সংখ্যাটোৰ আঁৰত – অভিজিত দত্ত

কিছুদিন আগৰ কথা, সাহিত্য ডট্ অৰ্গৰ এই সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব লব পাৰিম নেকি সেই সম্পৰ্কে ’অসমীয়াত কথা বতৰা গোট’ৰ প্ৰশাসক মণ্ডলীৰ সদস্য এগৰাকীৰ ফোন আহিল৷ কিছু সময় ধৰি কামটোৰ গতি -প্ৰকৃতি সম্পৰ্কে মই তেওঁৰ পৰা বুজি ললো৷ কিছুদিন পিছত মই কাম আৰম্ভ কৰিলো৷

দুদিনমান পিছৰ কথা৷ অকবৰ সম্পাদনা মণ্ডলীৰ তৰফৰ পৰা এটা আলোচনা স্ৰোত খোলা হ’ল৷ মই তথা অকবৰ প্ৰশাসকসকল সেই স্ৰোতত বিলীন হলো৷ অকবৰ সদস্যসকল যেনে শ্ৰীজ্যোতিৰূপম দত্ত, শ্ৰীমৃদুল কুমাৰ শৰ্মা, ডঃ হিতেশ্বৰ শৰ্মা, শ্ৰীধ্ৰুৱজ্যোতি শৰ্মা, শ্ৰীউৎপলা কৌৰ, শ্ৰীমিতালী নাৰায়নী, শ্ৰীৰাজশ্ৰী ধনোদিয়া, শ্ৰীমৌচুমী বৰি, শ্ৰীৰূপাংকৰ চৌধুৰী, শ্ৰীভাস্কৰজ্যোতি দাস আদি বহুজন আগুৱাই আহিল মোক সহায় কৰিবলৈ৷ বহুজনে ব্যক্তিগত ভাবেও ফোনৰ যোগেৰে মোৰ সতে যোগাযোগ ৰাখি সম্পাদনাৰ ক্ষেত্ৰত মই বিচৰা ধৰণে পৰামৰ্শ দিলে৷

মই সচাকৈয়েই আপ্লুত হ’লো৷ সকলোৰে দিহা অনুসৰি লেখাবোৰ গোটালো৷ নিৰ্দিষ্ট সময়ত অসমৰ প্ৰখ্যাত অভিনেতা আৰু পৰিচালক শ্ৰীযুত কুলদা কুমাৰ ভট্টাচাৰ্যৰ সাক্ষাৎকাৰ ললো৷ এই সময়ছোৱাত মই আন এজন ব্যক্তিৰ পৰা সহায় লাভ কৰিলো৷ তেওঁ হ’ল সাহিত্য ডট্ অৰ্গৰ পুহ মাহ সংখ্যাৰ সম্পাদক শ্ৰীপ্ৰাঞ্জল অনুভৱী ডাঙৰীয়া৷ অনুভৱী ডাঙৰীয়াই মোক বিভিন্ন উপদেশ প্ৰদানেৰে সম্পাদনাৰ কামটোত আগুৱাই যাবলৈ প্ৰেৰণা যোগালে৷ আনহাতে অকবৰ এসময়ৰ সক্ৰিয় সদস্য তথা মোৰ ভাতৃসদৃশ সহকৰ্মী ডঃ চৈতন্য কুমাৰ ভৰদ্বাজে লেখনিবোৰ গোটোৱা, অসমীয়া আখৰ লিখাত সহায় কৰাকে ধৰি সংখ্যাটোৰ লগত জড়িত বিভিন্ন কামত মোক সহায় কৰিলে৷

লাহে লাহে সম্পাদনাৰ কামটো আগবাঢ়ি থাকিল৷ লেখনিৰ বানান শুদ্ধিৰ সময়ত আকৌ আগবাঢ়ি আহিল সমগ্ৰজন৷ কামটো প্ৰায় সমাপ্ত হোৱাৰ পথত৷ সেই সময়ছোৱাত পঢ়ুৱৈসকললৈ এই সংখ্যাটোৰ টেকনিকেল কামখিনি মানে বেনাৰ নিৰ্মাণ আদিকে ধৰি বিভিন্ন কামৰ বাবে ডঃ হিতেশ্বৰ শৰ্মা আগবাঢ়ি আহিল৷ সংখ্যাটোক আকৰ্ষণীয় সাজেৰে সাজি উলিয়ালে তেওঁ৷

এই যে বিভিন্ন ব্যাক্তিৰ নাম উল্লেখ কৰিলো, তেওঁলোকক আচলতে মই কৃতজ্ঞতা জনোৱাৰ কোনো ভাষা নাই৷ সমগ্ৰ সংখ্যাটো জন্ম লৈছে তেওঁলোকৰ কষ্ট আৰু সাধনাৰ ফলতহে৷

এই সংখ্যাটোৰ আৰত এনেদৰেই লুকাই আছে অকৱৰ মহানুভৱ প্ৰকাশক মণ্ডলী যিসকলে দিন-ৰাতিৰ প্ৰভেদ পাহৰি নিস্বাৰ্থভাৱে ৰত হৈ আছে অসমীয়া সাহিত্য, সংস্কৃতি আৰু অসমী আইৰ সেৱাত৷

◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆◆

অভিজিত দত্ত
সম্পাদক,
সাহিত্য ডট্ অৰ্গ
সপ্তম বছৰ, দশম সংখ্যা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!