শ্ৰদ্ধাঞ্জলি‬ সংকলন (৪) আচফাক উল্লা খান (-বিপ্লৱ বৰা)

 

”সুদা হাতে ঘূৰি যাম, কিন্তু এই দুখ লগতেই যাব, জানো কোন দিনা হিন্দুস্তান স্বাধীন দেশ বুলি কোৱা হ’ব?
বিছমিল হিন্দুৱে কয় যে ‘আকৌ আহিম, আকৌ আহিম, আকৌ আহি হে ভাৰত মা, তোক স্বাধীন কৰিম’
মনে বিচাৰে ময়ো কৈ দিওঁ, কিন্তু ধৰ্মত বান্ধ খাই যাওঁ, মই মুছলমান পুনৰ্জন্মৰ কথা ক’ব নোৱাৰোঁ,
অ’, যদি ক’ৰবাত খুদাক লগ পাওঁ, মোৰ মোনা মেলি দিম আৰু স্বৰ্গৰ বিনিময়ত তেওঁৰ পৰা এটা পুনৰ্জন্মই খুজিম।”
(ভাৱৰ তৰ্জমাৰ প্ৰয়াস এই ৰচনাৰ লিখকৰ। মূল কবিতাটো তলত সংলগ্ন ধৰা হ’ল।
“जाऊँगा खाली हाथ मगर ये दर्द साथ ही जायेगा, जाने किस दिन हिन्दोस्तान आज़ाद वतन कहलायेगा?
बिस्मिल हिन्दू हैं कहते हैं “फिर आऊँगा,फिर आऊँगा,फिर आकर के ऐ भारत माँ तुझको आज़ाद कराऊँगा”.
जी करता है मैं भी कह दूँ पर मजहब से बंध जाता हूँ,मैं मुसलमान हूँ पुनर्जन्म की बात नहीं कर पाता हूँ;
हाँ खुदा अगर मिल गया कहीं अपनी झोली फैला दूँगा, और जन्नत के बदले उससे एक पुनर्जन्म ही माँगूंगा.“ )
উদ্ধৃত কবিতাটোৰ ৰচক হ’ল প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী আচফাক উল্লা খান, যি ‘হছৰত’ আৰু ‘ৱাৰ্ছি’ নামেৰে হিন্দু আৰু উৰ্দু ভাষাত কিছু সংখ্যক কবিতা লিখি থৈ গৈছে। এই কবিতাটোত উল্লেখিত ‘বিছমিল’জন হ’ল আন এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী পণ্ডিত ৰাম প্ৰসাদ বিছমিল, যিজন নিজেও এজন উচ্চস্তৰৰ কবি আছিল (তেখেতে যদিও তিনিটা – ‘বিছমিল’, ‘ৰাম’ আৰু ‘অজ্ঞাত’- নামেৰে কবিতা লিখিছিল, ‘বিছমিল’ নামটো অধিক জনপ্ৰিয় হৈ তেখেতৰ উপাধিৰ নিচিনা হৈ পৰিছিল) আৰু বিছমিলৰ ‘চৰফৰৌচি কি তমন্না অব হমাৰে দিল মে হেই’ নামৰ কবিতাটোৱে ভাৰতীয় দেশপ্ৰেমমূলক কবিতাৰ কাননত সদায় এক জাকত জিলিকা স্থান দখল কৰি আহিছে।

shradha
আহকচোন তেন্তে শ্ৰদ্ধাঞ্জলি সংকলনৰ এইবাৰৰ খণ্ডত আচফাক উল্লা খানৰ এক চমু পৰিচয় জনাৰ চেষ্টা কৰোঁ। আচফাক উল্লা খানৰ জন্ম হয় ১৯০০ খ্ৰীষ্টাব্দৰ ২২ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশৰ ছাহজাহানপুৰত। তেখেতৰ পিতৃ ছফিক উল্লা খানৰ পৰিয়াল তেওঁলোকৰ সামৰিক ইতিহাসৰ (সেইসময়ত বৃটিছ আৰ্মিত চাকৰি কৰাসকলক যথেষ্ট সমীহৰ চকুৰে চোৱা হৈছিল) কাৰণে স্থানীয়ভাৱে জনাজাত আছিল। আচফাক উল্লাৰ মাতৃ মঝৰুণ নিছা বেগমৰ পৰিয়ালো সম্ভ্ৰান্ত আছিল, কাৰণ তেওঁলোকৰ পৰিয়ালৰো কেইবাজনো সদস্যই বৃটিছ আৰক্ষী আৰু অন্য প্ৰশাসনিক সেৱাত কৰ্মনিয়োজিত হৈছিল। আচফাক উল্লা খান চাৰিজন ভাতৃৰ মাজত কনিষ্ঠতম আছিল।
