শ্বহীদ সৈনিকৰ চিঠি (মনোহৰ দত্ত)

শ্বহীদ সৈনিকৰ চিঠি (মনোহৰ দত্ত)

বিদায় ল’বলৈ আগবঢ়া ২০১১ বৰ্ষৰ বিদায় বেলাত আপোনালোকলৈ বাংলাদেশৰ এখনি চুটি চিঠিৰ অনুবাদ:
Tasnima Rahman-এ তেখেতৰ দেউতাক Quazi Mahmudur Rahman-ৰ এখন নাটকৰ পৰা উদ্ধৃত কৰা এই চমু চিঠিখন হ’ল:
শ্বহীদ সৈনিকৰ চিঠি, তেখেতৰ অজ্ঞাত সন্তানলৈ:
‘..মোৰ জয় কিম্বা বিজয় , হে মোৰ সন্তান, তুমি যেতিয়া এই চিঠি পঢ়িবা তেতিয়া মই আৰু নাই, মোৰ আজি বা কাইলৈ বুলি একো নাই| তেতিয়া মই কেৱল বতাহৰ অদৃশ্য ধুলিবালি- মোৰ নাম বুলি একো নাই, তাত মোৰ দু:খ নাই, বৰং আনন্দ এইযে মই মোৰ শৰীৰ, মোৰ আত্মাৰ জৰিয়তে তুমি নামৰ এটি স্বপ্নক জন্ম দিব পাৰিছো| এই ক্ষুদ্ৰ টিনৰ বাকচ ভৰাই তোমাৰ বাবে ৰূপকথা, সোণৰকাঠি, ৰূপৰকাঠি এৰি যাব নোৱাৰিলো| এৰি গ’লো এই দু:খী, দৰিদ্ৰ পিতাৰ ভালপোৱা, আনন্দৰ এটি সৰু উপহাৰ আৰু অহংকাৰৰ এখনি পতাকা- আমাৰ সপোন- সোণৰ বাংলাৰ পতাকা- যাৰ বাবে ইমান যুদ্ধ, ইমান তেজ, ইমান চকুলো| এই পতাকা তোমাৰ, তোমাৰ সন্তানৰ, তেওঁলোকৰ সন্তানৰ আৰু তেওঁলোকৰ আজো সন্তানৰ|’

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!