সংখ্যাটোৰ আঁৰত- দীপাংকৰ দত্ত

২৭ নৱেম্বৰ, ২০১০৷ ইতিহাসৰ পৃষ্ঠা হৈ ৰোৱা এটা দিন৷ ফে’চবুকৰ মজিয়াত জন্ম হৈছিল ‘অসমীয়াত কথা বতৰা’ নামৰ এটা গোটৰ৷ তাৰ পিচৰখিনি ইতিহাস ..
পৰৱৰ্তী সময়ত ইণ্টাৰনেটৰ মাধ্যমত অসমীয়া লিপিৰ জাগৰণ আৰু পিচলৈ ইউনিকোড মানৰ মানসম্পন্ন (ISSN যুক্ত) অসমীয়া অনলাইন আলোচনী ’সাহিত্য ডট অৰ্গ’ৰ প্ৰকাশ৷ অসমীয়া ভাষা-সাহিত্য চৰ্চাক বিশ্বমুখী কৰাৰ প্ৰয়াস আৰু ইউনিকোডৰ মাধ্যমেৰে অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ভূমিকাক সময়ে স্বীকাৰ কৰিব৷
এনেকুৱা এখন বহুলপঠিত আলোচনীৰ সম্পাদনাৰ দায়িত্ব লাভ কৰাটো আমাৰ সৃষ্টিশীল যাত্ৰাৰ বাটৰ পোহৰ৷ দায়িত্ব সপ্তম বৰ্ষ, একাদশ সংখ্যা, ফাগুন মাহৰ৷ অভিজ্ঞতা পোনতে আছিল নতুন, পিচলৈ হৈ পৰিল আনন্দদায়ক৷ এই সংখ্যাৰ গৰিষ্ঠসংখ্যক লেখাই ‘অসমীয়াত কথা বতৰা’ গোটৰ পৰা সংগৃহীত৷ কিছু ইণ্টাৰনেটৰ বাহিৰৰ পৃথিৱীৰ৷ লেখাসমূহৰ মাজেৰে বোধশক্তিক জাগৰিত কৰাৰ প্ৰয়াস দেখা যায়৷
সাক্ষাৎকাৰ শিতানৰ বাবে আমি ওচৰ চাপিছিলোঁ পুতলা নাচৰ সৈতে জড়িত শিল্পীৰ৷ অসমৰ অন্যতম প্ৰাচীন এই লোককৃষ্টিৰ বৰ্তমানৰ অৱস্থা, সংকট, সম্ভাৱনা ইত্যাদি কথাৰে আমি জুমি চাইছিলোঁ কিদৰে নীৰৱে মাটিৰ মানুহবোৰে শ্ৰদ্ধাশীলভাৱে জীয়াই ৰাখিছে একোটা যাউতি-যুগীয়া কৃষ্টিক৷
পৰিক্ৰমাত কৃতজ্ঞ:
‘অসমীয়াত কথা বতৰা’ গোটৰ সমূহ সদস্য, প্ৰশাসকমণ্ডলী, ‘সাহিত্য ডট অৰ্গ’ৰ সৈতে জড়িত সুধীবৃন্দ৷
জ্যোতিৰূপম দত্ত, ৰূপাংকৰ চৌধুৰী, মিতালী বৰ্মন, উৎপলা কৌৰ, মৌচুমী বৰি, ৰাজশ্ৰী ধনদিয়া, ডাঃ হিতেশ্বৰ শৰ্মা, মৃদুল কুমাৰ শৰ্মা, নয়নমণি হালৈ, গীতাৰ্থ বৰদলৈ, ধ্ৰুৱজ্যোতি শৰ্মা, অঞ্জল বৰা, ভাস্কৰজ্যোতি দাস, দীপজ্যোতি বৰা, পংকজ বৰা, কুমাৰ পাৰ্থ প্ৰতিম আৰু
আমাৰ শুভাকাংক্ষী ..
দীপাংকৰ দত্ত
মুখ্য সম্পাদক
সাহিত্য ডট অৰ্গ সপ্তম বৰ্ষ, একাদশ সংখ্যা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!