আচফাক উল্লাৰ ডাঙৰ ককায়েক ৰিয়াছত উল্লা খান ৰামপ্ৰসাদ বিছমিলৰ সহপাঠী আছিল। ৰিয়াছত উল্লাৰ মুখত আচফাক উল্লাই প্ৰায়েই বিছমিলৰ বিপ্লৱী সত্বা আৰু কাব্যিক প্ৰতিভাৰ বিষয়ে শুনিবলৈ পাইছিল কাৰণে তেখেতক লগ পোৱাৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল।
১৯২০ খ্ৰীষ্টাব্দৰ ১ আগষ্টত ভাৰতৰ জাতীয় কংগ্ৰেছৰ উদ্যোগত মহাত্মা গান্ধীৰ নেতৃত্বত বৃটিছ শাসনৰ বিৰুদ্ধে দেশজুৰি অসহযোগ আন্দোলন (Non-Cooperation Movement) ৰ আৰম্ভণি ঘটে। ইতিমধ্যে প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিত মিত্ৰপক্ষৰ দ্বাৰা তুৰ্কীৰ খলিফাৰ ক্ষমতা কৰ্তন আৰু তুৰ্কী সাম্ৰাজ্যৰ খণ্ডিতকৰণ কাৰ্য্যৰ প্ৰতিবাদত ভাৰতত All India Khilafat Conference ৰ উদ্যোগত সেই বছৰতে বৃটিছৰ বিৰুদ্ধে ভাৰতীয় মুছলীমসকলৰ খিলাফত আন্দোলনো আৰম্ভ হৈছিল আৰু এই দুয়োটা আন্দোলন একত্ৰিত হৈ পৰাত ভাৰতত বৃটিছৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনৰ গণভিত্তি আৰু প্ৰাবল্য জোৰদাৰ হৈ পৰে। এই একত্ৰিত আন্দোলনৰ উদ্দেশ্য আৰু কাৰ্যসূচীৰ বিষয়ে সাধাৰণ জনতাক অৱগত কৰি আন্দোলনৰ ভেটি সুদৃঢ় কৰাৰ বাবে ৰামপ্ৰসাদ বিছমিলে ছাহজাহানপুৰত জনসভাৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে আৰু এনে এখন জনসভাতে আচফাক উল্লা খানে বিছমিলক সাক্ষাৎ কৰি ককায়েক ৰিয়াছত উল্লাৰ কথা কৈ নিজৰ চিনাকি দিয়ে। কথাপ্ৰসংগত আচফাক উল্লাই তেখেতৰ কবিতা-চৰ্চাৰ বিষয়ে বিছমিলক অৱগত কৰে আৰু এই উমৈহতীয়া ৰুচিৰ পৰিপ্ৰেক্ষিতত দুয়োৰে মাজত এক আত্মীয়তাবোধ গা কৰি উঠে। বিছমিল আৰ্য্য সমাজৰ সমাজ কল্যাণমূলক কাম-কাজৰ লগতো জড়িত আছিল আৰু কোনো ধৰ্মীয় সম্প্ৰদায়ৰ প্ৰতি কোনো ধৰণৰ বৈৰী মনোভাৱ নাৰাখিছিল। বিছমিলৰ এই ধৰ্মীয় উদাৰতাই আচফাক উল্লাক বাৰুকৈয়ে প্ৰভাৱিত কৰে আৰু তেওঁলোকৰ মাজৰ সম্পৰ্ক লাহে লাহে অধিক গাঢ় হৈ আহে। আচফাক উল্লাই তেখেতৰ কবিতা প্ৰায়েই বয়সত জেষ্ঠ আৰু সাহিত্যৰ ক্ষেত্ৰত অধিক অভিজ্ঞ বিছমিলক দেখাইছিল আৰু বিছমিলে এইক্ষেত্ৰত সদায় আচফাক উল্লাক উদ্গনিমূলক পৰামৰ্শ আগবঢ়াইছিল। লাহে স্থানীয় কবি-সন্মিলন (উৰ্দুত ‘মুছাইৰা’)সমূহত