সংখ্যাটোৰ আঁৰত- অঞ্জলি গগৈ বৰগোহাঞি

এই বিশেষ কলমটো লিখিবলৈ লওঁতেই বহুতো কথাই মনত পৰিছে৷ সেইদিনা আছিল ২৮ জুলাই৷ ৰাতি মৃদুলে মানে মৃদুল কুমাৰ শৰ্মাই এটা মেছেজ দিছিল, সাহিত্য ডট্ অৰ্গৰ সম্পাদিকা হ’বৰ বাবে৷ বাৰ্তাটো পাই কি ক’ম কি নক’ম একো ঠাৱৰ কৰিব নোৱাৰিলোঁ৷ দিনত কথা পাতিম বুলি লিখি ফ’ন নম্বৰটো দি শুই থাকিলোঁ৷ পাছদিনা মৃদুলৰ ফ’ন আহিল, আগষ্ট মাহতে সাহিত্য ডট্ অৰ্গৰ সম্পাদিকা হ’বলৈ ক’লে যদিও মই নোৱাৰিম বুলি ক’লোঁ৷ নোৱাৰিম বুলি কোৱাৰ মূলতে হ’ল, মই নিজকে সাহিত্য ডট্ অৰ্গৰ দৰে ইমান উন্নত মানদণ্ডৰ আলোচনী এখনৰ সম্পাদিকা হোৱাৰ যোগ্যতা নাই বুলি ভাবিছিলোঁ বা বৰ্তমানেও অনুভৱ কৰোঁ৷ পিছে মৃদুলে কথাবোৰ ইমান সহজ কৰি বুজাই দিলে যে এটা সময়ত ক’লোঁ “ ঠিক আছে অক্টোবৰ মাহত হ’ব পাৰিম৷“ ছেপ্তেম্বৰত আকৌ মৃদুলৰ ফ’ন অহাৰ পাছতহে চিন্তা হ’ল! কেনেকৈ বা লিখনিবোৰ একগোট কৰিম, কোনবোৰ লিখনি কোনটো শিতানত ভৰাম, কিমানবা লিখনি একোটা শিতানত দিয়াটো ভাল হ’ব, অনলাইন কামবোৰ কেনেকৈ কৰিম- এনেকুৱা ধৰণৰ অলেখ চিন্তা হ’ল৷ উফ্! কি কৰোঁ কি নকৰোঁ এতিয়া!“ এনেকুৱা মনৰ অৱস্থা হৈছিল৷ সঁচা কথা ক’বলৈ গ’লে মোৰ কম্পিউটাৰৰ জ্ঞান বহুদিন ব্যৱহাৰ নকৰাৰ বাবে শূন্য হৈ গৈছিল৷ কিন্তু জ্যোতিৰূপম দত্ত দাদাই কথাবোৰ অন-লাইন যোগে ইমানেই সহজকৈ বুজাই দিলে যে, মোৰ নিজৰো লাহে লাহে সকলোবোৰ কাৰিকৰী কথা সহজ যেন লগা হৈ আহিল৷ কেৱল কাৰিকৰী বিষয়তে নহয় জ্যোতি দাদাই সকলো দিশতে মোক বহুতো সহায় কৰিলে৷ তেখেতৰ লগত আলোচনী বিষয়ক কিবা সমস্যাৰ কথা আলোচনা কৰাৰ পাছত সকলো তেনেই সহজ যেন লগা হৈ যায়৷ আন্তৰিক ধন্যবাদ গুৰুজী৷ আনহাতে কিবা অসুবিধা পালেই মৃদুলকো যোগাযোগ কৰোঁ, আৰু সদায়ে সহযোগ পাই থাকিলোঁ৷ ধন্যবাদ মৃদুল৷ সাক্ষাৎকাৰ ল’বলৈ যোৱাৰ পৰা যুগুতাই দিয়ালৈকে ডাঃ হিতেশ্বৰ শৰ্মাই বহুতো সহায় আগবঢ়ালে৷ তোমাৰ ব্যস্ততাৰ মাজতো মোক কৰা সহায়ৰ কথা কেতিয়াও নাপাহৰো৷ ধন্যবাদ তোমাকো৷ সঁচা কথা ক’বলৈ গ’লে জ্যোতিৰূপমদা, মৃদুল আৰু হিতেশ্বৰ এইবাৰ আলোচনীখনৰ আঁৰৰ মুখ্য মানুহ আছিল৷ বৰ্ণাশুদ্ধি নিবাৰণত মোক বিশেষ ভাৱে সহায় কৰিছিল মলিন মজুমদাৰ দাদা আৰু খনিন্দ্ৰ ভূষণ মহন্তই৷ দুয়োলৈ মোৰ আন্তৰিক ধন্যবাদ৷ এই একমাহ মলিনদাক ভালকৈয়ে আমনি কৰিলোঁ৷ উৎপলা কৌৰ আৰু মৌচুমী বৰি তোমালোকে বৰ্ণাশুদ্ধি নিবাৰণত কৰা সহায়ৰ কথা নাপাহৰো৷ তদুপৰি উৎপলাৰ পৰা মাজে মাজে কিবাকিবি সুধিয়েই থাকো৷ তোমালোক দুয়োলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ৷ অকবৰ প্ৰশাসকবৃন্দৰ সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ৷ হাঁহি ধেমালিৰ মাজেৰে গোটেই মাহটো আপোনালোকৰ লগত কটাবলৈ পাই অতি আনন্দিত হ’লোঁ৷ ফেচবুকৰ বহুতো শুভাকাংক্ষীৰ উৎসাহ মোৰ সাহস হৈ লগত আছিল৷ সমূহীয়াকৈ ধন্যবাদ জনালোঁ৷

