ষ্ট্ৰবেৰী হৃদয়ৰ ষ্ট্ৰবেৰী কৃষক জনৰ কথাৰে… —-অৰিন্দম তালুকদাৰ

যোৱা বছৰৰ আহাৰ মাহৰ কোনোবা এটি ডাৱৰীয়া আবেলিৰ কথা…কোকৰাঝাৰ কাড়িগাওঁ পথৰ পৰা তেওঁ মোক আগুৱাই লৈ গৈছিল৷ এজন শকত আৱত প্ৰকাণ্ড মানুহ, পিন্ধনত টি চাৰ্ট আৰু হাফ পেণ্ট, ডিঙিত গামোচা আৰু ভৰিত হাৱাই চেণ্ডেল, বৰষাই পৰশি যোৱা বডোভূমিৰ সেউজীয়া গাওঁখনৰ মসৃণ পকী পথটিৰে তেওঁ ফো ফোৱাই ৰঙা ৰয়েল এনফিল্ড বুলেটখন চলাই মোৰ গাডীৰ আগে আগে গৈ আছিল৷ বাটৰ দুয়োকাষে বডো ভাই ভনী সকলে পৰম্পৰাগত সাজপাৰ পিন্ধি দিনটোৰ শেষ কামখিনি সামৰাত ব্যস্ত হৈ আছিল, শুনা গৈছিল ট্ৰেক্টৰৰ অহৰহ শব্দ৷ আকাশ সামান্য ডাৱৰীয়া, পথাৰ সেউজীয়া আৰু তাতে কৰ্মৰত সেউজীয়া, হালধীয়া, গুলপীয়া আদি সাজ পিন্ধা এজাক ধুনীয়া মানুহ! এজন ফটো উঠাই ভাল পোৱা মানুহৰ বাবে সুন্দৰ পৰিৱেশ! এখনৰ পিছত আনখন ছবি তুলিছিলো মই! তেওঁ কৈছিল, চাৰ আগত আৰু বেছি পাব! এক ব্যতিক্ৰমী আকৰ্ষণৰ সমাহাৰেৰে পৰিপূৰ্ণ ঠাই খনে আমাৰ পৰ্যটক মনটোত তেতিয়া আনন্দৰ জোৱাৰ আনিছিল৷ অলপ সময়ৰ পিছতেই আমি প্ৰবেশ কৰিছিলো জনা গাঁৱত থকা তেওঁৰ কৃষি পামখনত৷ আই আফা যুগামি আবাদ থিলী কৃষি পাম৷ অৰ্থাত মা দেউতাৰ পাম৷ পামত থকা কাৰ্যালয়ত আমাক বহিবলৈ দি তেওঁ লাহে লাহে কৈ গৈছিল তেওঁৰ কথাবোৰ৷ তন্ন তন্নকৈ দেখুৱাইছিল তেওঁ গঢি তোলা পামখনৰ প্ৰতিটো অংশ৷ আমি অপাৰ বিস্ময়েৰে প্ৰত্যক্ষ কৰিছিলো অসমত অসম্ভৱ বুলি ভবা বিভিন্ন ফল, ফুল আৰু শষ্যৰ খেতি বোৰ৷ ষ্ট্ৰবেৰী, ৰঙীন কেপচিকাম, বহুৰঙী গোলাপ ফুল আৰু কত কিমান যে শস্য!

