‘‘শ্ৰেষ্ঠতম দান’’-(সংগ্ৰহ:ৰঞ্জিত গোবিন্দ বৰা)

‘কেঁচুৱাটোক কোলাত ল’ব পাৰো নে?’—সদ্যমাতৃ এগৰাকীয়ে প্ৰথমবাৰৰ বাবে নিজৰ সন্তানক কোলাত লোৱাৰ উত্তেজনা, আনন্দখিনিক ঢাকিব নোৱাৰি ডাক্টৰক সুধিলে।‘কিন্তু এয়া কি!’ সন্তানক কোলাত লৈ দুচকুৰে অশ্ৰুৰ ধাৰা বাগৰি গ’ল মাতৃগৰাকীৰ। কেঁচুৱাটো স্বাভাৱিক হ’লেও দুয়োখন কাণ নাছিল।

কেইবাবছৰ পাৰ হৈ গ’ল। দেখাত কাণ দুখন নাথাকিলেও স্বাভাৱিক জীৱন-যাত্ৰাত শিশুটিৱে কোনো অসুবিধা পোৱা নাছিল। শিশুৰ পৰা কিশোৰ হোৱাত তেওঁ এদিন স্কুলৰ পৰা ঘৰলৈ আহি ইনাই-বিনাই কান্দিবলৈ ধৰিলে। লগৰ সকলোৱে হেনো ‘কৰ্ণবিহীন দানৱ’ বুলি জোকায়। পুত্ৰৰ কথা শুনি মাকৰ হিয়াখন ভাগি যোৱা যেন লাগিল। মাকেও হুকহুকাই কান্দিবলৈ ধৰিলে।

আৰু কিছু দিন গ’ল। সীমিত সংখ্যাত লাভ কৰা বন্ধুৰ সৈতে কিশোৰৰ জীৱন আগুৱাই গৈ থকিল। স্কুলত ৰিজাল্টো ভাল হৈ গৈ থাকিল।

এদিন ঘৰুৱা চিকিৎসকজনে এটা সুখবৰ দি ক’লে— সুস্থ মানুহৰ কাণ যোগাৰ কৰিব পাৰিলে পুত্ৰৰ কাণ দুখন প্ৰতিষ্ঠাপন কৰিব পৰা যাব। বহু বিচাৰ-খোঁচাৰ চলিল। কিন্তু দাতা এজনো নোলাল। এদিন দেউতাকে কিশোৰক মাতি সুখবৰটো দিলে। চৰ্ত আছিল মাথোঁ এটাই দাতাৰ পৰিচয় গোপনে ৰাখিব লাগিব। পুত্ৰকো নক’লে। আনন্দিত পুত্ৰই লগে লগে অপাৰেচনৰ বাবে সাজু হ’ল। কাণৰ প্ৰতিষ্ঠাপন হ’ল। কিশোৰজন অকল্পনীয় সুখত বুৰ গ’ল। কিন্তু কেইদিন পিচতে তেওঁক এটা প্ৰশ্নই কুটি কুটি খাবলৈ ধৰিলে—‘‘কোন সেই মহান ব্যক্তি, যাৰ বাবে আজি ইমান সুখ ভোগ কৰিবলৈ সক্ষম হৈছো?’’ তেওঁক এবাৰ কৃতজ্ঞতা নজনালে যেন জীৱন ব্যৰ্থ হৈ পৰিব। কিন্তু দেউতাকে কোনোপধ্যে নাম প্ৰকাশ কৰিবলৈ ৰাজী নহয়। ইফালে পুত্ৰও নাচোৰবান্ধা। খাবলৈকে এৰি দিলে। নিৰুপায় পিতৃয়ে এদিন পুত্ৰক বেডৰুমলৈ নি বহি থকা মহিলাগৰাকীৰ দীঘল চুলিকোচা ডাঙি দেখুৱালে। দৃশ্য দেখি পুত্ৰই হুকহুকাই কান্দিব ধৰিলে। কিয়নো সেয়া আছিল তেওঁৰেই মাতৃ, যিয়ে দীঘল চুলিৰ তলত লুকোৱাই ৰাখিছিল কাণবিহীন অৱস্থাটো। এয়াই মাতৃ। নিজৰ সৰ্বোচ্চ প্ৰদান কৰোও যি কেৱল সন্তানৰ কুশল কামনা কৰে।

(সংগ্ৰহ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!