তেওঁলোক দুয়োজনে নিজৰ কাব্যিক প্ৰতিভাৰে সমবেত শ্ৰোতামণ্ডলীক আপ্লুত কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ লয়। সমান্তৰালভাৱে বিছমিলৰ দিক্-নিৰ্দেশনাত আচফাক উল্লা ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাম-কাজতো সমানেই জড়িত হৈ পৰে আৰু ছাহজাহানপুৰৰ নবীন বিপ্লৱীসকলৰ মাজত অগ্ৰণী হৈ উঠে। জাতীয় কংগ্ৰেছৰ ১৯২১ খ্ৰীষ্টাব্দৰ আহমেদাবাদ অধিবেশনৰ (নিৰ্বাচিত সভাপতি দেশবন্ধু চিত্তৰঞ্জন দাস কাৰাদণ্ডিত হৈ থকাৰ বাবে সেই অধিবেশনৰ তদাৰকী সভাপতিত্বৰ দায়িত্ব হাকিম আজমল খানে বহন কৰে) মূল মঞ্চত ছাহজাহানপুৰৰ প্ৰবীন নেতা প্ৰেমকৃষ্ণ খান্না আৰু ৰামপ্ৰসাদ বিছমিলৰ লগতে আচফাক উল্লা খানেও বহাৰ সুযোগ পায়।
১৯২২ খ্ৰীষ্টাব্দৰ ৫ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত অসহযোগ আৰু খিলাফত আন্দোলনৰ এক প্ৰতিবাদী মিছিলৰ প্ৰতি বৃটিছ আৰক্ষীৰ দুৰ্ব্যৱহাৰত ব্যতিব্যস্ত হৈ উত্তেজিত জনতাই পুলিচ থানাত অগ্নিসংযোগ আৰু ২২ জন আৰক্ষীক হত্যা কৰে। অহিংস নীতিৰ আধাৰত প্ৰতিষ্ঠিত আন্দোলনত হিংসাত্মক কাৰ্য্যৰ সূত্ৰপাত ঘটাত গান্ধীজীৰ নিৰ্দেশনাত ১৯২২ খ্ৰীষ্টাব্দৰ ১২ ফেব্ৰুৱাৰীৰ দিনা কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰে। অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই অনেক আন্দোলনকাৰীক, বিশেষকৈ যুৱ প্ৰজন্মক, হতাশ কৰি তোলে আৰু একাংশ আন্দোলনকাৰীয়ে অসহযোগ আন্দোলনৰ সময়চোৱাত স্থগিত কৰি ৰখা সশস্ত্ৰ সংগ্ৰামৰ ধাৰাটো পুনৰ উজ্জীৱিত কৰি তোলাৰ কথা বিবেচনা কৰিবলৈ লয়। ৰামপ্ৰসাদ বিছমিল অসহযোগ আন্দোলনৰ পূৰ্বেও সশস্ত্ৰ সংগ্ৰামৰ লগত জড়িত আছিল আৰু মেইনপুৰী গোচৰত (Mainpuri Conspiracy Case) ডকাইতি আৰু নিষিদ্ধ কিতাপ বিক্ৰীৰ অভিযোগত বৃটিছ চৰকাৰৰ দ্বাৰা পলৰীয়া ঘোষিত হৈ বহুদিন আত্মগোপন কৰি থাকিবলৈ বাধ্য হৈছিল। অৱশ্যে পাছত পুনৰ বিপ্লৱী কামকাজত অংশগ্ৰহণ নকৰাৰ ৰাজহুৱা প্ৰতিশ্ৰুতিৰ পৰিপ্ৰেক্ষিতত বিছমিলৰ উপৰত থকা গোচৰ বৃটিছ প্ৰশাসনে খাৰিজ কৰিছিল। অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰাৰ পিছত বিছমিলে পুনৰ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ কথা বিবেচনা কৰিবলৈ লয় আৰু বিছমিলৰ সংস্পৰ্শই আচফাক উল্লা খানকো সশস্ত্ৰ বিপ্লৱৰ প্ৰতি আগ্ৰহী কৰি তোলে।
