শ‍ইকীয়া পুৰাণ : প্ৰদ্যুৎজ্যোতি শইকীয়া

শ‍ইকীয়া পুৰাণ

লিখক: প্ৰদ্যুৎজ্যোতি শইকীয়া

 

মধ্য প্ৰহৰ ৰাত্ৰে আৰম্ভিছোঁ উপাখ্যান
নাম যাৰ চিৰাচৰিত শ‍ইকীয়া পুৰাণ|
পৰিস্থিতি অসমৰ অতিকে বিষম
বিটিএডিত হৈল সাম্প্ৰদায়িক ৰণ|
ধীৰে ধীৰে সংঘৰ্ষ প্ৰৱাহিত হৈল
সমস্ত ভাৰত বৰিষে গণ্ডগোল ভৈল|
লোকসভা, ৰাজ্যসভা সকলো কপিলন্ত
পিছে কোনো এক সুদুত্তৰ প্ৰজাই নাপাইল|
অসম ৰাজ্যৰ ৰজা হাঁহিৰামগগৈ
দৈনিক ভক্ষণ কৰে দহন কৰা গৰৈ|
পৰিস্থিতি বুজিয়া হাঁহিৰামে সংবাদ মেল পাতিলা
হাসি হাসি তেৰাই নিউজ চেনেলকে দূষিলা|
ওহি সময়ে কালন্তকে বিসম্বাদ আৰম্ভিলা
গুপুত মন্ত্ৰণাৰে মিঞা পাৰ্টিক সঙ্গে লৈলা|
কালান্তকৰ পিছে মণ্ড কপাল আছিল,
চোৰাংচোৱা মুখে হাঁহিৰামে বিপদৰ বুজ পাইল|
বাৰ্ত্তা পাইয়া হাঁহিৰাম ক্ৰোধাম্বিত হৈল
তাহাৰ ৰুদ্ৰ ৰূপ দেখিয়া কালান্তকে পদ ত্যাগিল|
পদত্যাগৰ নাটক সবাইও বুজল
হাঁহিৰামে হাসিয়া চাম্বাদিকক ন’ কমেণ্ট কৈল|
লজ্জিত হুইয়া কালান্তকসিৰ নমন কৰল
বান্দা-বান্দী খেদিয়া শ্ৰীমতীৰ ৰথৰ সাৰথি হৈল |
ওহি সময়ে এই অভাজনৰ শ্ৰীমতী আহিলন্ত
বেলনা মাৰি লৈয়া কালী ৰূপ দেখাইল|
বোলে শীঘ্ৰে কৰা তুমি ফেচবুক অন্ত
পোনাকণ সহিতে আমি লগাই দিমু ঘৰ্ম ঘন্ত|

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!