এইবাৰৰ শাৰদীয় সাহিত্য ডট্ অৰ্গ আলোচনীখনত লেখা দিবৰ বাবে কেইজনমান স্বনামধন্য সাহিত্যিকক কৈছিলোঁ৷ তেখেতসকল আছিল যোগেশ কিশোৰ ফুকন, দিলীপ বৰা, জয়ন্ত মাধৱ বৰা, বন্তি শেনচোৱা, বেদব্ৰত শইকীয়া, খগেশ সেন ডেকা, ৰবীন ভূঞা আদি৷ মোৰ অনুৰোধ ৰক্ষা কৰি তেখেতসকলে সঁহাৰি দিয়াৰ বাবে তেখেতসকলৰ ওচৰত নথৈ কৃতজ্ঞ হৈ ৰ’লোঁ৷

সাক্ষাৎকাৰৰ বাবে স্বনামধন্য ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াক নিৰ্ব্বাচন কৰিছিলোঁ৷ তেখেতৰ সৰলতা আৰু অকপট স্বীকাৰোক্তিত মোহিত হৈছিলোঁ৷ ধন্যবাদ আপোনাকো৷

মৌমন আৰু গুণগুণৰ ছমহীয়া পৰীক্ষা এইটো মাহতে পাৰ হৈ গ’ল, তথাপি মোক এইবাৰ দুয়োজনীয়ে একেবাৰে আমনি নকৰিলে৷ সঞ্জীৱৰ প্ৰতিটো ক্ষেত্ৰতে কৰা সহায়-সহযোগিতাৰ কথা নক’লে ভুল হ’ব৷

শেষত দুটামান স্বীকাৰোক্তি-
       ১. অনাকাঙ্ক্ষিত বহুতো ভুল-ত্ৰুটি বানানৰ ক্ষেত্ৰত বা ব্যাকৰণৰ ক্ষেত্ৰত ৰৈ যাব পাৰে৷ তাৰবাবে ক্ষমা কৰিব৷
       ২. আলোচনীখনৰ কলেবৰৰ সীমাবদ্ধতাৰ বাবে হয়তো বহুতো লেখকৰ ভাল লিখনি বাদ পৰি ৰ’ল৷ অসমীয়াত কথা-বতৰা গোটৰ উদ্দেশ্যে হ’ল নতুন নতুন লিখকক আগুৱাই অনাৰ৷ নতুনত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে আলোচনীখনত ধাৰাবাহিকভাৱে লেখা কিছুমান লিখকৰ লেখনি এইবাৰ প্ৰকাশ কৰিব পৰা নগ’ল৷ তাৰবাবে তেখেতসকল যেন অসন্তুষ্ট নহয়৷
       ৩. আলোচনী এখন সম্পাদনা কৰা বৰ সহজ নহয়, যদিহে আলোচনীখনৰ বহুতো শিতান থাকে৷ মোৰ ক্ষেত্ৰতো কেতিয়াবা লেখনি একোটা লৈ বহুতো পয়মাল হৈছিল, মানে লেখাটো কোনটো শিতানৰ বাবে উপযুক্ত হ’ব সেই কথাটো ভাবি৷
       ৪. আলোচনীখন পঢ়ি গঠন-মূলক সমালোচনা কৰিলে বা ভুল-ত্ৰুটি আঙুলিয়াই দিলে ভাল লাগিব৷

শাৰদীয় শুভকামনাৰে

অঞ্জলি গগৈ বৰগোহাঞি
সম্পাদিকা
সাহিত্য ডট্ অৰ্গ
সপ্তম বছৰ সপ্তম সংখ্যা
কাতি ১৯৪০ শক, ২০১৮ চন

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!