সশস্ত্ৰ বিপ্লৱৰ প্ৰতি আগ্ৰহী সংগ্ৰামীসকলে বিশ্বাস কৰিছিল যে কেৱল অহিংস নীতিৰ আধাৰত আন্দোলন কৰি প্ৰবল প্ৰতাপী বৃটিছ সাম্ৰাজ্যৰ কবলৰ পৰা ভাৰতৰ স্বাধীনতা অৰ্জন কৰা সম্ভৱ নহ’ব পাৰে আৰু সেয়ে স্বাধীনতা অৰ্জনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ স্বাৰ্থত বোমা, আগ্নেয়াস্ত্ৰ আদি ব্যৱহাৰ কৰি হ’লেও কূটাঘাটমূলক কাৰ্য্যৰ দ্বাৰা বৃটিছ প্ৰশাসনৰ মনোবল ভাঙি দিয়াৰ প্ৰয়োজন। সেই উদ্দেশ্যৰে বৃটিছ ভাৰতৰ বিভিন্ন প্ৰান্তত অৱস্থিত সশস্ত্ৰ পন্থাৰ প্ৰতি আগ্ৰহী বিপ্লৱীসকলে পৰস্পৰৰ লগত যোগাযোগ আৰম্ভ কৰি সংগঠিত হ’বলৈ লয়। উত্তৰ ভাৰতৰ সৰহ সংখ্যক বিপ্লৱীয়ে ৰামপ্ৰসাদ বিছমিল, যোগেশ চেটাৰ্জী, ডাঃ যদুগোপাল মূখাৰ্জী আৰু শচীন্দ্ৰনাথ শান্যাল (যাৰ দ্বাৰা লিখিত ‘বন্দী জীৱন’ নামৰ পুথিখনে বিপ্লৱীসকলৰ মাজত এখন অপৰিহাৰ্য্য পাঠ্যপুথিৰ দৰেই সমাদৰ লাভ কৰিছিল) ৰ নেতৃত্বত একত্ৰিত হৈ ১৯২৪ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত Hindustan Republican Association (HRA) ৰ জন্ম দিয়ে, যাৰ উদ্দেশ্য আছিল ভাৰতত বৃটিছ শাসন উফোৰাই এখন স্বাধীন Federal Republic Of The United States Of India গঠন কৰা, য’ত সকলো প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাকে ভোটাধিকাৰ প্ৰদান কৰা হ’ব। (মন কৰিবলগীয়া কথা যে সেইসময়ত বহুতো উন্নত আৰু স্বাধীন দেশতো সাৰ্বজনিক ভোটাধিকাৰ নিয়মত পৰিণত হোৱা নাছিল। সেই হিচাপে HRA ৰ এই সিদ্ধান্ত সকলো নাগৰিককে ৰাজনৈতিক সমতা প্ৰদান কৰাৰ ক্ষেত্ৰত সেইসময়ৰ পৰিস্থিতিত যথেষ্ট আগৰণুৱা আছিল।)
কিন্তু সশস্ত্ৰ সংগ্ৰাম এখন আৰম্ভ কৰাৰ বাবে সদস্য অন্তৰ্ভূক্তিকৰণ, প্ৰশিক্ষণ, আগ্নেয়াস্ত্ৰ সংগ্ৰহ আদি কাৰ্যসূচী আগতীয়াকৈ ৰূপায়ণ কৰাৰ দৰকাৰ আৰু ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে টকা-পইচাৰ প্ৰয়োজন। সাংগঠনিক কাম-কাজৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহৰ উদ্দেশ্যৰে HRA ৰ বিপ্লৱীসকলে গ্ৰহন কৰা পদক্ষেপসমূহৰ ভিতৰত সকলোতকৈ উল্লেখযোগ্য আৰু দুঃসাহসিক কাৰ্য্য আছিল কাকৌৰিৰ ট্ৰেইন ডকাইতি (Kakori Train Robbery Case) কাৰ্য্য। এবাৰ ছাহজাহানপুৰৰ পৰা লক্ষ্ণৌলৈ ট্ৰেইনৰে যাত্ৰা কৰোঁতে বিছমিলে মন কৰিছিল যে যাত্ৰাপথৰ সকলো ষ্টেচনৰ ষ্টেচন মাষ্টৰে সেই ষ্টেচনত সংগ্ৰহিত উপাৰ্জন আৰু অন্যান্য কিছুমান চৰকাৰী ৰাজহৰ ধন ভৰ্তি বাকচ ট্ৰেইনত