ যোগদান কৰিছিল কমিক্সবিলাকে।

এই কমিক্স-প্ৰীতি ইমানেই বেছি হৈ পৰিছিল যে মই য’লৈকে যাওঁ মোৰ সংগ দিবলৈ আৰম্ভ কৰিছিল এই কমিক্সবিলাকে। সততে কথা কম কওঁ বুলি মোৰ এটা বদনাম আছিল। এই কমিক্সবিলাক পোৱাৰ পাছত কথা আৰু কমকৈ ক’বলৈ ধৰিছিলো। লক্ষীমপুৰ, বিশ্বনাথ চাৰিআলি, গুৱাহাটী আদি ঠাইত কমিক্স বিচাৰি বহুতো দোকান ঘুৰা মোৰ মনত আছে।

মেট্ৰিকৰ পাছ কৰাৰ পাছত ছল্ট ব্ৰুক পাইছিলোগৈ। তাত লগ পাইছিলো এজন ছিনিয়ৰ দাদাক। তেৱোঁ আছিল মোৰ দৰেই কমিক্সৰ ভকত। কমিক্স ভাল পাওঁ বুলি হোষ্টেলৰ সকলোৱে জানি মোৰ জন্মদিনতো একেলগে পাঁচ নে ছখন কমিক্স উপহাৰ দিছিল।

লাহে লাহে কমিক্স-প্ৰীতি কমি আহিছিল। কিন্তু সম্পূৰ্ণৰূপে এৰা নাছিলো। পালেই পঢ়িছিলো। এতিয়াও কেতিয়াবা ক’ৰবাত দেখিলে চাওঁ, কেতিয়াবা কিনো। ৰেলেৰে যাত্ৰা কৰিলে ৰেল ষ্টেচনত মোৰ প্ৰথম কাম হ’ল দুখন-তিনিখন টিংকল ডাইজেষ্ট কিনা। এনে যাত্ৰাত মোৰ সংগ টিংকলেই। ৰাজ কমিক্সৰ কিতাপ বিলাক আগতকৈ সৰু হ’ল, পৃষ্ঠাবোৰো সলনো হ’ল আৰু লগতে দামো বাঢ়িল। কেতিয়াবা ভাৱো এইবিলাকৰ ওপৰত চলচিত্ৰ নিৰ্মাণ নহয় কিয়?

ইতিমধ্যে শৈশৱৰ পৰা উভতি আহিছিলোঁ। হাঁহি উঠে সেইবিলাক মনত পেলাই, মনটো যেন ভৰি পৰে কিবা এক প্ৰশান্তিৰে। এতিয়া আলমাৰীটোৰ সন্মুখত ৰৈ আছোঁ। কিতাপ বিলাক আগৰ দৰে পৰিপাটীকৈ নাই। বিশৃংখল হৈ আছে। আজিৰ কাম এটা পাই গ’লো। আলমাৰীটোৰ কিতাপবোৰ শৈশৱৰ আলমাৰীটোৰ দৰেই সজাব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!