প্ৰিয় পাঠক, মই কোনো নিষিদ্ধ সংগঠনৰ আত্মগোপনকাৰী নেতাৰ বিষয়ে আপোনালোকক ক’ব খোজা নাই, মই ক’ব খুজিছো এগৰাকী সহজ সৰল ব্যতিক্ৰমী খেতিয়কৰ কথা…যিয়ে লাখটকীয়া লাভজনক ব্যৱসায় এৰি আৰম্ভ কৰিছিল কোটি টকীয়া কৃষি উৎপাদনৰ ব্যৱসায়৷ মানুহজনৰ নাম বিমল বসুমতাৰী, ঘৰ কোকৰা়ঝাৰৰ ওচৰত৷ সেইযে যোৱা বছৰ প্ৰথম তেওঁক লগ পালো, তাৰ পিছত কেবাবাৰো লগ পাইছো তেওঁক৷ সৌসিদিনা একে লগে খাই আহিলো এগাল ৰঙাষ্ট্ৰবেৰী৷ তেওঁৰ মুখত শুনিছো তেওঁৰ জীৱন গাঁথা, তেওঁ আৰম্ভ কৰা কৃষি বিপ্লৱটিৰ কথা৷

কোকৰাঝাৰ জিলাৰ দেৱৰগাৱঁৰ ওচৰৰ পাকৰিগুৰি গাঁৱত জন্ম গ্ৰহণ কৰা বিমল বসুমতাৰীয়ে আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে জীৱিকা অৰ্জনৰ বাবে সৰুৰে পৰা বিভিন্ন কামত ব্ৰতী হৈছিল৷ প্ৰবল উচ্চাকাংক্ষী আৰু অত্যন্ত পৰিশ্ৰমী বিমলে আৰম্ভণিতে ঠিকা ঠুকলি আৰু আন আন ব্যৱসায়ৰ জৰিয়তে জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও স্বাধীন চেতিয়া মানুহজনৰ বাবে ব্যৱসায়িক জীৱনৰ জটিলতা আৰু ব্যৱসায়িক সফলতাৰ চমু তোষামোদৰ বাট একেবাৰে গ্ৰহণীয় নহল৷ সেয়ে ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহি পৰম্পৰাগত কৃষি কাৰ্যত ব্ৰতী হল৷ কৰ্মত বিশ্বাসী বসুমতাৰীয়ে প্ৰায় ৩০০বিঘা পৈতৃক মাটিত নতুন ধৰণৰ বীজৰ ধান খেতিৰে আৰম্ভ কৰিছিল তেওঁৰ নতুন জীৱনৰ সোণালী পৰিক্ৰমা৷ অগতানুগতিক আৰু উদ্যমী মানসিকতাৰ বিমল কিন্তু কেৱল ধান খেতিতেই সন্তুষ্ট নাথাকিল, তেওঁ কৃষি কাৰ্যৰ জৰিয়তে বডো ৰাইজৰ মাজত কৰ্ম সংস্কৃতি জাগ্ৰত কৰাৰ কথা ভাবিবলৈ ললে৷ ইতিমধ্যে প়ঞ্জাৱ, হাৰিয়ানা আৰু ভাৰবৰ্ষৰ আন কেতবোৰ ৰাজ্যৰ কৃষিৰ উন্নতি দেখি বিমুগ্ধ হৈছিল তেওঁ৷ এনে ইতিবাচক চিন্তা আৰু অভিজ্ঞতাই সাধাৰণ খেতিয়ক বিমলক এগৰাকী উদ্যমী কৃষকলৈ উত্তৰণ ঘটালে৷ কাডীগাওঁ পথৰ কাষৰ ১৩ বিঘা মাটি তেওঁ বিক্ৰী কৰি দি সেয়া পুজিঁৰে জানাগাঁৱত আৰম্ভ কৰিলে ২০০ বিঘা মাটিত কোটিটকীয়া কৃষি আৰু উদ্যান শস্যৰ পাম৷ বডোভূমিত জন্ম হল এজন নতুন উদ্যমী কৃষি ব্যৱসায়ীৰ, যিয়ে কথাবোৰ দূৰলৈ ভাৱে, যিয়ে risk লবলৈ ভয় নকৰে যাৰ মগজুত জন্ম হয় অযুত উদ্ভাৱনী চিন্তা৷ অসমত কোনেও নকৰা, অসম্ভৱ বুলি ভৱা শইচ, ফলমূলৰ খেতি আৰম্ভ কৰিলে তেওঁ৷ আই আফা পাম চৌহদত ২০১২ চনত প্ৰায় ৪০০০ ষ্ট্ৰবেৰি ফলৰ পুলি লগাইছিল তেওঁ, তেজ ৰঙা ষ্ট্ৰবেৰি ফলেৰে তেওঁৰ পাম ভৰি পৰিল৷ এক অসম্ভৱ সম্ভৱ হৈ উঠিল৷ আই আফা পাম চৌহদত সাজি উলিয়ালে প্ৰায় ১৫০০ বৰ্গ ফুটৰ একোটা গ্ৰীণ হাউচ, জলসি়ঞ্চনৰ প্ৰাথমিক ব্যৱস্থাও কৰা হল৷ প্ৰায় ৭০জন থলুৱা লোকক কৃষি শ্ৰমিক, কাৰিকৰী সহায়ক ৰূপে মাহিলী দৰমহাৰ ভিত্তিত নিয়োগ কৰা হল, কৃষিৰ যন্ত্ৰ পাতি কিনা হল৷ ৰবি আৰু খাৰিফ উভয় শ্ৰেণীৰ শস্য, নানা ৰঙী ফুল, ফলেৰে আই আফা যুগামী আবাদ থিলী জাতিষ্কাৰ হৈ উঠিল৷ পশুধন, গোখাদ্যৰো ব্যবস্থা কৰা হল৷ বসুমতাৰীৰ উদ্যমী কৰ্মত মুগ্ধ হৈ অসম গ্ৰামীণ বিকাশ বেংকে নিজাববীয়াকৈ আগবঢালে ৫০ লাখ টকাৰ ঋণ৷ ষ্ট্ৰবেৰী, ৰঙীন কেপচিকাম, ব্ৰকলী, চেৰি টমেটো, বহুৰঙী গোলাপ ফুল আৰু কত কিমান যে শস্য! পাহাৰৰ ষ্ট্ৰবেৰী, চিমলাৰ জলকীয়া, বেংগালুৰুৰ গোলাপ আৰু আমাৰ সাতামপুৰুষীয়া লখিমীৰে বসুমতাৰীৰ পামখন ভৰি পৰিল! একেই সোৱাদ, একেই সৌন্দৰ্য! এই বছৰ তেওঁ লগাইছে ১১,০০০ষ্ট্ৰবেৰী ফলৰ পুলি৷ চৰকাৰী বিভাগ বোৰে লাহে লাহে সাৰ পালে! গোসাইগাৱঁত থকা কৃষি বি়ঞ্জান কেন্দ্ৰই বসুমতাৰীক কাৰিকৰী সহায় সহযোগিতা আগবঢাবলৈ ল’লে৷ প্ৰত্যাশিতভাৱেই ৰাজ্যিক কৃষি বিভাগে বিশেষ সহায় আগবঢোৱা নাছিল যদিও শেহতীয়াকৈ পামখনক এখন মিনি ট্ৰাকৰ যোগান ধৰিছে৷ অলপতে কৃষি বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক উদ্যান শস্য প্ৰদৰ্শনীত বসুমতাৰীৰ পামৰ সামগ্ৰীয়ে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷

এইজনেই আমাৰ বন্ধুবৰ বিমল বসুমতাৰী, যিয়ে কোকৰাঝাৰত এখন সম্পুৰ্ণ জৈৱ কৃষি পাম গঢি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত বলিষ্ঠ পদক্ষেপ লৈ আগবাঢিছে, অদ্যাপি বিনিয়োগ কৰিছে ২ কোটি টকা! স্থানীয় ৰাইজৰ সহযোগত ধুনীয়া পামখনক কৰিব বিচাৰিছে এক পাম পৰ্যটনৰ কেন্দ্ৰ! হব পাৰে ই এক পাম পৰ্যটনৰ কেন্দ্ৰ, আমি সকলো সম্ভাৱনাই দেখিছো, সেয়ে তেওঁৰ ওচৰলৈ বাৰে বাৰে গৈছো, আগবঢাইছো সহায়ৰ হাত, যিদৰে তেওঁক সহায় কৰিছে, প্ৰণয় কুমাৰ ব্ৰহ্মৰ লেখীয়া বিশিষ্ট শিক্ষকে আৰু অনেক গণ্য মাণ্য ব্যক্তিয়ে, যাৰ মন্ত্ৰ বহন ক্ষম কৃষি উন্নয়ন৷ শীতল ভৰালৰ অভাৱ, উৎপাদিত সামগ্ৰী সমূহৰ বজাৰীকৰণ, অধিক উচ্চ হাৰৰ বেংকৰ ঋণ ইত্যাদিয়ে বসুমতাৰীৰ বাবে সমস্যা সৃষ্টি নকৰা নহয়৷ তথাপিও ৰুদ্ধ হোৱা নাই তেওঁলোকৰ যাত্ৰা৷ আহক এনে একোটি আন্দোলন অসমৰ চুকে কোণেও আৰম্ভ কৰো!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!