থকা বিশেষ গাৰ্ডৰ হাতত জমা দিয়ে আৰু সেই ধনসমূহ ট্ৰেইনৰ বিশেষভাৱে সুৰক্ষিত কেবিনত নি শেষত লক্ষ্ণৌ জংচনত ৰেল চুপাৰিণ্টেণ্ডেণ্টক জমা দিয়া হয়। বিছমিলে HRAৰ সাংগঠনিক কামকাজৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰাৰ উপায় হিচাপে এনেদৰে ট্ৰেইনত কঢ়িয়াই নিয়া চৰকাৰী ধন লুট কৰাৰ পৰিকল্পনা আৰম্ভ কৰে।
১৯২৫ খ্ৰীষ্টাব্দৰ ৮ আগষ্ট তাৰিখে HRAৰ সশস্ত্ৰ সংগ্ৰামীসকলৰ এখন সভা আয়োজন কৰা হয় আৰু সেই সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে তেখেতসকলে ৮-নামনিমুখী ছাহাৰণপুৰ-লক্ষ্ণৌ পেছেঞ্জাৰ ট্ৰেইনত ( 8-Down Saharanpur-Lucknow Passenger Train) কঢ়িয়াই আনা চৰকাৰী ধন লক্ষ্ণৌ জংচনৰ সমীপৰ কাকৌৰিত ডকাইতি কৰিব। আৰু পিছদিনা ৰামপ্ৰসাদ বিছমিলৰ নেতৃত্বত আচফাক উল্লা খান আৰু অন্য আঠজন বিপ্লৱীৰ এটা দলে এই ডকাইতি কাৰ্য্য সংঘটিত কৰে। এই অন্য আঠজন বিপ্লৱী আছিল ৰাজেন্দ্ৰ লাহিড়ি, শচীন্দ্ৰনাথ বক্সি, কেশৱ চক্ৰৱৰ্তী, বনৱাৰী লাল, মুকুন্দি লাল গুপ্তা, মন্মথনাথ গুপ্তা, মুৰাৰী শৰ্মা (ওৰফে মুৰাৰী লাল গুপ্তা) আৰু চন্দ্ৰশেখৰ আজাদ। এই অভিযানত বিপ্লৱীসকলে জাৰ্মানীত নিৰ্মিত চাৰিটা মোজাৰ চেমি-অটোমেটিক পিষ্টল ব্যৱহাৰ কৰে আৰু অভিযানৰ সময়ত অনিচ্ছাকৃতভাৱে ফুটা এটা গুলীত বিদ্ধ হৈ আহমেদ আলি নামৰ এজন সাধাৰণ যাত্ৰী নিহত হয়। বিপ্লৱীসকলে ভৱাৰ দৰে সেইদিনা সেইখন ট্ৰেইনত বিপুল পৰিমাণে চৰকাৰী ধন নাছিল যদিও তিনিটা মোনাত তেওঁলোকে প্ৰায় ৮,০০০ টকা জব্দ কৰি ট্ৰেইনৰ পৰা নামি যায়।
বিপ্লৱীসকলৰ এই দুঃসাহসিক ডকাইতি কাৰ্য্যই বৃটিছ প্ৰশাসনক জোকাৰি যায় আৰু বৃটিছ ভাৰতৰ তদানীন্তন ভাইচৰয় লৰ্ড ৰিডিঙে এই তদন্তৰ ভাৰ স্কটলেণ্ড ইয়াৰ্ডৰ হাতত অৰ্পণ কৰে। বৃটিছ আৰক্ষীয়ে প্ৰায় ডেৰ মাহ সময়ৰ ভিতৰত ৰামপ্ৰসাদ বিছমিল প্ৰমুখ্যে অনেক বিপ্লৱীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আচফাক উল্লা খান আৰু চন্দ্ৰশেখৰ আজাদৰ সন্ধান উলিয়াবলৈ সক্ষম নহয়। বৃটিছ আৰক্ষীৰ চকুত ধুলি দি পলৰীয়া হৈ থকা অৱস্থাত আচফাক উল্লাই বিহাৰৰ এটা ইঞ্জিনীয়াৰিং কোম্পানীত প্ৰায় দহমাহ কাল চাকৰি কৰে। তেখেতে ভাৰত এৰি বিদেশলৈ যোৱাৰ কথা বিবেচনা কৰে, বিশেষকৈ আমেৰিকাস্থিত প্ৰথিতযশা আৰু অভিজ্ঞ গডৰ সংগ্ৰামী (Ghadar Revolutionary, এই সংকলনৰ প্ৰথম দুটা খণ্ডত গডৰ সংগ্ৰামীসকলৰ বিষয়ে