শৰ্মাজ স্পেশ্যেল ভাপা ইলিচ- মৃদুল কুমাৰ শৰ্মা

 

যোগাৰ: ইলিচ মাছৰ কেইটুকুৰামান, সৰিয়হ এমুঠি, ধনীয়া পাত দুইমুঠি, ভোট জলকীয়া আধাফাল, নিমখ।

প্ৰস্তুতি: ইলিচ মাছ কেইডোখৰ ভালদৰে ধুই কাটা চামুচ এখনেৰে সাৱধানেৰে খুচি খুচি দি তাত নিমখ ভালদৰে সানি দিব। সৰিয়হখিনি ধুই পটাত বটি বা মিক্সিত দি ভালদৰে মিহি পে’ষ্ট কৰি লব। ধনীয়াপাতখিনি ভালদৰে ধুই ভোট জলকীয়াফালৰ সৈতে একেধৰণেৰে মিহি পে’ষ্ট কৰি লব। দুয়োটা পে’ষ্টতে সামান্য নিমখ মিহলাই দিব। এতিয়া মাছকেইডোখৰত প্ৰথমে সৰিয়হৰ পে’ষ্টটো সানি তাৰপিছত ধনীয়াৰ পে’ষ্টটো সানিব।

ৰন্ধন: এটা কেৰাহী বা প্ৰেচাৰকুকাৰত আধাখিনি পানী দি তাৰ ওপৰত এটা বাতি বা আন কিবা ঢাকনি থকা পাত্ৰ দি তাত মাছ কেইডোখৰ পাতি দিয়ক। তাৰপিছত পাত্ৰটোৰ ওপৰত ঢাকনিখন দি গেচত জুই দি দিব। পানী উতল অহা যেন গম পালে জুইকুৰা কমাই দি বিশ পঁচিশ মিনিটমান ৰাখি নমাই থ’ব।

মনত ৰাখিব পানীৰ ভাপ যাতে মাছৰ পোনপটীয়া সংস্পৰ্শলৈ আহিব নোৱাৰে।

নমোৱাৰ কিছুসময় পিছত পৰিবেশন কৰিব।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!