শৰত -অচ্যুত কুমাৰ বৰা

 

চতিয়না জোপাৰ ওপৰেদি চুচুক-চামাক কৈ উঠি অহা জোনটো

মোৰ খিৰিকীৰ আকাশ টুকুৰাত ওলমি ৰয়
পোহৰত চমকি উঠে
চেতনাৰ আন্ধাৰত লুকাই থকা

আমন-জিমন এখনি প্ৰাচীন মুখ৷

ক্ৰমশঃ শীৰ্ণ হৈ অহা নদীখনে গা পখালে

ৰূপালী জোনাকত

শুই থকা মাছবোৰে খলকাই আকাশ৷

বাঁহীৰ নিজম ফুটা বোৰেদি সৰকি নহা
সুৰ এটাই
টোপনিতে নিচুকাই
ছাঁ দিয়া
মেঘবোৰ এতিয়া বহু যোজন দূৰৈত৷
ভিজা এপাহি শেৱালিৰ দৰে

তিতি থাকোঁ মই গোটেই শৰত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!