দুআষাৰ লিখা হৈছে) প্ৰবীন নেতা লালা হৰদয়ালক লগ কৰি পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰাৰ ক্ষেত্রত পৰামৰ্শ গ্ৰহণ কৰাৰ কথা চিন্তা কৰে। ভাৰত এৰি যোৱাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে আচফাক উল্লা খান দিল্লীলৈ যায়। কিন্তু এজন বন্ধুৰ বিশ্বাসঘাটকতাৰ বাবে তেখেত বৃটিছ পুলিচৰ হাতত কৰায়ত্ব হয়।
উল্লেখযোগ্য যে টছদ্দুক হুছেইন নামৰ বৃটিছ পুলিচৰ এজন অধীক্ষকে বিচাৰাধীন বিপ্লৱীসকলৰ মাজত বিভেদ সৃষ্টি কৰি অধিক তথ্য উদ্ঘাটনৰ উদ্দেশ্যৰে বিছমিল আৰু আচফাক উল্লাৰ মাজত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ চেষ্টা কৰিছিল। তেওঁক আচফাক উল্লা খানে উত্তৰ দিছিল যে তেখেতে বিছমিলক ভালকৈ জানে আৰু বিছমিল হিন্দু হ’লেও বৃটিছতকৈ ভাল, যি বৃটিছক তেওঁ (হুছেইনে) গোলামৰ দৰে সেৱা কৰি আছে।
বৃটিছ চৰকাৰে কাকৌৰিৰ ডকাইতিৰ গোচৰত প্ৰায় ৪০ জন ব্যক্তিক (যাৰ অনেকেই এই কাণ্ডৰ লগত অকণমানো জড়িত নাছিল) অভিযুক্ত কৰে আৰু বৃহৎ পৰিমাণৰ মাননিৰ বিনিময়ত সেইসময়ৰ চতুৰ আইনজ্ঞ হিচাপে পৰিচিত জগত নাৰায়ণ মল্লক চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে মকৰল কৰে আৰু হৰকৰণ মিশ্ৰ আৰু মোহনলাল চাক্সেনাক বিপ্লৱীসকলৰ পক্ষৰ অধিবক্তা হিচাপে নিযুক্তি দিয়ে। বিপ্লৱীসকলৰ পক্ষৰ হৈ ওকালতি কাৰ্য্যত সহায় কৰিবলৈ গোৱিন্দবল্লভ পন্ত, চন্দ্ৰভানু গুপ্তা, কৃপাশংকৰ হাজেলা আদি ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা অধিবক্তাসকলে স্বেচ্ছাই নিজৰ সহযোগিতা আগবঢ়ায় আৰু মোতিলাল নেহৰু, মদনমোহন মালব্য, মহম্মদ আলি জিন্না, লালা লাজপত ৰায়, জৱাহৰলাল নেহৰু, আচাৰ্য্য নৰেন্দ্ৰ দেৱ আদি নেতাসকলে বিপ্লৱীসকলৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়ায়।
অৱশেষত প্ৰায় ১৮ মাহৰ আইনী প্ৰক্ৰিয়াৰ অন্তত কাকৌৰিৰ সেই ডকাইতি কাৰ্য্যৰ বাবে বৃটিছ আদালতে ৰামপ্ৰসাদ বিছমিল, আচফাক উল্লা খান, ৰাজেন্দ্ৰ লাহিড়ি আৰু ৰৌছন সিংক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। অন্য চাৰিজন বিপ্লৱীক যাবজ্জীৱনৰ বাবে আন্দামানৰ জেইললৈ (চজা-এ-কালাপানী) প্ৰেৰণ কৰা হয় আৰু আন সোতৰজন বিপ্লৱীক বিভিন্ন ম্যাদৰ কাৰাদণ্ড বিহা হয়। এই সন্দৰ্ভত ১৬ চেপ্তেম্বৰ, ১৯২৭ ত লণ্ডনৰ প্ৰিভি কাউঞ্চিলত এখন ক্লীমেঞ্চি পেটিছন দাখিল কৰা হয় যদিও