ষ্টাফ্‌ড জলকীয়াৰ আচাৰ — ড° মদন তাপৰীয়া

(ভোট জলকীয়া আৰু আদাৰ সৈতে)

উত্তৰ আৰু উত্তৰ-পূৱ ভাৰতৰ ব্যঞ্জনৰ বৰ্ণসংকৰ!

সামগ্ৰীঃ
১) কেঁচা জলকীয়া, শকত আৰু ফোঁপোলা চাই আধা কিলো।
২) কাহুঁদী বা পানীটেঙা- ১০০গ্ৰাম ( বজাৰত ৰেডিমেড পায়)
৩) বগা সৰিয়হ (গুৰি কৰা) ৭০গ্ৰাম।
৪) ছফগুটি (কমকৈ ভাজি গুৰি কৰা) ১০০গ্ৰাম।
৫) আদা (পেষ্ট কৰা) ১০০ গ্ৰাম মান।
৬) ভোট জলকীয়া (ডাঙৰ, পেষ্ট কৰা) ২/৩/৪টা (জ্বলা খোৱাৰ ওপৰত নিৰ্ভৰ কৰি)
৭) সৰিয়হ তেল
৮) নিমখ
৯) ভিনেগাৰ
১০) ছডিয়াম বেঞ্জইড ২ গ্ৰাম। (Preservative, নিদিবও পাৰে)

প্ৰস্তুত প্ৰণালীঃ
১) প্ৰথমে জলকীয়াখিনি ভালকৈ ধুই, ওপৰত লাগি থকা পানী, ৰ’দত দি শুকুৱাই লওক।
২) কাহুঁদী/পানীটেঙা, সৰিয়হ গুড়ি আৰু ছফ গুড়ি হাতেৰে সুন্দৰ ভাবে মিহলি কৰি দিয়ক। পাৰিলে এদিন আগতীয়াকৈ তৈয়াৰ কৰি ৰ’দত দি মিশ্ৰণখিনি শুকুৱাই লওক।
৩) ভোট জলকীয়া আৰু আদাৰ পেষ্টত ২ গ্ৰাম (আধা চাহৰ চামুচতকৈ কম) ছডিয়াম বেঞ্জইড (sodium benzoate) দি দিলে আচাৰৰ ছেল্ফ লাইফ বহুত বাঢ়ি যায়।
৩) ভিনেগাৰ ৫০-৬০ মিঃলিঃ মান এই পেষ্টত দি দিয়ক।
৩) তৈয়াৰ কৰা পেষ্ট, ষ্টাফিং মিক্সাৰত দি চামুচেৰে ভালকৈ মিলাই দিয়ক। (সুদা হাত ব্যৱহাৰ নকৰিব)
৪) ইয়াত পৰিমিত পৰিমাণৰ নিমখ দি দিয়ক। এনে জ্বলাত নিমখৰ পৰিমাণ অলপ বেছিকৈ দিব লাগিব।
৫) কটাৰীৰে জলকীয়াৰ মাজত (এফালে) এনেকৈ কাটি (incision) দিয়ক যাতে এফালৰ মুখেদি মিক্সাৰ ভৰাই দিব পাৰি।
৬) মিক্সাৰ ষ্টাফিং কৰিবৰ সময়ত medical glove পিন্ধি লৈ এটা এটাকৈ জলকীয়াত মিক্সাৰ ভৰাই দিয়ক।
৭) মিক্সাৰ ভৰোৱা কাম সম্পূৰ্ণ হোৱাৰ পিছত ব্ৰাছেৰে কেঁচা সৰিয়হ তেল লগাই দি, দুই এদিন ৰ’দাই বৈয়ামত ভৰাই ৰাখি দিয়ক।
৮) মিক্সাৰ যদি ৰাহি হৈ যায় তেন্তে সৰু ডবাত ভৰাই সযতনে ফ্ৰিজত থৈ দিয়ক। জলকীয়া কাটি ফ্ৰাই কৰিবৰ সময়ত এই মিক্সাৰ দি বনাব পাৰে বা মাছ বা পাচলিৰ আঞ্জাতো দিব পাৰে। বেলেগ সোৱাদ এটা পাব।

ভাতৰ লগত বা ৰুটিৰ লগত এই ষ্টাফ্‌ড জলকীয়া পৰিবেশন কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!