সেই আবেদন নামঞ্জুৰ কৰা হয়। এইখিনিতে উল্লেখযোগ্য যে চন্দ্ৰশেখৰ আজাদক কৰায়ত্ব কৰিবলৈ বৃটিছ পুলিচ সক্ষম নহয়। পৰৱৰ্তীকালত চন্দ্ৰশেখৰ আজাদে নবীন প্ৰজন্মৰ সংগ্ৰামীসকল (ভগত সিং, সুখদেৱ থাপৰ, শিৱৰাম ৰাজগুৰু, ভাগৱতীচৰণ বোহৰা, শিৱ বাৰ্মা, জয়দেৱ কাপুৰ, বিজয়কুমাৰ সিনহা আদি)ৰ সহযোগত HRA পুনৰ্গঠন কৰি Hindustan Socialist Republican Association নাম দিয়ে আৰু উত্তৰ ভাৰতত সশস্ত্ৰ সংগ্ৰামৰ ধাৰা জীয়াই ৰাখি বৃটিছ চৰকাৰৰ মূৰৰ কামোৰণি অব্যাহত ৰাখে।
১৯২৮ খ্ৰীষ্টাব্দৰ ১৯ ডিচেম্বৰৰ দিনা আচফাক উল্লা খানক ফৈজাবাদৰ কাৰাগাৰত ফাঁচীকাঠত তোলা হয়। সেইদিনাই ৰামপ্ৰসাদ বিছমিলক গোৰখপুৰৰ কাৰাগাৰত আৰু ৰৌছন সিংক এলাহাবাদৰ কাৰাগাৰত ফাঁচী দিয়া হয়। ইয়াৰ দুদিন পূৰ্বে গোন্দ্ কাৰাগাৰত ৰাজেন্দ্ৰ লাহিড়িক ফাঁচীকাঠত তোলা হৈছিল। ১৯৮৩ খ্ৰীষ্টাব্দৰ ১৯ ডিচেম্বৰ তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কাকৌৰিৰ সেই দুঃসাহসিক কাৰ্য্যত অংশগ্ৰহণ কৰা বিপ্লৱীসকলৰ পবিত্ৰ স্মৃতিত কাকৌৰিত স্থাপিত এক স্মাৰক স্থলীৰ শুভাৰম্ভ কৰে।
আচফাক উল্লা খানৰ সমাধিক্ষেত্ৰ (কবৰ) উত্তৰ প্ৰদেশৰ ছাহজাহানপুৰত অৱস্থিত। ছাহজাহানপুৰতে ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ প্ৰসিদ্ধ বিদ্ৰোহী নেতা আহমদুল্লা শ্বাহৰো সমাধিক্ষেত্ৰ অৱস্থিত। এই দুয়োখন সমাধিক্ষেত্ৰৰ সংযোগী পথছোৱা শ্বহীদ ৰামপ্ৰসাদ বিছমিল মাৰ্গ হিচাপে নামাংকিত কৰা হৈছে। উত্তৰ প্ৰদেশৰ ফৈজাবাদত অৱস্থিত ‘আচফাক উল্লা খান মেমোৰিয়েল শ্বহীদ সৌধ সংস্থান’ নামৰ সংগঠনটোৱে বৰ্তমান প্ৰজন্মক আচফাক উল্লা খানৰ বিপ্লৱী আদৰ্শ আৰু সাহিত্য কীৰ্তিৰ লগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে আজি বহুবছৰ ধৰি নিৰন্তৰ প্ৰয়াস কৰি আহিছে। তদুপৰি এই সংগঠনটোৱে হিন্দী আৰু উৰ্দু সাহিত্যৰ প্ৰতি উল্লেখনীয় অৱদান আগবঢ়োৱা আৰু সমাজসেৱাত ব্ৰতী ব্যক্তিসকলক প্ৰতিবছৰে আচফাক উল্লা খানৰ মৃত্যু দিৱসৰ দিনা ‘মাটি ৰতন সন্মান’ প্ৰদান কৰাৰ লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছাত্ৰবৃত্তি বিতৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। কিছুবছৰ পূৰ্বে নিৰ্মিত জনপ্ৰিয় হিন্দী বোলছবি ‘ৰংগ দে বসন্তী’ত কাকৌৰিৰ সেই দুঃসাহসিক ডকাইতি কাৰ্য্যৰ কাহিনী ক্ষুদ্ৰ পৰিসৰত উপস্থাপন কৰা হৈছিল, য’ত অভিনেতা আমীৰ খানে চন্দ্ৰশেখৰ আজাদৰ চৰিত্ৰ, অতুল কুলকাৰ্ণীয়ে ৰামপ্ৰসাদ বিছমিলৰ চৰিত্ৰ আৰু কুনাল কাপুৰে আচফাক উল্লা খানৰ চৰিত্ৰত অভিনয় কৰিছিল।
সাধাৰণতে সশস্ত্ৰ বিপ্লৱীসকলৰ কাম-কাজসমূহ সংগোপনে সাধন কৰা হৈছিল বাবে বৃটিছ পুলিচৰ অফিচিয়েল ৰেকৰ্ডত সন্নিবিষ্ট নহ’লে বা বিপ্লৱীসকলে আত্মজীৱনীমূলক লিখনিত বৰ্ণনা নকৰিলে তেখেতসকলৰ কাম-কাজৰ সবিশেষ খতিয়ান উদ্ধাৰ কৰাটো পৰৱৰ্তী কালত বৰ দুৰূহ হৈ পৰিছিল। আচফাক উল্লা খানৰদ্বাৰা ৰচিত বহু কবিতাই পোৱা যায় যদিও তেখেতৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে বৰ বেছি তথ্য পোৱা নাযায়। এইক্ষেত্ৰত বৰ বেছি গৱেষণা হয়তো হোৱা নাই আৰু হৈছে যদিও এই লিখক বিশেষভাৱে জ্ঞাত নহয়।
আচফাক উল্লা খানৰ দৰেই আৰু বহুতো স্বাধীনতা যুঁজাৰুৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি অশেষ ত্যাগ আৰু আত্মবলিদানৰ চানেকিৰে নিজৰ কৃতিত্ব ৰাখি যোৱাৰ পিছতো যথোপযুক্ত সন্মান আৰু প্ৰচাৰৰ পৰা বঞ্চিত হৈ লাহে লাহে বৰ্তমান জনমানসৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। এইসকল বীৰ-বীৰাংগনাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে বৰ্তমানৰ প্ৰজন্মক অৱগত কৰাৰ ক্ষেত্ৰত শৈক্ষিক সংস্থানসমূহ, ইতিহাসৰ চৰ্চা আৰু প্ৰসাৰত নিয়োজিত অনুষ্ঠানসমূহ আৰু বিশেষকৈ চৰকাৰৰ কৰণীয় যথেষ্টখিনি বাকী ৰৈ গৈছে বুলি আমাৰ অনুভৱ।
শেষত এইখণ্ডৰ শ্ৰদ্ধাঞ্জলি সংকলন আচফাক উল্লা খানৰ এটি জনপ্ৰিয় দ্বি-পদী স্তৱকৰে সামৰিব খুজিছোঁ। ক’ৰবাত কিবা তথ্যগত বিসংগতি চকুত পৰিলে শ্ৰদ্ধাৰ পাঠকসকলে নিশ্চয় আঙুলিয়াই দিয়ে যেন।
”জিন্দেগী বাদ-এ-ফনা তুঝকৌ মিলেগী, হছৰত,
তেৰা জিনা তেৰি মৰণে কি বদৌলত হৌগি।’
(”তই মৃত্যুৰ পাছতহে জীৱন লাভ কৰিবি, হছৰত,
তোৰ বলিদানৰ পিছত মানুহৰ অন্তৰত জীয়াই থাকিবি।”
ভাৱৰ তৰ্জমা এই সংকলনৰ লিখকৰ।)

পুনশ্চঃ ‘আচফাক উল্লা খান মেমোৰিয়েল শ্বহীদ সৌধ সংস্থান’ ৰ দ্বাৰা প্ৰদত্ত ‘মাটি ৰতন সন্মান’ৰ বাবে এইবছৰ নিৰ্বাচিত ব্যক্তিসকল হ’ল –
১) হিন্দী সাহিত্য – ডা০ দুধনাথ শৰ্মা
২) উৰ্দু সাহিত্য – ডা০ ৱাজাহত হুছেইন ৰিজৱী
৩) সমাজসেৱা – আশীষ গৌতম
এখেতসকলক ১৯ ডিচেম্বৰ ২০১৫-ত আচফাক উল্লাখানৰ শ্বহীদ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজহুৱাকৈ বঁটাসমূহ প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!